সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (Gadwall) | |
---|---|
![]() | |
মতা সৰুমূগী হাঁহ | |
![]() | |
মাইকী সৰুমূগী হাঁহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas |
প্ৰজাতি: | A. strepera |
বৈজ্ঞানিক নাম | |
Anas strepera Linnaeus, 1758 | |
Subspecies | |
|
সৰুমূগী হাঁহ (ইংৰাজী: Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]


সৰুমূগী হাঁহ দেহৰ দৈৰ্ঘ্য ৪৬-৫৬ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৮-৯০ ছে:মি: হয়৷ [2] মতা সৰুমূগী হাঁহ মাইকীতকৈ আকাৰত কিছু ডাঙৰ হয় আৰু ইয়াৰ ওজনো তুলনামূলকভাৱে অধিক হয়৷ [3] প্ৰজননৰ সময়ত মতা সৰুমূগী হাঁহ দেহৰ বৰণ মুগা, ডেউকা বাদামী হয় ৷ [4] অন্য সময়ত ই মাইকীৰ দৰে প্ৰায় একে হয়, কেৱল ঠোঁটৰ বৰণ পাতল কমলা হোৱা দেখা যায় ৷ [3]
মাইকী খন্তীয়া হাঁহৰ দেহ পাতল মটিয়া হয়৷ ইয়াৰ ঠৌঁট গাঢ় কমলা আৰু বুকু বগা বৰণৰ হোৱা দেখা যায়৷[4] ই সাধাৰণতে নীৰৱ হৈ থাকে৷ কেৱল প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহে 'nheck' ধৰণে হুইছেলৰ দৰে মাত মাতে আৰু মাইকী জনীয়ে 'কোৱেক' ধৰণে মাত উলিয়ায়৷ [3]
টেক্স'নমি[সম্পাদনা কৰক]
কেৰ'লাছ লিনিয়াছে ১৭৫৮ চনত প্ৰকাশিত গ্ৰন্থ 'চিষ্টেমা নেচুৰী' ত সৰুমূগী হাঁহৰ প্ৰথম উল্লেখ কৰিছিল৷[5] Anas গোত্ৰৰ ভিতৰত সৰুমূগী হাঁহৰ আটাইতকৈ ওচৰসম্পৰ্কীয় হাঁহৰ প্ৰজাতি হ'ল 'Falcated Duck ৷ [6]
সৰুমূগী হাঁহৰ দুটা উপ-প্ৰজাতি পোৱা যায়, অৱশ্যে ইয়াৰে এটা ইতিমধ্যে লুপ্ত হৈ পৰিছে:
বিতৰণ[সম্পাদনা কৰক]
সৰুমূগী হাঁহে প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে৷ উত্তৰ আমেৰিকাত ই ছেইন্ট ল'ৰেঞ্চ নদী, আলবাৰ্টা, ড'কোটাৰ পৰা কেলিফ'ৰ্ণিয়া, আলাস্কালৈকে বিস্তৃত৷ [2][4] ইয়াৰ বিস্তৃতি পৰ্য্যায়ক্ৰমে বৃদ্ধি পোৱা বুলি তথ্য পোৱা যায়৷ ই সাধাৰণতে পৰিভ্ৰমী চৰাইৰ প্ৰজাতি ৷ সৰুমূগী হাঁহে আলাস্কা. আমেৰিকা, অহায়', ভাৰ্জিনিয়া আদিত শীটকালত পৰিভ্ৰমণ কৰে৷[2][4] বৰ্তমান ইয়াক আই.ইউ.চি.এন.ৰ ৰেড ডাটা বুকত 'Least Concern' প্ৰজাতিৰ স্থানত ৰকা হৈছে৷ [1]
আচৰণ[সম্পাদনা কৰক]


সৰুমূগী হাঁহে প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ কিন্তু মুকলি জলাশয়ত চৰে৷ ই পানীৰ পৰা আঁতৰত মাটিত বাহ সাজে৷ প্ৰজননৰ সময়ৰ বাহিৰে অন্য সময়ত ই সৰু গোটত বাস কৰে৷ সৰুমূগী হাঁহ সাধাৰণতে নীৰৱে থাকে৷ মতা হাঁহৰ হুইছেলৰ দৰে এটা মাত আছে৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 BirdLife International (2009). "Anas strepera". IUCN Red List of Threatened Species. Version 2009.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/141496.
- ↑ 2.0 2.1 2.2 Floyd, 2008[পৃষ্ঠা নং প্ৰয়োজন]
- ↑ 3.0 3.1 3.2 Madge, Steve; Burn, Hilary (1988). Wildfowl: An Identification Guide to the Ducks, Geese and Swans of the World. Christopher Helm. পৃষ্ঠা. 200–202. ISBN 0-7470-2201-1.
- ↑ 4.0 4.1 4.2 4.3 Dunn and Alderfer, 2006[পৃষ্ঠা নং প্ৰয়োজন]
- ↑ Linnaeus, C. (1758) (Latin ভাষাত). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii). পৃষ্ঠা. 125. "A. macula alarum rufa nigra alba."
- ↑ Johnson, Kevin P.; Sorenson, Michael D. (1999). "Phylogeny and biogeography of dabbling ducks (genus: Anas): A comparison of molecular and morphological evidence" (PDF). The Auk খণ্ড 116 (3): 792–805. doi:10.2307/4089339. http://sora.unm.edu/sites/default/files/journals/auk/v116n03/p0792-p0805.pdf.
- ↑ 7.0 7.1 Clements, 2007[পৃষ্ঠা নং প্ৰয়োজন]
লগতে চাওক[সম্পাদনা কৰক]
- Forktail খণ্ড 15: 87.
- Clements, James (2007). The Clements Checklist of the Birds of the World. প্ৰকাশক Ithaca: Cornell University Press. http://www.cornellpress.cornell.edu/cup_detail.taf?ti_id=4566.
- Floyd, T. (2008). Smithsonian Field Guide to the Birds of North America. প্ৰকাশক New York: HarperCollins.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Gadwall সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
Wikisource has the text of the 1911 Encyclopædia Britannica article Gadwall. |