উলূম’ৰা
উলূম’ৰা | |
---|---|
![]() |
|
উলূম'ৰাৰ মতা আৰু মাইকী চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Otididae |
গণ: | Houbaropsis Sharpe, 1893 |
প্ৰজাতি: | H. bengalensis |
বৈজ্ঞানিক নাম | |
Houbaropsis bengalensis (Gmelin, 1789) |
|
সমাৰ্থক | |
Eupodotis bengalensis (Gmelin, 1789) |
উলূম'ৰা (ইংৰাজী: Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই৷ ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়৷ Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি৷ এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে৷ [2]
বিৱৰণ[সম্পাদনা কৰক]

পূৰ্ণবয়স্ক উলূম'ৰাৰ দেহৰ দৈৰ্ঘ্য ৬৬-৬৮ ছে:মি: আৰু উচ্চতা ৫৫ ছে: মি: মান হয়৷ [3]মতা উলূম'ৰাৰ মূৰৰ পৰা ডিঙি পৰ্য্যন্ত বৰণ ক'লা৷ ইয়াৰ মূৰত এটা দীঘল মুকুট (crest) থাকে৷ উৰন্ত অৱস্থাত মতা উলূম'ৰাৰ ডেউকা দুখন সম্পূৰ্ণ বগা যেন দেখা যায়৷ ইয়াৰ ঠেং কেইখন হালধীয়া, ঠোঁট গাঢ় বৰণৰ৷ [4]
মাইকী উলূম'ৰা চৰাইৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়৷ [4] ইহঁত সাধাৰণতে নীৰৱ হৈ থাকে যদিও কেতিয়াবা 'চ্চিক-চ্চিক-চ্চিক' ধৰণে মতা শুনা যায়৷ [4]
বিতৰণ[সম্পাদনা কৰক]
উলূম'ৰা প্ৰধানকৈ দুটা অঞ্চলত বিস্তৃত হৈ আছে-ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া৷ ভাৰতত ই উত্তৰ প্ৰদেশ, নেপালৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশ আদিত বিস্তৃত৷ দক্ষিণ-পূব [[এছিয়া]ত ইয়াক কম্বোডিয়া আৰু ভিয়েটনামত দেখা পোৱা যায়৷ [4]
বাসস্থান[সম্পাদনা কৰক]
উলূম'ৰাই মুকলি আৰু ওখ ঘাঁহনি অঞ্চলত বাস কৰে৷ ইয়াৰ পছন্দৰ ঘাঁহৰ প্ৰজাতি সমূহৰ বিতৰত 'satintail', কুঁহিয়াৰ আৰু 'Kans Grass' আদিয়ে প্ৰধান৷ [4]
আচৰণ[সম্পাদনা কৰক]
স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]
উলূম'ৰা বৰ্ত্তমান তেনেই বিৰল হৈ পৰিছে কাৰণ ই দক্ষিণ-পূব এছিয়াৰ দুবিধমান বিভক্ত (Fragments) সৰু অঞ্চলতহে বিস্তৃত হৈ আছে৷ খেতি-পথাৰৰ পৰিৱৰ্ত্তন , চোৰাং চিকাৰ আদিয়ে ইয়াৰ দ্ৰুত বিলুপ্তিৰ অন্যতম কাৰণ৷ ভাৰত তথা দক্ষিণ এছিয়াত ইয়াৰ ৩৫০ টামান উলূম'ৰা চৰাইহে আছেগৈ বুলি সন্দেহ কৰা হয়৷ আনহাতে দক্ষিণ-পূব এছিয়াৰ বাকী অঞ্চলত ১০০০ মান চৰাই বৰ্ত্তমান আছে বুলি তথ্য পোৱা যায়৷ [5]
ইয়াৰ শেহতীয়া স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উলূম'ৰাক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তিৰ পথত বুলি স্বীকৃতি দিয়া হৈছে৷ [6]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Houbaropsis bengalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002782। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ BirdLife International (2009) Species factsheet: Houbaropsis bengalensis.
- ↑ Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
- ↑ 4.0 4.1 4.2 4.3 4.4 Grimmett, R; Inskipp, C. and T. (1998): Birds of the Indian Subcontinent. Christopher Helm, London.
- ↑ BirdLife International (2008, 2009) Species factsheet: Houbaropsis bengalensis
- ↑ BirdLife International (2007, 2008, 2009) Species factsheets: Houbaropsis bengalensis.
লগতে চাওক[সম্পাদনা কৰক]
- Grimmett, R; Inskipp, C. and T. (1998): Birds of the Indian Subcontinent. Christopher Helm, London. ISBN 0-7136-4004-9
- Baral, N; Timilsina, N; Tamang, B. (2003): Status of Bengal Florican Houbaropsis bengalensis in Nepal. Forktail 19: 51-55. PDF download
- BirdLife International (BLI) (2007): [ 2006-2007 Red List status changes ]. Retrieved 2007-AUG-26.
- BirdLife International (BLI) (2009): Bengal Florican Species Factsheet. Retrieved 2009-JUN-11.
- Poudyal, L. P; Singh, P. B., Maharjan, S. (2008): The Decline of Bengal Florican Houbaropsis bengalensis in Nepal. Danphe 17 (1): 4-6. PDF download
- Gray, T. N. E; Collar, N. J; Davidson, P. J. A; Dolman, P. M; Evans, T. D; Fox, H. N; Chamnan H; Borey R; Hout, S. K; Van Zalinge R. N. (2009) Distribution, status and conservation of the Bengal Florican Houbaropsis bengalensis in Cambodia. Bird Conservation International (2009) 19: 1–14 PDF download