পানী কাউৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানীকাউৰী (Little Cormorant)
প্ৰজনন নোহোৱা কালত পানীকাউৰী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Suliformes
পৰিয়াল: Phalacrocoracidae
গণ: Microcarbo
প্ৰজাতি: M. niger
বৈজ্ঞানিক নাম
Microcarbo niger
(Vieillot, 1817)
সমাৰ্থক

Halietor niger
Phalacrocorax niger
Phalacrocorax javanicus

পানীকাউৰী[1] (ইংৰাজী: Little Cormorant, বৈজ্ঞানিক নাম-Microcarbo niger) এটা জলচৰ চৰাইৰ প্ৰজাতিদৈকলা (Indian Cormorant) তকৈ ইয়াৰ আকাৰ সৰু আৰু ঠোঁট চুটি৷ ই ভাৰত উপ-মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ই সাধাৰণতে অকলশৰে বা সৰু গোটত জলাশয়সমূহত চৰে৷

বিৱৰণ[সম্পাদনা কৰক]

প্ৰজননৰ সময়ত কলকাতাত পানীকাউৰী

পানীকাউৰীৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫০ ছে:মি: হয়৷ পূৰ্ণবয়স্ক মতা পানীকাউৰীৰ দেহটো জিলিকি থকা ক'লা বৰণৰ৷ ইয়াৰ মুখত কিছুমান বগা ফুট থকা দেখা যায়৷ ইয়াৰ মূৰ অংশত সৰুকৈ মুকুট (crest) এটাও থাকে৷ ইয়াৰ চকু আৰু মুখ গাঢ় বৰণৰ৷ প্ৰজনন নোহোৱা কালত পোৱালি আৰু পূৰ্ণবয়স্ক পানীকাউৰীৰ গাৰ বৰণ মটিয়া হয়৷ তাৰোপৰি ইয়াৰ মুকুটটোও অস্পষ্ট হৈ থাকে৷[2]

টেক্স'নমি[সম্পাদনা কৰক]

পোনপ্ৰথমে ভেইলট (Veillot) এ ১৮১৭ চনত পানীকাউৰীক Hydrocorax niger হিচাপে বৰ্ণনা কৰিছিল আৰু ইয়াক Hydrocorax গোটৰ অন্তৰ্ভুক্ত কৰিছিল৷ পৰৱৰ্ত্তী কালত ইয়াক Phalacrocorax গোটৰ অন্তৰ্ভুক্ত কৰা হয়৷ [3]

বিতৰণ[সম্পাদনা কৰক]

পানীকাউৰী ভাৰত, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালত প্ৰধানকৈ বিস্তৃত হৈ আছে৷ তাৰোপৰি বাৰ্মা, থাইলেণ্ড, লাওছ, ইণ্ডোনেছিয়া আদিৰ কিছু কিছু অংশতো ইয়াক দেখিবলৈ পোৱা যায়৷[4]

বাসস্থান[সম্পাদনা কৰক]

পানীকাউৰীয়ে প্ৰধানকৈ সৰু বৰ সকলো জলাশয় যেনে সৰু পুখুৰীৰ পৰা হ্ৰদ, নৈ আদিত চৰিবলৈ পছন্দ কৰে৷ [5]

আচৰণ[সম্পাদনা কৰক]

পাখি মেলি থকা অৱস্থাত কলকাতাত পানীকাউৰী

পানীকাউৰী নিজৰ বাহ আৰু জিৰণি লোৱা ঠাইৰ আশে পাশে হুলস্থুলীয়া হৈ থাকে৷ ইয়াৰ মাতটো এস-এস-এস আৰু কেতিয়াবা কঅক-কঅক-কঅক ধৰণৰ৷ ই সাধাৰণতে অন্য জলচৰ চৰাইবোৰৰ লগতে বৃহৎ গোটত জিৰণি লোৱা দেখা যায়৷[5][6]

খাদ্য[সম্পাদনা কৰক]

পানীকাউৰীয়ে সাধাৰণতে দলীয়া ভাৱে চৰা দেখা যায়৷ কেতিয়াবা ইহঁতে অকলশৰেও খাদ্যৰ সন্ধান কৰে৷ ই চিকাৰ ধৰিবলৈ পানীৰ তলতো সাঁতুৰিব পাৰে৷ ই হাঁহ ধৰে যোৰপতা ঠেঙেৰে (webbed) পানী ঠেলি আগবাঢ়ি যায়৷[7] ইয়াৰ প্ৰধান খাদ্য মাছ৷ মাছ পানীৰ পৰা চিকাৰ কৰি আনি ই পাৰত খায়হি৷ ফলত অন্য চৰাই যেনে দৈকলা, বগলী আদিয়ে ইয়াৰ পৰা চিকাৰ চুৰ কৰা বুলিও জনা যায়৷[8] ই পানীৰ পৰা ওলায়ে ডেউকা দুখন বহলকৈ মেলি ধৰি লৰচৰ নকৰাকৈ ৰৈ থাকে৷ এনে আচৰণৰ প্ৰধান উদেশ্য ডেউকা শুকুওৱা বুলি ধাৰণা কৰা হয়৷

প্ৰজনন[সম্পাদনা কৰক]

সাঁতুৰি থকা অৱস্থাত এটা পানীকাউৰী

পানীকাউৰীৰ প্ৰজনন কাল সাধাৰণতে পাকিস্তান আৰু উত্তৰ ভাৰতত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ ভাৰতত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ৷ শ্ৰীলংকাত ই ডিচেম্বৰৰ পৰা মে মাহলৈকে প্ৰজনন কৰে৷ [5] নিজৰ বাহৰ আশে পাশে প্ৰজননৰ সময়ত মতা পানীকাউৰীয়ে ডেউকা জোকাৰি আৰু ঠোঁট তল-ওপৰ কৰি মাইকী জনীখ আকৰ্ষিত কৰিবলৈ প্ৰদৰ্শন কৰে৷ তাৰোপৰি ই মাইকীজনীক আহাৰো যচা দেখা যায়৷[9] মতা-মাইকী উভয়ে বাহ সজাত অংশ লয়৷ ইয়াৰ বাহটো সাধাৰণতে গছৰ সৰু ডালি আদিৰে সাজে৷ এবাৰত দুটাৰ পৰা ছটাকৈ বগা বৰণৰ কণী পাৰে৷ ১৫-২১ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগে৷ এমাহমানৰ ভিতৰত পোৱালীয়ে বাহ এৰে৷ [10][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  2. Rasmussen, PC & Anderton, JC (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 52. 
  3. Siegel-Causey, D (1988). "Phylogeny of the Phalacrocoracidae". Condor খণ্ড 90 (4): 885–905. doi:10.2307/1368846. http://sora.unm.edu/sites/default/files/journals/condor/v090n04/p0885-p0905.pdf. 
  4. Sangha, H. S. and Naoroji, R. (102). "Occurrence of Little Cormorant Phalacrocorax niger in Ladakh". Journal of the Bombay Natural History Society (2): 99. 
  5. 5.0 5.1 5.2 Ali, S. & Ripley, S.D. (1978). Handbook of the Birds of India and Pakistan. 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 41–43. 
  6. Baker, ECS (1929). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 6. (2 সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 280–281. http://archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n319/mode/1up. 
  7. Zeenath, C; VJ Zacharias (2010). "Foraging behaviour and diving pattern of Little Cormorant Phalacrocorax niger (Vieillot) (Pelecaniformes: Phalacrocoracidae) at Kallampara backwaters, Kerala, India". Journal of Threatened Taxa খণ্ড 2 (13): 1382–1386. Archived from the original on 2012-11-01. https://web.archive.org/web/20121101105554/http://threatenedtaxa.org/ZooPrintJournal/2010/December/o181926xii101382-1386.pdf। আহৰণ কৰা হৈছে: 2013-05-16. 
  8. Mahendiran, Mylswamy Mahendiran and Urfi, Abdul J. (2010). "Foraging patterns and kleptoparasitism among three sympatric cormorants (Phalacrocorax spp.) from the Delhi region, North India". Hydrobiologia খণ্ড 638: 21–28. doi:10.1007/s10750-009-0002-8. 
  9. 9.0 9.1 Naher, Habibon and Sarker NJ. "Display and Sexual Activities of the Little Cormorant, Phalacrocorax niger (Ciconiformes: Phalacrocoracidae) in Captivity". Saudi Journal of Biological Sciences খণ্ড 15 (1): 81–86. 
  10. Naher H, Sarker NJ, Rahman MK and Khan SI (2009). "Breeding Biology of the Little Cormorant Phalacrocorax niger in Bangladesh". Journal of Threatened Taxa খণ্ড 1 (4): 221–225. Archived from the original on 2012-11-01. https://web.archive.org/web/20121101113239/http://threatenedtaxa.org/ZooPrintJournal/2009/April/o179026iv09221-225.pdf। আহৰণ কৰা হৈছে: 2013-05-16. 

লগতে চাওক[সম্পাদনা কৰক]

  • Chozhiyattel, Zeenath (2009) Behaviour and adaptations of little cormorant Phalacrocorax niger and Darter Anhinga melanogaster. Ph.D. thesis. University of Calicut.
  • Sarker, N. J. Naher, H. (2002). Experimental studies on food habits of the little cormorant, Phalacrocorax niger (Vieillot). Bangladesh Journal of Zoology. 30(2):173–182.
  • Purandare,Kiran (2001). Nesting colonies of the Little Cormorant (Phalacrocorax niger) and Night Heron (Nycticorax nycticorax) in Pune city, Maharashtra. Newsletter for Birdwatchers. 41(1):9.
  • Patnaik,AK; Samanta,M; Prasad,R (1981): Chromosome complement and banding patterns in a Pelecaniform bird, Phalacrocorax niger. Journal Hered. 72(6):447–449.
  • Siriwannichkul, O. (1981). Food Habits and Breeding Biology of Little Cormorant (Phalacrocorax niger). Kasetsart Univ. Bangkok. Thailand, 68pp.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]