দেওহাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেওহাঁহ White-winged Duck
ইংলেণ্ডব্ৰিষ্টল চিৰিয়াখানাত দেওহাঁহ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: পক্ষী
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
গণ: Asarcornis
Salvadori, 1895
প্ৰজাতি: A. scutulata
বৈজ্ঞানিক নাম
Asarcornis scutulata
(Müller, 1842)
সমাৰ্থক

Cairina scutulata

দেওহাঁহ (ইংৰাজী: White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।

দৈহিক গঠন[সম্পাদনা কৰক]

উত্তৰ কেৰ’লিনা (North Carolina) ৰ Sylvan Heights Waterfowl Park ত এটা দেওহাঁহ

দেওহাঁহ বনৰীয়া হাঁহৰ ডাঙৰ প্ৰজাতি সমূহৰ ভিতৰত এবিধ। দেহৰ দৈৰ্ঘ্য ৬৬-৮১ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ১১৬-১৫৩ ছে:মি:। মাইকী হাঁহ মতা দেওহাঁহতকৈ আকাৰত সৰু।[2] মতা আৰু মাইকী দেওহাঁহৰ দেহৰ ওজন ক্ৰমান্বয়ে ২.৯৫ কি.গ্ৰা. আৰু ১.৯৫-৩.০৫ কি.গ্ৰা.[3]। পূৰ্ণবয়স্ক দেওহাঁহৰ দেহটৌ গাঢ় ক’লা বৰণৰ, মূৰ তথা ডিঙি বগা। মতা দেওহাঁহৰ ঠোঁট পাতল হালধীয়া বৰণৰ, উৰন্ত অৱস্থাত ডেউকাৰ বগা বৰণ স্পষ্টকৈ দেখা পোৱা যায়। পোৱালি দেওহাঁহৰ দেহৰ বৰণ তুলনামূলক ভাৱে বেছি ধূসৰ আৰু মুগা।[4]

বিতৰণ[সম্পাদনা কৰক]

ঐতিহাসিক ভাৱে দেওহাঁহ উত্তৰ-পূব ভাৰত, বাংলাদেশৰ পৰা জাভা, ছুমাত্ৰা লৈকে বিস্তৃত আছিল। বৰ্তমান ই জাভাত বিলুপ্ত হৈছে। ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়।[5] ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে বুলি তথ্য পোৱা গৈছে। ইয়াৰে ২০০টা লাওছ, থাইলেণ্ড, ভিয়েটনাম আৰু কম্বোডিয়া ত, ১৫০টা ছুমাত্ৰাত তথা ৪৫০টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

আচৰণ[সম্পাদনা কৰক]

দেওহাঁহ এবিধ আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহ। এই প্ৰজাতিবিধে কেৱল নিশাৰ ভাগতহে খাদ্য খায় বুলি জনা যায়। গছৰ গুটি, জলজ উদ্ভিদ, সৰু মাছ, পোক-পতংগ আদি দেওহাঁহৰ প্ৰধান খাদ্য।[3][6] সাধাৰণতেযোৰ পাতি বা চাৰিৰ পৰা ছটাৰ সৰু গোটত চৰে। ইহঁতে গ্ৰীষ্ম কালত প্ৰজনন কৰে।

বসতি স্থান[সম্পাদনা কৰক]

ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে। দেওহাঁহে গছৰ খোৰোঙত বাহ সাজি থাকে। সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাৰ বসতিস্থল দেওহাঁহৰ বাবে আটাইতকৈ উত্তমস্থান (optimum habitat) বুলি জনা যায় যদিও ১৪০০ মিটাৰ উচ্চতালৈকে দেওহাঁহ পোৱা যায়।[4][7]

ভাৰতবৰ্ষত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা ৰাষ্ট্ৰীয় উদ্যান[8]

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দেওহাঁহ এযুৰিৰ আলোকচিত্ৰ

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে। বৰ্তমান এই প্ৰজাতিটৌক আই ইউ চি এন ৰেড লিষ্ট (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 BirdLife International (2008). "Cairina scutulata". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/141479। আহৰণ কৰা হৈছে: 9 November 2010. 
  2. Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
  3. 3.0 3.1 [1] Archived 2014-06-08 at the Wayback Machine (2011).
  4. 4.0 4.1 [2] (2011).
  5. Choudhury, A.U. (1996). Survey of the white-winged wood duck and the Bengal florican in Tinsukia district & adjacent areas of Assam and Arunachal Pradesh. The Rhino Foundation for Nature in North East India,Guwahati, India.
  6. Google Books
  7. WWF India: White Winged Wood Duck
  8. Choudhury, A.U.(2000). The Birds of Assam. Gibbon Books & WWF-India NE Reg. Office, Guwahati, India.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত Asarcornis scutulata সম্পৰ্কীয় মিডিয়া ফাইল।