ঢেঁৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঢেৰাৰ পৰা পুনঃনিৰ্দেশিত)
ঢেঁৰা (Spot-billed Pelican)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Pelecanidae
গণ: Pelecanus
প্ৰজাতি: P. philippensis
বৈজ্ঞানিক নাম
Pelecanus philippensis
Gmelin, 1789

ঢেঁৰা[2] বা ভেলা (ইংৰাজী: Spot-billed Pelican, বৈজ্ঞানিক নাম: Pelecanus philippensis), 'পেলিকান' গোটৰ এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই প্ৰধানকৈ দক্ষিণ এছিয়াপাকিস্তান, ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। এই চৰাইবিধে সাধাৰণতে নদী আৰু সাগৰৰ বৃহৎ জলাশয়ত বাস কৰে।

বিৱৰণ[সম্পাদনা কৰক]

পূৰ্ণবয়স্ক আৰু পোৱালি ঢেঁৰা বাহত থকা অৱস্থাত

ঢেঁৰা তুলনামূলকভাৱে এটা সৰু আকাৰৰ পেলিকানৰ প্ৰজাতি। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১২৫-১৫২ চে:মি আৰু ওজন ৪.১-৬ কি:গ্ৰা: হয়। ইয়াৰ সমগ্ৰ দেহটো বগা বৰণৰৰ আৰু মূৰৰ অংশত এটা মুগা মুকুট থাকে। নেজ মটীয়া বৰণৰ। ইয়াৰ ঠোঁটত থকা মোনা (pouch)ৰ দৰে অংশটো গুলপীয়া বা বেঙুনীয়া আৰু ফুটুকীয়া হোৱা দেখা যায়। ইয়াৰ ঠোঁটৰ আগটো হালধীয়া নাইবা কমলাবৰণীয়া। প্ৰজনন কালত ইয়াৰ ঠোঁটৰ মোনাটো গাঢ় হৈ পৰে।[3]

নতুনকৈ জন্ম পোৱা পোৱালিৰ গাটো বগা পাখিৰে আবৃত। তাৰপিছতহে মুগা বৰণ লয়। ঠোঁটৰ ফুটুকীয়া দাগবোৰ এবছৰ বয়সৰ পৰাহে স্পষ্ট হ'বলৈ লয়। তৃতীয় বছৰৰ ফালে ই ক্ৰমান্বয়ে পূৰ্ণবয়স্ক ৰূপ লয়।[4]

বিতৰণ[সম্পাদনা কৰক]

ঢেঁৰা চৰাইবিধ দক্ষিণ এছিয়াভাৰত, পাকিস্তান, ইণ্ডোনেছিয়া, শ্ৰীলংকা তথা কম্বোডিয়া আদি দেশত বিস্তৃত হৈ আছে। অৱশ্যে মালদ্বীপ, বাংলাদেশ আদি কিছু ঠাইত ইয়াৰ বিস্তৃতি সম্পৰ্কে এতিয়াও বিশ্বাসযোগ্য তথ্য পোৱা হোৱা নাই।[3]

বাসস্থান[সম্পাদনা কৰক]

ঢেঁৰাই প্ৰধানকৈ বৃহৎ জলাশয়ত চৰিবলৈ পছন্দ কৰে। ই পৰিভ্ৰমণকাৰী চৰাই নহয় যদিও স্থানীয়ভাৱে প্ৰব্ৰজন কৰাৰ তথ্য পোৱা যায়। বিশেষকৈ প্ৰজনন নকৰা কালত ই বহুলভাৱে বিস্তৃত হৈ থাকে।

বাহত ঢেঁৰা চৰাই

আচৰণ[সম্পাদনা কৰক]

Nesting on an artificial platform at Uppalapadu, Andhra Pradesh

খাদ্য[সম্পাদনা কৰক]

ঢেঁৰা চৰায়ে অন্যান্য পেলিকান গোটৰ চৰাইৰ দৰেই পানীত সাঁতুৰি থকা অৱস্থাত মাছ চিকাৰ কৰি ঠোঁটৰ মোনা-সদৃশ অংশটোত ৰাখে।[5] ই কেতিয়াবা নিশাও খাদ্যৰ সন্ধান কৰা দেখা যায়। [6]

Spot billed pelican feeding at Vedanthangal, Tamil Nadu


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Pelecanus philippensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003812। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. 3.0 3.1 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 49. 
  4. McGregor, R C (1909). A manual of Philippine birds. Part 1. Bureau of Printing, Manila. পৃষ্ঠা. 208–210. http://www.archive.org/stream/manualofphilippi00mcgr#page/208/mode/2up/. 
  5. Ali, Salim (1996). The Book of Indian Birds. Edition 12.. BNHS & Oxford University Press. পৃষ্ঠা. 66. 
  6. Gokula, V. (2011). "Nocturnal foraging by Spot-billed Pelican in Tamil Nadu, India". Marine Ornithology খণ্ড 39: 267–268. http://www.marineornithology.org/PDF/39_2/39_2_267-268.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]