বিপন্ন প্ৰজাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংৰক্ষণ স্থিতি
Bufo periglenes, the Golden Toad, was last recorded on May 15, 1989
বিলুপ্ত
সংকটজনক
কম সংকটজনক

অন্যান্য শ্ৰেণী

সম্পৰ্কীয় বিষয়

আই ইউ চি এন ৰঙা তালিকাৰ বিভাগসমূহৰ চমুনাম (সংস্কৰণ ৩.১, ২০০১)

বিপন্ন প্ৰজাতি (ইংৰাজী:  Endangered species; EN) বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভূক্ত কৰিছে। "বিপন্ন" হৈছে IUCN'ৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক (CR)ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ।

২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯ টা প্ৰাণী আৰু ২৬৫৫ টা উদ্ভিদ প্ৰজাতিক বিপন্ন (EN) হিচাপে অন্তৰ্ভূক্ত কৰা হৈছিল।[1] ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭।

বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, চিকাৰ নিষিদ্ধকৰণ।

আই ইউ চি এন ৰঙা তালিকা[সম্পাদনা কৰক]

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহ:

কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
Status iucn3.1 LC as.svg ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
Status iucn3.1 NT as.svg সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভূক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
Status iucn3.1 VU as.svg অসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
Status iucn3.1 EN as.svg বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
Status iucn3.1 CR as.svg ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
Status iucn3.1 EW as.svg অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
Status none DD.svg অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভূক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
Status none NE.svg অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
Status none PE.svg সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
Status none PEW.svg অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
Status iucn3.1 EX as.svg বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

গ্ৰন্থ পঞ্জী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]