সমললৈ যাওক

নাথ-যোগী সম্প্ৰদায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাথসকলৰ আদি গুৰু সদাশিৱৰ এটা মূৰ্তি
১৭ শতিকাৰ চিত্ৰত নাথ যোগিনী

নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে বিশ্বাস ৰাখে। শিৱ এই সম্প্ৰদায়ৰ আদি গুৰু।[1][2][3] ইয়াৰোপৰি নাথসকলৰ বহুজন গুৰু আছে। এইসকলৰ ভিতৰত ৯-১০ শতাব্দীৰ মৎসেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু সংগঠনসমূহ মহত্ত্বপূৰ্ণ। গোৰক্ষনাথক নাথ পন্থাৰ প্ৰৱৰ্তক বুলি কোৱা হয়৷[3] নাথ ৰক্ষকসকলক যোগী বুলি কোৱা হৈছিল। পিছলৈ এই দুয়োটা শব্দৰ সংযোগ ঘটাই নাথ-যোগী বুলি ব্যৱহাৰ কৰা হয়। 'নাথ' শব্দৰ আভিধানিক অৰ্থ প্ৰভু, অধিকাৰী, গৰাকী, ৰক্ষক, স্বামী ইত্যাদি। ৰাজগুহ্যৰ মতে 'না' শব্দৰ অৰ্থ 'অনাদি ৰূপ' আৰু 'থ' শব্দৰ অৰ্থ 'স্থাপন কৰা'। সংস্কৃত ব্যাকৰণ বিদ পাণিনিয়ে আগবঢ়োৱা নাথ শব্দৰ অৰ্থ হৈছে- “নাধৃ - নাথৃয়াআপতাহৈশ্বৰ্যাশীঃ ইতি পাণিনিঃ।”[4] অৰ্থাৎ য'ৰ পৰা ঐশ্বৰ্য, আৰ্শীবাদ, কল্যাণ আদি প্ৰাপ্তি হয় সেয়ে 'নাথ'।

নাথ ঐতিহ্যৰ নিজস্ব শৈৱধৰ্ম সম্পৰ্কিত তাত্ত্বিক সাহিত্য আছে, যাৰ বেছিভাগেই খ্ৰীষ্টীয় একাদশ শতাব্দী বা পৰৱৰ্তী সময়ৰ৷[5] ইয়াৰ মূল বুলিলে অতি প্ৰাচীন সিদ্ধ ঐতিহ্যক বুজা যায়। নাথ ধৰ্ম অনুশীলনৰ এক উল্লেখযোগ্য দিশ হ'ল প্ৰত্যক্ষতা তথা যোগৰ ব্যৱহাৰ, বিশেষভাৱে হঠ যোগ,[2][6] নিজৰ দেহক পৰম বাস্তৱতাৰ সৈতে জাগ্ৰত কৰি স্ব-পৰিচয়ৰ এক সহজ সিদ্ধ অৱস্থালৈ ৰূপান্তৰিত কৰা।

জনশ্ৰুতি

[সম্পাদনা কৰক]

গোৰক্ষ-বিজয় পুথিৰ মতে আদ্যা শক্তিৰ (মহামায়া) শৰীৰৰ বিভিন্ন অঙ্গৰপৰা। আদি নাথ (প্ৰথম নাথ বা শিৱ), মীননাথ, গোৰক্ষনাথ, কানুপা নাথ, হাড়িপ নাথৰ জন্ম হয় আৰু তেওঁলোকৰ পৰাই নাথ সম্প্ৰদায় জন্ম হয়। গোপীচাদ সন্যাস পুথিত (পৃ-৬) সদাশিৱৰ বিভিন্ন অঙ্গৰ পৰা নাথসকলৰ জন্ম বৃতান্তৰ উল্লেখ আছে।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ মতে বিধাতা পুৰুষে বিশ্ব সৃষ্টি কৰি গৈ থাকোঁতে ক্ৰোধবশতঃ ললাটৰপৰা একাদশ ৰুদ্ৰৰ জন্ম হয়।

জাতি কৌমুদী বা জাতিবিবেক গ্ৰন্থমতে ব্ৰাহ্মণীৰ গৰ্ভত শিৱৰ ঔৰষত 'নাথ’ উৎপন্ন হয়। বৃদ্ধ শতাতপ সংহিতাত উল্লেখ আছে যে সাক্ষাৎ মহাদেৱৰ সন্তান যোগীৰ শিৱৰগোত্ৰ। এওঁলোকেই ‘যোগী-নাথ’ নামে যোগীজাতি হৈছে।

মহাবিৰাট তন্ত্ৰমতে -

অৱধুতো হহং সাক্ষাৎ সত্যং বৰাননে।
তদজাতে যোগীবংশশ্চ সৰ্ব্বেষাং পৰমোত্তমম্॥

অৰ্থাৎ মহাদেৱে পাৰ্বতীক কৈছে যে, তেওঁৱেই সাক্ষাৎ অৱধূত। তেওঁৰপৰা উৎপত্তি হোৱা যোগীবংশ আন সকলো বংশতকৈ শ্ৰেষ্ঠ।

চন্দ্ৰাদিত্য পৰমাগম নামৰ এখন পুৰণি সংস্কৃত গ্ৰন্থৰ এটি কাহিনীমতে সত্যযুগত 'সুধন্না' নামে এজন ধাৰ্মিক ৰজাৰ কন্যা সূৰ্যৱতীৰ প্ৰবল ইচ্ছা জন্মিল মহাদেৱক স্বামীৰূপে পাবলৈ। পিতৃৰ কথামতে সূৰ্যৱতী ধ্যানস্থ হ’ল। মহাদেৱে এই কথা জানি পদুমৰ পাতত বীৰ্য স্থাপন কৰিলে। মহাদেৱৰ বীৰ্য স্থাপিত পদুমৰ পাতৰ পানী খাই সূৰ্যৱৰ্তী গৰ্ভৱতী হয় আৰু যোগীনাথ নামে এটি পুত্ৰ সন্তান জন্ম দিয়ে। এই যোগীনাথৰ পৰাই নাথ-যোগীজাতিৰ উৎপত্তি হয়। পাৰ্বতীয়ে উক্ত জাতিৰ উৎপত্তিৰ বিষয়ে জানিব বিচৰাত মহাদেৱে এই কাহিনী শুনায়।

গোপাল ভট্টবল্লাল চৰিত পুথিত ব্ৰহ্মাৰ কপালৰ পৰা নাথ সিদ্ধসকলৰ জন্মৰ কথা উল্লেখ আছে।

ইয়াৰোপৰি কৌলজ্ঞান নিৰ্ণয়, হাড়মালা আগম সংহিতা, পদ্ম পুৰাণ, নাৰদ পুৰাণ, স্কন্দপুৰাণ, মৎস্যেন্দ্ৰ নাথ চৰিত ইত্যাদি নানা গ্ৰন্থত নাথ বা যোগী জাতিৰ উৎপত্তি বিষয়ক কাহিনীৰ উল্লেখ পোৱা যায়।

প্ৰকাৰভেদ

[সম্পাদনা কৰক]

সকলো সম্প্ৰদায়ৰ লোকেই নাথ ধৰ্মত দীক্ষিত হৈ নাথ হ'ব পাৰে। এনেদৰে হোৱা যোগীক শিষ্যত্ব লাভ কৰি হোৱা যোগী বুলি কোৱা হয়। আনবিধ যোগী হৈছে কুলজাত যোগী বা বংশানুক্ৰমে বা জন্ম সূত্ৰে যোগী। ইয়াৰ উপৰি আন দুবিধ যোগী হৈছে গৃহস্থী যোগী আৰু সংসাৰ ত্যাগী সন্ন্যাসী বা তপস্বী যোগী।

ধৰ্মীয় বিশ্বাস

[সম্পাদনা কৰক]

নাথ সম্প্ৰদায় এটা সৰ্বভাৰতীয় হিন্দু ধৰ্মীয় সম্প্ৰদায়। অসমৰ নাথ-যোগী সকল এই সৰ্বভাৰতীয় সম্প্ৰদায়টোৰ অঙ্গীভূত। নাথ সকলে সামবেদীয় নিয়মেৰে সকলো ক্ৰিয়াকাণ্ড সমাপন কৰে। নাথ -যোগীসকল জন্মসূত্ৰে শৈৱ। তেওঁলোকৰ মাজত নাথ’(গৰাকী) উপাধিৰ জৰিয়তে মহাদেৱৰ অস্তিত্ব আৰু দেৱী’ উপাধিৰ জৰিয়তে দেৱী পাৰ্বতীৰ অস্তিত্ব স্বীকাৰ কৰে আৰু সেই অনুসৰি নাথ (পুৰুষসকলে) আৰু দেৱী (মহিলা সকলে) উপাধি গ্ৰহণ কৰি আহিছে। বৰ্তমান অসমত প্ৰচলিত অন্য উপাধিও নাথ-সম্প্ৰদায়টোৰ মানুহে গ্ৰহণ কৰা দেখা যায়। তাৰে ভিতৰত মজুমদাৰ, ৰায়, দেৱনাথ, মহাজন, বৰা, চহৰীয়া, শইকীয়া, শৰ্মা, ভূঞা, চৌধুৰী, গোস্বামী, হাজৰিকা, চক্ৰৱৰ্তী আদি প্ৰধান। সামবেদীয় নিয়ম অনুসাৰে নাথসকলে দশকৰ্ম কৰাৰ নিয়ম। সেই দশ কৰ্ম হ’লঃ

  1. গৰ্ভধান,
  2. পুংসবন,
  3. সীমান্তোন্নয়ণ,
  4. জাতকৰ্ম,
  5. নামকৰণ,
  6. নিস্ক্ৰমন,
  7. অন্নপ্ৰাসন,
  8. চূড়াকৰণ,
  9. উপনয়ন আৰু
  10. বিবাহ

পৰম্পৰাগত নিয়ম অনুসাৰে নাথ-যোগীসকলে মৃতকৰ সমাধি দিয়াৰ নিয়ম। অৱশ্যে এই নিয়ম সন্ন্যাসী যোগীৰ বাহিৰে বাকী যোগীৰ মাজত বৰ্তমান শিথিল। যোগীসকলৰ অশৌচ দহ দিনীয়া হয়। জন্ম বা মৃত্যু দুয়োটাৰে অশৌচ দহদিনীয়াকৈ পালন কৰে।

গোৰক্ষনাথ পন্থীৰ মতে নৱনাথ হৈছে একনাথ, আদিনাথ, মৎসেন্দ্ৰনাথ,উদৰনাথ, দত্তনাথ, সত্যনাথ, কুৰ্মনাথ, জলন্ধৰণাথ, সন্তোষনাথ। কোনো কোনোৰমতে এই নৱনাথ হৈছে: মৎসেন্দ্ৰনাথ, গোৰক্ষনাথ, জলন্ধৰণাথ,কানুসানাথ, ভৰ্তিহৰিনাথ, বেৰণনাথ, নাগনাথ (নাগাৰ্জুন), চপটনাথ, গহিণীনাথ। বিভিন্ন গ্ৰন্থত নৱনাথ নামৰ পাৰ্থক্য দেখা যায়। গোৰক্ষ সিদ্ধান্ত সংগ্ৰহত’ আছে-আদিনাথ, উদয়নাথ, সত্যনাথ, সন্তোষনাথ, গজকৰ্ণনাথ, অওঘোৰনাথ, মচ্ছেন্দ্ৰনাথ, চেৰংগনাথ তথা গোৰক্ষনাথ। এই নৱনাথসকল দেৱতাৰূপে পূজিত। মানস সৰোবৰৰ ওচৰত নয়নাথ বা নৱনাথৰ ডেবিব’ পূৰ্ণ তীৰ্থভূমি।

ভাৰতবৰ্ষৰ সকলো ৰাজ্য, প্ৰদেশ, সকলো জিলাতেই নাথ যোগী সম্প্ৰদায়ৰ বসবাস। পূৰ্বতে বাংলাদেশৰ সকলো জিলাতে নাথসকলৰ ব্যাপক সংখ্যাত বসতি আছিল; বৰ্তমানেও কম-বেছি পৰিমাণে আছে। পাকিস্তানতো নাথসকলৰ অৱস্থান আছে। নেপাল, ভুটান,ছিকিম আদি ৰাজ্যত নাথসকলৰ বসবাস আছে। ভাৰতৰ ভিতৰত সকলোতকৈ বেছিসংখ্যক আছে পশ্চিমবংগত। ইয়াৰ ভিতৰত সৰ্বাধিক ২৪ পৰগণাত, তাৰ পাছত ক্ৰমান্বয়ে নদীয়া, মেদিনীপুৰ, কোচবিহাৰ, হাওৰা, কলকাতা, হুগলী, মুছিদাবাদ, বৰ্ধমান। পশ্চিমবংগৰ পিছত বেছিসংখ্যক নাথ বসবাস কৰে অসম, ত্ৰিপুৰা, পঞ্জাৱ ৰাজপুতনা, বিহাৰ, উৰিষ্যা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদিত।

নাথ-যোগী সকলৰ উপাধি

[সম্পাদনা কৰক]

নাথ বা দেৱনাথ পদবীৰ বাহিৰেও ৰুদ্ৰজ ব্ৰাহ্মণসকলৰ মাজত ভাৰতবৰ্ষত শতাধিক পদবী দেখা যায়। এই পদবীবিলাক মুছলমান তথা ইংৰাজৰ ৰাজত্বকালত পোৱা। বহু পদবী পেছা বা কৰ্মভিত্তিক। এই সমূহ হ'ল— চৌধুৰী, অধিকাৰী, কাকতি, উপধ্যায়, দেৱশৰ্মা, গোস্বামী, ৰায়,কাতনি, নিৰঞ্জন, শাস্ত্ৰী, পণ্ডিত, শিৱ, হাজৰিকা, ভৌমিক, সৰকাৰ, মাল্লিক, দালাল, মহন্ত, কবিৰাজ, সুী, পাণ্ডে, মহাজন, মজুমদাৰ, পুৰী, গিৰি, মিশ্ৰ, নাথশৰ্মা, ভট্টাচাৰ্য, চক্ৰৱৰ্তী, বিশ্বাস, তালুকদাৰ, শৰ্মা, হালদাৰ, ভাৰতী, সমাদাৰ, ৰায়চৌধুৰী, ঘোষাল, সৰস্বতী, সান্যাল ইত্যাদি।

সাহিত্য

[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

শিৱক নাথ সম্প্ৰদায়ৰ আদি গুৰু বুলি কোৱা হয়। তেওঁৰ পৰাই নাথ সম্প্ৰদায়ৰ সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়। শিৱক একাধাৰে যোগী আৰু গৃহস্থী ৰূপত কল্পনা কৰা হয়।[7] যোগশাস্ত্ৰৰ লগত তেখেতৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিততে তেওঁক মহাযোগী নামেৰে অভিহিত কৰা হয়।[8] বৈদিক ধৰ্মত যজ্ঞৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’লেও, মহাকাব্যিক যুগত তপস্যা, যোগ আৰু কৃচ্ছ্ৰসাধনাই অধিকতৰ গুৰুত্ব পাবলৈ আৰম্ভ কৰে। যোগীবেশত শিৱৰ কল্পনাৰ আবিৰ্ভাৱ সেইবাবে অপেক্ষাকৃতভাবে পৰৱৰ্তীকালতহে ঘটিছিল।[9]

গৃহস্থী ৰূপত তেওঁ পাৰ্বতীৰ স্বামী আৰু গণেশ আৰু কাৰ্তিক নামৰ দুই পুত্ৰৰ জনক। পাৰ্বতী বা উমা তেখেতৰ স্ত্ৰী বুলিয়েই তেওঁক উমাপতি, উমাকান্ত বা উমাধব নামেৰেও অভিহিত কৰা হয়।[10][11][12] শিৱৰ স্ত্ৰী পাৰ্বতী বিশ্বজননী বা মহাশক্তি। গৃহস্থী ৰূপত শিৱই নিজ পত্নীক ভালপায় আৰু শ্ৰদ্ধা কৰে। শিৱ এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।

মৎস্যেন্দ্ৰনাথ

[সম্পাদনা কৰক]

মৎস্যেন্দ্ৰনাথ,(পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিক ভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়। তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত। তেওঁক ৮৪ মহাসিদ্ধৰ মাজৰ এজন বুলি ধৰা হয় আৰু গোৰক্ষনাথৰ গুৰু বুলি জনা যায়। মীননাথক হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰে সাধু বুলি কোৱা হয়। কোনো কোনোৱে তেওঁক অবলোকিতেশ্বৰৰ অৱতাৰ বুলি বিশ্বাস কৰে।

গোৰক্ষনাথ

[সম্পাদনা কৰক]

গোৰক্ষনাথ বা গোৰখনাথ, এগৰাকী হিন্দু যোগী, সন্ন্যাসী আছিল। তেওঁ ভাৰতত নাথ পন্থৰ প্ৰৱৰ্তন কৰিছিল। গোৰক্ষনাথক মৎস্যেন্দ্ৰনাথৰ দুগৰাকী প্ৰধান শিষ্যৰ মাজৰ এগৰাকী বুলি ধৰা হয়। তেওঁৰ অনুৰাগী সকল ভাৰতৰ মহাৰাষ্ট্ৰৰ গৰ্ভগিৰী নামৰ অঞ্চলত বসবাস কৰি আহিছে। এই সকলক যোগী বা গোৰখনাথী, দৰ্শনি বা কাণফটা, সিদ্ধযোগী বুলি জনা যায়। নগৰাকী যোগগুৰু বা নৱনাথৰ মাজৰ এগৰাকী হিচাপে গোৰক্ষনাথৰ নাম লোৱা হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Nesbitt 2014, পৃষ্ঠা 360–361
  2. 2.0 2.1 Jones & Ryan 2006, পৃষ্ঠা 308
  3. 3.0 3.1 Mallinson, James (2011) 'Nāth Saṃpradāya.' In: Brill Encyclopedia of Hinduism Vol. 3. Brill, pp. 407-428.
  4. পাণিনি. ধাতুপাঠ. 
  5. Mallinson 2012, পৃষ্ঠা. 407-421.
  6. Muller-Ortega 2010, পৃষ্ঠা. 36-37.
  7. For the contrast beteween ascetic and householder depictions, see: Flood (1996), pp. 150-151.
  8. For name Mahāyogi and associations with yoga, see, Chakravarti, pp. 23, 32, 150.
  9. For the ascetic yogin form as reflecting Epic period influences, see: Chakravarti, p. 32.
  10. For Umāpati, Umākānta and Umādhava as names in the Shiva Sahasranama literature, see: Sharma 1996, পৃষ্ঠা 278.
  11. For Umā as the oldest name, and variants including Pārvatī, see: Chakravarti, p. 40.
  12. For Pārvatī identified as the wife of Shiva, see: Kramrisch, p. 479.