দৈকলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৈকলা (Great Cormorant)
অষ্ট্ৰলিয়াত এটা দৈকলা চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Suliformes
পৰিয়াল: Phalacrocoracidae
গণ: Phalacrocorax
প্ৰজাতি: P. carbo
বৈজ্ঞানিক নাম
Phalacrocorax carbo
(Linnaeus, 1758)
ৰাজস্থানত প্ৰজনন নোহোৱা কালত এটা দৈকলা

দৈকলা[2](ইংৰাজী: Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত। [3]

বিৱৰণ[সম্পাদনা কৰক]

উৰন্ত অৱস্থাত দৈকলা
হাৰিয়ানাত প্ৰজনন কালত দৈকলা

দৈকলা এবিধ ডাঙৰ আকাৰৰ আৰু ক'লা বৰণৰ জলচৰ চৰাই। অৱশ্যে ই বিস্তৃত হৈ থকা অঞ্চলভেদে ইয়াৰ আকাৰ আৰু দেহৰ ৰঙৰ তাৰতম্য দেখা পোৱা যায়। ইয়াৰ ওজন সাধাৰণতে ১.৫ কি:গ্ৰা: হয়।[4][5][6]দৈকলাৰ দেহৰ দৈৰ্ঘ্য ৭০-১০২ ছে:মি: পৰ্যন্ত হ'ব পাৰে।[7][8] ইয়াৰ নেজ দীঘল, ডিঙিত হালধীয়া দাগ আছে। পূৰ্ণবয়স্ক দৈকলাৰ প্ৰজনন কালত উৰু অংশত বগা দাগ দেখা যায়।

টেক্স'নমি[সম্পাদনা কৰক]

গ্ৰীচত এটা এলবিন' দৈকলা চৰাই[9]

দৈকলাৰ কেইবাবিধো উপ-প্ৰজাতি দেখা পোৱা যায়। ইয়াৰ ভিতৰত প্ৰধান হৈছে-

বিতৰণ[সম্পাদনা কৰক]

দৈকলা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চৰাইৰ প্ৰজাতি। ইয়াক দক্ষিণ আমেৰিকা তথা এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সকলো মহাদেশতে দেখা পোৱা যায়।

বাসস্থান[সম্পাদনা কৰক]

দৈকলাই সাধাৰণতে হ্ৰদ, নৈ, জান-জুৰি আদি বিভিন্ন ধৰণৰ জলাশয়ত চৰে।

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

দৈকলাই পানীৰ যথেষ্ট গভীৰলৈকে যাব পাৰে যদিও প্ৰায়ে ই অগভীৰ পানীত চিকাৰ ধৰি খায়। ই বিভিন্ন ধৰণৰ সৰু-বৰ মাছ খাই জীয়াই থাকে।

প্ৰজনন[সম্পাদনা কৰক]

দৈকলাই সাধাৰণতে জলাশয়ৰ আশে পাশে শিলাময় পাহাৰত বা গছত বাহ সাজে। বাহ সাজিবলৈ ই গছৰ ডাল-পাত আদি ব্যৱহাৰ কৰা দেখা যায়। ই এবাৰত ৩-৪ টাকৈ কণী পাৰে।

মানুহৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

দৈকলাক চীন, জাপানকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত সমূহীয়াকৈ মাছ ধৰা কামত মাছমৰীয়া সকলে ব্যৱহাৰ কৰি আহিছে। এই প্ৰক্ৰিয়াত মাছমৰীয়া জনে দৈকলাৰ ডিঙিত মাছ গিলিব নোৱাৰাকৈ এডাল ৰছী বান্ধি দিয়ে আৰু মাছ ধৰা সৰু নাওৰ লগত আগবাঢ়ি যাবলৈ দিয়ে। দৈকলাই মাছ ধৰিবলৈ সক্ষম হয় কিন্তু ৰছীডালৰ বাবে সম্পূৰ্ণকৈ গিলি পেলাব নোৱাৰে। গতিকে এই পৰ্বৰ শেষত মাছমৰীয়াই দৈকলা চৰাইৰ মুখৰ পৰা মাছবোৰ সংগ্ৰহ কৰি লয়।

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

চীনত দৈকলাৰ সহায়ত মাছ ধৰা অৱস্থাত

বহুতো মাছমৰীয়াই দৈকলাক মাছৰ বাবে নিজৰ প্ৰতিযোগী বুলি গণ্য কৰে আৰু এইবাবেই অতীজত দৈকলাৰ বিস্তৰ পৰিমাণে চিকাৰ কৰা হৈছিল। অৱশ্যে পৰৱৰ্ত্তী কালত ইয়াৰ সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ লোৱাত ইয়াৰ জনসংখ্যা বিলুপ্তিৰ পৰা ৰক্ষা পৰে।[11] কিন্তু ইয়াৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যাই পুনৰ মাছমৰীয়াসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। [12][13]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Phalacrocorax carbo". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003679। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  4. Ribak, Gal; Weihs, Daniel; Arad, Zeev (2005). "Water retention in the plumage of diving great cormorantsPhalacrocorax carbo sinensis". Journal of Avian Biology খণ্ড 36 (2): 89. doi:10.1111/j.0908-8857.2005.03499.x. 
  5. Cormorant Archived 2011-11-24 at the Wayback Machine. The Canadian Encyclopedia. Retrieved on 2012-08-21.
  6. Great Cormorant, Identification, All About Birds – Cornell Lab of Ornithology. Birds.cornell.edu. Retrieved on 2012-08-21.
  7. Field Guide to the Birds of East Africa: Kenya, Tanzania, Uganda, Rwanda, Burundi by Stevenson & Fanshawe. Elsevier Science (2001), ISBN 978-0856610790
  8. Great Cormorant, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-21.
  9. "Phalacrocorax carbo Albino (Great Cormorant, Great Black Cormorant)". MCH Portal: The Art and Science of Fishkeeping. June 14, 2011. http://www.mchportal.com/photography-galleries/macro-and-nature-mainmenu-52/birds-mainmenu-54/869-phalacrocorax-carbo-cormorant-albino.html। আহৰণ কৰা হৈছে: June 27, 2011. 
  10. Barrie Heather and Hugh Robertson, "The Field guide to the Birds of New Zealand"(revised edition), Viking, 2005
  11. Wetland International Cormorant Researg Group: Cormorants in the western Palearctic, Distribution and numbers on a wider European scale
  12. FAO publication: Workshop on a European Cormorant management Plan, 20–21 November 2007; EIFAC, European Inland Fisheries Advisory Commission
  13. European Parliament resolution of 4 December 2008: "on the adoption of a European Cormorant Management Plan to minimise the increasing impact of cormorants on fish stocks, fishing and aquaculture"

লগতে চাওক[সম্পাদনা কৰক]

  • Sibley, C. G., & Monroe, B. L. (1990). Distribution and taxonomy of birds of the world. New Haven CT: Yale University Press.
  • Ian Sinclair, Phil Hockey and Warwick Tarboton, SASOL Birds of Southern Africa (Struik 2002) ISBN 1-86872-721-1
Separation of carbo and sinensis
  • Newson, Stuart, Graham Ekins, Baz Hughes, Ian Russell and Robin Sellers (2005) Separation of North Atlantic and Continental Cormorants Birding World 18(3):107–111
  • Millington, Richard (2005) Identification of North Atlantic and Continental Cormorants Birding World 18(3):112–123

বাহ্যিক সংযোগ[সম্পাদনা কৰক]