বঙাইগাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বঙাইগাঁও
নামনি অসমৰ দুৱাৰমুখ + অসমৰ উদ্যোগ নগৰী
—  মহানগৰ/মহকুমা/সদৰ  —
বঙাইগাঁও
বঙাইগাঁওৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°28′N 90°34′E / 26.47°N 90.57°E / 26.47; 90.57
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বঙাইগাঁও
উপায়ুক্ত এচ. পি. নন্দি (IAS)
জনসংখ্যা

চহৰ অঞ্চল

1,74,810 (44) (2011)

1,09,571 (44) (2010)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


54 m (177 ft)

ক'ড
  • পিনক'ড • 783380
    ফোন • +91 - (0) 3664 - XX XX XXX
    • যান-বাহনৰ নম্বৰ • AS=19 (বঙাইগাঁও)
ৱেবছাইট bongaigaon.nic.in
বঙাইগাঁও চহৰৰ ৰাতিৰ দৃশ্য

বঙাইগাঁও (ইংৰাজী: Bongaigaon) হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ৰ্থ বৃহত নগৰ। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত, সেয়া হৈছে - বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও। এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দূৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল।

পৌৰসভা[সম্পাদনা কৰক]

বঙাইগাঁও পৌৰসভা ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল। বৰ্তমানে এই চহৰ অঞ্চলত ২৫টা ভাগ আছে।

চহৰৰ অন্তৰ্গত ঠাই সমূহ[সম্পাদনা কৰক]

  • মায়াপুৰী
  • বৰপাৰা
  • পাগলা স্থান
  • মহাবীৰ স্থান
  • চাপাগুৰী
  • ঢালিগাওঁ
  • নতুন বঙাইগাঁও
  • দেউৰীপাৰা
  • দোলাইগাঁও
  • বৰ্ষনগাঁও
  • বি.ও.চি. গেট
  • ৰোলিং মিল
  • নতুনপাৰা
  • কুকুৰমাৰি
  • হাতীমুত্ৰা
  • মাজপাৰা

বসতি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি বঙাইগাঁও চহৰখনত সৰ্বমুঠ ১,৭৪,৮১০ জন লোক আছে। উক্ত নগৰখন অসম চৰকাৰৰ অধীনৰ নগৰ উন্নয়ন কমিটিত আছে। এই চহৰৰ বেছি ভাগ লোক বাঙালী আৰু কোচ ৰাজবংশী সকল। এই চহৰত এওঁলোকৰ বাহিৰে আন নানান জনগোষ্ঠীৰ লোক আছে।

মায়াপুৰী ছবিগৃহৰ সন্মুখভাগ

বতৰ[সম্পাদনা কৰক]

Bongaigaonৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 30
(86)
33
(91)
38
(100)
40
(104)
38
(100)
40
(104)
37
(99)
37
(99)
37
(99)
35
(95)
32
(90)
28
(82)
40
(104)
গড় উষ্ণতা - উচ্চ °C (°F) 23 25 30 31
(88)
31
(88)
31
(88)
32
(90)
32
(90)
31
(88)
30
(86)
27
(81)
24
(75)
29
(84)
গড় উষ্ণতা - নিম্ন °C (°F) 10
(50)
12
(54)
15
(59)
20
(68)
22
(72)
25
(77)
25
(77)
25
(77)
24
(75)
21
(70)
16
(61)
11
(52)
19
(66)
সৰ্বনিম্ন উষ্ণতা °C (°F) 5
(41)
6
(43)
6
(43)
11
(52)
16
(61)
18
(64)
20
(68)
21
(70)
20
(68)
15
(59)
10
(50)
5
(41)
5
(41)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 11.4
(0.449)
12.8
(0.504)
57.7
(2.272)
142.3
(5.602)
248.0
(9.764)
350.1
(13.783)
353.6
(13.921)
269.9
(10.626)
166.2
(6.543)
79.2
(3.118)
19.4
(0.764)
5.1
(0.201)
1,717.7
(67.626)
উৎস: wunderground.com[1]

পৰিবহণ আৰু যাতায়ত[সম্পাদনা কৰক]

বীৰ চিলাৰায় উৰণীয়া সেতুৰ এক দৃশ্য

অসমৰ আন আন ঠাইৰ দৰেই বঙাইগাঁও চহৰৰ যাতায়ত ব্যৱস্থা অতি সুচল। বঙাইগাঁও চহৰখন ভাৰতীয় ৰেল, স্থল সেৱাৰ দ্বাৰা অসমৰ আন আন চহৰ যেনে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মঙলদৈ, তেজপুৰ আদিৰ লগতে ভাৰতৰ আন আন ঠাইৰ লগত সংযোগ হৈ আছে।

পথ পৰিবহণ[সম্পাদনা কৰক]

বঙাইগাঁও চহৰখন উত্তৰে আৰু দক্ষিণে ক্ৰমে ৩১ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত অৱস্থিত। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰধান পথ আৰু উপপথেৰে সংযোগ হৈ আছে।

ৰেল পৰিবহণ[সম্পাদনা কৰক]

ৰাজধানী এক্সপ্ৰেছ নিউ বঙাইগাঁও ৰেল জংচনত ৰখি থকা অৱস্থাত

বঙাইগাঁও চহৰখন ৰেল সেৱাৰ দ্বাৰা অতি সুচল সংযোগ স্থাপন কৰি আছে, ইয়াৰ কাৰণ উক্ত চহৰখনত দুটা ৰেল ষ্টেচন আছে। সেই দুটা হ'ল -

নিউ বঙাইগাঁও ৰেল জংচন[সম্পাদনা কৰক]

নিউ বঙাইগাঁও ৰেল জংচনটো[3] বঙাইগাঁও চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহৎ আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনটোত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।

বিমান-পৰিবহণ[সম্পাদনা কৰক]

বঙাইগাঁও চহৰৰ পৰা বিমানেৰে যাতায়ত কৰিবলৈ ১৬৫ কি.মি. পূৱত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাব লাগিব।

সংবাদ মাধ্যম[সম্পাদনা কৰক]

অসমীয়া প্ৰতিদিন[4] নামৰ অতি জনপ্ৰিয় বাতৰি কাকতখন গুৱাহাটী, উত্তৰ লখিমপুৰ আৰু ডিব্ৰুগড়ৰ লগতে বঙাইগাঁৱৰ পৰাও প্ৰকাশিত হয়।

হোটেল আৰু ল'জৰ তালিকা (লেখত ল'ব লগীয়া)[সম্পাদনা কৰক]

বঙাইগাঁও চহৰখন পৰ্যটন কেন্দ্ৰ স্বৰূপ হোৱাৰ লগতে বঙাইগাঁও তেল শোধানাগাৰৰ তথা আন আন উদ্যোগ্ৰ বাবে যথেষ্ট লোক অহা যোৱা কৰে। বঙাইগাঁও চহৰত থকা উল্লেখ যোগ্য হোটেল কেইখন মানৰ নাম -

  1. কণিস্ক হোটেল[5] (দুই তাৰকা), তৰুনৰাম ফুকন ৰোড
  2. হোটেল জাহ্নবী (তিনি তাৰকা), চাপাগুৰী ৰোড
  3. ৰাজ পেলেচ, তৰুনৰাম ফুকন ৰোড
  4. মধুবন, মহত্মা গান্ধী ৰোড
  5. মহাৰাজ হোটেল, ষ্টেচন ৰোড
  6. হোটেল শিভালী, ষ্টেচন ৰোড
  7. চি.কে. হোটেল, বৰপাৰা
  8. গেটৱোএ হোটেল, মায়াপুৰী
  9. হোটেল ব্ৰমপুত্ৰ ভেলী, মায়াপুৰী
  10. হোটেল দাইম'ন্‌ড, চাপাগুৰী ৰোড
  11. মানস ল'জ

ইয়াৰ উপৰিও বঙাইগাঁৱত বহু সৰু ডাঙৰ হোটেল আছে।

শিক্ষা[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়[সম্পাদনা কৰক]

বঙাইগাঁও চহৰখনত প্ৰধান বিশ্ববিদ্যালয় নাই যদিও ইয়াত দুখন শাখা বিশ্ববিদ্যালয় আছে। সেই কেইখন হ'ল -

  1. ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়
  2. ছিক্কিম মণিপাল বিশ্ববিদ্যালয়

চিকিৎসা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

  1. নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান[6]
  2. চেইণ্ট আগস্‌টাইন নাৰ্চিং বিদ্যালয়

মহাবিদ্যালয়[সম্পাদনা কৰক]

  1. বঙাইগাঁও মহাবিদ্যালয়[7] (স্থাপিত, ১৯৬৪)
  2. বঙাইগাঁও পলিটেকনিক [8]
  3. বঙাইগাঁও শিক্ষা মহাবিদ্যালয়[9] (Bongaigaon B.Ed College)
  4. বঙাইগাঁও আইন মহাবিদ্যালয়[10]
  5. বীৰঝৰা মহাবিদ্যালয়[11] (বঙাইগাঁও বিগ্যান মহাবিদ্যালয়)
  6. বীৰঝৰা কন্যা মহাবিদ্যালয়
  7. উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়, কাজলগাওঁ
  8. বঙাইগাঁও নবাগত মহাবিদ্যালয় (Jr. College)
  9. এচ.আৰ. একাডেমী, তৰুনৰাম ফুকন ৰোড

বিদ্যালয়[সম্পাদনা কৰক]

  1. বঙাইগাঁও ৰিফাইনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বি.জি.আৰ. উপনগৰী
  2. বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  3. বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
  4. দিল্লী পাব্লিক বিদ্যালয়, ঢালিগাওঁ
  5. কেন্দ্ৰীয় বিদ্যালয়
  6. বঙাইগাঁও ইংৰাজী মাধ্যম উচ্চতৰ মাধ্যমিক বিদ্যালয় (Menon's)
  7. শান্তিধাম কালীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়
  8. স্বামী বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  9. হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবীৰস্থান
  10. হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়, হ'স্পিতেল ক'ল'নি
  11. লিটিল ফ্লাৱাৰ হাই স্কুল
  12. চেইণ্ট এলবাৰ্ট হাই স্কুল
  13. হোলী চাইলড্‌ ইংৰাজী মধ্যাম হাই স্কুল
  14. জনন উদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
  15. জ্ঞানোদয় জাতীয় বিদ্যালয়
  16. ঢালিগাওঁ প্ৰাথমিক বিদ্যালয়
  17. ঢালিগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়
  18. চাপগুৰী প্ৰাথমিক বিদ্যালয়
  19. শঙ্কৰদেৱ শিশু নিকেতন
  20. শঙ্কৰদেৱ একাডেমী, বৰপাৰা
  21. ট্ৰিনিতি ইংৰাজী মধ্যাম স্কুল
  22. বঙাইগাঁও মডেল স্কুল
  23. এল. বি. একাডেমী
  24. মৰনিং গ্লোৰি স্কুল
  25. প্ৰনৱ একাডেমী
  26. প্ৰনৱ বিদ্যাপীঠ
  27. ছোৱালী এম. ভি. স্কুল
  28. St. Francis D'Assici School
  29. উত্তৰ শালমাৰা বুনিয়াদী বিদ্যালয়
  30. জে. বি. উচ্চ মাধ্যমিক বিদ্যালয়
  31. নেতাজী বিদ্যাপীঠ, বি. জি. ক'ল'নি
  32. নেতাজী বিদ্যাপীঠ, নতুনপাৰা

মনোৰঞ্জন[সম্পাদনা কৰক]

বঙাইগাঁও চহৰত মানুহৰ মনোৰঞ্জনৰ উদ্দেশ্যে মায়াপুৰী ছবিঘৰ নামেৰে এটি ছবিঘৰ আছে।

ক্ৰয়-বিক্ৰয়[সম্পাদনা কৰক]

বঙাইগাঁও চহৰ নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ৰ্থ বৃহত নগৰ হিচাপে ইয়াত ক্ৰয়-বিক্ৰয়ৰ অত্যধিক সুবিধা উপলব্ধ আছে। ইয়াৰ কেইখন মান উল্লেখযোগ্য বজাৰৰ তলত উল্লেখ কৰা হ'ল -

  1. বৰ বজাৰ
  2. ঢালিগাওঁ বজাৰ
  3. চপাগুৰি হাট
  4. পাগ্লাস্থান মাৰ্কেট
  5. বি.জি. ক'ল'নি মাৰ্কেট
  6. ৰেইল মাৰ্কেট
  7. বালাজি মাৰ্কেট ইত্যাদি।

বজাৰ গৃহ[সম্পাদনা কৰক]

বঙাইগাঁও চহৰত থকা উল্লেখযোগ্য অত্যধিক সা-সুবিধাযুক্ত বজাৰ গৃহ কেইটাৰ নাম -

  1. প্ৰকাশ মেগা মাৰ্ট
  2. বিশাল মেগা মাৰ্ট (২০১৫)
  3. "বাজাৰ ইণ্ডিয়া (২০১৬)
  4. শিভালি মাৰ্কেট কম্প্লেক্স
  5. নুৰ মাৰ্কেট
  6. নিউ মাৰ্কেট
  7. জন'চ প্লেয়াৰ ইত্যাদি।

গেলেৰী[সম্পাদনা কৰক]

গৱেষণা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

  1. নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান (Lower Assam Hospital And Research Center)[12]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]