কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
ধৰন
ধৰন কমতাপুৰৰ [[স্বায়ত্বশাসিত পৰিষদ]]
নেতা
অধ্যক্ষ হিতেেশ্বৰ বৰ্মন
মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন
গঠন
সভাৰ স্থান
অভয়াপুৰী, উত্তৰ শালমাৰা, বঙাইগাঁও জিলা, অসম[1]
ৱেবছাইট
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।[2] ইয়াত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ আৰু ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অঞ্চলৰ বাহিৰে সমগ্ৰ অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিহাস[সম্পাদনা কৰক]

২০২০ চনৰ ২৪ মাৰ্চত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে[3] অসম বিধানসভাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ বিল উত্থাপন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এআইইউডিএফে এই বিলখনৰ বিৰোধিতা কৰে। অৱশ্যে সেই বছৰৰ ছেপ্টেম্বৰ মাহত অসম বিধানসভাত বিল খন গৃহীত হয়।[2]

প্ৰশাসন[সম্পাদনা কৰক]

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৩০ জন সদস্য আছে। ইয়াৰ ভিতৰত ২৬ জন সদস্য নিৰ্বাচিত আৰু ৪ জন সদস্যক ৰাজ্যপালৰ দ্বাৰা মনোনীত কৰা হয়।[4]

২০২১ চনৰ জানুৱাৰী মাহত অসম ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে নৱগঠিত কামতাপুৰ স্বায়ত্বশাসিত পৰিষদ, মৰাণ স্বায়ত্বশাসিত পৰিষদ, মটক স্বায়ত্বশাসিত পৰিষদ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদে অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰিব। যিহেতু ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচন সম্ভৱ হোৱা নাছিল, সেইকাৰণে চৰকাৰে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৩০ জন সদস্য, মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মটক স্বায়ত্বশাসিত পৰিষদৰ বাবে ২৫ জন সদস্য আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৪০ জন সদস্যক মনোনীত কৰে।[5]

অধিক চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]