মাজুলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাজুলী জিলাৰ পৰা পুনঃনিৰ্দেশিত)
মাজুলী জিলা
—  অসমৰ জিলা  —
অসমত মাজুলীৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
চৰকাৰ
 - লোকসভা সমষ্টি লক্ষ্মীমপুৰ
 - বিধানসভা সমষ্টি মাজুলী
মাটিকালি
 - মুঠ ১,২৫০ কি.মি. 
(৪৮২.৬ বৰ্গ মাইল)
জনসংখ্যা (২০০১)
 - মুঠ ১,৪০,০০০ জন
 - জনঘনত্ব ১১২ প্ৰতি বৰ্গ কি.মি. 
(২৯০.১ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°57′0″N 94°10′0″W / 26.95°N 94.166667°W / 26.95; -94.166667
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

মাজুলী (ইংৰাজী: Majuli) অসমব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হয়।[1] পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। সেয়েহে মাজুলীক 'সত্ৰ নগৰী' বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।[2]

দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰ পৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

অসমৰ ব্ৰহ্মপুত্ৰ নদৰ বুকুত অবস্থিত মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। বৃহত্তম নদীদ্বীপ হোৱাৰ লগতে মাজুলীখন অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ। আগেয়ে যোৰহাট জিলাৰ অন্তৰ্ভুক্ত আছিল। যদিও ২০১৬ চনৰ পৰা মাজুলী এখন সুকীয়া জিলা হিচাপে স্বীকৃত হৈছে।

মাজুলী নামটোৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। কথিত আছে যে দিহিং আৰু ব্ৰহ্মাপুত্ৰৰ গতি সলনি হোৱাৰ ফলত এই নদীদ্বীপটোৰ সৃষ্টি হৈছিল। ইতিহাস অনুসৰি ১৬৬১-১৬৯৬ ৰ সময়ত হোৱা কেইবাটাও ডাঙৰ ভূমিকম্প আৰু ১৭৫০ চনত হোৱা প্ৰলয়ংকৰী বানপানীৰ বাবে ব্ৰহ্মপুত্ৰ দুটি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূলপথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ সুঁতিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়। মাজুলীৰ চাৰিওফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদে আগুবি আছে। ইয়াৰ পূৰ্বে শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণে যোৰহাট চহৰ আৰু দক্ষিণ পশ্চিমাংশত গোলাঘাট জিলা অবস্থিত।

মাজুলীৰ লগত যোগাযোগৰ একমাত্ৰ ব্যৱস্থা হ'ল ফেৰী সেৱা। যোৰহাটৰ পৰা নিমাতীঘাটলৈ বাছ বা টেক্সীৰে আৰু তাৰ পৰা মাজুলীলৈ ফেৰীৰে যাত্ৰা কৰিব লাগে। নিমাতীঘাটৰ পৰা মাজুলীৰ বিভিন্ন স্থানলৈ থকা ফেৰীঘাটসমূহ হ'ল—কমলাবাৰী, অফলামুখ, শালমৰা, ফুলনি, দক্ষিণপাট, চুমৈবাৰী আদি। যোৰহাট চহৰৰ পৰা ফ্ৰেীৰে মাজুলীত উপস্থিত হ'বলৈ প্ৰায় ৩ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। বৰ্তমান গুৱাহাটীৰ পৰা মাজুলীলৈ লখিমপুৰ-ঢকুৱাখনা পথ হৈ পোনপটীয়া নৈশ বাছসেৱাৰ ব্যৱস্থা আছে।

সত্ৰসমূহ[সম্পাদনা কৰক]

মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়, কাৰণ মাজুলীত থকা সত্ৰসমূহৰ জৰিয়তে এক সাংস্কৃতিক পৰিবেশ বিৰাজমান হৈ আছে। শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম তথা সংস্কৃতিৰ প্ৰচাৰৰ বাবে বেলগুৰিত প্ৰতিষ্ঠা কৰা সত্ৰত ১৫২২ চনত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল। শংকৰ-মাধৱৰ এই মিলনক অসমীয়া সাহিত্যত ‘মণি কাঞ্চন সংযোগ' আখ্যা দিয়া হৈছে।

বৰ্তমান মাজুলীত থকা মূল সত্ৰকেইখন হ'ল :

  1. দক্ষিণপাট সত্ৰ
  2. গড়মূৰ সত্ৰ
  3. আউনীআটী সত্ৰ
  4. কলম্বাৰী
  5. বেঙেনাআটী সত্ৰ
  6. চামগুৰি সত্ৰ আদি

দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল বনমালীদেৱে। এই সত্ৰত বিশেষকৈ বৰগীত, মাটি আখৰা, সূত্ৰধাৰ, ওজাপালি, সত্ৰীয়া নৃত্য, অথবা নৃত্য আদি চৰ্চা কৰা হয়।

গড়মূৰ সত্ৰত শৰৎ ঋতুৰ শেষৰ ভাগত ৰাস উৎসৱ পালন কৰা হয়। এই সত্ৰত সংৰক্ষিত অবস্থাত বৰতোপ পোৱা যায়। লক্ষ্মীকান্তদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰি ছিল নিৰঞ্জন পাঠকদেৱে। ইয়াত পুৰণি শিল্প, পাত্ৰ, অলংকাৰ, হস্তশিল্প আদি সংৰক্ষণ কৰি ৰখা হৈছে। আউনীআটী সত্ৰ পালনাম আৰু অপ্সৰা নৃত্যৰ প্ৰাণকেন্দ্ৰ। কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিছিল বদুলা পদ্ম আতাই। কমলাবাৰী সত্ৰৰ নাও শিল্প পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

বেঙেনাআটী সত্ৰ শংকৰদেৱৰ মাহীমাকৰ নাতি মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ সোণৰ ৰাজকীয় বস্ত্ৰ, সোণৰ ছাতি এই সত্ৰত সংৰক্ষিত হৈ আছে।

চামগুৰি সত্ৰ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা বৰগীত, মাটি আখৰা সত্ৰীয়া নৃত্য, নতুবা নৃত্য, নন্দী তুংগী সূত্ৰধাৰী, ওজাপালি, অপ্সৰা নৃতা, কৃষ্ণ নৃত্য আৰু দশাৱতাৰ নৃত্য আদিৰ বাবে প্ৰখ্যাত। চামগুৰি সূত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত। মাজুলীৰ লোকসকল প্ৰধানকৈ কৃষি নিৰ্ভৰশীল। মাজুলীত উৎপাদন হোৱা বিভিন্ন প্ৰকাৰৰ ধান, মৎস্য-পালন, দুগ্ধ উৎপাদন, মৃৎশিল্প, হস্ততাঁত, নাওশিল্প ইত্যাদি হৈছে মাজুলীবাসীৰ অৰ্থব্যৱস্থাৰ মূলভেটি। হস্ততাঁত গাঁও অঞ্চলৰ লোকৰবাবে অন্যতম জীৱিকাৰ উপায়। মাজুলীৰ অধিবাসীসকল নাও বোৱাত পাকৈত। মাজুলীৰ প্ৰতিখন গাঁৱৰে প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰত নাম-কীৰ্তন কৰাৰ উপৰি বিভিন্ন সামাজিক আলোচনা, মেল-মিটিং আদি কৰে। মাজুলীৰ অন্যতম প্ৰধান আকৰ্ষণ প্ৰকৃতিৰ ৰূপ লাৱণ্য। শীতকালৰ পৰিভ্ৰমী চৰাইৰ বাবে মাজুলী এক আশ্ৰয়স্থল। পৰিভ্ৰমী চৰাইসমূহৰ ভিতৰত বৰীয়া হাঁহ, চাইবেৰিয়ান ক্ৰেন, পেলিকান আদিয়েই প্ৰধান। প্ৰতিবছৰে নৱেম্বৰ মাহত মাজুলীত ৰাস মহোৎসৱ পালন কৰা হয়। মাজুলীৰ সত্ৰসমূহত অনুষ্ঠিত কৰা ৰাস মহোৎসৱত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহ জড়িত হৈ পৰে। চামগুৰি সত্ৰ, ভোগপুৰ, বিহিমপুৰ, কমলাবাৰী, দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, উত্তৰ কমলাবাৰী আদি সত্ৰসমূহৰ লগতে ৬০খনৰো অধিক মঞ্চত ৰাসলীলা উদযাপন কৰা হয়। মাজুলীৰ ৰাস মহোৎসৱ দেশী-বিদেশী পৰ্যটক, গবেষক, পণ্ডিত, কলাকাৰসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই উৎসৱত উজনি-নামনিৰ উপৰি দেশী-বিদেশী পৰ্যটকৰ আগমন হয়। মাজুলীত উদযাপিত পালনাম এক সাত্ত্বিক আৰু ধৰ্মীয় অনুষ্ঠান। এক প্ৰণালীবদ্ধ ৰীতিৰে পালে পালে এই নাম গোৱা হয় কাৰণে ইয়াক পালনাম আখ্যা দিয়া হৈছে। দক্ষিণপাট সত্ৰত উদয়াস্ত পালনাম, গড়মূৰ সত্ৰত সম্পূৰ্ণ নামঘোষা'ৰ এহেজাৰ ঘোষা পাঠেৰে এদিনীয়াকৈ, কমলাবাৰী সত্ৰত উদয়াস্ত এদিনীয়া পালনাম, আউনীআটী সত্ৰত পাঁচদিনীয়াকৈ আৰু কুৰুৱাবাহী সত্ৰত উদয়াস্ত পালনাম অনুষ্ঠিত কৰা হয়। পালনামৰ উপৰি মিচিং, কছাৰী, দেউৰীসকলৰ উৎসৱ, পূজা-পাৰ্বণৰ লগতে আন আন সাংস্কৃতিক অনুষ্ঠানবোৰো উদযাপন কৰা হয়।

মাজুলীত প্ৰতিবছৰে চাৰিদিনীয়াকৈ মাজুলী মহোৎসৱ উদ্‌যাপন কৰা হয়। এই মহোৎসৱত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা লোকসকলৰ সমুখত মাজুলীৰ লগতে অসমৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। এই উৎসৱত থলুৱা খাদ্যমেলা আৰু বিভিন্ন কুটিৰ শিল্পৰ সা-সামগ্ৰী প্ৰদৰ্শন কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল। "মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী হৈছে। য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভঁৰাল। " এসময়ত শস্যে- মৎস্যে নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক মা লক্ষ্মীৰ জোলোঙা বা ভঁৰাল বুলি অভিহিত কৰা যেন ধাৰণা হয়। নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত স্বৰ্গদউ জয়ধ্বজ সিংহৰ দিনতেই উপদ্বীপ মাজুলীয়ে নদী দ্বীপৰ আকাৰ লয় বুলি উল্লেখ কৰিছে।[3] ড॰ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল। ইয়াৰ দীঘ ১৬০ আৰু প্ৰস্থ ৬০ ব্ৰিটিছ মাইল বুলিও ৱেডে উল্লেখ কৰি গৈছে। Gazetter of Bengal and North East India ৰ তথ্য মতে ১৯০১ খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল ৪৮৫ বৰ্গমাইল। অসমৰ ব্ৰহ্মুত্ৰৰ নদীৰ বুকুত মাজুলী অৱস্থিত। মাজুলী নামটোৰ অৰ্থ হল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড।[উদ্ধৃতিৰ প্ৰয়োজন]

ভৌগোলিক তথ্য[সম্পাদনা কৰক]

মাজুলী ২৬° ৪৮′ ৰ পৰা ২৭° ১২′ উত্তৰ অক্ষাংশ আৰু ৯৩° ৩৯′ ৰ পৰা ৯৪° ৩৫′ দ্ৰাঘিমাংশত অৱিস্থত[4] অসমৰ যোৰহাট জিলাৰ উত্তৰ দিশত মাজুলী অৱস্থিত। মাজুলীৰ সমতলভূমিৰ আকাৰ এটা শিলিখা ফলৰ দৰে। এসময়ত মাজুলীৰ ভৌগোলিক মাটিকালি ১২৫০ বৰ্গ কিলোমিটাৰ আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াত এই মাজুলীৰ ভূখণ্ড সংকীৰ্ণ হৈ ২০১২ চনত ৫০৮°১৩ বৰ্গ কিলোমিটাৰ হৈ পৰিছে। ইয়াৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিমে গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা

জলবায়ু[সম্পাদনা কৰক]

মাজুলীৰ জলবায়ু বলিলে মৌচুমী জলবায়ু বুলিয়ে কোৱা যায়। জলবায়ু বিজ্ঞানৰ ফালৰ পৰা মাজুলীৰ জলবায়ুক উপক্ৰান্তীয় মৌচুমী জলবায়ু বোলা হয়। ঋতু অনুসৰি উত্তাপ পৰিবৰ্তন হোৱাৰ ফলত চাপৰ সালসলনি হৈ এই মৌচিমী বায়ু প্ৰৱাহৰ সৃষ্টি হয়। মাজুলীৰ জলবায়ু সাধাৰণতে গৰম আৰু সেমেকা। শীতকালত বৰষুণ আৰু তাপৰ মাত্ৰা কম হৈ ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। গৰমকালি মাজুলীৰ তাপমাত্ৰা ২২° ৰ পৰা ৩৪° চেলচিয়াছ হোৱাৰ লগতে শীতকালত ১০° ৰ পৰা ১২° চেলিচয়াছ হয়। নিয়মীয়া মৌচুমী বায়ুৰ প্ৰৱাহ থাকিলে মাজুলীত ২০০ ৰ পৰা ৩০০ ছেণ্টিমিটাৰ বৰষুণ হয়।

জন-গাঁথনি[সম্পাদনা কৰক]

মাজুলীৰ বৰ্তমান জনসংখ্যা ১৪০,০০০। মাজুলীৰ জনগাথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে। মিচিং জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠটা থাকিলেও যথেষ্ট সাধাৰণ শ্ৰেণী, অনুসুচীত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ লগতে আৰু কিছুসংখ্যক বঙালী হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰে।

সংস্কৃতি[সম্পাদনা কৰক]

লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী। মাজুলী সত্ৰীয়া পৰম্পৰাৰ কেন্দ্ৰস্থল। অসমৰ শংকৰী কৃষ্টি-সংস্কৃতিৰ কেন্দ্ৰস্থল। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰে ৰহণীয়া কৰি তুলিছে। অনবৰেত সত্ৰীয়া গীত-মাত, খোল-তাল, নাচ-গান, ভাওনা-সবাহ, অদূৰৰ মিচিং গাঁৱৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখৰিত কৰি ৰাখে। সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। মৃৎশিল্প,মুখাশিল্প,বাঁহ-বেতৰ শিল্প,গোগোল গছ আৰু কুঁহিলা গছৰ পৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ বাবেও মাজুলী জনাজাত।

যাতায়াত[সম্পাদনা কৰক]

যোৰহাট নগৰৰপৰা মাজুলীলৈ যোৱাৰ পথ

মাজুলীলৈ যোৰহাট আৰু লখিমপুৰ দুয়ো দিশৰ পৰা যাব পৰা যায়। যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকণ্ঠৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয়। নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুমৈমাৰী, অফলামুখ, শালমৰা, ফুলনি (বগৰীগুৰি) আদি পাৰ ঘাটলৈ যাব পৰা যায়। যাত্ৰীৰ উপৰিও লঘু যান-বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰী সমূহত আছে। আন্যহাতে, লখিমপুৰৰ পৰা লুইত আৰু খাবলু নামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ'ব লগা হয়। লখিমপুৰ জিলাবিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামুলকভাবে সুচল। বালিচাপৰীৰ পৰা ধূনাগুৰি ঘাট পাৰ হৈ লখিমপুৰ জিলালৈ নিয়মীয়া ভাবে যান বাহনৰ অহা যোৱা হয়। বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পিছত ধেমাজী ঢকুৱাখনা হৈ সকলো বতৰৰ উপযোগী এটা বিকল্প পথো বৰ্তমান ব্যৱহাৰ কৰা হয়।

অনুষ্ঠান-প্ৰতিষ্ঠান[সম্পাদনা কৰক]

অনুষ্ঠান-প্ৰতিষ্ঠান বুলিলে মাজুলীৰ সত্ৰ সমূহৰ কথাই প্ৰথমেত উল্লেখ কৰিব লাগিব। পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱে মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তিধৰ্মক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে কছাৰীসকলৰ লগত বাৰভূঞাসকলৰ সংঘৰ্ষ হোৱাত বৰদোৱা এৰি আহি বিশ্বনাথত কিছুদিন আশ্ৰয় লয়। তাৰপিছত বিশ্বনাথৰ পৰা উজাই আহি কেইবাঠাইতো ৰৈ অৱশেষত মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত সত্ৰ স্থাপন কৰে। ১৮৩৭ শকৰ বাৰিষা ব্ৰহ্মপুত্ৰই মহাপুৰুষজনাৰ ঐতিহাসিক বেলগুৰি সত্ৰ খহাই নিয়াত পিছত এই সত্ৰখন লখিমপুৰ কাচিকটালৈ উঠি যায়। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বিকাশৰ থলীস্বৰূপ সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। অসমৰ সত্ৰসমূহ ভক্তি আন্দোলনৰ বাহক। সত্ৰ শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলেও মহাপুৰুষ শংকৰদেৱে ভিক্তধৰ্ম প্ৰৱৰ্তন, ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এইক্ষেত্ৰতমাজুলীৰ চাৰি সত্ৰৰ ভূমিকাক বিশেষভাবে স্বীকৃতি দিয়া হৈছে। চাৰিসত্ৰ আউনীআটী, কমলাবাৰী, গড়মূৰ আৰু দক্ষিণপাট সত্ৰই অসমীয়া সমাজত উচ্চ আসন অধিকাৰ কৰি আছে।

সত্ৰসমূহ[সম্পাদনা কৰক]

  • আঁহতগুৰি সত্ৰ
  • আউনীআটী সত্ৰ
  • আদি এলেঙী সত্ৰ
  • আধাৰ সত্ৰ
  • উত্তৰ কমলাবাৰী সত্ৰ
  • উলুতলীয়া এলেঙী সত্ৰ
  • ঔৱা সত্ৰ
  • কৰতিপাৰ সত্ৰ
  • কলাকটা সত্ৰ
  • কাকৰিভেটা সত্ৰ
  • কাটনীপাৰ সত্ৰ
  • কাথবাপু সত্ৰ

  • কৌপটীয়া সত্ৰ
  • খেৰকটীয়া সত্ৰ
  • গজলা সত্ৰ
  • গড়মূৰ সত্ৰ
  • চকলা সত্ৰ
  • চামগুৰি সত্ৰ (দলনি) সত্ৰ
  • চামগুৰি সত্ৰ (নতুন) সত্ৰ
  • চামগুৰি সত্ৰ (পুৰণা) সত্ৰ
  • চুপহা সত্ৰ
  • টকৌবাৰী সত্ৰ
  • ডৌকাচাপৰি সত্ৰ
  • দক্ষিণপাট সত্ৰ

  • দিখৌমুখীয়া সত্ৰ
  • দিছিৰগঞা সত্ৰ
  • দিহিং সত্ৰ
  • দীঘলী সত্ৰ
  • ন-গোঁসাই সত্ৰ
  • নতুন কমলাবাৰী সত্ৰ
  • নৰসিংহ সত্ৰ
  • নাচনিপাৰ সত্ৰ
  • নিকামূল সত্ৰ
  • নেপালী সত্ৰ
  • পুনিয়া সত্ৰ
  • পোহাৰিদয়া সত্ৰ

  • বগী আই এলেঙী সত্ৰ
  • বতাৰগঞা সত্ৰ
  • বৰ এলেঙী সত্ৰ
  • বৰাচুক সৰু এলেঙীসত্ৰ
  • বাঁহজেঙনি সত্ৰ
  • বাঘৰগঞা সত্ৰ
  • বালিচাপৰিৰ এলেঙি সত্ৰ
  • বিহিমপুৰ সত্ৰ
  • বেঙেনাআটী সত্ৰ
  • বেলগুৰি সত্ৰ
  • বেলসিদ্ধিয়া সত্ৰ
  • ভাগতী সত্ৰ

  • ভোগপুৰ সত্ৰ
  • মটীয়াবৰীয়া সত্ৰ
  • মদাৰগুৰি সত্ৰ
  • মলুৱাল সত্ৰ
  • ৰতনপুৰ সত্ৰ
  • লাইআটী সত্ৰ
  • লেটুগ্ৰাম সত্ৰ
  • সৰু সাঁকোপাৰা সত্ৰ
  • সাঁকোপাৰা সত্ৰ
  • সাউদকুছি সত্ৰ
  • হেমাৰবৰি সত্ৰ

পৰ্যটন[সম্পাদনা কৰক]


চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Assam: Majuli becomes 1st river island district of India". Hindustan Times (Guwahati). 27 June 2016. http://hindustantimes.com/indianews/assam-majuli-to-become-india-s-first-river-island-district/story-hzFoxSUxh3IpRpSeIqrhtM.html। আহৰণ কৰা হৈছে: 28 June 2016. 
  2. A Capricious River, an Indian Island’s Lifeline, Now Eats Away at It April 14, 2013 New York Times
  3. নকুল চন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ
  4. Gazetter of Bengal and North East India

বাহ্যিক সংযোগ[সম্পাদনা কৰক]