কনুৱা
কনুৱা (Woolly-necked Stork) | |
---|---|
Lake Periyar, Idduki, Kerala, India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ciconiidae |
গণ: | Ciconia |
প্ৰজাতি: | C. episcopus |
বৈজ্ঞানিক নাম | |
Ciconia episcopus Boddaert, 1783 |
কনুৱা (ইংৰাজী: Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]
কনুৱাৰ দেহৰ আকাৰ ডাঙৰ; ইয়াৰ উচ্চতা প্ৰায় ৮৫ ছে:মি:৷ ইয়াৰ দেহটো জিলিকি থকা ক'লা বৰণৰ, ডিঙি বগা আৰু দেহৰ পেট অংশ বগা বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওপৰৰ অংশ জিলিকা সেউজীয়া বৰণৰ, নুকু তথা পেট অংশত বেঙুনীয়াৰো পৰশ আছে৷ কনুৱাৰ ঠেং দীঘল আৰু ৰঙচুৱা৷ ঠোঁট ক'লা হোৱা দেখা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন একে হয়৷ পোৱালি কনুৱা পূৰ্ণবয়স্ক চৰাইতকৈ শেঁতা পৰা বৰণৰ হোৱা দেখা যায়৷
টেক্স'নমি[সম্পাদনা কৰক]
কনুৱাৰ বৰ্তমানলৈকে তিনিটা উপ-প্ৰজাতি দেখা গৈছে-
- C. e. microscelis-আফ্ৰিকাত দেখা পোৱা যায়৷
- C. e. episcopus-এছিয়া মহাদেশত বিস্তৃত৷
- C. e. neglecta-ইণ্ডোনেছিয়াত পোৱা যায়৷
বিতৰণ[সম্পাদনা কৰক]
কনুৱা বহুলভাৱে বিস্তৃত জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ এছিয়াৰ ভাৰত, ইণ্ডোনেছিয়া আদিত আৰু আফ্ৰিকা মহাদেশতো দেখিবলৈ পোৱা যায়৷
বাসস্থান[সম্পাদনা কৰক]
কনুৱাই সাধাৰণতে জলাশয়সমূহত বাস কৰে৷
আচৰণ[সম্পাদনা কৰক]
খাদ্য[সম্পাদনা কৰক]
ই জোপলৈ থাকি খাদ্যৰ চিকাৰ কৰে৷ বিভিন্ন উভচৰ প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি ইয়াৰ প্ৰধান খাদ্য৷
প্ৰজনন[সম্পাদনা কৰক]
ই জলাশয়ৰ পাৰৰ গছত ডালিৰে বাহ সাজে৷ এবাৰত ২-৫ টাকৈ কণী পাৰে৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Ciconia episcopus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003832। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of The Gambia by Barlow, Wacher and Disley, ISBN 1-873403-32-1
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]
-
with Black-headed Ibis & Painted Stork at Pocharam lake, Andhra Pradesh, India
-
-
-
-
-
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Ciconia episcopus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিপ্ৰজাতিত Ciconia episcopus সম্পৰ্কে অধিক তথ্য আছে |
- BirdLife Species Factsheet
- Woolly-necked Stork videos, photos & sounds on the Internet Bird Collection
- Woolly-necked Stork - Species text in The Atlas of Southern African Birds.