কেতেকী
কেতেকী (Indian Cuckoo) | |
---|---|
![]() | |
কেৰেলাৰ কন্নুৰ (Kannur) ত কেতেকী চৰাইৰ এটা পোৱালী” | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Cuculiformes |
পৰিয়াল: | Cuculidae |
গণ: | Cuculus |
প্ৰজাতি: | C. micropterus |
বৈজ্ঞানিক নাম | |
Cuculus micropterus Gould, 1837[2] | |
![]() |
কেতেকী (ইংৰাজী: Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি৷ ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই৷ এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়৷
বিৱৰণ[সম্পাদনা কৰক]
কেতেকীৰ দেহ মজলীয়া আকাৰৰ৷ মতা আৰু মাইকী চৰাই দেখিবলৈ সাধাৰণতে একে হয়৷ দেহৰ ওপৰৰ অংশ মুগা বৰণীয়া, তললৈ ডাঠ ক’লা৷ নেজত গাঢ় মুগা বৰণ আৰু আগটো বগা বৰণৰ হোৱা দেখা যায়৷ কেতেকী পোৱালিৰ মূৰৰ ওপৰ অংশ আৰু ডিঙি বগা বৰণৰ হয়৷ চকুৰ মণি মুগা বা হালধীয়া ৰঙৰ হোৱা দেখা যায়৷ [3]
![]() |
|
কেতেকী চৰাইৰ মাত | |
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যানত এপ্ৰিল ২০০৬ ত বাণীবদ্ধ কৰা কেতেকী চৰাইৰ মাত | |
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
![]() |
|
কেতেকী চৰাইৰ মাত | |
হিমালয়ত মে ২০০৮ ত বাণীবদ্ধ কৰা কেতেকী চৰাইৰ মাত | |
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
কেতেকী চৰায়ে প্ৰজননৰ সময়ত ইটোৱে সিটোক মাতি থকা প্ৰায়ে শুনা যায়[3]
কেতেকী চৰাইৰ প্ৰধান খাদ্য হ’ল নোমাল বিছা বা পলু, পোক-পতংগ আৰু ফল-মূল৷[3] ইহঁতে সাধাৰণতে গছৰ ওপৰৰ স্তৰত (upper canopy) খাদ্য খায়৷[4]
বিতৰণ[সম্পাদনা কৰক]
কেতেকী চৰাই সমগ্ৰ এছিয়াত বহুলভাৱে বিস্তৃত৷ ইঁহতে সাধাৰণতে পৰ্ণপাতী আৰু চিৰসেউজীয়া বনাঞ্চলত বসবাস কৰে৷[3]
আচৰণ[সম্পাদনা কৰক]
কেতেকীয়ে আনৰ বাহত কণী পাৰে৷ ই সাধাৰণতে কাউৰী আৰু Drongo ৰ বাহত কণী পাৰে বুলি জনা যায়৷ এই চৰাই বিধৰ প্ৰজননৰ সময় স্থানভেদে বেলেগ বেলেগ হোৱা দেখা যায়৷ উদাহৰণ স্বৰূপে ই চীনত মে-জুলাই, ভাৰতবৰ্ষত মাৰ্চ-আগষ্ট, ম্যনমাৰত জানুৱাৰী-জুন মাহত প্ৰজনন কৰে বুলি জনা যায়৷[3]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Cuculus micropterus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001204। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Gould, John (1837) Proceedings of the Zoological Society of London p. 137 (Himalayas)
- ↑ 3.0 3.1 3.2 3.3 3.4 Payne, RB (2005). The Cuckoos.. Oxford University Press.. পৃষ্ঠা. 25, 101, 492–494.
- ↑ Narayan,Goutam; Rosalind,Lima (1991). "Hovering: an unrecorded behaviour in the Indian Cuckoo Cuculus micropterus.". J. Bombay Nat. Hist. Soc. খণ্ড 88 (3): 454.
অন্যান্য উৎস[সম্পাদনা কৰক]
- Sankar,K (1993) The Indian Cuckoo (Cuculus micropterus micropterus Gould) in Sariska Tiger Reserve, Rajasthan. J. Bombay Nat. Hist. Soc. 90(3):512
- Hewetson, C. E. (1956) Observations on the bird life of Madhya Pradesh. J. Bombay nat. Hist. Soc. 53(4):627