তেলীয়া সাৰেং
Black-necked Stork | |
---|---|
![]() | |
হালধীয়া চকুৰ মণিৰে মাইকী আৰু ক’লা চকুৰ মণিৰে মতা সাৰেং পক্ষী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ciconiidae |
গণ: | Ephippiorhynchus |
প্ৰজাতি: | E. asiaticus |
বৈজ্ঞানিক নাম | |
Ephippiorhynchus asiaticus (Latham, 1790) | |
![]() | |
সমাৰ্থক | |
Xenorhynchos leucoptera |
তেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)৷ পিঠি, পেট আৰু ডেউকা বগা ক’লাৰ মিশ্ৰিত বৰণৰ। ইহঁত প্ৰায় ৪,১০০ গ্ৰাম গধুৰ হয়। [2] দেখাত মতা মাইকী একেই যদিও মাইকী সাৰেং চৰাইজনীৰ চকুৰ মণি হালধীয়া আৰু মতাটোৰ ক’লা ৷ উৰন্ত অৱস্হাত ভৰি দুখন পাছলৈ আৰু ডিঙিটো আগলৈ দি একে সমতাত ৰাখি উৰে৷
সূচী
নামকৰণ তথা শ্ৰেণীবিভাজন[সম্পাদনা কৰক]
পোনপ্ৰথমে জন লাথামে (John Latham) এই চৰাইবিধক Mycteria asiatica হিচাপে নামকৰণ কৰিছিল৷ পৰৱৰ্তী কালত ইয়াক দৈহিক গঠনৰ ভিত্তিত Xenorhynchus নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হয়[3]৷ আচৰণৰ ভিত্তিত, কাহলে (Kahl) Ephippiorhynchus গোত্ৰত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ আগবঢ়ায়৷ পৰৱৰ্তী কালত কৰা বিভিন্ন বৈজ্ঞানিক অধ্যয়নে এই প্ৰস্তাৱৰ সপক্ষে যথেষ্ট তথ্য আগবঢ়াবলৈ সক্ষম হয় [4] [5] এই প্ৰজাতি বিধৰ দুবিধ উপ-প্ৰজাতি পোৱা যায়-
•Ephippiorhynchus asiaticus asiaticus
• Ephippiorhynchus asiaticus australis –মূলত: নিউগিনি আৰু অষ্ট্ৰেলীয়াত পোৱা যায়[6]
অৱস্থিতি[সম্পাদনা কৰক]
প্ৰধানকৈ দঃ এচিয়া, নিউগিনি আৰু অষ্ট্ৰেলিয়াত সাৰেং চৰাইৰ অৱস্থিতি দেখা যায়৷ বিশেষকৈ অষ্ট্ৰেলিয়াত ইহঁতৰ সংখ্যা আটাইতকৈ বেছি৷ ভাৰতত বিশেষকৈ গংগা নদী অৱবাহিকা আৰু অসমত তেলীয়া সাৰেঙৰ অৱস্থিতি দেখা যায়৷ উত্তৰ প্ৰদেশৰ কেয়'লেডো ৰাষ্ট্ৰীয় উদ্দ্যানত ২৯ বৰ্গ কিলোমিটাৰত প্ৰায় ছয় যোৰাকৈ সাৰেং পক্ষী দেখা গৈছে৷ [7]শ্ৰীলংকাৰ ৰোহুনা (Ruhuna) ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ ৪-৫ যোৰা সাৰেং চৰাই দেখা গৈছে ৷ [8] বাংলাদেশ [9] আৰু থাইলেণ্ডত [10] ই লুপ্তপ্ৰায় হিচাবে চিহ্নিত হৈছে৷
বাসস্থান[সম্পাদনা কৰক]
সাধাৰণতে চেপ্তেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত ইহঁতে বাঁহ সাজে৷ বিল, জলাশয়, দ পথাৰ আদিৰ কাষত বা অকণমান আঁতৰতে থকা ওখ পুৰণি ফেৰেঙণি থকা গছত গছৰ ডাল-পাত ,ঘাঁহ-বন আদি গোটাই ইহঁতে বাঁহ সাজে। বাঁহ সাজোতে বাঁহটোত বোকা মাটিৰ লেপন একোটাও দিয়া দেখা যায় ৷ একেটা বাঁহকে কেইবাবাৰু ব্যৱহাৰ কৰে৷ প্ৰতিবাৰে ৪টাকৈ কণী পাৰে যদিও কেতিয়াবা ১-৫ টাও হ'ব পাৰে৷[11] কণীৰপৰা পোৱালি ওলাবৰ বাবে প্ৰায় ৩০ দিন লাগে ৷ প্ৰথমে পোৱালিবোৰৰ পাখিৰ ৰং বগা থাকে যদিও পাছলৈ ক্ৰমে উজ্বল ধোঁৱা বৰণীয়া হৈ গৈ থাকে৷ পোৱালিক সলনা-সলনিকৈ মতা মাইকী দুয়োটা চৰায়ে খাদ্য যোগায়৷ কেতিয়াবা ঠোঁটত পানী কঢ়িয়াই অনাও দেখা যায়৷[12] পোৱালিকেইটাৰ ৪ মাহমানৰ পাছত উৰিব পৰা হ'লে খাদ্য যোগান বন্ধ কৰে৷ প্ৰায় এবছৰ কাল পোৱালিবোৰ পৰিয়ালৰ লগতে থকে। পৰিয়ালটোৰ লগতে এইবিধ চৰাইৰ সম্পৰ্ক সীমাবদ্ধ৷ ইহঁতে জাক পাতি নুফুৰে৷ জলাশয় বিলাকত দূৰে দূৰে দুই চাৰিটাকৈ চৰি ফুৰা দেখা যায়৷ দিনৰ ভাগত কেতিয়াবা ভৰি দুটা বেকা কৰি জিৰণি লয়৷
খাদ্য[সম্পাদনা কৰক]
তেলীয়া সাৰেং চৰাইবিধ মাংসহাৰী (carnivor)ৰ অন্তৰ্ভুক্ত বুলিব পাৰি৷ পানী বা মাটিৰ সৰু জীৱ প্ৰজাতি ইহঁতৰ খাদ্য ৷ ভেকুলী, সৰু সৰীসৃপ জাতীয় প্ৰাণী ,পানীত চৰা সৰু চৰাই,,[13][14] মাছ, পোক, পৰুৱা, গছৰ গুটি আদি ইহঁতৰ খাদ্য ।
আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]
অষ্ট্ৰেলীয়াৰ পাৰ্থ চিৰিয়াখানা (Perth Zoo)ত এটা মতা তেলীয়া সাৰেং
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ BirdLife International (2008). Ephippiorhynchus asiaticus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 3 February 2009.
- ↑ "অসমৰ চৰাই পৰ্যবেশনৰ হাতপুথি" -লেখক সৌম্যদ্বীপ দত্ত
- ↑ Peters, J.L. (1931). Check-list of birds of the world. Harvard University Press, Cambridge, Massachusetts. পৃষ্ঠা. 1–345.
- ↑ Wood, DS (1984). "Concordance between classifications of the Ciconiidae based on behavioral and morphological data". Journal of Ornithology খণ্ড 125 (1): 25–37. doi:10.1007/BF01652936.
- ↑ Slikas, B. (1997). "Phylogeny of the avian family Ciconiidae (Storks) based on cytochrome b sequences and DNA - DNA hybridisation distances". Molecular Phylogenetics and Evolution খণ্ড 8 (3): 275–300. doi:10.1006/mpev.1997.0431. PMID 9417889.
- ↑ Elliott, A. (1992). "Family Ciconiidae (Storks)". In del Hoyo, J., Elliott, A., & Sargatal, J.. Handbook of the Birds of the World. 1. Lynx Edicions, Barcelona. পৃষ্ঠা. 463.
- ↑ Ishtiaq F; AR Rahmani, MC Coulter and Sàlim Javed (2004). "Nest-site characteristics of Black-necked Stork (Ephippiorhynchus asiaticus) and Woolly-necked Stork (Ciconia episcopus) in Keoladeo National Park, Bharatpur, India". J. Bombay Nat. Hist. Soc. খণ্ড 101 (1): 90–95.
- ↑ Santiapillai, C. & Dissanayake, S. R. B. & Alagoda, T. S. B. (1997). "Observations on the Black-necked Stork (Ephippiorhynchus asiaticus) in the Ruhuna National Park, Sri Lanka". Tigerpaper খণ্ড 24: 7–11..
- ↑ Khan, M. A. R. (1984). "Conservation of storks and ibises in Bangladesh". Tigerpaper খণ্ড 11: 2–4..
- ↑ Round, P.D. & Amget, B. & Jintanugol, J. & Treesucon, U. (1988). "A summary of the larger waterbirds in Thailand". Tigerpaper খণ্ড 15: 1–9..
- ↑ Whistler, Hugh (1949). Popular handbook of Indian birds (4 সম্পাদনা). Gurney and Jackson, London. পৃষ্ঠা. 502–503. http://www.archive.org/stream/popularhandbooko033226mbp#page/n550/mode/1up.
- ↑ Ali, S & S D Ripley (1978). Handbook of the birds of India and Pakistan. 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 104–105.
- ↑ Panday,Jamshed D (1974). "Storks preying on live birds". J. Bombay Nat. Hist. Soc. খণ্ড 71 (1): 141.
- ↑ Verma, A. (2003). "Feeding association of Marsh Harrier Circus aeruginosus and Black-necked Storks Ephippiorhynchus asiaticus in Keoladeo National Park (Bharatpur, India)". Aquila খণ্ড 109-110: 47–50.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Ephippiorhynchus asiaticus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |