ডাউক
ডাউক (White-breasted Waterhen) | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Rallidae |
গণ: | Amaurornis |
প্ৰজাতি: | A. phoenicurus |
বৈজ্ঞানিক নাম | |
Amaurornis phoenicurus Pennant, 1769 | |
ডাউক চৰাইৰ গোলকীয় বিতৰণ | |
সমাৰ্থক | |
Erythra phoenicura |
ডাউক (ইংৰাজী: White-breasted Waterhen) চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী৷
দৈহিক গঠন[সম্পাদনা কৰক]
পূৰ্ণবয়স্ক ডাউক চৰাইৰ দেহৰ তলৰ অংশ গাঢ় ছাই বৰণৰ আৰু মুখ, ডিঙি তথা বুকু অংশ বগা বৰণৰ হয়৷ পেট আৰু নেজৰ তলৰ অংশ মটীয়া ৰঙৰ হোৱা দেখা যায়৷ ডাউক চৰাইৰ ঠেঙৰ আঙুলি দীঘল, নেজ চুটি আৰু ঠোট তথা ঠেং হালধীয়া ৰঙৰ৷ মতা-মাইকী উভয়ৰ আকৃতিগত পাৰ্থক্য নাই যদিও মাইকী চৰাইৰ আকাৰ কিছু সৰু হয়৷ অপৈণত চৰাইৰ গাৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ ধূসৰ হয়৷ পোৱালিৰ গাৰ বৰণ প্ৰথমে ক’লা হয়৷
বসতি স্থান[সম্পাদনা কৰক]
ভাৰতবৰ্ষ, পাকিস্থান, শ্ৰীলংকাৰ পৰা চীন, ইণ্ডোনেছিয়া লৈকে সমগ্ৰ দক্ষিণ এছিয়া ডাউক চৰাইৰ আৱাসস্থলী৷ সাধাৰণতে সমতল ভূমিত পোৱা যায় যদিও ওখ পৰ্বতীয়া অঞ্চল যেনে নাইনিতাল (১৩০০ মি) আৰু কেৰালাৰ পৰ্বতভূমি ( ১৫০০ মি)তো এই চৰাই বিধ দেখা যায়।[1][2] এই চৰাইবিধে চমু দুৰত্ব অতিক্ৰম কৰি নতুন আৱাসস্থলী অধিকাৰ কৰি লয়৷ সচৰাচৰ জলাশয় বা মিঠা অথবা লুণীয়া পানীৰ উৎসৰ আশে-পাশে ডাউক চৰাই পোৱা যায়৷
আচৰণ[সম্পাদনা কৰক]
ডাউক চৰাই সাধাৰণতে অকলশৰে নাইবা যোৰ পাতি বাস কৰে৷ জলাশয়ৰ পাৰৰ বোকাত বা অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে৷ খোজকঢ়াৰ সময়ত নেজডাল পিছফালে থিয় হৈ থাকে৷ ডাউক চৰায়ে প্ৰধানত: পোক-পৰুৱা, সৰু মাছ, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী, উদ্ভিদৰ গুটি আদি খাই জীয়াই থাকে ৷ [3]
সাধাৰণতে জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত বাহ সাজি পোৱালি দিয়ে ৷ অৱশ্যে ঠাই বিশেষে বাহ সজাৰ আৰু পোৱালি জগোৱাৰ সময়ো ভিন্ন হয়৷ বাহ জলাহ অঞ্চলৰ উদ্ভিদেৰে শুকান ঠাইত সাজে৷ এবাৰত ৬-৭ টাকৈ কণী পাৰে ৷ প্ৰায় ১৯ দিনৰ ভিতৰত কণীৰ পৰা পোৱালি জগে।[4] মতা-মাইকী উভয়ে ওমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়৷
স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ Robertson,Andrew (1990). "Some altitudinal records of birds from the High Range, Kerala". J. Bombay Nat. Hist. Soc. খণ্ড 87 (3): 456.
- ↑ Smetacek, Victor (1974). "On the increasing occurrence of typically plains-birds in the Kumaon hills". J. Bombay Nat. Hist. Soc. খণ্ড 71 (2): 299–302.
- ↑ Relton,A; Moses,A Alagappa; Wesley,H Daniel (1991). "Addition to the dietary of Whitebreasted Waterhen Amaurornis phoenicurus (Pennant)". J. Bombay Nat. Hist. Soc. খণ্ড 88 (2): 282.
- ↑ Dhindsa,Manjit S; Sandhu,PS; Toor,HS (1983). "Some observations on the breeding of the Chinese Whitebreasted Waterhen Amaurornis phoenicurus chinensis (Boddaert)". J. Bombay Nat. Hist. Soc. খণ্ড 80 (1): 213–214.