পানী কাউৰী
| পানীকাউৰী (Little Cormorant) | |
|---|---|
| প্ৰজনন নোহোৱা কালত পানীকাউৰী | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Suliformes |
| পৰিয়াল: | Phalacrocoracidae |
| গণ: | Microcarbo |
| প্ৰজাতি: | M. niger |
| বৈজ্ঞানিক নাম | |
| Microcarbo niger (Vieillot, 1817) | |
| সমাৰ্থক | |
|
Halietor niger | |
পানীকাউৰী[1] (ইংৰাজী: Little Cormorant, বৈজ্ঞানিক নাম-Microcarbo niger) এটা জলচৰ চৰাইৰ প্ৰজাতি৷ দৈকলা (Indian Cormorant) তকৈ ইয়াৰ আকাৰ সৰু আৰু ঠোঁট চুটি৷ ই ভাৰত উপ-মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ই সাধাৰণতে অকলশৰে বা সৰু গোটত জলাশয়সমূহত চৰে৷
বিৱৰণ
[সম্পাদনা কৰক]
পানীকাউৰীৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫০ ছে:মি: হয়৷ পূৰ্ণবয়স্ক মতা পানীকাউৰীৰ দেহটো জিলিকি থকা ক'লা বৰণৰ৷ ইয়াৰ মুখত কিছুমান বগা ফুট থকা দেখা যায়৷ ইয়াৰ মূৰ অংশত সৰুকৈ মুকুট (crest) এটাও থাকে৷ ইয়াৰ চকু আৰু মুখ গাঢ় বৰণৰ৷ প্ৰজনন নোহোৱা কালত পোৱালি আৰু পূৰ্ণবয়স্ক পানীকাউৰীৰ গাৰ বৰণ মটিয়া হয়৷ তাৰোপৰি ইয়াৰ মুকুটটোও অস্পষ্ট হৈ থাকে৷[2]
টেক্স'নমি
[সম্পাদনা কৰক]পোনপ্ৰথমে ভেইলট (Veillot) এ ১৮১৭ চনত পানীকাউৰীক Hydrocorax niger হিচাপে বৰ্ণনা কৰিছিল আৰু ইয়াক Hydrocorax গোটৰ অন্তৰ্ভুক্ত কৰিছিল৷ পৰৱৰ্ত্তী কালত ইয়াক Phalacrocorax গোটৰ অন্তৰ্ভুক্ত কৰা হয়৷ [3]
বিতৰণ
[সম্পাদনা কৰক]পানীকাউৰী ভাৰত, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালত প্ৰধানকৈ বিস্তৃত হৈ আছে৷ তাৰোপৰি বাৰ্মা, থাইলেণ্ড, লাওছ, ইণ্ডোনেছিয়া আদিৰ কিছু কিছু অংশতো ইয়াক দেখিবলৈ পোৱা যায়৷[4]
বাসস্থান আৰু আহাৰ
[সম্পাদনা কৰক]পানীকাউৰীয়ে প্ৰধানকৈ সৰু বৰ সকলো জলাশয় যেনে সৰু পুখুৰীৰ পৰা হ্ৰদ, নৈ আদিত চৰিবলৈ পছন্দ কৰে৷ [5]
পানীৰ হ্ৰদ আৰু নদী, বিল, পুখুৰীকে ধৰি বিভিন্ন জলজ বাসস্থানত পানী কাউৰী পোৱা যায়। তেওঁলোকে পৰিষ্কাৰ পানী আৰু প্ৰচুৰ মাছৰ সংখ্যা থকা অঞ্চলত বাস কৰিবলৈ পছন্দ কৰে। পানী কাউৰীবোৰ মাংসভোজী, আৰু সেইবোৰ মূখ্য অহাৰ হৈছে মাছ। আন জলজ প্ৰাণীও খায়, যেনে ভেকুলী, মিছামাছ আৰু কেঁকোৰা।[6]
আচৰণ
[সম্পাদনা কৰক]
পানীকাউৰী নিজৰ বাহ আৰু জিৰণি লোৱা ঠাইৰ আশে পাশে হুলস্থুলীয়া হৈ থাকে৷ ইয়াৰ মাতটো এস-এস-এস আৰু কেতিয়াবা কঅক-কঅক-কঅক ধৰণৰ৷ ই সাধাৰণতে অন্য জলচৰ চৰাইবোৰৰ লগতে বৃহৎ গোটত জিৰণি লোৱা দেখা যায়৷[5][7]
খাদ্য
[সম্পাদনা কৰক]পানীকাউৰীয়ে সাধাৰণতে দলীয়া ভাৱে চৰা দেখা যায়৷ কেতিয়াবা ইহঁতে অকলশৰেও খাদ্যৰ সন্ধান কৰে৷ ই চিকাৰ ধৰিবলৈ পানীৰ তলতো সাঁতুৰিব পাৰে৷ ই হাঁহ ধৰে যোৰপতা ঠেঙেৰে (webbed) পানী ঠেলি আগবাঢ়ি যায়৷[8] ইয়াৰ প্ৰধান খাদ্য মাছ৷ মাছ পানীৰ পৰা চিকাৰ কৰি আনি ই পাৰত খায়হি৷ ফলত অন্য চৰাই যেনে দৈকলা, বগলী আদিয়ে ইয়াৰ পৰা চিকাৰ চুৰ কৰা বুলিও জনা যায়৷[9] ই পানীৰ পৰা ওলায়ে ডেউকা দুখন বহলকৈ মেলি ধৰি লৰচৰ নকৰাকৈ ৰৈ থাকে৷ এনে আচৰণৰ প্ৰধান উদেশ্য ডেউকা শুকুওৱা বুলি ধাৰণা কৰা হয়৷
প্ৰজনন
[সম্পাদনা কৰক]
পানীকাউৰীৰ প্ৰজনন কাল সাধাৰণতে পাকিস্তান আৰু উত্তৰ ভাৰতত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ ভাৰতত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ৷ শ্ৰীলংকাত ই ডিচেম্বৰৰ পৰা মে মাহলৈকে প্ৰজনন কৰে৷ [5] নিজৰ বাহৰ আশে পাশে প্ৰজননৰ সময়ত মতা পানীকাউৰীয়ে ডেউকা জোকাৰি আৰু ঠোঁট তল-ওপৰ কৰি মাইকী জনীখ আকৰ্ষিত কৰিবলৈ প্ৰদৰ্শন কৰে৷ তাৰোপৰি ই মাইকীজনীক আহাৰো যচা দেখা যায়৷[10] মতা-মাইকী উভয়ে বাহ সজাত অংশ লয়৷ ইয়াৰ বাহটো সাধাৰণতে গছৰ সৰু ডালি আদিৰে সাজে৷ এবাৰত দুটাৰ পৰা ছটাকৈ বগা বৰণৰ কণী পাৰে৷ ১৫-২১ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগে৷ এমাহমানৰ ভিতৰত পোৱালীয়ে বাহ এৰে৷ [11][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Rasmussen, PC & Anderton, JC (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 52.
- ↑ Siegel-Causey, D (1988). "Phylogeny of the Phalacrocoracidae". Condor খণ্ড 90 (4): 885–905. doi:10.2307/1368846. http://sora.unm.edu/sites/default/files/journals/condor/v090n04/p0885-p0905.pdf.
- ↑ Sangha, H. S. and Naoroji, R. (102). "Occurrence of Little Cormorant Phalacrocorax niger in Ladakh". Journal of the Bombay Natural History Society (2): 99.
- ↑ 5.0 5.1 5.2 Ali, S. & Ripley, S.D. (1978). Handbook of the Birds of India and Pakistan. 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 41–43.
- ↑ Dev Library পানী কাউৰীৰ (Little Cormorant Bird) বিষয়ে এক অধ্যয়ণ Published 2023/09/29
- ↑ Baker, ECS (1929). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 6. (2 সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 280–281. http://archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n319/mode/1up.
- ↑ Zeenath, C; VJ Zacharias (2010). "Foraging behaviour and diving pattern of Little Cormorant Phalacrocorax niger (Vieillot) (Pelecaniformes: Phalacrocoracidae) at Kallampara backwaters, Kerala, India". Journal of Threatened Taxa খণ্ড 2 (13): 1382–1386. Archived from the original on 2012-11-01. https://web.archive.org/web/20121101105554/http://threatenedtaxa.org/ZooPrintJournal/2010/December/o181926xii101382-1386.pdf। আহৰণ কৰা হৈছে: 2013-05-16.
- ↑ Mahendiran, Mylswamy Mahendiran and Urfi, Abdul J. (2010). "Foraging patterns and kleptoparasitism among three sympatric cormorants (Phalacrocorax spp.) from the Delhi region, North India". Hydrobiologia খণ্ড 638: 21–28. doi:10.1007/s10750-009-0002-8.
- ↑ 10.0 10.1 Naher, Habibon and Sarker NJ. "Display and Sexual Activities of the Little Cormorant, Phalacrocorax niger (Ciconiformes: Phalacrocoracidae) in Captivity". Saudi Journal of Biological Sciences খণ্ড 15 (1): 81–86.
- ↑ Naher H, Sarker NJ, Rahman MK and Khan SI (2009). "Breeding Biology of the Little Cormorant Phalacrocorax niger in Bangladesh". Journal of Threatened Taxa খণ্ড 1 (4): 221–225. Archived from the original on 2012-11-01. https://web.archive.org/web/20121101113239/http://threatenedtaxa.org/ZooPrintJournal/2009/April/o179026iv09221-225.pdf। আহৰণ কৰা হৈছে: 2013-05-16.
লগতে চাওক
[সম্পাদনা কৰক]- Chozhiyattel, Zeenath (2009) Behaviour and adaptations of little cormorant Phalacrocorax niger and Darter Anhinga melanogaster. Ph.D. thesis. University of Calicut.
- Sarker, N. J. Naher, H. (2002). Experimental studies on food habits of the little cormorant, Phalacrocorax niger (Vieillot). Bangladesh Journal of Zoology. 30(2):173–182.
- Purandare,Kiran (2001). Nesting colonies of the Little Cormorant (Phalacrocorax niger) and Night Heron (Nycticorax nycticorax) in Pune city, Maharashtra. Newsletter for Birdwatchers. 41(1):9.
- Patnaik,AK; Samanta,M; Prasad,R (1981): Chromosome complement and banding patterns in a Pelecaniform bird, Phalacrocorax niger. Journal Hered. 72(6):447–449.
- Siriwannichkul, O. (1981). Food Habits and Breeding Biology of Little Cormorant (Phalacrocorax niger). Kasetsart Univ. Bangkok. Thailand, 68pp.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Phalacrocorax niger সম্পৰ্কীয় মিডিয়া ফাইল আছে। |