সমললৈ যাওক

পৰঘুমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰঘুমা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Ducula
প্ৰজাতি: D. aenea
বৈজ্ঞানিক নাম
Ducula aenea
(Linnaeus, 1766)
সমাৰ্থক
  • Carpophaga aenothorax
  • Ducula aeneus

পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।

পৰঘুমাৰ দেহটো থুপুকা। দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি। দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া। ডেউকা ধাতব সেউজীয়া বৰণৰ। মূৰ অংশ বগা। মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়।

পৰঘুমা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ম্যানমাৰ, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়।

এই চৰাইবিধে উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে। ইয়াৰ উৰণ দ্ৰুত। ই গছত গছৰ ঠানি আদিৰ বাহ সাজি এটা মাত্ৰ বগা কণী পাৰে। ইহঁ‌তে সৰু সৰু জাক গঠন কৰিব পাৰে।

পৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়। ইহঁতে সৰু সৰু গোটত চৰে। ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)।

ই এবিধ বনাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি। ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত Ducula aenea সম্পৰ্কীয় মিডিয়া ফাইল।