হোজাই জিলা
হোজাই জিলা | |
---|---|
— অসমৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অসম |
সদৰ | হোজাই |
মহকুমা | ৩ |
চৰকাৰ | |
- লোকসভা সমষ্টি | নগাঁও লোকসভা সমষ্টি |
- বিধানসভা সমষ্টি | যমুনামুখ, হোজাই, লামডিং |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,৩১,২১৮ জন |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।
নামৰ উৎপত্তি[সম্পাদনা কৰক]
মধ্যযুগত হোজাই ডিমাচা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জী মতে, ডিমাচা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাচা-কছাৰী সকল "হোজাই- কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাচা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।
জন গাঁথনি[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল মতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩% । ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭% । হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[2] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪% । হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।
তহচিল | সৰ্বমুঠ | হিন্দু | মুছলমান | হিন্দু % | মুছলমান % |
---|---|---|---|---|---|
হোজাই | ২২৮৫৩০ | ১৩৫৩৭৭ | ৯২৫৯০ | ৫৯.২৪% | ৪০.৫২% |
ডবকা | ৩০৩৭৬৭ | ৩৭৮৭২ | ২৬৫৩৬৬ | ১২.৪৭% | ৮৭.৩৫% |
লংকা | ৩৯৮৯২১ | ২৫০৮১৬ | ১৪১৬০৯ | ৬২.৮৭% | ৩৫.৫০% |
জিলা-২০১১ | ৯৩১২১৮ | ৪২৪০৬৫ | ৪৯৯৫৬৫ | ৪৫.৫৩% | ৫৩.৬৫% |
জিলা-২০০১ | ৭৪৪৭৯১ | ৩৬৫১৮০ | ৩৭৪২০৫ | ৪৯.০৩% | ৫০.২৪% |
ৰাজনীতি[সম্পাদনা কৰক]
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ'ল-
- যমুনামুখ
- হোজাই
- লামডিং
হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বহিসংযোগ[সম্পাদনা কৰক]
|