ধৃতিৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধৃতৰাজ (Bar-headed Goose)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anserinae
গোত্ৰ: Anserini
গণ: Anser
প্ৰজাতি: A. indicus
বৈজ্ঞানিক নাম
Anser indicus
(Latham, 1790)
সমাৰ্থক

Eulabeia indica

ধৃতৰাজ (ইংৰাজী: Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।

বিৱৰণ[সম্পাদনা কৰক]

ধৃতৰাজ চৰাইৰ বৰণ শেঁতা মুগা আৰু ইয়াৰ মূৰত থকা কলা আঁচ দুডালে ইয়াক অন্য হাঁহৰ প্ৰজাতিসমূহৰ পৰা সহজে পৃথক কৰে। তদুপৰি একে গোত্ৰৰ অন্য হাঁহৰ প্ৰজাতিতকৈ ই যথেষ্ট শেঁতা বৰণৰ হয়। ইয়াৰ দেহৰ দৈৰ্ঘ্য সাধৰণতে ৭১-৭৬ ছে: মি: আৰু ওজন ১.৮ কি: গ্ৰা: ৰ পৰা ৩.২ কি: গ্ৰা: পৰ্যন্ত হয়।

বাসস্থান[সম্পাদনা কৰক]

গ্ৰীষ্মকালত ধৃতৰাজৰ বাসস্থান হ'ল সাগৰ পৃষ্ঠৰ পৰা সৰ্বোচ্চ স্থানত থকা হ্ৰদ বা পুখুৰী সমূহ। ইয়াত এই চৰাই সমূহে চুটি ঘাঁহনিত চৰি ফুৰে। ই দক্ষিণৰ তিব্বত, কাজাখাস্তান, মংগোলীয়া আৰু ৰাছিয়াৰ পৰা পৰিভ্ৰমণ কৰে বুলি জনা যায়। ই্য়াক বিভিন্ন খেতি-পথাৰত সাধাৰণতে দেখা পোৱা যায়।

আচৰণ[সম্পাদনা কৰক]

ধৃতৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজৰ এটা প্ৰজাতি।[2] ইয়াক পৃথিৱীৰ পঞ্চম উচ্চ পৰ্বত শৃংগ মাকালুৰ ওপৰেদি উৰাৰ প্ৰমাণ পোৱা গৈছে আৰু কোনো কোনোৰ মতে মাউণ্ট এভাৰেষ্টতো ইয়াক দেখাৰ নজিৰ আছে[3] এই চৰাইবিধে দক্ষিণ এছিয়াৰ অসমৰ পৰা তামিলনাডু জুৰি থকা অঞ্চল সমূহত শীতকালতো কটোৱাৰ উদেশ্যে হিমালয়ৰ ওপৰেদি পৰিভ্ৰমণ কৰে। [4]

ধৃতৰাজে মূলতঃ ধান, বাৰ্লি, ঘেঁহু আদি খায় আৰু খেতি-পথাৰৰো বিনষ্ট কৰে।[5]

ই তিব্বতত বাহ সাজি প্ৰজনন কৰে বুলি জনা যায়।[6]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Anser indicus". IUCN Red List of Threatened Species. Version 2012.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600379। আহৰণ কৰা হৈছে: 26 November 2012. 
  2. Than, Ker. "Highest Flying Bird Found; Can Scale Himalaya: The Bar-headed Goose Can Reach Nearly 21,120 Feet, New Study Shows". National Geographic News date=June 10, 2011. প্ৰকাশক Washington, DC, US: National Geographic Society. Archived from the original on February 1, 2013. https://web.archive.org/web/20130201073336/http://news.nationalgeographic.com/news/2011/06/110610-highest-flying-birds-geese-himalaya-mountains-animals/। আহৰণ কৰা হৈছে: February 15, 2013. 
  3. Swan, L. W. (1961). "The Ecology of the High Himalayas". Scientific American খণ্ড 205 (4): 68–78. doi:10.1038/scientificamerican1061-68. 
  4. Takekawa, J. Y.; Heath, S. R.; Douglas, D. C.; Perry, W. M.; Javed, S.; Newman, S. H.; Suwal, R. N.; Rahmani, A. R. et al. (2009). "Geographic Variation in Bar-headed Geese Anser Indicus: Connectivity of Wintering Areas and Breeding Grounds Across a Broad Front". Wildfowl খণ্ড 59: 100–123. 
  5. Koppen; Yakovlev, A. P.; Barth, R.; Kaatz, M.; Berthold, P. (2010). "Seasonal Migrations of Four Individual Bar-headed Geese Anser indicus from Kyrgyzstan Followed by Satellite Telemetry". Journal of Ornithology খণ্ড 151 (3): 703–712. doi:10.1007/s10336-010-0492-1. 
  6. Weigmann, C.; Lamprecht, J. (1991). "Intraspecific Nest Parasitism in Bar-headed Geese, Anser indicus". Animal Behaviour খণ্ড 41 (4): 677–688. doi:10.1016/S0003-3472(05)80905-4. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]