সাপটগ্ৰাম
সাপটগ্ৰাম | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26°20′N 90°08′E / 26.33°N 90.13°Eস্থানাংক: 26°20′N 90°08′E / 26.33°N 90.13°E | |
Country | ![]() |
State | অসম |
District | ধুবুৰী |
উচ্চতা | ২৭ মিটাৰ (৮৮.৫৮ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১২,০৪৬ জন |
ভাষাসমূহ | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
সাপটগ্ৰাম হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ।
অৱস্থান[সম্পাদনা কৰক]
ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সোণকোষৰ পাৰত এইখন চহৰ অৱস্থিত। ই সাগৰ পৃষ্ঠৰ পৰা ২৭ (৮৮ ফুট) মিটাৰ উচ্চতাত অৱস্থিত।
জনসংখ্যা[সম্পাদনা কৰক]
২০০১ চনৰ লোকপিয়ল অনুসৰি সাপটগ্ৰামৰ মুঠ জনসংখ্যা ১২,০৪৬ জন (পুৰুষ ৫১%, মহিলা ৪৯%, নগৰ খনৰ সাক্ষৰতাৰ হাৰ ৭৭% যিটো ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ (৫৯.৫%তকৈ অধিক, পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৭২%। [2]
এই অঞ্চলৰ ভাষা[সম্পাদনা কৰক]
চৰকাৰী ভাষা অসমীয়া। আন আন সংযোগী ভাষাসমূহ হ’ল কামতাপুৰী (ৰাজবংশী, গোৱালপাৰীয়া, দেশী) বাংলা, হিন্দী, বিহাৰী, মাড়োৱাৰী, নেপালী আদি।
প্ৰধান ধৰ্ম[সম্পাদনা কৰক]
হিন্দু, ইছলাম আৰু জৈন ধৰ্ম সাপটগ্ৰাম অঞ্চলৰ প্ৰধান ধৰ্ম।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰধান জাতি-জনগোষ্টী[সম্পাদনা কৰক]
কোঁচ-ৰাজবংশী, কলিতা, নাথ, বাঙালী হিন্দু, বিহাৰী, মাৰোৱাৰী, অসমীয়া, বড়ো, নেপালী।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰধান শিক্ষানুষ্ঠান[সম্পাদনা কৰক]
- সাপটগ্ৰাম এমালগেমেটেড একাডেমী
(স্থাপিত: ১৯৩৯ চন) - সাপটগ্ৰাম বেঙ্গলী হাইস্কুল
(স্থাপিত: ১৯৩৬ চন) - সাপটগ্ৰাম মহাবিদ্যালয়
(স্থাপিত: ১৯৭২ চন) - শঙ্কৰদেৱ শিশু নিকেতন, সাপটগ্ৰাম
(স্থাপিত: ২০০৩ চন) - ২২৩৫ নং খুদনামাৰী এল পি স্কুল
(স্থাপিত: ১৯৭৬ চন)
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Falling Rain Genomics, Inc - Sapatgram
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.