দেউৰী স্বায়ত্বশাসিত পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ
—  স্বায়ত্ত্বশাসিত অঞ্চল  —
দেশ  ভাৰত
ৰাজ্য অসম
পৰিষদ গঠন ২০০৫
মুখ্য কাৰ্যালয় ভীমবৰ দেউৰী নগৰ, নাৰায়ণপুৰ, লখিমপুৰ জিলা
চৰকাৰ
 - প্ৰকাৰ স্বায়ত্ত্বশাসিত পৰিষদ
 - পৰিষদ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ
 - মুখ্য কাৰ্যবাহী বিষয়া মাধৱ দেউৰী
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
PIN
আই এচ অ’ ৩১৬৬ কোড IN-AS
ৱেবছাইট www.dacassam.org.in

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। দেউৰী জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ইয়াৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া ভৈৰব দেউৰী[1] আৰু পৰিষদৰ মুখ্য কাৰ্যালয় লখিমপুৰ জিলানাৰায়ণপুৰৰ ভীমবৰ দেউৰী নগৰত অৱস্থিত।

যোৰহাট, মাজুলী, নগাঁও, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শোণিতপুৰ আৰু লখিমপুৰ জিলাৰ কিছু কিছু অংশৰে দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ গঠিত। এই অঞ্চলত বাস কৰা দেউৰী জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।[2]

ইতিহাস[সম্পাদনা কৰক]

২০০৫ চনত অসম চৰকাৰ আৰু দেউৰী জনগোষ্ঠীৰ প্ৰতিনিধি সকলৰ মাজৰ চুক্তি অনুসৰি দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল। দেউৰী জনজাতী অধ্যুষিত অঞ্চলৰ স্বায়ত্ত্ব শাসনৰ বাবে এই পৰিষদ গঠন কৰা হৈছিল।[3] ২০০৭ চনত পৰিষদৰ প্ৰথম নিৰ্বাচন হৈছিল।

গঠন[সম্পাদনা কৰক]

স্বায়ত্ত্বশাসিত পৰিষদ[সম্পাদনা কৰক]

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ২০ গৰাকী। ইয়াৰে ১৮ গৰাকী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বাকী দুগৰাকী অসম চৰকাৰে মনোনীত কৰে। মুঠ সদস্যপদৰ ৯খন এখন অনুসূচীত জনজাতিৰ আৰু ৩খন মহিলাৰ বাবে সংৰক্ষিত। পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া মাধৱ দেউৰী।[4]

গাঁও পৰিষদ[সম্পাদনা কৰক]

পৰিষদৰ অন্তৰ্ভুক্ত গাঁও সমূহত একোখনকৈ গাঁও পৰিষদ আছে। প্ৰতিখন গাঁও পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ১০ গৰাকী। ইয়াৰে ন্যূনতম পাঁচ গৰাকী সদস্য দেউৰী সমাজৰ লোক আৰু এগৰাকী মহিলা হোৱা বাঞ্ছনীয়। প্ৰতিখন গাঁও পৰিষদৰ এজন অধ্যক্ষ থাকে।[5]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাঁচ:ভাৰতৰ স্বায়ত্ত্বশাসিত প্ৰশাসনীয় বিভাগ