দীঘলনেজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীঘলনেজী (Northern Pintail)
মতা আৰু মাইকী দীঘলনেজী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anatinae
গণ: Anas
প্ৰজাতি: A. acuta
বৈজ্ঞানিক নাম
Anas acuta
Linnaeus, 1758
পাতল সেউজীয়া;— বাহ সজা অঞ্চল
নীলা;— শীতকালৰ বাসস্থান
ডাঠ সেউজীয়া;— স্থানীয় ভাৱে পোৱা অঞ্চল
ৰঙা;— বিৰলভাৱে পোৱা অঞ্চল
সমাৰ্থক

Dafila acuta

দীঘলনেজী হাঁহ (ইংৰাজী: Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত 'Pintail" বুলি কোৱা হয়৷

টেক্সন'মি[সম্পাদনা কৰক]

এই প্ৰজাতিটো পোনপ্ৰথমে কাৰ্ল লিনিয়াছে (Linnaeus) ১৭৫৮ চনত তেওঁৰ চিষ্টেমা নেচুৰী (Systema naturae) গ্ৰন্থত উল্লেখ কৰিছিল৷[2] ইয়াৰ বৈজ্ঞানিক নামটো দুটা লেটিন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে, anasৰ অৰ্থ "হাঁহ" আৰু acuta ৰ উৎস হৈছে acuere, যাৰ অৰ্থ জোঙা (sharpen)৷ গতিকে ইংৰাজী নামৰ দৰে বৈজ্ঞানিক নামটোও ইয়াৰ জোঙা নেজৰ ভিত্তিত দিয়া হৈছে৷[3]

বিৱৰণ[সম্পাদনা কৰক]

মতা দীঘলনেজী হাঁহ

দীঘলনেজী এবিধ ডাঙৰ আকাৰৰ হাঁহ৷ ইয়াৰ ডেউকাৰ দৈৰ্ঘ্য ২৩.৬-২৮.২ ছে:মি:৷[4] মতা দীঘলনেজী হাঁহৰ দেহৰ দৈৰ্ঘ্য ৫৯-৭৬ ছে:মি: আৰু ওজন প্ৰায় ৪৫০-১৩৬০ গ্ৰাম পৰ্যন্ত হয়৷ আনহাতে মাইকী হাঁহৰ দেহৰ দৈৰ্ঘ্য ৫১-৬৪ ছে:মি: আৰু ওজন ৪৫৪-১১৩৫ গ্ৰাম হোৱা দেখা যায়৷ [5] প্ৰজননৰ সময়ত মতা দীঘলনেজীৰ মূৰৰ ৰং চকলেটী-মুগা আৰু বুকু বগা হৈ পৰে৷ ইয়াৰ দেহৰ ওপৰ অংশ মটীয়া৷ [6] দীঘলনেজীৰ ঠোঁট নীলা আৰু ঠেং দুখন নীলা-মুগা৷ [7]

পূণৰ্বয়স্ক মাইকী দীঘলনেজীৰ শেঁতা মুগা বৰণৰ৷ ইয়াৰ নেজ মতা হাঁহতকৈ চুটি৷ ইয়াৰ দেহৰ গঠন, দীঘল ডিঙি আৰু দীঘলীয়া মুগা ঠোঁটৰ সহায়ত চিনাক্ত কৰিব পাৰি৷ [6] দীঘলনেজী মাটিত খোজকঢ়া আৰু পানীত সাঁতোৰা দুয়োটাতে পাৰ্গত[6]৷ ই বৰ বেগেৰে উৰিবও পাৰে৷[8][9]

মতা দীঘলনেজীৰ মাতটো হুইছেলৰ দৰে- কোমল 'প্ৰু-উ-প- প্ৰু-উ-প' ধৰণৰ৷ আনহাতে মাইকীজনীৰ মাতটো ডাঙৰৰ পৰা সৰু হৈ যোৱা 'কোৱেক' ধৰণৰ৷

বিতৰণ আৰু বাসস্থান[সম্পাদনা কৰক]

শীতকালত ভাৰতলৈ পৰিভ্ৰমণ কৰা দীঘলনেজী হাঁহ
Anas acuta

এই হাঁহৰ প্ৰজাতিটোৱে ইউৰেছিয়াৰ উত্তৰৰ অঞ্চল সমূহৰ পৰা প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত প্ৰজনন কৰে৷ [5] ৷ সাধাৰণতে ই বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ তাৰোপৰি কিছুসংখ্যক দীঘলনেজী হাঁহে প্ৰশান্ত মহাসাগৰৰ বিভিন্ন দ্বীপসমূহ যেনে- হাৱাই দ্বীপপুঞ্জলৈ পৰিভ্ৰমণ কৰা দেখা যায়৷[6]

দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ ইহঁতে সাধাৰণতে জাক পাতি চৰে৷ প্ৰায়ে নিজৰ প্ৰজাতিৰ বাহিৰেও অন্য প্ৰজাতিৰ হাঁহৰ লগত একেলগে খাদ্যৰ সন্ধান কৰে৷ [6]

আচৰণ[সম্পাদনা কৰক]

প্ৰজনন[সম্পাদনা কৰক]

এযোৰ মতা-মাইকী দীঘলনেজী হাঁহ

দীঘলনেজীৰ মতা-মাইকী উভয়ে এবছৰ বয়সত পূৰ্ণবয়স্ক হৈ উঠে৷ মাইকী চৰাইজনীক মতা দীঘলনেজীয়ে কাষে কাষে সাঁতুৰি, মূৰ তললৈ কৰি আৰু নেজ দাঙি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে৷[5]

এপ্ৰিল আৰু জুন মাহত ইহঁতে সাধাৰণতে প্ৰজনন কৰে৷ ই পানীৰ পৰা কিছু আঁতৰত শুকান অঞ্চলত মাটিত বাহ সাজে৷ বাহটো সাজিবলৈ ই উদ্ভিদৰ বিভিন্ন অংশ ব্যৱহাৰ কৰে৷[6] মাইকী দীঘলনেজীয়ে সাতৰ পৰা নটাকৈ ক্ৰীম ৰঙৰ কণী পাৰে৷[5] প্ৰথমবাৰত কণীকেইটা চিকাৰীৰ আক্ৰমণত ধ্বংস হ'লে মাইকীজনীয়ে আকৌ জুলাই মাহত কণী পৰা দেখা যায়৷[5]

মাইকীজনীয়ে অকলেশৰেই কণীৰ যত্ন লয় আৰু উমনি দিয়ে৷ কণী ফুটি ওলোৱা পোৱালিৰ চকু মেল খাই থাকে আৰু জন্মৰ পিছতে খোজ দিব পৰা হয়৷[10]

খাদ্য[সম্পাদনা কৰক]

দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷[6] ইয়াৰ দীঘল ডিঙিটোৱে পানীত ডুব দি তলৰ পৰা খাদ্য বিচাৰি অনাত বিশেষভাৱে সহায় কৰে৷[7]

দীঘলনেজীয়ে প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷[7] প্ৰজনন কালত ই অৱশ্যে বিভিন্ন অমেৰুদণ্ডী প্ৰাণীও খাদ্য হিচাপে গ্ৰহণ কৰে৷ [5]

স্থিতি[সম্পাদনা কৰক]

দীঘলনেজী সমগ্ৰ বিশ্বতে বহুল ভাৱে বিস্তৃত হৈ আছে আৰু বৰ্তমান ইয়াৰ সংখ্যা ৫.৩-৫.৪ নিযুত বুলি ধাৰণা কৰা হয়৷ [11] সেয়ে আই. ইউ. চি. এন এ ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Anas acuta". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600457। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. লেটিন Linnaeus, Carolus (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii).. পৃষ্ঠা. 126. "A. cauda acuminata elongata subtus nigra, occipite utrinque linea alba" 
  3. uk.rec.birdwatching, scientific bird names explained. Retrieved 13 January 2008
  4. del Hoyo, J., Elliott, A. and Sargatal, J. (1992) Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions, Barcelona.
  5. 5.0 5.1 5.2 5.3 5.4 5.5 Robinson, Jerry; Johansson, Carl (editor) (2002). "Anas acuta". Animal Diversity Web. University of Michigan Museum of Zoology. http://animaldiversity.ummz.umich.edu/site/accounts/information/Anas_acuta.html। আহৰণ কৰা হৈছে: 13 January 2008. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 Madge, Steve; Burn, Hilary (1988). Wildfowl: An Identification Guide to the Ducks, Geese and Swans of the World (Helm Identification Guides). Christopher Helm. পৃষ্ঠা. 222–224. ISBN 0-7470-2201-1. 
  7. 7.0 7.1 7.2 Gooders, John; Boyer, Trevor (1997). Ducks of Britain and the Northern Hemisphere. Collins & Brown. পৃষ্ঠা. 58–61. ISBN 1-85585-570-4. 
  8. Mullarney, Killian; Svensson, Lars, Zetterstrom, Dan; Grant, Peter. (2001). Birds of Europe. Princeton University Press. pp 48–9 ISBN 0-691-05054-6
  9. "Northern Pintail species description". Bird Guide. Cornell Lab of Ornithology. http://www.allaboutbirds.org/guide/Northern_Pintail/id। আহৰণ কৰা হৈছে: 14 January 2008. 
  10. "Pintail Anas acuta [Linnaeus, 1758"]. BTOWeb BirdFacts. British Trust for Ornithology. http://blx1.bto.org/birdfacts/results/bob1890.htm। আহৰণ কৰা হৈছে: 2008-01-13. 
  11. "Northern Pintail Anas acuta". BirdLife International. http://www.birdlife.org/datazone/speciesfactsheet.php?id=457। আহৰণ কৰা হৈছে: 2011-04-16. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]