সমললৈ যাওক

হাড়গিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাড়গিলা (Greater Adjutant)
অসমত এটা জাবৰৰ দ'মত পূৰ্ণবয়স্ক হাড়গিলা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Leptoptilos
প্ৰজাতি: L. dubius
বৈজ্ঞানিক নাম
Leptoptilos dubius
(Gmelin, 1789)
  Breeding range
  Resident non-breeding range
  Seasonal non-breeding range
সমাৰ্থক

Leptoptilus argala
Ardea dubia
Leptoptilus giganteus[2]
Argala migratoria[3]

হাড়গিলা (ইংৰাজী: Greater Adjutant, বৈজ্ঞানিক নাম: Leptoptilos dubius) চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে। তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়া (Cambodia)ত আছে। হাড়গিলাৰ আকাৰ যথেষ্ট ডাঙৰ, ঠোঁটৰ আকাৰো বৃহৎ, মূৰটৌ নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা (neck pouch) থাকে। ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে। বৰ্তমান ইয়াৰ ক্ৰমান্বয়ে হৰাস পাই অহা জনসংখ্যালৈ লক্ষ্য ৰাখি ইয়াক সংকটাপন্ন প্ৰজাতি (endangered) বুলি আখ্যা দিয়া হৈছে। 2008 চনৰ পিয়ল অনুসৰি ইয়াৰ জনসংখ্যা এহাজাৰ মান বুলি ঠাৱৰ কৰা হৈছে।

হাড়গিলা এটা বৃহৎ আকাৰৰ চৰাই। ইয়াৰ উচ্চতা প্ৰায় ১৪৫-১৫০ ছে: মি:। ইয়াৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ১৩৬ ছে: মি: আৰু ডেউকা প্ৰায় ২৫০ ছে: মি: হয়।[4] হাড়গিলাৰ বৃহৎ ঠোঁটৰ দৈৰ্ঘ্য প্ৰায় ৩২.২ ছে:মি: আৰু ৰং শেঁতা মুগা বৰণৰ হয়।[5] হাড়গিলাৰ হালধীয়া বা ৰঙচুৱা ডিঙিৰ গুৰিতে থকা বগা বৰণৰ কলাৰৰ দৰে অংশটোৰ বাবে ইয়াক দেখাত শগুণৰ দৰে লাগে। প্ৰজননৰ কালত ডিঙি আৰু তাত থকা টোপোলাটো উজ্জ্বল কমলা বৰণৰ আৰু মটিয়া ঠেং দুখনো ৰঙচুৱা হৈ পৰে। পূৰ্ণবয়স্ক হাড়গিলাৰ সৰু পাখিবোৰ পাতল মটিয়া আৰু ডেউকা ডাঠ ৰঙৰ। ইয়াৰ দেহৰ তলৰ অংশ বগা বৰণৰ আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য দেখা পোৱা নাযায়। পোৱালি হাড়গিলাবোৰ পূৰ্ণবয়স্ক চৰাইতকৈ শেঁতা বৰণৰ হয়। ডিঙিৰ টোপোলাটোৱে ইহঁতক শ্বাস-প্ৰশ্বাসত সহায় কৰে। পাচক তন্ত্ৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। হাড়গিলাৰ লগত প্ৰায়েই সামঞ্জস্য দেখা পোৱা অন্যবিধ চৰাইৰ প্ৰজাতি হ'ল বৰটোকোলা ( Lesser Adjutant), টোপোলা নাথাকে।[6][7][8]

অন্যন্য বগলী জাতীয় চৰাইৰ দৰেই হাড়গিলাৰ শব্দৰ মাংসপেশী (vocal muscles) নাথাকে আৰু সেইবাবে ই কেৱল ঠোঁটেৰে শব্দ সৃষ্টি কৰিব পাৰে।[2][8][9]

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]
লাথাম (Latham)ৰ "General Synopsis of Birds" (1781–1801) বৰ্ণিত "Gigantic Crane"

জন লাথাম (John Latham) নামৰ পক্ষীবিদ গৰাকীয়ে তেওঁৰ ১৭৭৩ চনত প্ৰকাশ পোৱা 'ভয়েজ টু ইণ্ডিয়া' ("Voyage to India") নামৰ গ্ৰন্থত কলকাতা দেখা পোৱা চৰাই সমূহৰ বৰ্ণনা দিছিল আৰু ইয়াতে পোনপ্ৰথমে হাড়গিলাৰ উল্লেখ পোৱা যায়। এই ভ্ৰমণৰ ভিত্তিতে তেওঁ "General Synopsis of Birds"নামৰ গ্ৰন্থ খনত হাড়গিলাকো অন্তৰ্ভুক্ত কৰিছিল। লাথামে ইয়াক 'Gigantic Crane' বুলি অভিহিত কৰিছিল আৰু স্মিথমেন (Smeathman) নামৰ এগৰকী আফ্ৰিকান ভ্ৰমণকাৰীয়ে পশ্চিম আফ্ৰিকাত দেখা পোৱা একেধৰণৰ এবিধ চৰাইৰ বৰ্ণনাও ইয়াত অন্তৰ্ভুক্ত কৰিছিল। জ'হান ফ্ৰেডৰিক মেলিন (Johann Friedrich Gmelinএ লাথামৰ এই বৰ্ণনাৰ আধাৰত ভাৰতীয় চৰাইবিধক ১৭৮৯ চনত Ardea dubia নামেৰে অভিহিত কৰে। অৱশ্যে পৰৱৰ্ত্তী সময়ত লাথামে Ardea argala নামলৈ ইয়াক সলনি কৰে। কনৰাড জেকব টেমিন্কে (Temminck) এ আকৌ ১৮২৪ চনত এই নামটো সলাই চেনিগাল (Senegal) ত আফ্ৰিকাত পোৱা একেধৰণৰ চৰাইবিধৰ বাবে ব্যৱহাৱ কৰা নাম অনুযায়ী Ciconia marabou নামটো প্ৰৱৰ্ত্তন কৰে। পিছলৈ ইয়াক ভাৰতৰ বৰটোকোলাৰ বাবেও ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু ই ভাৰতীয় আৰু আফ্ৰিকান চৰাইৰ প্ৰজাতি দুটাৰ সম্পৰ্কত ষথেষ্ট বেমেজালিৰ সৃষ্টি কৰে।[10][11] যদিও আফ্ৰিকাৰ মাৰাবাও ষ্টৰ্ক (Marabou Stork) নামৰ চৰাইবিধৰ দেখাত হাড়গিলাৰ সৈতে কিছু মিল আছে ইয়াৰ ঠোঁটৰ গঠন, গাৰ বৰণ আৰু প্ৰদৰ্শনৰ আচৰণ ইত্যদিয়ে ইয়াক পৃথক প্ৰজাতি বুলিহে অধিক তথ্য প্ৰদান কৰে।[12]

প্ৰায়ভাগ বগলী জাতীয় চৰায়ে ডিঙি মেলি উৰে কিন্তু হাড়গিলাই ইয়াৰ ডিঙি কিছু কোঁচ খুৱাইহে উৰে।[8] খোজ কঢ়াৰ সময়ত ই পোন হৈ মিলিটেৰী কায়দাত লৰচৰ কৰে বাবে ইয়াৰ ইংৰাজী নামত "adjutant" শব্দটো যোগ হ'ল।[6]

হাড়গিলা এসময়ত উত্তৰ ভাৰতৰ নদীকাষৰীয়া অঞ্চল সমূহত উভৈনদীকৈ আছিল যদিও ইহঁতৰ বিতৰণ সম্পৰ্কে বহুদিনলৈকে কোনো প্ৰমাণ্য তথ্য নাছিল। ১৮৭৭ চনত ম্যনমাৰত পেগু (Pegu) ত এটা বৃহৎ হাড়গিলাৰ কলনি (nesting colony) আৱিষ্কাৰ হয়। ই প্ৰমাণ কৰে ভাৰতীয় চৰাইবিধে তাতো বাহ সাজি পোৱালি জগায়।[13][14] দুখৰ বিষয়, এই কলনিটোৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে আৰু ১৯৩০ৰ আশে পাশে ই সম্পূৰ্ণ নোহোৱা হৈ যায়।[15] তাৰ পিছৰ পৰা অন্য নতুন ঠাই আৱিস্কৃত হোৱাৰ পুৰ্বলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ত পোৱা বাহ সজা অঞ্চলটোকে হাড়গিলাৰ একমাত্ৰ আশ্ৰয়স্থলী বুলি গণ্য কৰা হৈছিল। ১৯৮৯ চনৰ পিয়ল মতে অসমত হাড়গিলাৰ জনসংখ্যা আছিল ১১৫টা চৰাই।[15][16][17][18] ১৯৯৪ ৰ পৰা ১৯৯৬ পৰ্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত হাড়গিলাৰ জনসংখ্যা ৬০০ বুলি ধাৰণা কৰা হৈছিল।[19][20] ২০০৬ চনতভগলপুৰ ৰ ওচৰত হাড়গিলাৰ এটা সৰু কলনি আৱিষ্কৃত হৈছে।[1][21]

প্ৰজনন নোহোৱা কাল (non-breeding season)ত হাড়গিলাই যথেষ্ট অঞ্চললৈ পৰিভ্ৰমণ কৰে।[22] ১৮০০ ৰ সময়ত গ্ৰীষ্ম কালত কলকাতা নগৰৰ আশে পাশে প্ৰায়ে হাড়গিলাৰজাক দেখা গৈছিল বুলি জনা যায়। কিন্তু ১৯০০ৰ আশে পাশে ই এই অঞ্চল সমূহৰ পৰা সম্পূৰ্ণকৈ বিলুপ্ত হৈ পৰিল। হাড়গিলাৰ বিলুপ্তিত স্থাস্থ্যসন্মত নিস্কাষণ (sanitation)ও অন্যতম কাৰণ বুলি ধাৰণা কৰা হয়।[7][8][23]

Eadweard Muybridge -য়ে কৰা হাড়গিলাৰ মিলিটেৰী কায়দাৰ চিত্ৰভিত্তিক গৱেষণা[24] (circa 1887)

হাড়গিলা সাধাৰণতে অকলশৰে বা সৰু গোটত বাস কৰে। ই প্ৰধানকৈ কম পানী থকা বিলম হ্ৰদ আদি বা জাবৰৰ দ'মত খাদ্যৰ সন্ধান কৰে। ইয়াক প্ৰায়ে চিলনী বা শগুণৰ সৈতে চৰি ফুৰা দেখা যায়।[8] ই উষ্ণতা নিয়ন্ত্ৰণৰ বাবে ডেউকা দুখন কেতিয়াবা মেলি থৈ দিয়ে।[25]

শীতকালত হাড়গিলাই ডাঙৰ কলনিত গোট খাই খাদ্যৰ সন্ধান কৰে আৰু বাহ সাজে। ইয়াৰ বাহৰ আকাৰ ডাঙৰ আৰু ই প্ৰধানকৈ গছৰ ডালিৰে গঠিত হয়।[13] অসমনগাওঁ ত থকাহাড়গিলাৰ বাহবোৰ প্ৰধানত ওখ Alstonia scholaris আৰু Anthocephalus cadamba গছত আছে।[26] প্ৰজনন কালৰ আৰম্ভণিতে কেইবাটাও হাড়গিলা চৰায়ে লগ হৈ গছত বাহ সজাৰ স্থানৰ বাবে ইটোৱে সিটোৰ পৰা ঠাই অধিকাৰ কৰাৰ চেষ্টা কৰে। বিজয়ী মতা চৰাইটোৱে নিজৰ বাহৰ অধিকাৰ ক্ষেত্ৰ (nesting territories)ৰ চিন ৰাখে আৰু আনবোৰক খেদি পঠিয়ায়। ওচৰে পাজৰে মাইকী হাড়গিলা এজনীৰ আগমণ হ'লে মতাটোৱে সতেজ গছৰ ডালি আনি মাইকী জনীৰ সন্মুখত থয়হি। নাইবা মতা চৰাইটোৱে কেতিয়াবা মাইকীজনীৰ ঠেঙত নিজৰ ঠোঁট লগাই দিয়ে বা মাইকীজনীৰ ঠোঁটত নিজৰটো লগাই দিয়ে। পছন্দ হ'লে মাইকী চৰাইজনীয়ে নিজৰ ঠোঁটটো আৰু মূৰ মতা টোৰ বুকুৰ কাষত ৰাখে। অন্যান্য প্ৰদৰ্শনবোৰ হ'ল মতা আৰু মাইকী হাড়গিলাই একেলগে ঠোঁট ওপৰ তল কৰা। এবাৰত ৩-৪টা কণী পাৰে।[13]মতা-মাইকী উভয়ে মিলি উমনি দিয়ে।[27]

১৮৫৫ চনতে বৰ্ণিত হাড়গিলাৰ সাপ ধৰাৰ দৃশ্য

হাড়গিলা এবিধ সৰ্বভক্ষী (omnivorous) চৰাইৰ প্ৰজাতি। ইয়াৰ প্ৰধান খাদ্যৰ ভিতৰত ভেকুলী, পোক-পতংগ, চৰাই, সৰীসৃপ আৰু নিগনি আদিয়ে প্ৰধান। তদুপৰি ই বনৰীয়া হাঁহজাতীয় চৰাইক আক্ৰমণ কৰি গপোটেগোটে গিলি খোৱাৰো তথ্য পোৱা যায়।[28] অৱশ্যে ই প্ৰধানকৈ মৰা জীৱ-জন্তু খাই জীয়াই থাকে আৰু তাৰ বাবে ইয়াৰ উদং মূৰ আৰু ডিঙি বিশেষভাৱে অভিযোজিত। ইহঁতক প্ৰায়ে জাৱৰৰ দ'মত দেখা যায়, ই তাৰ পৰা মানুহ বা অন্য জীৱ-জন্তুৰ মল খাই জীয়াই থাকে।[29] ১৯ শতিকাত কলকাতা চহৰত ইহঁতে গংগাত বিসৰ্জন দিয়া মানুহৰ মৰাশও খোৱা বুলি জনা যায়।[30]

স্থিতি আৰু সংৰক্ষণ

[সম্পাদনা কৰক]

জলাশয়সমূহ শুকাই যোৱাৰ ফলত বাহ সজাৰ আৰু চৰাৰ স্থানৰ অভাৱত তথা প্ৰদূষণ আদিৰ প্ৰভাৱত হাড়গিলাৰ জনসংখ্যা বিপদজনকভাৱে হ্ৰাস পাই আহিছে। ২০০৮ চনত সমগ্ৰ বিশ্বতে আহাজাৰতকৈ কম হাড়গিলা আছে বুলি জনা গৈছে। সেয়ে আই.ইউ. চি. এনৰ ৰেড লিষ্টত ইয়াক সংকটাপন্ন প্ৰজাতি ( Endangered) বুলি আখ্যা দিয়া হৈছে।[1]

বৰ্তমান হাতত লোৱা বিভিন্ন ধৰণৰ সংৰক্ষণৰ পসক্ষেপসমূহৰ ভিতৰত কৃত্ৰিম পৰিৱেশত প্ৰজননৰ ব্যৱস্থা, পোৱালিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা ইত্যাদি উল্লেখযোগ্য।[31][32] তথ্য অনুসৰি বাহৰ পৰা তললৈ পৰি অনাহাৰত প্ৰায় ১৫% পোৱালিৰ মৃত্যু হয়। ইয়াক ৰোধ কৰিবলৈও প্ৰকৃতিপ্ৰেমী সকলে বিশেষ ব্যৱস্থা হাতত লৈছে।[4]

সংস্কৃতিত

[সম্পাদনা কৰক]
১৮১৯ চনত কলকাতাত ওখ অট্টালিকাত হাড়গিলা থিয় দি থকাৰ দৃশ্য

এসময়ত কলকাতাত হাড়গিলাক পাকৈত জামাদাৰ বুলি গণ্য কৰা হৈছিল আৰু ইয়াক চিকাৰ কৰিলে পঞ্চাছ টকাৰ জৰিমণা বিহাৰ ব্যৱস্থা কৰি এখন আইনো বলবৎ কৰা হৈছিল।[33][34][35] কলকাতা মিউনিচিপাল কৰপৰেশ্যনৰ পূৰ্বৰ প্ৰতীকচিহ্নত দুটা হাড়গিলা চৰাই মুখামুখিকৈ থকা প্ৰতিচ্ছবি আছিল।[36]

মোগলৰ ৰাজত্ব কালত গঢ় লোৱা এটা জনশ্ৰুতি মতে হাড়গিলাৰ খোলাৰ ভিতৰত এটা যাদুকৰী সাপ মৰা শিল আছে যাৰ সহায়ত সকলো সাপৰ বিষকে নোহোৱা কৰিব পৰা যায়।[6][37] এই বিশেষ শিলটো পাকৈত চিকাৰীয়ে হে আহৰণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল কাৰণ ইয়াক পাবৰে বাবে হাড়গিলা চৰাইটোৰ ঠোঁটে ভূমি স্পৰ্শ নকৰাকৈ মাৰিব লাগে। তদুপৰি পানৰ সৈতে হাড়গিলা মাংস নিয়মীয়াকৈ খালে কুষ্ঠৰোগৰো নিৰাময় হয় বুলি জনমানসত বিশ্বাস আছিল।[38]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 BirdLife International (2012). "Leptoptilos dubius". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003842। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Blanford, W. T. (1898). The Fauna of British India, Including Ceylon and Burma. Birds. volume 4. Taylor and Francis, London. পৃষ্ঠা. 373–374. http://www.archive.org/stream/birdsindia04oaterich#page/373/mode/1up/. 
  3. Jerdon, T. C. (1864). The Birds of India. 3. George Wyman and Co, Calcutta. পৃষ্ঠা. 730–732. http://www.archive.org/stream/birdsofindiabein03jerd#page/730/mode/1up/. 
  4. 4.0 4.1 Singha, H.; Rahmani, A.R. (2006). "Ecology, population and conservation of greater adjutant Leptoptilos dubius in Assam, India". J. Bombay Nat. Hist. Soc. খণ্ড 103 (2&3): 264–269. 
  5. Hancock, Kushlan & Kahl (1992). Storks, Ibises, and Spoonbills of the World. Academic Press. পৃষ্ঠা. ?. ISBN 978-0-12-322730-0. 
  6. 6.0 6.1 6.2 Ali, S.; S. D. Ripley (1978). Handbook of the birds of India and Pakistan. 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 105–107. ISBN 0-19-562063-1. 
  7. 7.0 7.1 Baker, E. C. S.. The Fauna of British India, Including Ceylon and Burma. Birds. Volume 6 (2 সম্পাদনা). Taylor and Francis, London. পৃষ্ঠা. 327–329. http://www.archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n367/mode/1up/. 
  8. 8.0 8.1 8.2 8.3 8.4 Rasmussen, Pamela C.; Anderton, John C. (2005). Birds of South Asia: The Ripley Guide. 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 64. 
  9. Barooah, D. (1991). "Greater Adjutant Stork nesting in upper Assam". Newsletter for Birdwatchers খণ্ড 31 (1&2): 11. http://www.archive.org/stream/NLBW31_12#page/n12/mode/1up/. 
  10. Strickland, H. E. (1841). "Commentary on Mr. G R Gray's 'Genera of Birds', 1840". Annals and Magazine of Natural History খণ্ড 7: 26–41. http://www.archive.org/stream/annalsmagazineof07lond#page/38/mode/1up. 
  11. Bennett, E. T.; Harvey, W. (1835). The gardens and menagerie of the Zoological Society Delineated. Birds. Volume 2. Thomas Tegg and N. Hailes. পৃষ্ঠা. 273–278. http://www.archive.org/stream/gardensmenagerie02benn#page/272/mode/1up. 
  12. Elliott, A. (1992). "Ciconiidae". In Del Hoyo, J.; Elliott, A.; and Sargatal, J.. Handbook of the Birds of the World. 1. প্ৰকাশক Barcelona: Lynx Edicions. পৃষ্ঠা. 436–465. 
  13. 13.0 13.1 13.2 Hume, A. O. (1890). The nests and eggs of Indian birds. 3 (2 সম্পাদনা). R. H. Porter, London. পৃষ্ঠা. 260–276. http://www.archive.org/stream/nestseggsofindia03humerich#page/261/mode/1up. 
  14. Bingham, C. T. (1878). "After the Adjutants". Stray Feathers খণ্ড 7: 25–33. http://www.archive.org/stream/strayfeathersjou71878hume#page/25/mode/1up. 
  15. 15.0 15.1 Rahmani, A. R., Narayan, Goutam; and Rosalind, Lima (1990). "Status of the Greater Adjutant (Leptoptilos dubius) in the Indian Subcontinent". Colonial Waterbirds (Waterbird Society) খণ্ড 13 (2): 139–142. doi:10.2307/1521582. 
  16. Saikia, P.; Bhattacharjee, P. C. (1990). "Discovery of Greater Adjutant Stork nesting colonies outside the protected areas of Assam, India". Newsletter for Birdwatchers খণ্ড 30 (7&8): 3. http://www.archive.org/stream/NLBW30_78#page/n4/mode/1up/. 
  17. Raj, M. (1990). "Adjutant Stork Leptoptilos dubius breeding in Nowgaon". Newsletter for Birdwatchers খণ্ড 30 (5&6): 8–9. http://www.archive.org/stream/NLBW30_56#page/n9/mode/1up/. 
  18. Choudhury, A. (1993). "Nesting colonies of Greater Adjutant Storks in Nagaon and Sibsagar districts of Assam". Newsletter for Birdwatchers খণ্ড 33 (3): 47–48. http://www.archive.org/stream/NLBW33_3#page/n8/mode/1up/. 
  19. Singha, H.; Rahmani, A. R.; Coulter, M. C.; Javed, S. (2003). "Surveys for Greater Adjutant Leptoptilos dubius in the Brahmaputra valley, Assam, India during 1994–1996". Forktail খণ্ড 19: 146–148. http://www.orientalbirdclub.org/publications/forktail/19pdfs/Singha-Adjutant.pdf. 
  20. Oates, Eugene W. (1878). "Notes on the nidification of some Burmese birds, II". Stray Feathers খণ্ড 7: 40–52. http://www.archive.org/stream/strayfeathersjou71878hume#page/50/mode/1up/. 
  21. Mishra A.; Mandal, J. N. (2009). "Discovery of a breeding ground of the Greater Adjutant Leptoptilos dubius and their conservation in the floodplains of Bihar, India". J. Bombay Nat. Hist. Soc. খণ্ড 106 (2): 190–197. 
  22. Burton, R. G. (1921). "The adjutant stork and other matters". J. Bombay Nat. Hist. Soc. খণ্ড 28 (1): 287–288. 
  23. Dover, C.; Basil-Edwards, S. (1921). "A note on the habits of the Common Pariah Kite (Milvus govinda) and the Adjutant Stork (Leptoptilus dubius)". J. Bombay Nat. Hist. Soc. খণ্ড 27 (3): 633. 
  24. Animal locomotion. The Muybridge work at the University of Pennsylvania. Method and results.. J B Lippincott Company, Philadelphia. 1888. পৃষ্ঠা. 101. http://www.archive.org/stream/animallocomotion00univ#page/100/mode/2up. 
  25. Kahl, MP (1971). "Spread-wing postures and their possible functions in the Ciconiidae". The Auk খণ্ড 88 (4): 715–722. Archived from the original on 2012-08-25. https://web.archive.org/web/20120825115533/http://elibrary.unm.edu/sora/Auk/v088n04/p0723-p0752.pdf। আহৰণ কৰা হৈছে: 2013-02-01. 
  26. Singha, Hilialjyoti; Rahmani, A. R.; Coulter, M. C.; Javed, S. (2002). "Nesting Ecology of the Greater Adjutant Stork in Assam, India". Waterbirds খণ্ড 25 (2): 214–220. doi:10.1675/1524-4695(2002)025[0214:NEOTGA]2.0.CO;2. ISSN 1524-4695. 
  27. Singha, H.; Rahmani, A. R.; Coulter, M. C.; Javed, S. (2002). "Parental Investment In The Greater Adjutant Stork (Leptoptilos dubius) In The Brahmaputra Valley Of Assam, India". Malayan Nature Journal খণ্ড 56 (3): 239–264. 
  28. Panday, Jamshed D. (1974). "Storks preying on live birds". J. Bombay Nat. Hist. Soc. খণ্ড 71 (1): 141. 
  29. Irby, L. H. (1861). "Notes on birds observed in Oudh and Kumaon". Ibis খণ্ড 3 (2): 217–251. doi:10.1111/j.1474-919X.1861.tb07456.x. http://www.archive.org/stream/ibis03brit#page/224/mode/2up/. 
  30. Strickland, H. E. (1846). "The birds of Calcutta, collected and described by Carl J. Sundevall (translated from Physiographiska sallskapets Tidskrift)". Annals and Magazine of Natural History খণ্ড 18: 87–94. http://www.archive.org/stream/annalsmagazineof19lond#page/91/mode/1up. 
  31. Singha, H.; Rahmani, A. R.; Coulter, M. C.; Javed, S. (2003). "Breeding behaviour of the greater adjutant-stork Leptoptilos dubius in Assam, India". J. Bombay Nat. Hist. Soc. খণ্ড 100 (1): 9–26. 
  32. Singha, H.; Goswami, S. K.; Phukan, R.; Talukdar, B. K. (2006). "Rehabilitation of captive-reared greater adjutants Leptoptilos dubius in Assam". J. Bombay Nat. Hist. Soc. খণ্ড 103 (2): 315–320. 
  33. Thornton, J. H. (1895). Memories of seven campaigns. Archibald Constable and Co, Westminster. পৃষ্ঠা. 4. http://www.archive.org/stream/memoriesofsevenc00thor#page/4/mode/1up/. 
  34. Roberts, Lord (1901). Forty-one years in India. Macmillan and Co.,London. পৃষ্ঠা. 3. ISBN 1-4021-7742-9. http://www.archive.org/stream/fortyoneyearsini00robe#page/3/mode/1up/. 
  35. "The Calcutta Adjutant". Chambers's Journal of popular literature science and art খণ্ড 15: 40–41. 1861. http://www.archive.org/stream/chamberssjourna01chamgoog#page/n52/mode/1up/. 
  36. Chaudhuri, Sukanta (2002). View from Calcutta. Orient Blackswan. পৃষ্ঠা. 25. ISBN 81-8028-000-4. 
  37. Leslie, J. (1998). "A bird bereaved: The Identity and Significance of Valmiki's Krauñca". Journal of Indian Philosophy খণ্ড 26 (5): 455–487. doi:10.1023/A:1004335910775. 
  38. Ball, Valentine (1880). Jungle life in India. Thomas de la Rue & Co. London. পৃষ্ঠা. 82–83. http://www.archive.org/stream/junglelifeinindi00balluoft#page/82/mode/1up/. 

লগতে চাওক

[সম্পাদনা কৰক]
  • Adam, John. (1825) A description of the Ciconia Argala or Adjutant bird of Bengal. Trans. Med. Phys. Soc. I., Calcutta:240-248
  • Bhattacharjee, P. C. & Saikia, P. K. (1996) Conservation of Greater Adjutant Stork in Assam. Final Technical report. Unpublished WWF report.
  • Singha, H. (1998). "Ecology, biology and ethology of Greater Adjutant Stork Leptoptilos dubius (Gmelin) in Assam, India". Unpublished Ph. D. thesis. Aligarh Muslim University.
  • Barman, Purnima Devi; A.K. Das; B.K. Das; S. Biswas. (2011). Conservation initiatives for Greater Adjutant Stork in Assam, India. Final Project Report. CLP Project ID: 331509. Aaranyak.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]