গোৰক্ষনাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গোৰক্ষনাথ

পদ্মাসনত যোগ সাধনা কৰি থকা ৰূপত গোৰক্ষনাথৰ মূৰ্তি
উপাধি/সন্মান মহাযোগী
প্ৰতিষ্ঠাপক নাথ আশ্ৰম আৰু মন্দিৰ
Sect associated শৈৱ (নাথ সম্প্ৰদায়)
গুৰু মৎস্যেন্দ্ৰনাথ
দৰ্শন হঠ যোগ

গোৰক্ষনাথ বা গোৰখনাথ,[1]এগৰাকী হিন্দু যোগী, সন্ন্যাসী আছিল। তেওঁ ভাৰতত নাথ পন্থৰ প্ৰৱৰ্তন কৰিছিল। [2] গোৰক্ষনাথক মৎস্যেন্দ্ৰনাথৰ দুগৰাকী প্ৰধান শিষ্যৰ মাজৰ এগৰাকী বুলি ধৰা হয়। তেওঁৰ অনুৰাগী সকল ভাৰতৰ মহাৰাষ্ট্ৰৰ গৰ্ভগিৰী নামৰ অঞ্চলত বসবাস কৰি আহিছে। এই সকলক যোগী বা গোৰখনাথী, দৰ্শনি বা কাণফটা, সিদ্ধযোগী বুলি জনা যায়[3]

নগৰাকী যোগগুৰু বা নৱনাথৰ মাজৰ এগৰাকী হিচাপে গোৰক্ষনাথৰ নাম লোৱা হয়। তেওঁ মহাৰাষ্ট্ৰৰ এগৰাকী জনপ্ৰিয় গুৰু[4] সন্ত চৰিতত তেওঁক এগৰাকী মানৱ গুৰুতকৈয়ো উৰ্ধত বুলি বৰ্ণনা কৰিছে। যি সময়ে সময়ে পৃথিৱীত কোনো উদ্দেশ্য সিদ্ধিৰ বাবে মহান আত্মা হিচাপে জন্ম গ্ৰহণ কৰে। বা অৱতাৰী পুৰুষ।

গোৰক্ষনাথক মহাযোগী বুলি কোৱা হয়। [5] তেওঁ কোনো এক নিৰ্দিষ্ট আধ্যাত্মিক সিদ্ধান্ত বা কোনো বিশেষ সত্যৰ ওপৰত দৃঢ়তা প্ৰকাশ কৰা নাই, তেওঁৰ মতে সত্যৰ সন্ধান আৰু আধ্যাত্মিক জীৱন সাধাৰণ জীৱনতকৈ মূল্যবান। [5] তেওঁ যোগ, আধ্যাত্মিক অনুশাসন আৰু আত্মনিৰ্ণয়ক নৈতিক জীৱনৰ সফলতাৰ বাহক বা সত্য হিচাপে গ্ৰহণ কৰিছিল। [5]

গোৰক্ষনাথ, তেওঁৰ দৰ্শন, আৰু যোগ সাধনা সাধাৰণ লোকৰ মাজত যথেষ্ট জনপ্ৰিয়। ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত তেওঁ মঠ-মন্দিৰ আদি নিৰ্মিত হৈছে।[6][7]ইয়াৰোপৰি নাথ-যোগী সম্প্ৰদায়ৰ লোকে গোৰক্ষ জয়ন্তী উদযাপন কৰি তেওঁৰ হৈ যজ্ঞ আদি অনুষ্ঠিত কৰে।

জন্মস্থান[সম্পাদনা কৰক]

গোৰক্ষনাথৰ জন্মস্থান সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণেৰে মতামত আগবঢ়াইছে। “যোগী সম্প্ৰদায় বিস্তৃতি” নামৰ গ্ৰন্থত গোৰক্ষনাথৰ জন্মস্থান গোদাবৰীৰ ওচৰৰ চন্দ্ৰগিৰি বুলি কোৱা হৈছে। কাণফটা যোগী সকলৰ মতে গোৰক্ষনাথৰ জন্মস্থান বৰ্তমান পাকিস্থানৰ ঝিলাম জিলাৰ যোগীটিল্লা অঞ্চলত।[8] জৰ্জ ব্ৰীগছৰ মতে এওঁ পঞ্জাৱৰ বাসিন্দা[9]। বাবা ৰতন নাথৰ শিষ্যসকলৰ মতে গোৰক্ষনাথৰ জন্মস্থান পেচোৱাৰ (বৰ্তমান পাকিস্থান)। পাকিস্থানৰ ৰাৱালপিণ্ডিতো গোৰক্ষপুৰ নামৰ এখন গাঁও আৰু পীঠস্থান আছে।[10] “গোৰক্ষ সহস্ৰনাম স্তোত্ৰ” নামৰ গ্ৰন্থত গোৰক্ষনাথৰ জন্মস্থান বড়ৱদেশ বুলি উল্লেখ আছে। ড° হজাৰী প্ৰসাদ দ্বিবেদীৰ মতে গোদাবৰী নদীৰ সমীপৰ অঞ্চলটোৱেই বড়ৱদেশ। ড° সুনীতি কুমাৰ চেটাৰ্জী, জৰ্জ খ্ৰীয়াৰচৰ্চন, ড° কল্যাণী মল্লিক, এল.পি. টেচিণ্টী, চি. আৰু স্থূলপন্যগাল আদি পণ্ডিতৰ মতেও অবিভক্ত পঞ্জাৱৰে কোনো ঠাইত গোৰক্ষনাথৰ জন্ম হৈছিল। টেচিণ্টীৰ মতে পঞ্জাৱৰ জলন্ধৰ অঞ্চলেই গোৰক্ষনাথৰ জন্মস্থান।

জন্মৰ সময়[সম্পাদনা কৰক]

গোৰক্ষনাথৰ আৱিৰ্ভাৰ সময় সম্পৰ্কে বিভিন্ন মতভেদ আছে। তথাপিও অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত গোৰক্ষনাথৰ আৱিৰ্ভাৱ হয় বুলি অনুমান কৰা হৈছে। নেপালৰ ৰজা নৰেন্দ্ৰদেৱৰ সময়ত প্ৰায় সপ্তম শতিকাত গোৰক্ষনাথৰ অৱস্থিতিৰ আভাস পোৱা যায় বুলি কোৱা হয়।[11] আন এখন গ্ৰন্থত গোৰক্ষ নাথ সপ্তম শতিকাৰ ৰজা শালিবাহনৰ সময়ৰ বুলি উল্লেখ আছে।[12] মণিৰ উইলিয়ামছৰ মতে গোৰক্ষনাথ দশম শতিকাৰ লোক।[13] ড° মোহন সিং, জৰ্জ আব্ৰাহাম গ্ৰীয়াৰচনে গোৰক্ষ বোধ, কৌলজ্ঞান নিৰ্ণয়, তন্ত্ৰালোক আদি গ্ৰন্থৰ ভিত্তিত গোৰক্ষনাথক একাদশ শতিকাৰ যোগগুৰু বুলি উল্লেখ কৰিছে। গোৰক্ষ নাথক কবীৰ আৰু গুৰু নানকৰ সমসাময়িক বুলিও কোৱা হয়।[14]

বিশেষ ৰচনাৱলী[সম্পাদনা কৰক]

গোৰক্ষনাথ বিৰচিত সংস্কৃত গ্ৰন্থ সমূহ হৈছে:[15] যোগাবীজ, হাড়মালা, অমনস্কযোগ, বিবেক মাৰ্তণ্ড, গোৰক্ষবোধ, অমৰৌঘ শাসনম্, শিৱযোগ সাৰ, যোগ চুড়ামণি, জ্ঞান তিলক আদি।

গোৰক্ষনাথ মঠ[সম্পাদনা কৰক]

গোৰক্ষনাথ মন্দিৰ, গোৰখপুৰ

গোৰক্ষনাথ মঠ নাথ সংপ্ৰদায়ৰ মধ্যযুগীয় সাধক গোৰক্ষনাথ(একাদশ শতাব্দীৰ)ৰ নাম অনুসাৰে প্ৰতিষ্ঠিত নাথ সন্ন্যাসী সকলৰ এক বিহাৰ স্বৰূপ। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এই মঠটো তথা চহৰ খনৰ নাম গোৰক্ষনাথৰ নাম অনুসৰিয়ে নামাকৰণ কৰা হৈছে। এই মন্দিৰটোৱে বিভিন্ন সাংস্কৃতিক তথা সামাজিক ক্ৰিয়াকলাপ সম্পাদন কৰাৰ লগতে চহৰখনৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপেও কাম কৰে। এই মঠটিৰ পৰিচালনা পৰিষদে গোৰক্ষনাথৰ দৰ্শনৰ ওপৰত বিভিন্ন গ্ৰন্থও প্ৰকাশ কৰিছে[16]

প্ৰভাৱ[সম্পাদনা কৰক]

কোনো কোনো পণ্ডিতে হঠযোগৰ উৎপত্তি নাথ যোগী সকল বিশেষকৈ গোৰক্ষনাথ আৰু তেওঁৰ গুৰু মৎসেন্দ্ৰনাথৰ দ্বাৰা হোৱা বুলি মত ব্যক্ত কৰে।[17][18][19] ব্ৰিটিছ আদৰ্শবিদ জেমছ মেলিনচনৰ মতে এই তথ্যটো সত্য নহয়।[18] তেওঁৰ মতে, হঠযোগৰ উৎপত্তিৰ সম্পৰ্ক দত্তাত্ৰেয়ৰ[20] অদ্বৈত বেদান্তৰ[21] দশনামী সম্প্ৰদায়ৰে যুক্ত হোৱাহে যুক্তিপূৰ্ণ। [22]

যোগ আৰু সংগীত সাধক তথা অধ্যয়নৰ হেতু পৰিচিত ধৰ্মীয় অধ্যয়নৰ অধ্যাপক গাই বেকৰ মতে হঠযোগৰ উৎস বিষয়টো এটা বিতৰ্কিত বিষয়। "গোৰক্ষনাথ, কানফটা আৰু হঠযোগৰ মাজত থকা সম্পৰ্কটো প্ৰশ্নবিদ্ধ নহয়।" [23]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Bruce M. Sullivan (1997). Historical Dictionary of Hinduism. Scarecrow Press. পৃষ্ঠা. 96, 149. ISBN 978-0-8108-3327-2. https://books.google.com/books?id=cvhGP8NRx4QC. 
  2. Briggs 1938, পৃষ্ঠা. 228.
  3. Briggs 1938, পৃষ্ঠা. 1.
  4. Briggs 1938, পৃষ্ঠা. 228–250.
  5. 5.0 5.1 5.2 Akshaya Kumar Banerjea 1983, পৃষ্ঠা. 23–25.
  6. White, David Gordon (2012), The Alchemical Body: Siddha Traditions in Medieval India, University of Chicago Press, pp. 7–8 
  7. David N. Lorenzen and Adrián Muñoz (2012), Yogi Heroes and Poets: Histories and Legends of the Naths, SUNY Press, আই.এচ.বি.এন. 978-1438438900, pp. x–xi
  8. Dr. Mohan Sing (1937). Gorakhnath and Medieval Hindu Mysticism. Dr. Mohan Singh, Oriental College, Lahor. পৃষ্ঠা. ২২-২৩. 
  9. George Weston Briggs (1938). Gorakhnath and the Kanphata Yogis. YMCA Publishing House, Calcutta - 1938. 
  10. ৰাজগুৰু যোগীবংশ. পৃষ্ঠা. ১৯৪. 
  11. Sylvain. "Le Nepali". পৃষ্ঠাসমূহ: 347. 
  12. Charles Swynnerton. "Romantic Tales from the Punjub". পৃষ্ঠাসমূহ: 812-14. 
  13. Moniar Williams. "Religious Thought and Life in India". পৃষ্ঠাসমূহ: 267. 
  14. H.H. wilson. "Religious sects of Hindus". পৃষ্ঠাসমূহ: 213. 
  15. প্ৰশান্ত নাথ (২০০৫). নাথধৰ্ম-দৰ্শন আৰু সংস্কৃতি. প্ৰকাশক গুৱাহাটী-১: নাথ-সাহিত্য পৰিষদ, অসম. পৃষ্ঠা. ১০১. 
  16. Akshaya Kumar Banerjea 1983, পৃষ্ঠা. সাঁচ:Pn.
  17. "Hatha Yoga". Encyclopædia Britannica. 2007. https://www.britannica.com/topic/Hatha-Yoga. 
  18. 18.0 18.1 James Mallinson (2014). The Yogīs’ Latest Trick. Journal of the Royal Asiatic Society (Third Series), 24, pp. 165–180. doi:10.1017/S1356186313000734, Quote: "That these Nāth Yogīs were the originators and foremost exponents of haṭhayoga is a given of all historical studies of yoga. But these Yogīs were in fact the willing and complicit beneficiaries of the semantic confusion which has caught out White and many other scholars."
  19. Gerald James Larson, Ram Shankar Bhattacharya & Karl H. Potter 2008, পৃষ্ঠা. 140.
  20. James Mallinson 2012, পৃষ্ঠা. 26–27.
  21. James Mallinson 2011, পৃষ্ঠা. 331–332 with footnote 22.
  22. James Mallinson 2012, পৃষ্ঠা. 26–27, Quote: "Thee key practices of hathayoga—including complex, non-seated āsanas [...] whose first descriptions are found in Pāñcarātrika sources—originated among the forerunners of the Dasnāmīs and Rāmānandīs.".
  23. Guy L. Beck 1995, পৃষ্ঠা. 102–103.

বৰ্হি সংযোগ[সম্পাদনা কৰক]