বৰমূগী হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰমূগী হাঁহ বা খদাহাঁহ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খদাহাঁহ
(A. p. poecilorhyncha)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: চৰাই
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anatinae
গণ: Anas
প্ৰজাতি: A. poecilorhyncha
বৈজ্ঞানিক নাম
Anas poecilorhyncha
Forster, 1781
Subspecies
  • A. p. poecilorhyncha Forster, 1781
    Indian Spot-billed Duck
  • A. (p.) zonorhyncha Swinhoe, 1866
    Eastern Spot-billed Duck
  • A. p. haringtoni (Oates, 1907)
    Burmese Spot-billed Duck

বৰমূগী হাঁহ বা খদাহাঁহ(ইংৰাজী: Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

বৰমূগী হাঁহৰ আকাৰ মজলীয়া, ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৩ ছে:মি: আৰু ওজন প্ৰায় ৭৯০-১৫০০ গ্ৰাম হয়৷[2][3] ইয়াৰ দেহৰ বৰণ মুগা৷ মূৰ আৰু ডিঙিৰ ৰং শেঁতা, ঠোঁটটো ক'লা আৰু আগঅংশ উজ্জ্বল হালধীয়া বৰণৰ৷ ইয়াৰ ডেউকা দুখন বগা৷ ঠেং বগা বৰণৰ৷ মতা বৰমূগী হাঁহৰ ঠোঁটৰ গুৰি অংশত ৰঙা দাগ থাকে যিটো মাইকী হাঁহৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালিবোৰ মটিয়া আৰু পূৰ্ণবয়স্ক হাঁহতকৈ শেঁতা বৰণৰ হয়৷

টেক্স'নমি[সম্পাদনা কৰক]

বৰমূগী হাঁহৰ তিনিটা উপপ্ৰজাতি দেখা যায়-

  • Indian Spot-billed Duck (A. poecilorhyncha poecilorhyncha)
  • Eastern Spot-billed Duck (A. poecilorhyncha zonorhyncha) আৰু
  • Burmese Spot-billed Duck (A. poecilorhyncha haringtoni)
মতা (সন্মুখত) আৰু মাইকী বৰমূগী হাঁহ

বিতৰণ[সম্পাদনা কৰক]

এই হাঁহৰ প্ৰজাতিটো পাকিস্তান, ভাৰতৰ পৰা জাপান লৈকে স্থানীয় চৰাই হিচাপে পোৱা যায়৷ আনহাতে Eastern Spot-billed Duck (A. p. zonorhyncha) নামৰ উপ-প্ৰজাতিটোৱে দক্ষিণ-পূব এছিয়াত পৰিভ্ৰমণ কৰে৷ ই প্ৰায়ে জাক পাতি বাস কৰে৷ ইয়াৰ একেবাৰে উত্তৰৰ জনবসতি শেহতীয়াকৈ বিংশ শতাব্দীত অধিক উত্তৰলৈ বিস্তৃত হৈছে৷[4]

বাসস্থান[সম্পাদনা কৰক]

বৰমূগী হাঁহে মূলত: মুকলি জলাশয় যেনে হ্ৰদ, নৈ-উপনৈ, বিল আদিত বাস কৰে৷ ইহঁতে সাধাৰণতে জলজ উদ্ভিদৰ বিভিন্ন অংশ নিশাৰ ভাগত খাই জীয়াই থাকে৷ পানীৰ কাষৰ জোপোহাত ই বাহ সাজে৷ এবাৰত ৮-১৪ টাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়োবিধ হাঁহৰে মাত আমৰ'লীয়া হাঁহৰ সৈতে একে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2004). Anas poecilorhyncha. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006.
  2. CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5.
  3. Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
  4. Kulikova, Irina V.; Yury N. Zhuravlev, Kevin G. McCracken (2004). "Asymmetric hybridization and sex-biased gene flow between eastern Spot-billed Ducks (Anas zonorhyncha) and Mallards (A. platyrhynchos) in the Russian far east". The Auk খণ্ড 121 (3): 930. doi:10.1642/0004-8038(2004)121[0930:AHASGF]2.0.CO;2. ISSN 0004-8038. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]