আমৰ’লীয়া হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Anas|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
আমৰ'লীয়া হাঁহ (Mallard)
মাইকী আৰু মতা আমৰ'লীয়া হাঁহ
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Anas
প্ৰজাতি: A. platyrhynchos
দ্বৈৰাশিক নামকৰণ
Anas platyrhynchos
Linnaeus, 1758
Subspecies

A. p. platyrhynchos Linnaeus, 1758
A. p. domesticus Linnaeus, 1758
A. p. conboschas C. L. Brehm, 1831 (disputed)

আমৰ'লীয়া হাঁহৰ গোলকীয় বিতৰণ
সমাৰ্থক

Anas boschas Linnaeus, 1758

আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (ইংৰাজী: Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷

মতা আমৰ'লীয়া হাঁহৰ মূৰ অংশ চমকনি থকা সেউজীয়া, পেট আৰু ডেউকা মুগা বৰণৰ৷ মাইকী আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ মটিয়া৷ ইহঁতে জলাশয় সমূহত জাক পাতি বাস কৰে৷ [2]

টেক্স'নমি[সম্পাদনা কৰক]

আমৰ'লীয়া হাঁহৰ উল্লেখ পোনপ্ৰথমবাৰৰ বাবে কেৰ'লাছ লিনিয়াছৰ চিষ্টেমা নেচুৰীৰ দশম সংস্কৰণত পোৱা যায়৷ [3] ইয়াৰ ইংৰাজী নাম "Mallard" ফৰাচী ভাষাৰ malart বা mallart ৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়৷ অৱশ্যে ইয়াৰ নামৰ উৎস সম্পৰ্কে কোনো প্ৰমাণিত তথ্য পোৱা নাযায়৷ কোনো কোনোৰ মতে ই জাৰ্মান শব্দ Madelhart ৰ পৰাও ই উদ্ভৱ হ'ব পাৰে৷ [4]

বিৱৰণ[সম্পাদনা কৰক]

মতা আমৰ'লীয়া হাঁহৰ ডেউকাৰ সজ্জা

আমৰ'লীয়া হাঁহৰ দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫০-৬৫ ছে:মি:৷[5] and weighs ০.৭২–১.৫৮ কেজি (১.৬–৩.৫ পাউণ্ড).[6][7] প্ৰজনন কালত মতা আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ মূৰ চমকনি থকা সেউজ বৰণৰ আৰু ডিঙিৰ কলাৰ, বেঙুনীয়া বুকু তথা মুগা-মটিয়া ডেউকাৰ বাবে সহজে চিনাক্ত কৰিব পৰা যায়৷ [8] মতা হাঁহটোৰ ঠোঁট হালধীয়া আৰু আগটো কমলা ৰঙৰ হৈ পৰে৷ মাইকী আমৰ'লীয়া হাঁহৰো পাখিবোৰ মাখন ৰঙৰ পৰা ডাঠ মটিয়া যেনে হয়৷ [8] আমৰ'লীয়া হাঁহৰ সদ্যজন্মা পোৱালিৰ বৰণ হালধীয়া আৰু ঠেং আৰু ঠোঁট কলা বৰণৰ হয়৷ এমহীয়া হোৱাৰ পৰা ইয়াৰ গাৰ ৰং মাইকী হাঁহৰ দৰে হৈ পৰে[8] তিনিৰ পৰা চাৰিমাহৰ ভিতৰত ই পূৰ্ণবয়স্কৰ ৰূপ পায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

এটা মতা আমৰ'লীয়া হাঁহৰ মূৰ অংশ
এটা American Black Duck (ওপৰৰ পৰা বাওঁফালে) আৰু এটা মতা আমৰ'লীয়া হাঁহ (তলত সোঁফালে)

বিতৰণ তথা বাসস্থান[সম্পাদনা কৰক]

উত্তৰ গোলাৰ্ধত আমৰ'লীয়া হাঁহ বহুলভাৱে বিস্তৃত হৈ আছে৷ উত্তৰ আমেৰিকাৰ পৰা আলাস্কা, মেস্কিকো, হাৱাই দ্বীপপূঞ্জ, ছাইবেৰিয়া, জাপান আদিলৈকে ই বিস্তৃত৷ T[5] ইয়াৰ গোলকীয় বিতৰণৰ দক্ষিণৰ অঞ্চলসমূহত ই পৰিভ্ৰমণকাৰী হিচাপে বসবাস কৰে আৰু উত্তৰৰ অঞ্চল সমূ্হত প্ৰজনন কৰে৷ [9]

আমৰ'লীয়া হাঁহে বিভিন্ন ধৰণৰ বাসস্থান তথা বতৰত বসবাস কৰাত সক্ষম৷ সেয়েহে ইয়াক বৰফাবৃত অঞ্চলৰ পৰা নাতিশীতোষ্ণ আৰু বিষুৱীয় অঞ্চল সমূহতো দেখা পোৱা যায়৷ ই নদী আৰু সাগৰ দুয়োধৰণৰ পানীতে বাস কৰে৷ তাৰোপৰি ইয়াক বিভিন্ন জলাশয় যেনে বিল, হ্ৰদ, পুখুৰী আদিতো পোৱা যায়৷ ই সাধাৰণতে অগভীৰ পানীত চৰিবলৈ ভাল পায়৷ আমৰ'লীয়া হাঁহে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ [10]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

আমৰ'লীয়া হাঁহ সাধাৰণতে সৰ্বভক্ষী হয়৷ ই প্ৰধানকৈ খাদ্যৰ উপলব্ধতা, প্ৰজননৰ সময় আৰু অন্ত: আৰু আন্ত: প্ৰজাতি প্ৰতিযোগিতাৰ ভিত্তিত খাদ্য নিৰ্বাচন কৰে৷[11] সাধাৰণতে ই বিভিন্ন অমেৰুদণ্ডী প্ৰাণী, কেকোঁৰা, জলজ উদ্ভিদৰ বিভিন্ন অংশ খাই জীয়াই থাকে৷ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি প্ৰজননৰ সময়ত মতা আমৰ'লীয়া হাঁহে ৩৭.৬% প্ৰাণী, ৬২.৪% উদ্ভিদ খায়৷ অন্যহাতে মাইকী আমৰ'লীয়া হাঁহে প্ৰজননৰ সময়ত ৩৭.০% প্ৰাণী, ৬৩.০% উদ্ভিদ আৰু কণী পৰাৰ সময়ত ৭১.০% প্ৰাণী, ২৮.১% উদ্ভিদ খায়৷ [12] পৰিভ্ৰমণ কালত আৰু প্ৰজননৰ সময়ত এই প্ৰজাতিৰ খাদ্যৰ সৰহ অংশই উদ্ভিদ হোৱা দেখা যায়৷ [13][14]

প্ৰজনন[সম্পাদনা কৰক]

আমৰ'লীয়া হাঁহৰ বাহ আৰু কণী
এসপ্তাহ ডাঙৰ পোৱালীৰ স'তে মাইকী আমৰ'লীয়া হাঁহ চৰি থকা অৱস্থাত

শৰতকালত অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত আমৰ'লীয়া হাঁহে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বসন্তৰ আৰম্ভণিৰ লগে লগে মাইকী হাঁহজনীয়ে কণী পাৰিবলৈ লয়৷ এইসময়ত মতা হাঁহটোৱে মাইকী জনীক এৰি জাকৰ আন মতা হাঁহৰ লগ লয়৷ আমৰ'লীয়া হাঁহে সাধাৰণতে পানীৰ কাষৰীয়া অঞ্চলত বাহ সাজে৷ এবাৰত ই ৮-১৩ টাকৈ কণী পাৰে৷ মাইকী হাঁহে ২৭-২৮ দিন ধৰি কণী উমনি দিয়ে৷ পোৱালী পৈণত ৰুপত জন্ম লয় আৰু ইহঁতে জন্মাৰ পিছতে সাঁতুৰিব পৰা হয়৷

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

অন্য হাঁহৰ প্ৰজাতিৰ ব্যতিক্ৰম হিচাপে আমৰ'লীয়া হাঁহে মানুহৰ পৰা লাভান্বিত হে হোৱা দেখা গৈছে৷ ইয়াৰ কাৰণ হ'ল এই প্ৰজাতিটৌ অভিযোজনত পাকৈত আৰু সেইবাবে মানুহৰ বসতি থকা অঞ্চলতো ইহঁতে বসবাস কৰিব পাৰে৷ তাৰোপৰি ইহঁতে স্থানীয় হাঁহৰ প্ৰজাতিৰ সৈতে প্ৰজনন কৰিও বংশবৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ইয়াক পোহনীয়া হাঁহৰ পূৰ্বপুৰুষ বুলিও আখ্যা দিয়া হয়৷[15][16][17]

নিউজিলেণ্ডত ইয়াক বহিৰাগত (invasive species) প্ৰজাতি বুলি গণ্য কৰা হয়৷ এই অঞ্চল সমূহত অভিযোজন কৰি আৰু স্থানীয় হাঁহৰ লগত আন্ত: প্ৰজাতি প্ৰজনন কৰি আমৰ'লীয়া হাঁহৰ দ্ৰুত বংশবৃদ্ধি ঘটিছে৷ [18] ইয়াৰ এনে হাইব্ৰিড প্ৰজাতিয়ে স্বাভাৱিক পৰিস্থিতিতন্ত্ৰতে বিঘিনি ঘটোৱা বুলি সন্দেহ কৰা হৈছে৷ [19] ফলত আমৰ'লীয়া হাঁহৰ ওচৰ সম্পৰ্কীয় প্ৰজাতিসমূহৰ বাবে অস্তিত্ব সংকট আহি পৰিছে৷ এনে প্ৰজাতিসমূহ হ'ল, Hawaiian Duck[18][20], Pacific Black Duck,[18][21][22][23] American Black Duck,[18][24][25][26] Mottled Duck,[18][27][28] Meller's Duck,[29] Yellow-billed Duck,[19] আৰু Mexican Duck[18][28]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Anas platyrhynchos". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600435। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. ''Anas platyrhynchos'', Domestic Duck; DigiMorph Staff – The University of Texas at Austin. Digimorph.org. Retrieved on 2012-08-23.
  3. Linnaeus, Carl (1758) (Latin ভাষাত). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata. প্ৰকাশক Stockholm: Laurentius Salvius. পৃষ্ঠা. 125. 
  4. Simpson, John; Weiner, Edmund, ed. (1989). "Mallard". Oxford English Dictionary (2nd ed.). Oxford: Clarendon Press. ISBN 0-19-861186-2. 
  5. 5.0 5.1 Cramp 1977, p. 505.
  6. Mallard, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-23.
  7. John B. Dunning Jr., ed (1992). CRC Handbook of Avian Body Masses. CRC Press. ISBN 978-0-8493-4258-5. 
  8. 8.0 8.1 8.2 Cramp 1977, p. 506.
  9. Herrera, Néstor; Rivera, Roberto; Ibarra Portillo, Ricardo; Rodríguez, Wilfredo (2006). "Nuevos registros para la avifauna de El Salvador [New records for the avifauna of El Salvador]" (Spanish ভাষাত) (PDF). Boletín de la Sociedad Antioqueña de Ornitología খণ্ড 16 (2): 1–19. http://www.sao.org.co/publicaciones/boletinsao/01-Herrera.etal.RecordsSalvador.pdf. 
  10. Cramp 1977, p. 507.
  11. Krapu, Gary L.; Reinecke, Kenneth J. (1992). "Foraging ecology and nutrition". In Batt, Bruce D. J.; Afton, Alan D.; Anderson, Michael G.; Ankney, C. Davison; Johnson, Douglas H.; Kadlec, John A.; Krapu, Gary L.. Ecology and Management of Breeding Waterfowl. প্ৰকাশক Minneapolis: University of Minnesota Press. পৃষ্ঠা. 1–30 (10). ISBN 978-0-8166-2001-2. 
  12. Swanson, George A.; Meyer, Mavis I.; Adomaitis, Vyto A. (1985). "Foods consumed by breeding mallards on wetlands of south-central North Dakota". Journal of Wildlife Management খণ্ড 49 (1): 197–203. doi:10.2307/3801871. 
  13. Gruenhagen, Ned M.; Fredrickson, Leigh H. (1990). "Food use by migratory female mallards in northwest Missouri". Journal of Wildlife Management খণ্ড 54 (4): 622–626. doi:10.2307/3809359. 
  14. Combs, Daniel L. & Leigh H. Fredrickson (1990). "Foods used by male mallards wintering in southeastern Missouri". Journal of Wildlife Management খণ্ড 60 (3): 603–610. doi:10.2307/3802078. 
  15. Mottled Ducks : The Problem : Hybridization; Florida Fish and Wildlife Conservation Commission Archived 2006-04-20 at the Wayback Machine. Myfwc.com. Retrieved on 2012-08-23.
  16. Environmental assessment for control of free-ranging resident Mallards in Florida, May 2002, Contact: Frank Bowers, U.S. Fish and Wildlife Service. Fws.gov. Retrieved on 2012-08-23.
  17. Invasive Alien Bird Species Pose A Threat, Kruger National Park, Siyabona Africa Travel (Pty) Ltd – South Africa Safari Travel Specialist. Krugerpark.co.za. Retrieved on 2012-08-23.
  18. 18.0 18.1 18.2 18.3 18.4 18.5 Rhymer, Judith M.; Simberloff, Daniel (1996). "Extinction by hybridization and introgression". Annual Review of Ecology and Systematics খণ্ড 27: 83–109. doi:10.1146/annurev.ecolsys.27.1.83. 
  19. 19.0 19.1 Rhymer, Judith M. (2006). "Extinction by hybridization and introgression in anatine ducks" (PDF). Acta Zoologica Sinica খণ্ড 52 (Supplement): 583–585. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203045456/http://www.actazool.org/downloadpdf.asp?id=5145। আহৰণ কৰা হৈছে: 2013-03-28. 
  20. Griffin, C. R.; Shallenberger, F. J.; Fefer, S. I. (1989). "Hawaii's endangered waterbirds: a resource management challenge". In R. R. Sharitz & I. W. Gibbons. Proceedings of Freshwater Wetlands and Wildlife Symposium. প্ৰকাশক Aiken, South Carolina: Savannah River Ecology Lab. পৃষ্ঠা. 155–169. 
  21. Gillespie, Grant D. (1985). "Hybridization, introgression, and morphometric differentiation between Mallard (Anas platyrhynchos) and Grey Duck (Anas superciliosa) in Otago, New Zealand" (PDF). The Auk খণ্ড 102 (3): 459–469. http://sora.unm.edu/sites/default/files/journals/auk/v102n03/p0459-p0469.pdf. 
  22. Rhymer, Judith M.; Williams, Murray J.; Braun, Michael J. (1994). "Mitochondrial analysis of gene flow between New Zealand Mallards (Anas platyrhynchos) and Grey Ducks (A. superciliosa)" (PDF). The Auk খণ্ড 111 (4): 970–978. doi:10.2307/4088829. http://sora.unm.edu/sites/default/files/journals/auk/v111n04/p0970-p0978.pdf. 
  23. Williams, Murray; Basse, Britta (2006). "Indigenous gray ducks, Anas superciliosa, and introduced mallards, A. platyrhynchos, in New Zealand: processes and outcome of a deliberate encounter" (PDF). Acta Zoologica Sinica খণ্ড 52 (Supplement): 579–582. Archived from the original on 2014-02-19. https://web.archive.org/web/20140219040712/http://www.actazool.org/downloadpdf.asp?id=5144। আহৰণ কৰা হৈছে: 2013-03-28. 
  24. Johnsgard, Paul A. (1967). "Sympatry changes and hybridization incidence in Mallards and Black Ducks". American Midland Naturalist খণ্ড 77 (1): 51–63. doi:10.2307/2423425. 
  25. Avise, John C.; Ankney, C. Davison; Nelson, William S. (1990). "Mitochondrial gene trees and the evolutionary relationship of Mallard and Black Ducks" (PDF). Evolution খণ্ড 44 (4): 1109–1119. doi:10.2307/2409570. http://faculty.sites.uci.edu/johncavise/files/2011/03/105-mallard-black-ducks.pdf. 
  26. Mank, Judith E.; Carlson, John E.; Brittingham, Margaret C. (2004). "A century of hybridization: decreasing genetic distance between American black ducks and mallards". Conservation Genetics খণ্ড 5 (3): 395–403. doi:10.1023/B:COGE.0000031139.55389.b1. 
  27. Mazourek, J. C.; Gray, P. N. (1994). "The Florida duck or the mallard?" (DOC). Florida Wildlife খণ্ড 48 (3): 29–31. Archived from the original on 2007-08-10. https://web.archive.org/web/20070810190700/http://www.floridaconservation.org/duck/mottled/documents/WeCantHaveBothArtcle.doc। আহৰণ কৰা হৈছে: 2013-03-28. 
  28. 28.0 28.1 McCracken, Kevin G.; Johnson, William P.; Sheldon, Frederick H. (2001). "Molecular population genetics, phylogeography, and conservation biology of the mottled duck (Anas fulvigula)" (PDF). Conservation Genetics খণ্ড 2 (2): 87–102. doi:10.1023/A:1011858312115. http://mercury.bio.uaf.edu/~kevin_mccracken/reprints/cons-gen-2-87.pdf. 
  29. Young, H. Glyn; Rhymer, Judith M. (1998). "Meller's duck: A threatened species receives recognition at last". Biodiversity and Conservation খণ্ড 7 (10): 1313–1323. doi:10.1023/A:1008843815676. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]