প'লেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rzeczpospolita Polska
Poland  প'লেণ্ড-ৰ অৱস্থান
Poland  প'লেণ্ড-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৱাৰ্ছ'
52°14′N 21°1′E / 52.233°N 21.017°E / 52.233; 21.017
ৰাষ্ট্ৰভাষা (সমূহ) প'লিছ
সময় স্থান (ইউটিচি+1)
গাড়ী চলোৱা হয় right

প'লেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্র।[1] এই দেশৰ ৰাজধানী ৱাৰ্ছ'। প'লেণ্ডৰ পশ্চিমে জার্মানী, দক্ষিণে চেক গণৰাজ্য অাৰু শ্ল'ভাকিয়া, পূবে ইউক্রেন অাৰু বেলাৰুছ, অানহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া অাৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ প'লেণ্ডৰ সৈতে ডেনমার্কৰ জলসীমান্তত অৱস্থিত। প'লেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।

প্রায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে প'লেণ্ড সর্বপ্রথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক প'লেণ্ডৰ স্বর্ণযুগ অাখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত প'লেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ অাৰু প্রভাৱশালী ৰাষ্ট্র ৰূপে পৰিগণিত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press. https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false.