সমললৈ যাওক

যোগেশ্বৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোগেশ্বৰ বৰুৱা
জন্ম জুলাই, ১৯১৭
ধলপুৰ, লখিমপুৰ, অসম, ভাৰত
মৃত্যু ৮ মাৰ্চ, ১৯৫৮
অসম, ভাৰত
পেচা মুক্তি যুঁজাৰু
সমাজ সেৱক
দাম্পত্যসঙ্গী কমলা বৰুৱা
সন্তান সেৱাব্ৰত বৰুৱা

যোগেশ্বৰ বৰুৱা (১৯১৭-১৯৫৮) ভাৰতৰ স্বাধীনতা আন্দোলনঅসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। লখিমপুৰ জিলাত যোগ বৰুৱা নামেৰে প্ৰখ্যাত যোগেশ্বৰ বৰুৱাক বিহপুৰীয়া নগৰৰ স্বপ্নদ্ৰষ্টা আখ্যা দিয়া হয়। তেওঁ স্বাধীনতা সংগ্ৰামত অসমৰ এগৰাকী অগ্ৰণী কৰ্মী হোৱাৰ লগতে লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[1][2][3][4]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

যোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৯১৭ চনৰ জুলাই মাহত লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ কাঠনি গাঁৱত। তেওঁৰ পিতৃ আছিল চন্দ্ৰেশ্বৰ বৰুৱা আৰু মাতৃ হৰিপ্ৰিয়া দেৱী। ১৯২২ চনত তেওঁ কাঠনি প্ৰাইমেৰী স্কুলত ভৰ্তি হয়।[2] ১৯২৬ চনত উত্তৰ লক্ষীমপুৰ চৰকাৰী হাইস্কুলত ভৰ্তি হয় যদিও যোৰহাটত পঢ়িবলৈ থকা তেওঁৰ প্ৰবল ইচ্ছাৰ বাবে পুনৰ যোৰহাটৰ বেজবৰুৱা হাইস্কুলত ভৰ্তি হয়। তেওঁ সেই বিদ্যালয়ৰ ছাত্ৰ ইউনিয়নৰো সম্পাদক হৈছিল। যোগেশ্বৰ বৰুৱাই স্কাউটত যোগদান কৰি দিল্লীৰ অভিৱৰ্তনত অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰথমবাৰি প্ৰৱেশিকা পৰীক্ষা দিব নোৱৰাত তেওঁৰ স্কুলীয়া শিক্ষাৰ অন্ত পৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৩৩ চনত যোগেশ্বৰ বৰুৱা যোৰহাটৰ পৰা শিক্ষা এৰি বিহপুৰীয়াৰ গোসাঁইপথাৰস্থিত ঘৰলৈ ঘূৰি আহে। বিহপুৰীয়াত ১৯৩০ চনত স্থাপিত মাইনৰ স্কুল হাইস্কুললৈ উন্নীত হোৱাত তেওঁ তাৰ সহকাৰী শিক্ষক হিচাপে যোগ দিয়ে, আৰু লগতে নাট্য সমাজৰো অংশীদাৰহৈ পৰে। ১৯৩৮ চনত বিহপুৰীয়া সন্মিলিত নাট্যসমাজ নামেৰে দুখন নাট্য সমাজ একত্ৰিত হয়। যোগেশ্বৰ বৰুৱাৰ নেতৃত্বত বিহপুৰীয়াত সৃষ্টি হোৱা সেই নাট্য সমাজ এতিয়াও সক্ৰিয় হৈ আছে।

সেইসময়ত সমগ্ৰ দেশজুৰি হোৱা স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি আন্দোলনত জঁপিয়াই পৰিল। ১৯৩৭ চনত জৱাহৰলাল নেহৰু লখিমপুৰলৈ আহোঁতে তেওঁ থানেশ্বৰ গগৈৰ সহযোগত আদৰণিৰ দায়িত্ব পালন কৰিছিল। বোম্বেৰ কংগ্ৰেছ অধিৱেশনত গ্ৰহণ কৰা ভাৰত ত্যাগ প্ৰস্তাৱমৰ্মে দেশজুৰি গঠন হোৱা শান্তিসেনাৰ অংশ হিচাপে বিহপুৰীয়াত ১৯৩৮ চনত পতা শিবিৰত বৰুৱা অগ্ৰণী সৈনিক আছিল। বৰুৱা মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট আছিল। তেওঁৰ এষাৰ উক্তি আছিল- "যি ৰাজনীতি আৰু সমাজনীতিক ধৰ্মৰ পৰা বেলেগ বুলি ভাবে তেওঁ ধৰ্ম কি বস্তু তাক নাজানে। মানৱ সেৱাই ধৰ্ম। ৰাজনীতি মানে মান মৰ্য্যদা লাভ কৰা নহয়, ইয়াৰ অৰ্থহৈছে মানৱসেৱা, মানৱসেৱাই মুখ্য ধৰ্ম। গতিকে ৰাজনীতি আৰু ধৰ্মনীতিৰ সম্বন্ধ এডাল শিকলিৰ নিচিনা।"[2]

১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা সত্যাগ্ৰহত যোগ দিয়াৰ অপৰাধত তেওঁ‌ এবছৰতকৈ অধিক কাল যোৰহাট কাৰাগাৰত কাৰাবাস খাটিব লগা হয়।[5] সেই অপৰাধৰ বাবেই ব্ৰিটিছ চৰকাৰে তেওঁৰ পৈতৃক সা-সম্পত্তি তেওঁ‌ কাৰাবাসত থকা অৱস্থাতে কাঢ়ি লয়। সেইবছৰৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত নগাঁৱত বহা অসম প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তমৰ্মে গোলাঘাটত শান্তি সেনাৰ প্ৰশিক্ষণৰ বাবে লখিমপুৰ জিলাৰ পৰা থানেশ্বৰ গগৈ আৰু যোগেশ্বৰ বৰুৱা বাছনিভুক্ত হয়। এই প্ৰশিক্ষণৰ পিছতে ধলপুৰত গগৈৰ নেতৃত্বত আৰু জাপিসজীয়াত বৰুৱাৰ নেতৃত্বত শান্তিসেনাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলিছিল। ভাৰত ত্যাগ আন্দোলন কাৰ্যকৰী কৰিবলৈ সেই বছৰৰ ১৪ আগষ্টত বিহপুৰীয়াত আৰু ১৫ আগষ্টত লক্ষীমপুৰ থানাত কংগ্ৰেছ পতাকা উত্তোলনৰ সিদ্ধান্ত জিলা কংগ্ৰেছে গ্ৰহণ কৰে। জিলাৰ নামনি অংশৰ কৰ্মীসকলে ১৪ আগষ্ট তাৰিখে বিহপুৰীয়াত সফল ৰূপায়ণ কৰাৰ পিছত ১৫ আগষ্ট তাৰিখে জাপিসজীয়াৰ পৰা যোগেশ্বৰ বৰুৱাৰ নেতৃত্বত অহা বৃহত সমদলক পুলিচে বাধা দি যোগেশ্বৰ বৰুৱা, ৰমেশ বিদ্যাৰ্থী, হেমচন্দ্ৰ হাজৰিকা, কনকেশ্বৰ দত্ত, তীৰ্থেশ্বৰ হাজৰিকা, ৰত্নেশ্বৰ বৰাক আটক কৰাৰ লগতে বাকীসকলৰ ওপৰত লাঠীচালনা কৰে। উল্লেখ্য যে, আন্দোলনৰ বাবে মাজুলীৰ সত্ৰাধিকাৰসকলৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ যোৱা যোগেশ্বৰ বৰুৱাক কমলাবাৰী সত্ৰৰ সমীপতে পুলিচে আটক কৰি জেইলত নিক্ষেপ কৰাৰ লগতে তেওঁৰ ঘৰৰ গৰু-ছাগলী আদিও কাঢ়ি নিলে।[2] ১৯৪৬ চনত সমগ্ৰ দেশতে ভয়াবহ ৰূপত বিয়পি পৰা সাম্প্ৰদায়িক ৰাজনীতি লখিমপুৰ জিলাত সফলভাৱে প্ৰতিহত কৰাত যোগেশ্বৰ বৰুৱা আৰু পূৰ্ণানন্দ দত্তই সবল ভূমিকা গ্ৰহণ কৰিছিল।[6]

যোগেশ্বৰ বৰুৱা আৰু স্থানীয় নাট্যকৰ্মীসকল জেইলত থকা কালত বিহপুৰীয়া নাট্য সমাজৰ কাৰ্যক্ৰমত যতি পৰে। ১৯৪৫ চনত তেওঁলোকৰ কাৰাবাসৰ অন্ত পৰাত পুনৰ সেই প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ১৯৪৬ চনত কেইবাখনো নাটক মঞ্চস্থ হয়। বৰুৱা নাট্যসমাজৰ বিষয়ববীয়া হোৱাৰ লগতে পৰিচালক আৰু কুশল অভিনেতাও আছিল। ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত বৰুৱাই চাৰিমাহ ধৰি সাহায্য আৰু পুনঃসংস্থাপনৰ কামত আত্মনিয়োগ কৰিছিল। উল্লেখ্য যে, এই ভুঁইকঁপ আৰু বানপানীৰ ওপৰত ভিত্তি কৰি এখন কথাছবি নিৰ্মাণৰ পৰিকল্পনাৰে কাহিনী লিখাৰ দায়িত্ব ধৰ্মেশ্বৰ কটকীক অৰ্পণ কৰিছিল যদিও তেওঁৰ অকাল মৃত্যুত সেই পৰিকল্পনা বাস্তৱায়িত নহ'ল। ১৯৫১ চনত তেওঁ উত্তৰ লক্ষীমপুৰ লোকেল ব'ৰ্ডৰ সদস্য হয় আৰু ১৯৫৫ চনত বিহপুৰীয়া গাঁও পঞ্চায়তৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। ১৯৫৭ চনত তেওঁ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ লগতে অসম প্ৰদেশ সেৱাদল বাহিনীৰ অন্যতম সংগঠক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেইবাবছৰ ধৰি তেজপুৰ ৰিজিঅ'নেল ট্ৰেন্সপ'ৰ্ট অ'থৰিটিৰ সদস্যও হৈছিল। বৰুৱা ১৯৫৮ চনৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰাগজ্যোতিষপুৰ অধিবেশনৰ এগৰাকী উদ্যোক্তাও আছিল। উল্লেখনীয় যে, যোগেশ্বৰ বৰৱা লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

১৯৫৮ চনৰ ৮ মাৰ্চ তাৰিখে গহপুৰ নগৰৰ সমীপৰ চেংমৰা নামৰ ঠাইত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাত যোগেশ্বৰ বৰুৱাৰ মাত্ৰ ৪১ বছৰ বয়সতে মৃত্যু হয়। বিহপুৰীয়াৰ এখন বিবাহৰ বৰযাত্ৰী হিচাপে চতিয়াৰ পৰা ঘূৰি আহোঁতে চেংমৰাত পুৱতি নিশা বিয়াৰ বাছ বাগৰি পৰাৰ পিছতে পেট্ৰ'লৰ লেলিহান জুইৰ শিখাই আগুৰি ধৰে। তেওঁৰ শৰীৰৰ কোনো অংশ বিচাৰি পোৱা নহ'ল যদিও আঙুলিত থকা নামাঙ্কিত এটি সোণৰ আঙুঠি উদ্ধাৰ হয়। এই শোকাবহ দুৰ্ঘটনাত যোগেশ্বৰ বৰুৱাৰ লগতে বিহপুৰীয়াৰ মুক্তিযোদ্ধা লক্ষীনাথ শৰ্মা, শোভন চন্দ্ৰ শাস্ত্ৰী আৰু শান্তিৰো মৃত্যু হয়। বিহপুৰীয়াৰ এজন সমাজহিতৈষী ব্যক্তিৰ অকাল পৰলোকৰ পিছত এই অঞ্চলৰ ৰাইজৰ মুখে মুখে বিহুনামৰ সুৰেৰে এক গীত প্ৰচলিত হৈছিল। এই গীতটিৰ কিয়দংশ তলত দিয়া হৈছে:[7]

১৯৫৮ চনৰ ফাগুণ মাহৰ ২৪ তাৰিখে
মটৰ গিৰি জুই লাগিলে
যোগ বৰুৱা নাই
অ', যোগ বৰুৱা নাই

কান্দিলে নোমল ভূঞাই
কান্দিলে খগেন দত্তই
আৰু দেশৰ ক'ত নেতাই
কান্দিলে বিনাই
অ', কান্দিলে বিনাই

ট্ৰেন্সপ'ৰ্ট এখন ৰখাই দিলে
গামোচা এখন পেলাই দিলে
তাকে পিন্ধি লক্ষ্মী বামুণ
হস্পিটেললৈ গ'ল
অ', হস্পিটেললৈ গ'ল

বিহপুৰীয়া নগৰৰ মাজমজিয়াত অসম সাহিত্য সভাৰ ১৯৮৫ চনৰ বিহপুৰীয়া অধিৱেশনৰ স্মৃতিভৱনৰ কাষতে অৱস্থিত নগৰখনৰ মুখ্য প্ৰেক্ষাগৃহটি যোগেশ্বৰ বৰুৱাৰ নামেৰে "যোগ বৰুৱা সোৱঁৰণী প্ৰেক্ষাগৃহ" হিচাপে নামাংকিত। তেওঁৰ নামেৰে বৰবালিত "যোগ বৰুৱা মজলীয়া বিদ্যালয়" প্ৰতিষ্ঠাপিত হৈছিল। বিহপুৰীয়া নাট্য সমাজৰ "যোগ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা" আৰু বিহপুৰীয়া ক্ৰীড়া সন্থাৰ "যোগ বৰুৱা সোঁৱৰনী ফুটবল প্ৰতিযোগিতা" প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে।

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. ধৰ্মেশ্বৰ কটকী (১৯৬০). যোগেশ্বৰ বৰুৱা. প্ৰকাশক বিহপুৰীয়া. 
  2. 2.0 2.1 2.2 2.3 যাদৱ শৰ্মা, সম্পাদক: ললিত বৰা (২০১১). যোগেশ্বৰ বৰুৱাৰ চমু জীৱনালেখ্য, ৰূপালী খোজ- "নাটকম"ৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ. প্ৰকাশক বিহপুৰীয়া: স্মৃতিগ্ৰন্থ সমিতি, "নাটকম"ৰ ৰূপালী জয়ন্তী উৎসৱ, ২০১১ চন. পৃষ্ঠা. ৩৬-৪২. 
  3. নিত্য ভট্টাচাৰ্য্য, সম্পাদক: ড॰ বিপুল কুমাৰ নেওগ (২০০৪). বহুমুখী প্ৰতিভা সম্পন্ন যোগ বৰুৱা, ঈক্ষণ- বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত সদৌ অসম যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ. প্ৰকাশক বিহপুৰীয়া: স্মৃতিগ্ৰন্থ সমিতি, বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত সদৌ অসম যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ, ২০০৪ চন. পৃষ্ঠা. ২৮-২৯. 
  4. ড॰ জনাৰ্দন বেজবৰুৱা, সম্পাদক: ড॰ বিপুল কুমাৰ নেওগ (২০০৪). যোগ দাদা- এক সুমধুৰ সোঁৱৰণী, ঈক্ষণ- বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত সদৌ অসম যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ. প্ৰকাশক বিহপুৰীয়া: স্মৃতিগ্ৰন্থ সমিতি, বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত সদৌ অসম যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাঙ্ক নাট প্ৰতিযোগিতাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ, ২০০৪ চন. পৃষ্ঠা. ৩০-৩১. 
  5. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. 
  6. গুণাৰাম দত্ত (২০১৪). মুক্তিযোদ্ধা, তাম্ৰপত্ৰ প্ৰাপ্ত পূৰ্ণানন্দ দত্তদেৱৰ ৰাজনৈতিক জীৱনত এভূমুকি. প্ৰকাশক ধলপুৰ. 
  7. যোগেশ্বৰ বৰুৱাৰ মৃত্যুত ৰাইজৰ মাজত প্ৰচলিত গীত (বিহপুৰীয়াৰ বয়োজ্যেষ্ঠা ক্ষীৰদা বৰা আৰু হেমপ্ৰভা ভূঞাৰ পৰা সংগৃহীত). প্ৰণৱ জ্যোতি ভূঞাৰ সৈতে সাক্ষাৎকাৰ. বিহপুৰীয়া.