গো-বগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গো-বগ (Cattle Egret)
প্ৰজনন কালত পূৰ্ণবয়স্ক গো-বগ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ardeidae
গণ: Bubulcus
Bonaparte, 1855
প্ৰজাতি: B. ibis
বৈজ্ঞানিক নাম
Bubulcus ibis
(Linnaeus, 1758)
Subspecies

B. i. ibis (Linnaeus, 1758)
B. i. coromandus (Boddaert, 1783)
B. i. seychellarum (Salomonsen, 1934)

গোলকীয় বিতৰণৰ মানচিত্ৰ
হালধীয়া:প্ৰজননৰ সময়ত বিস্তৃতি
সেউজীয়া: সমগ্ৰ বছৰ জুৰি বিস্তৃত
নীলা:প্ৰজনন নোহোৱা কালত বিস্তৃতি
সমাৰ্থক

Ardea ibis Linnaeus, 1758
Ardeola ibis (Linnaeus, 1758)
Bubulcus bubulcus
Buphus coromandus (Boddaert, 1783)
Cancroma coromanda (Boddaert, 1783)
Egretta ibis (Linnaeus, 1758)
Lepterodatis ibis (Linnaeus, 1758)

গো-বগ[2] বা গৰু বগলী (ইংৰাজী: Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।

টেক্স'নমি[সম্পাদনা কৰক]

প্ৰজনন কালত পূৰ্ণবয়স্ক B. i. coromandus ৰ ৰঙচুৱা ঠেং আৰু ঠৌঁট
প্ৰজনন কালত পূৰ্ণবয়স্ক B. i. ibis

গো-বগ পোন-প্ৰথমে ১৭৫৮ চন কেৰ'লাছ লিনিয়াছে তেওঁৰ 'চিষ্টেমা নেচুৰী' নামৰ গ্ৰন্থখনত Ardea ibis নামেৰে উল্লেখ কৰিছিল।[3]। পৰৱৰ্ত্তী সময়ত অৰ্থাৎ ১৮৫৫ চনত চাৰ্লছ লুচিয়েন বোনাপাৰ্ট (Charles Lucien Bonaparte) এ ইয়াক বৰ্তমানৰ গোত্ৰত অন্তৰ্ভুক্ত কৰে।[4]

গো-বগক ভৌগোলিক ভাৱে দুটা উপ-প্ৰজাতিত বিভক্ত কৰিছিল মেক এলেন আৰু ব্ৰুচ (McAllan and Bruce)-এ।[5] -

বিৱৰণ[সম্পাদনা কৰক]

নতুন দিল্লীত গো-বগ

গো-বগৰ দেহটো শকত, দৈৰ্ঘ্য প্ৰায় ৪৬-৫৬ ছে:মি: আৰু ওজন প্ৰায় ২৭০-৫১২ গ্ৰাম। ইয়াৰ ডিঙি তুলনামূলকভাৱে চুটি আৰু শকত। প্ৰজনন নোহোৱা কালত পূৰ্ণবয়স্ক গো-বগৰ ঠোঁট হালধীয়া আৰু ঠেং সেউজ-হালধীয়া বৰণৰ হয়। প্ৰজনন কালত পশ্চিমৰ গো-বগৰ ঠোঁট, বুকু, আৰু ঠেং কমলা বৰণীয়া হৈ উঠে। যোৰ পতাৰ আগে আগে এই অংশবোৰ উজ্জ্বল ৰঙা হৈ উঠাও দেখা যায়। [7]

গো-বগৰ মতা আৰু মাইকী উভয়ে দেখাত একে ধৰণৰ, কিন্তু মতা গো-বগৰ আকাৰ মাইকীজনীতকৈ ডাঙৰ। পোৱালি গো-বগৰ ঠোঁট সাধাৰণতে ক'লা হোৱা দেখা যায়।

গো-বগ সাধাৰণতে নীৰৱে থাকে যদিও প্ৰজনন কালত ই ৰিক-ৰেক ধৰণে মতা শুনা যায়।[8]

বিতৰণ[সম্পাদনা কৰক]

কলকাতাত ঘাঁহনি অঞ্চলত গো-বগৰ জাক

চৰাইৰ সকলো প্ৰজাতিৰ ভিতৰত গো-বগৰ আটাইতকৈ অধিক আৰু দ্ৰুত গতিত নতুন নতুন অঞ্চললৈ প্ৰাকৃতিকভাৱে বিস্তৃতি ঘটিছে। [8] পূৰ্বতে ই কেৱল দক্ষিণ স্পেইন, পৰ্টুগাল, বিষুৱীয় আফ্ৰিকা আৰু এছিয়াত বিস্তৃত আছিল। কিন্তু উনৈশ শতিকাৰ শেষৰ ফালে ইয়াৰ প্ৰাকৃতিক ভাৱে বিস্তৃতি ঘটিবলৈ লয় আৰু ই আফ্ৰিকা, আমেৰিকা, অষ্ট্ৰেলিয়া আদি দেশলৈ বিয়পি পৰে। [9]

বাসস্থান[সম্পাদনা কৰক]

গো-বগ সাধাৰণতে যিকোনো জলাশয়ৰ আশে পাশে চৰে যদিও ই শুকান খেতি-পথাৰ বা ঘাঁহনি অঞ্চলতো খাদ্যৰ সন্ধান কৰা দেখা পোৱা যায়। গতিকে অন্যান্য জলচৰ চৰাইবোৰৰ দৰে ই কেৱল পানীপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে। [10]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

গো-বগে সাধাৰণতে বিভিন্ন ধৰণৰ খাদ্য খাই জীয়াই থাকে। এইবোৰৰ ভিতৰত পোক-পতংগ যেনে-ফৰিং, মাখি আদি,[11]),পখিলা, মকৰা, ভেকুলী, কেঁচু,[12][13] আদি ইয়াৰ প্ৰধান খাদ্য। তদুপৰি কিছুমান দ্বীপত বাস কৰা গো-বগে সাগৰীয় চৰাইৰ কণী আৰু পোৱালিও খোৱাৰ তথ্য পোৱা যায়। [14] প্ৰব্ৰজনৰ সময়ত ভাগৰি পৰা পৰিভ্ৰমণকাৰী চৰাই চিকাৰ কৰিও ই খাব পাৰে।[15]

প্ৰজনন[সম্পাদনা কৰক]

গো-বগৰ কণী
পূৰ্ণবয়স্ক গো-বগে পোৱালিক খুৱাই থকা অৱস্থাত
পোৱালি গো-বগৰ ক'লা ঠোঁট

গো-বগে সাধাৰণতে বৃহৎ গোটত ক'লনী সৃষ্টি কৰি একেলগে বাহ সাজে। এনে ক'লনী সমূহ সাধাৰণতে জলাশয়ৰ পাৰৰ বনাঞ্চলত দেখা পোৱা যায়। দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত ইয়াৰ প্ৰজনন কাল বেলেগ বেলেগ সময়ত হোৱা দেখঅ যায়। [16] উত্তৰ ভাৰতত মে মাহত মৌচুমীৰ আগমণৰ লগে লগে বাহ সজা আৰম্ভ হয়। [17] অষ্ট্ৰেলিয়াত নৱেম্বৰৰ পৰা জানুৱাৰী পৰ্যন্ত ই প্ৰজনন কৰিব পাৰে। [18][8]

প্ৰজনন কালত মতা গো-বগে গছত মাইকী জনীক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰদৰ্শন যেনে গছৰ ডালি কঁপাই আৰু আকাশলৈ টোঁৱাই ঠৌঁট নচুৱায়। [19] এনে প্ৰদৰ্শনৰ চাৰি বা পাঁচদিনৰ ভিতৰত ইযোৰ পাতে। প্ৰতিটো ঋতুতে ই লগৰীয়া সলায়। [20]

গো-বগৰ বাহটো গছ বা জোপোহাত ডাল-পাতেৰে সাজে। মতা-মাইকী উভয়ে বাহ সজাত অংশ লয়। [21] এবাৰত এটাৰ পৰা পাঁচটা পৰ্যন্ত কণী পাৰে। কণীৰ বৰণ শেঁতা নীলা-বগা বৰণৰ হয়। [18] ২৩ দিন পৰ্যন্ত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে।[8]

মানুহৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

উপ-প্ৰজাতি B. i. seychellarum ৰ গো-বগে সমূহে মাছৰ বজাৰত এৰেহাৰ বাবে অপেক্ষাৰত অৱস্থাত

গো-বগ সততে চকুত পৰা বাবে মানুহৰ বাবে ই পৰিচিত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ গৰুৰ পিঠিত উঠি থাকি ইয়াৰ দেহৰ পৰা পৰজীৱী আঁতৰ কৰাৰ বাবে জনা যায়। এই কাৰণতে ইয়াৰ নামো গো-বগ ৰূপে জনাজাত হৈ পৰিল। মানুহৰ সৈতে বসবাস কৰিবলৈ নিজকে অভিযোজিত কৰাৰ বাবে ইয়াৰ বিস্তৃতি অধিক দ্ৰুত হৈছে।

স্থিতি[সম্পাদনা কৰক]

গো-বগ বহুলভাৱে বিস্তৃত আৰু বিশ্ব জুৰি ইয়াৰ জনসংখ্যা প্ৰায় ৩.৮-৬.৭ মিলিয়ন বুলি ধাৰণা কৰা হৈছে। এনেবোৰ কাৰণতে আই. ইউ চি এনে ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে। [1][22]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 BirdLife International (2008). Bubulcus ibis. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 November 2008. Database entry includes justification for why this species is of least concern
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. লেটিন Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii).. পৃষ্ঠা. 144. "A. capite laevi, corpore albo, rostro flavescente apice pedibusque nigris" 
  4. ফৰাছী Bonaparte, Charles Lucien (1855). "[untitled]". Annales Des Sciences Naturelles comprenant la zoologie খণ্ড 4 (1): 141. 
  5. McAllan, I. A. W.; Bruce, M. D. (1988). The birds of New South Wales, a working list. প্ৰকাশক Turramurra, N.S.W.: Biocon Research Group in association with the New South Wales Bird Atlassers. ISBN 0-9587516-0-9. 
  6. Krebs, Elizabeth A.; Riven-Ramsey, Deborah; Hunte, W. (1994). "The Colonization of Barbados by Cattle Egrets (Bubulcus ibis) 1956–1990". Colonial Waterbirds (Waterbird Society) খণ্ড 17 (1): 86–90. doi:10.2307/1521386. 
  7. Krebs, E. A.; Hunte, W.; Green, D. J. (2004). "Plume variation, breeding performance and extra-pair copulations in the cattle egret". Behaviour খণ্ড 141 (4): 479–499. doi:10.1163/156853904323066757. 
  8. 8.0 8.1 8.2 8.3 Telfair II, Raymond C. (2006). "Cattle Egret" (Bubulcus ibis), The Birds of North America Online (A. Poole, Ed.). Ithaca: Cornell Lab of Ornithology; Retrieved from The Birds of North America Online doi:10.2173/bna.113
  9. Martínez-Vilalta, A; Motis, A (1992). "Family Ardeidae (Herons)". In del Hoyo, J; Elliot, A; Sargatal, J. Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions. পৃষ্ঠা. 401–402. ISBN 84-87334-09-1. 
  10. Mullarney, Killian; Svensson, Lars; Zetterström, Dan; Grant, Peter J. (2001). Birds of Europe. Princeton University Press. ISBN 0-691-05054-6. 
  11. Seedikkoya K, PA Azeez, EA Abdul Shukkur. "Cattle egret as a biocontrol agent" (PDF). Zoos' Print Journal খণ্ড 22 (10): 2864–2866. Archived from the original on 2011-09-29. https://web.archive.org/web/20110929014429/http://www.zoosprint.org/ZooPrintJournal/2007/October/2864-2866.pdf। আহৰণ কৰা হৈছে: 2013-05-22. 
  12. Siegfried, W. R. (1971). "The Food of the Cattle Egret". Journal of Applied Ecology (British Ecological Society) খণ্ড 8 (2): 447–468. doi:10.2307/2402882. 
  13. Fogarty, Michael J.; Hetrick, Willa Mae (1973). "Summer Foods of Cattle Egrets in North Central Florida". The Auk খণ্ড 90 (2): 268–280. http://sora.unm.edu/node/22357. 
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Lever নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. Cunningham, R. L. (1965). "Predation on birds by the Cattle Egret" (PDF). The Auk খণ্ড 82 (3): 502–503. doi:10.2307/4083130. http://sora.unm.edu/sites/default/files/journals/auk/v082n03/p0502-p0503.pdf. 
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Rasmussen নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Hilaluddin; Kaul, Rahul; Hussain, Mohd Shah; Imam, Ekwal; Shah, Junid N.; Abbasi, Faiza; Shawland, Tahir A. (2005). "Status and distribution of breeding cattle egret and little egret in Amroha using density method" (PDF). Current Science খণ্ড 88 (25): 1239–1243. http://www.ias.ac.in/currsci/apr252005/1239.pdf. 
  18. 18.0 18.1 Beruldsen, G. (2003). Australian Birds: Their Nests and Eggs. প্ৰকাশক Kenmore Hills, Qld: self. পৃষ্ঠা. 182. ISBN 0-646-42798-9. 
  19. Marchant, S.; Higgins, P.J (1990). Handbook of Australian, New Zealand and Antarctic Birds, Volume 1 (Ratites to Ducks). Oxford University Press. ISBN 0-19-553068-3. 
  20. Kushlan, James A.; Hancock, James (2005). Herons. Oxford University Press. ISBN 0-19-854981-4. 
  21. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NMcKilligan নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  22. "Bubulcus ibis (bird)". Global Invasive Species Database. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304070213/http://www.issg.org/database/species/ecology.asp?si=970&fr=1&sts=sss&lang=EN। আহৰণ কৰা হৈছে: 2008-02-06. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]