সমললৈ যাওক

মণিয়ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিয়ৰি
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Suliformes
পৰিয়াল: Anhingidae
গণ: Anhinga
প্ৰজাতি: A. melanogaster
বৈজ্ঞানিক নাম
Anhinga melanogaster
(Pennant, 1769)
Distribution map
সমাৰ্থক

Plotus melanogaster

মণিয়ৰি (ইংৰাজী: Darter, বৈজ্ঞানিক নাম: Anhinga melanogaster) এবিধ ডাঙৰ আকৃতিৰ জলত চৰি ফুৰা চৰাই

চৰাইটো দীঘলে প্ৰায় ৩ ফুটমান। ঠোঁট দীঘল। ঠোঁটটোৰ তলৰফালে সামা্ন্য হালধীয়া বৰণৰ আৰু ওপৰ ফালে ক’লা আৰু বাদামী বৰণৰ হয়। চকুৰ ওচৰৰপৰা ডিঙি পৰ্যন্ত এডাল বগা ৰেখা থাকে। পাখিবোৰৰ আগ অংশ পাতল ক’লা বৰণৰ আৰু ডেউকাৰ পাখিবোৰত ৰূপালী আভা থাকে। নেজডাল নাও-বঠাৰ নিচিনা। ঠেং দুখন পতাযুক্ত আৰু ক’লা বৰণৰ। চকুৰ ৰং হালধীয়া। ডিঙি যথেষ্ট শক্তিশালী আৰু দীঘল। সাধাৰণ অৱস্থাত ডিঙিটো ইংৰাজী এছ আখৰটোৰ দৰে থাকে। মতা আৰু মাইকী দেখিবলৈ প্ৰায় একে। কিন্তু প্ৰজননৰ সময়ত মতা মণিয়ৰি চৰাইটোৰ ডিঙি অংশ ৰঙচুৱা হৈ পৰে। মাইকী চৰাইজনীতকৈ মটাটোৰ ডেউকাৰ ৰূপালী অংশ বেচি উজ্বল হৈ পৰে[2] ই ভৰিৰ পতাৰ সহায়ত পানীত সাঁতুৰিব পাৰে আৰু পানীৰ পৰা ওলাবৰ সময়ত লাহে লাহে খোজ কঢ়াদি খোজ কাঢ়ি পাছলৈ দৌৰি পানীৰ ওপৰলৈ উঠি যায়। ই বেগাই উৰিবও পাৰে।

অৱস্থিতি আৰু বাসস্থান

[সম্পাদনা কৰক]

মণিয়ৰি চৰাইটোৰ বাসস্থান পাকিস্তান, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া, কম্বোডিয়া, চিংগাপুৰ, ইণ্ডোনেচিয়া আদি অঞ্চলত দেখা যায়।[3] সাধাৰণতে নৈকাষৰীয়া অঞ্চল বিল আদি থকা অঞ্চলত বসবাস কৰে। ওখ গছৰ ফেৰেঙনিত ডাল পাতেৰে সাধাৰণভাবে একেঠাইতে বাঁহ সাজে। বাৰিষা ইহঁতে ৩/৬ টাকৈ কণী পাৰে। মতা মাইকী দুয়োটাই পোৱালিৰ যতন লয়।

প্ৰধান খাদ্য মাছ। দিনটোৰ বেছিভাগ সময় খাদ্যৰ সন্ধানত পানীৰ দাঁতি-কাষৰীয়া ঠাইত বা পানীত চৰি ফুৰা দেখা যায়। চিকাৰ কৰোঁতে ই গাৰ সম্পূৰ্ণ অংশ পানীত ডুবাই কেৱল ডিঙিৰ অংশটোহে উলিয়াই আহাৰ বিচাৰি ফুৰে। তাৰোপৰি ই কেঁচু, পোক-পৰুৱা আদিও খায়।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2006). Anhinga melanogaster. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes a brief justification of why this species is near threatened
  2. "আৰ্কাইভ কপি". Archived from the original on 2012-08-29. https://web.archive.org/web/20120829201636/http://www.arkive.org/oriental-darter/anhinga-melanogaster/। আহৰণ কৰা হৈছে: 2012-08-01. 
  3. http://www.birdlife.org/datazone/speciesfactsheet.php?id=3662