খন্তীয়া হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খন্তীয়া হাঁহ (Northern Shoveler)
মতা খন্তীয়া হাঁহ
মাইকী খন্তীয়া হাঁহ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anatinae
গণ: Anas (disputed)
প্ৰজাতি: A. clypeata
বৈজ্ঞানিক নাম
Anas clypeata
Linnaeus, 1758
European distribution. Light green: summer only. Blue: winter only. Dark green: all-year.
সমাৰ্থক

Spatula clypeata (but see text)

খন্তীয়া হাঁহ (ইংৰাজী: Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। [2]। শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। [3][4]

টেক্সন'মি[সম্পাদনা কৰক]

১৭৫৮ চনত প্ৰকাশিত 'চিষ্টেমা নেচুৰী' নামৰ গ্ৰন্থত কেৰ'লাছ লিনিয়াছে পোনপ্ৰথমে এই প্ৰজাতিটোক বৰ্তমানৰ বৈজ্ঞানিক নামেৰে সৈতে উল্লেখ কৰিছিল।[5] 'Anas' গোটত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ইয়াৰ অন্যান্য হাঁহ যেনে আমৰ'লীয়া হাঁহ আদিৰ পৰা কিছূ গঠনগত পাৰ্থক্য আছে। বৰ্তমানলৈকে ইয়াৰ কোনো উপ-প্ৰজাতি চিনাক্ত কৰা হোৱা নাই। [6]

বিতৰণ তথা বাসস্থান[সম্পাদনা কৰক]

খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে। শীতকালত ই ইউৰোপ, আফ্ৰিকা, ভাৰত, দক্ষিণ আমেৰিকা আদিলৈ পৰিভ্ৰমণ কৰে। [2] এই হাঁহৰ প্ৰজাতিটো প্ৰধানকৈ পৰিভ্ৰমণকাৰী আৰু ই প্ৰজননৰ সময়ত বসবাস কৰা অঞ্চল সমূহৰ পৰা দক্ষিণলৈহে পৰিভ্ৰমণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰজনন কালৰ বাহিৰে অন্য সময়ত সৰু জাকত বাস কৰে। ১৯৬০ চনৰ পৰা ইয়াৰ জনসংখ্যা বিপদমুক্ত অৱস্থাত আছে বুলি কোৱা হয়। ইয়াৰ কাৰণ সুস্থ আৰু সফল প্ৰজনন, পৰিভ্ৰমণ তথা বাসস্থানৰ সুস্থিৰতা বুলি গৱেষণাত পোৱা গৈছে। [7]

বিৱৰণ[সম্পাদনা কৰক]

কলকাতাত মাইকী খন্তীয়া হাঁহ

উত্তৰ গোলাৰ্ধত খন্তীয়া হাঁহৰ বৃহৎ ঠোঁটৰ বাবে ইয়াৰ চিনাক্তকৰণ সহজ হৈ পৰে। প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহৰ মূৰ অংশ গাঢ় সেউজীয়া হয়। [7]লগতে ইয়াৰ বুকু বগা আৰু পেট বাদামী ৰঙৰ হয়। [4] প্ৰজননৰ বাহিৰে অন্য সময়ত মতা-মাইকী দুয়োবিধ খন্তীয়া হাঁহ দেখাত একে হয়। মাইকী খন্তীয়া হাঁহৰ ঠোঁট বহল আৰু তুলনামূলক ভাৱে অন্য হাঁহৰ প্ৰজাতিতকৈ ডাঙৰ। ইয়াৰ দেহৰ বৰণ মুগা[7][4]

খন্তীয়া হাঁহৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১৯ ছে:মি:আৰু ডেউকাৰ দৈৰ্ঘ্য ৩০ ছে:মি। ইয়াৰ ওজন ৬০০ গ্ৰাম হয়। [3]

আচৰণ[সম্পাদনা কৰক]

খন্তীয়া হাঁহে প্ৰধানকৈ উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত ইয়াৰ ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। [7]

খন্তীয়া হাঁহে প্ৰধানকৈ পানীৰ পৰা আঁতৰত জোপোহাৰ মাজত বাহ সাজে। ইয়াৰ বাহটো মাটিতে গাত কৰি উদ্ভিদৰ বিভিন্ন অংশ আৰু পাখি আদিৰে সাজে। সাধাৰণতে ই এবাৰত ৮-৯ টাকৈ কণী পাৰে। প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহৰ মজত মাইকী হাঁহৰ বাবে প্ৰতিযোগিতাও হোৱা দেখা যায়। [7]

খন্তীয়া হাঁহ নীৰৱ হাঁহৰ প্ৰজাতি। মতা হাঁহৰ সৰু মাত শুনা যায়। মাইকী হাঁহে 'কোৱেক' ধৰণৰ মাত উলিয়ায়।

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). Anas marecula. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2.
  2. 2.0 2.1 Clements, James, (2007) The Clements Checklist of the Birds of the World, Cornell University Press, Ithaca
  3. 3.0 3.1 Floyd, T (2008) Smithsonian Field Guide to the Birds of North America Harper Collins, NY
  4. 4.0 4.1 4.2 Dunn, J. & Alderfer, J. (2006) National Geographic Field Guide to the Birds of North America 5th Ed.
  5. Linnaeus, C (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata. Holmiae. (Laurentii Salvii). পৃষ্ঠা. 124. "A. macula alarum rufa nigra alba."  লেটিন
  6. Louchart, Antoine; Mourer-Chauviré, Cécile; Guleç, Erksin; Howell, Francis Clark & White, Tim D. (1998). "L'avifaune de Dursunlu, Turquie, Pléistocène inférieur: climat, environnement et biogéographie". Les Comptes rendus de l'Académie des sciences IIA খণ্ড 327 (5): 341–346. doi:10.1016/S1251-8050(98)80053-0.  ফৰাছী
  7. 7.0 7.1 7.2 7.3 7.4 Ducks Unlimited, March/April 2010

বাহ্যিক সংযোগ[সম্পাদনা কৰক]