মাজুলী জিলা
মাজুলী জিলা | |
|---|---|
মাজুলীৰ জলাহভূমি | |
অসমত অৱস্থান | |
| স্থানাংক: 26°57′0″N 94°10′0″E / 26.95°N 94.166667°E | |
| দেশ | |
| ৰাজ্য | অসম |
| সংমণ্ডল | উজনি অসম |
| সদৰ ঠাই | গড়মূৰ |
| চৰকাৰ | |
| • লোকসভা | লখিমপূৰ |
| • বিধান সভা | মাজুলী |
| কালি | |
• মুঠ |
৮৮০ বৰ্গকিমি (৩৪০ বৰ্গমাইল) |
| জনসংখ্যা | |
• মুঠ |
১,৬৭,৩০৪ |
| • ঘনত্ব | ১৯০/বৰ্গকিমি (৪৯০/বৰ্গমাইল) |
মাজুলী জিলা[1] উত্তৰ-পূব অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত অৱস্থিত।[2] ই দেশৰ প্ৰথমখন নদী দ্বীপ জিলা।[3]
২০১৬ চনৰ ৮ ছেপ্টেম্বৰত সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা হিচাপে ঘোষণা কৰে, যোৰহাটৰ উত্তৰ অংশৰ পৰা মাজুলীক পৃথক কৰাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩২ৰ পৰা ৩৩লৈ বৃদ্ধি হয়।[4]
দ্বীপটোৰ এখন সৰু গাঁও গড়মূৰ জিলাখনৰ মুখ্য কাৰ্যালয়।
মাজুলী অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ কেন্দ্ৰস্থল। বহুকেইখন সত্ৰৰ বাবে সমগ্ৰ অসমতে মাজুলী বিখ্যাত। আহোম ৰজাসকলৰ ঐতিহাসিক তাৎপৰ্য আৰু ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবে স্বীকৃতি পোৱা মাজুলীৰ চাৰিখন প্ৰধান ৰাজ সত্ৰ হ’ল আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আৰু কুৰুৱাবাহী সত্ৰ৷ ইয়াৰে ভিতৰত পাল নাম আৰু অপ্সৰা নৃত্যৰ বাবে জনাজাত আউনীআটি সত্ৰক সৰ্বোচ্চ বুলি গণ্য কৰা হয়, আনহাতে গড়মূৰ প্ৰাচীন সামগ্ৰী, দক্ষিণপাট নৃত্য কলা, আৰু চামগুৰি মুখা শিল্পৰ বাবে বিখ্যাত।[5] দ্বীপটোত থকা অন্য সত্ৰসমূহ হৈছে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ, শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ, শ্ৰী শ্ৰী চামগুৰি সত্ৰ, শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ আদি।[6]
প্ৰশাসন
[সম্পাদনা কৰক]জিলাখন মাজুলী নামৰ এটা চক্ৰৰে গঠিত। উপ আয়ুক্তগৰাকী হৈছে শ্ৰীমতী কৰৱী শৰ্মা, এ চি এছ।
অৰ্থনীতি
[সম্পাদনা কৰক]মাজুলীৰ মূল উদ্যোগ হৈছে কৃষি আৰু ধান প্ৰধান শস্য। মাজুলীত চহকী আৰু বৈচিত্ৰময় কৃষি পৰম্পৰা আছে, কীটনাশক বা কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰাকৈ প্ৰায় ১০০ বিধ ধানৰ খেতি কৰা হয়।
উৎপাদিত চাউলসমূহৰ ভিতৰত কোমল চাউল, সাধাৰণতে জলপান হিচাপে খোৱা হয়; পানীৰ তলত গজা আৰু দহ মাহৰ পিছত চপোৱা বাও ধান আৰু পিঠা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা আঠাযুক্ত বাদামী ৰঙৰ বৰা চাউল প্ৰধান।
মাছ ধৰা, দুগ্ধ উৎপাদন, মৃৎশিল্প, হস্ত তাঁতশাল আৰু নাও নিৰ্মাণ আদি ইয়াৰ অন্য গুৰুত্বপূৰ্ণ অৰ্থনৈতিক উদ্যোগ।[7]
হস্ততাঁত গাঁওৰ লোকসকলৰ এটা প্ৰধান বৃত্তি। যদিও ই বহুলাংশে এটা অবাণিজ্যিক বৃত্তি, তথাপিও ই বহু বাসিন্দাৰ ভৰণ-পোষণৰ মূল উপায়। কপাহ আৰু ৰেচমৰ বিশেষকৈ মুগা ৰেচমৰ বিভিন্ন ৰং আৰু শৈলীৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুন্দৰ বয়ন শিল্পৰ নিদৰ্শন মাজুলীত দেখা পোৱা যায়।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি মাজুলী জিলাৰ জনসংখ্যা ১,৬৭,৩০৪ জন। মাজুলীত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫৫ গৰাকী মহিলা। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ক্ৰমে ২৩,৮৭৮ (১৪.২৭%) আৰু ৭৭,৬০৩ (৪৬.৩৮%) জন।[8] হিন্দু ধৰ্ম মাজুলীৰ প্ৰধান ধৰ্ম, ইয়াৰ প্ৰায় ৯৯.০৪% জনসংখ্যাই হিন্দু পালন কৰে।[9]
২০১১ চনৰ লোকপিয়ল অনুসৰি ৫৪.৪৭% জনসংখ্যাই অসমীয়া, ৪১.০১% জনসংখ্যাই মিচিং, ১.৬৬% জনসংখ্যাই বাংলা আৰু ১.২২% লোকে দেওৰী ভাষাক প্ৰথম ভাষা হিচাপে কয়৷[10]
ৰাজনীতি
[সম্পাদনা কৰক]মাজুলী (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ৯৯ নং সমষ্টি। এই সমষ্টিৰ আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। মাজুলীৰ বৰ্তমানৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ ভূবন গাম।
যোৰহাট লোকসভা সমষ্টিৰ ১০টা বিধানসভা খণ্ডৰ ভিতৰত মাজুলী অন্যতম।
ইয়াত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনতো তিনিটা সমষ্টি আছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Official Website
- ↑ "Assam's Majuli to become India's first island district today". http://scroll.in/latest/815953/assams-majuli-to-become-indias-first-island-district-today.
- ↑ "Assam: Majuli becomes 1st river island district of India". Hindustan Times (Guwahati). 27 June 2016. http://hindustantimes.com/indianews/assam-majuli-to-become-india-s-first-river-island-district/story-hzFoxSUxh3IpRpSeIqrhtM.html.
- ↑ Majuli to get district status today
- ↑ who are the four raj satras of assam chari satras and what makes them significant
- ↑ https://majuli.assam.gov.in
- ↑ The Only Govt Jobs updates website open from Majuli Archived 2017-05-01 at the Wayback Machine
- ↑ "District Census Handbook: Jorhat". Registrar General and Census Commissioner of Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/220/download/530/DH_2011_1813_PART_A_DCHB_JORHAT.pdf.
- ↑ "Table C-01 Population By Religion: Assam". Registrar General and Census Commissioner of Indiacensus.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/11365/download/14478/DDW18C-01%20MDDS.XLS.
- 1 2 "Table C-16 Population By Mother Tongue: Assam". Registrar General and Census Commissioner of Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/10195/download/13307/DDW-C16-STMT-MDDS-1800.XLSX.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||