গলমণিকা
গলমণিকা (Rose-ringed Parakeet) | |
---|---|
![]() | |
Female on left and male on right (Psittacula krameri manillensis) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Psittaciformes |
মহাপৰিয়াল: | Psittacoidea |
পৰিয়াল: | Psittaculidae |
উপপৰিয়াল: | Psittaculinae |
গোত্ৰ: | Psittaculini |
গণ: | Psittacula |
প্ৰজাতি: | P. krameri |
বৈজ্ঞানিক নাম | |
Psittacula krameri (Scopoli, 1769) | |
Original (wild) range |
গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি৷ ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত৷ যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে৷ [1]
গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত৷[2] ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷
সূচী
বিৱৰণ[সম্পাদনা কৰক]
গলমণিকাৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪০ ছে: মি: হয়৷ কেৱল ডেউকাৰ দৈৰ্ঘ্য ১৫-১৭.৫ ছে: মি: হয়৷ ইয়াৰ দেহ মূলতঃ সেউজীয়া বৰণৰ আৰু নেজ যথেষ্ট দীঘল৷ গলমণিকাৰ মতা আৰু মাইকী দেখিবলৈ কিছু ভিন্ন হয়৷ মতা চৰাইৰ ডিঙিত গুলপীয়া ৰঙৰ মণিৰ দৰে এডাল আঁচ থাকে বাবে ইয়াক গলমণিকা নামেৰে অভিহিত কৰা হয়৷
টেক্স'নমি[সম্পাদনা কৰক]
গলমণিকাৰ মুঠ চাৰিটা উপপ্ৰজাতি দেখা যায়-
- আফ্ৰিকান উপ-প্ৰজাতি:
- African-ringnecked (aka ARN) Parakeet (P. krameri krameri): পশ্চিম আফ্ৰিকা, পূব আৰু পশ্চিম উগাণ্ডা আৰু দক্ষিণ চুডানত পোৱা যায়৷
- Abyssinian-ringnecked (aka Aby-RN) Parakeet (P. krameri parvirostris): উত্তৰ-পশ্চিম ছোমালিয়া, চুডান ৷
- এছিয়ান উপ-প্ৰজাতি:
- Indian-ringnecked (aka IRN) Parakeet (P. krameri manillensis): ভাৰত উপমহাদেশ, অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন, আমেৰিকা ইত্যাদিত বহুলভাৱে বিস্তৃত ৷
- Boreal or Neumann's ringnecked (aka BRN) Parakeet (P. krameri borealis) : বাংলাদেশ, পাকিস্তান, উত্তৰ ভাৰত, নেপাল আৰু ম্যানমাৰত দেখা যায়৷
খাদ্য[সম্পাদনা কৰক]
বনৰীয়া গলমণিকাই প্ৰধানতঃ ফল-মূল, শাক-পাচলি, গুটি আদি খাই জীয়াই থাকে৷ ইহঁতে বৃহৎ জাক পাতি খেতি-পথাৰ আদিত খাই বিস্তৰ ক্ষতি কৰে৷ [3] অন্য দক্ষিণ এছিয়াৰ চৰাইৰ প্ৰজাতিৰ পৰা ব্যতিক্ৰম হিচাপে ইহঁতে শীতকালতো প্ৰজনন কৰে৷ [4]
এভিকালচাৰ (Aviculture)[সম্পাদনা কৰক]
গলমণিকা পোহনীয়া চৰাই হিচাপে যথেষ্ট জনপ্ৰিয়৷ ঐতিহাসিক কালৰে পৰা ইয়াক মানুহে পোহাৰ তথ্য পোৱা যায়৷ পূ্ৰ্বতে গ্ৰীচত ভাৰতীয় উপ-প্ৰজাতি P. krameri manillensis আৰু ৰোমত আফ্ৰিকান উপ-প্ৰজাতি es P. krameri krameriক পোহনীয়া হিচাপে ৰখাৰ তথ্য আছে৷ বৰ্তমান বিভিন্ন ধৰণৰ ৰঙত ভাৰতীয় গলমণিকা বজাৰত পোৱা যায়৷ [5]
অনুকৰণধৰ্মিতা (Mimicry)[সম্পাদনা কৰক]
গলমণিকাৰ মতা আৰু মাইকী দুয়োটা চৰাইৰে মানুহৰ মাত নকল কৰিব পৰাৰ ক্ষমতা আছে৷ প্ৰথমে ই চাৰিওফালৰ শব্দবোৰ শুনে আৰু তাৰ পিছত একেধৰণে নকল কৰে৷ কিছুমান মানুহে কেৱল এইবাবেই গলমণিকাৰ পোৱালী নিজে ডাঙৰ কৰে৷[উদ্ধৃতিৰ প্ৰয়োজন]
আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]
- গলমণিকাৰ বিভিন্ন ৰঙৰ ভিন্নতা
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 BirdLife International (2012). "Psittacula krameri". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001529। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Jobling, J. A. (1991). A Dictionary of Scientific Bird Names. OUP. ISBN 0-19-854634-3.
- ↑ Sailaja, R., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. 1988 Environmental, dietary, and hormonal factors in the regulation of seasonal breeding in free-living female Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4), pp. 518–527
- ↑ Krishnaprasadan, T.N., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. (1988) Environmental and hormonal factors in seasonal breeding in free-living male Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4):488–496
- ↑ Alderton, David (2003). The Ultimate Encyclopedia of Caged and Aviary Birds. প্ৰকাশক London, England: Hermes House. পৃষ্ঠা. 189–190. ISBN 1-84309-164-X.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ‘Rose-ringed Parakeet’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Indian Ringneck website
- Rose-ringed Parakeet in California
- Oriental Bird Images: Rose-ringed Parakeet Photos of Rose-ringed Parakeet in the wild
- In Internet Bird Collection