উত্তৰ গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
উত্তৰ গুৱাহাটী
—  নগৰ  —
উত্তৰ গুৱাহাটী is located in Assam
উত্তৰ গুৱাহাটী
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°11′N 91°43′E / 26.18°N 91.72°E / 26.18; 91.72স্থানাংক: 26°11′N 91°43′E / 26.18°N 91.72°E / 26.18; 91.72
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ জিলা
উচ্চতা ৩৩ মিটাৰ (১০৮.২৬৭৭১৬৫৩৫৪৩ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৬,১৩১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 781 XXX
ৱেবছাইট kamrup.nic.in

উত্তৰ গুৱাহাটী অসমকামৰূপ জিলাৰ অন্তৰ্গত এখন সৰু নগৰ।

ইতিহাস[সম্পাদনা কৰক]

উত্তৰ গুৱাহাটীক দুৰ্জয় বুলিও জনা যায়, যি পাল সাম্ৰাজ্য[1] ঐতিহাসিক কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। মধ্যযুগৰ আৰম্ভণিভাগত ঠাইখিনিক কামৰূপ নগৰ বুলিও জনা গৈছিল। উত্তৰ গুৱাহাটী পৌৰাণিক মন্দিৰ, পথ, দলং, দুৰ্গ আৰু পৰিকল্পিত খাৱৈৰে পৰিপূৰ্ণ হৈ আছে। অশ্বক্লান্ত পাহাৰ ওপৰত দুটা মন্দিৰ অৱস্থিত। ওপৰ ভাগত অৱস্থিত মন্দিৰত অনন্ত শয্যাত থকা অৱস্থাত বিষ্ণুৰ চিত্ৰ আছে। এয়া প্ৰায় দ্বাদশ শতিকাৰ আৰম্ভণিৰ কামৰূপৰ ভাস্কৰ্য শিল্পৰ উত্তম নিদৰ্শন। এই নগৰৰ পশ্চিম ভাৰ্ক শিলসাঁকো বুলি কোৱা হয়। এই অঞ্চলত থকা সৰু জানৰ ওপৰত এতিয়াও বিদ্যমান শিলেৰে সজোৱা সাঁকোৰ নামেৰেই এই ঠাইৰ নাম শিলসাঁকো। এই নগৰৰ পূৱ ভাগৰ নাম ৰজাদুৱাৰ, যিয়ে এই অঞ্চলত ৰজাৰ প্ৰাসাদ থকাৰ প্ৰমাণ কৰে। ৰজাদুৱাৰৰ দুমাইল উত্তৰে ৰাংমহল গাঁওত ধৰ্মপালৰ দ্বিতীয় তামৰ ফলি উদ্ধাৰ হৈছিল। এয়াই অন্য এক ইংগিত দিয়ে যে সেই সময়ত উত্তৰ গুৱাহাটীত ৰাজধানী আছিল। ৰজাদুৱাৰত থকা ১১২৭ শকৰ শিলালিপিয়ে টুৰ্কী সেনা মহম্মদ বুখটিয়াৰৰ পতনৰ প্ৰমাণ কৰে। উত্তৰ গুৱাহাটী ধৰ্ম পালৰ সময়ৰ পৰাই একে লেথাৰিয়ে প্ৰায় খ্ৰীষ্টীয় ১২৬০ চন মানলৈ ৰাজধানী আছিল যদিও পিছলৈ এই ৰাজধানী পশ্চিমলৈ স্থানান্তৰিত হৈছিল। ৰজাদুৱাৰৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা টিলাত উদ্ধাৰ হোৱা শিলত কটা লিপিয়ে ষোল্ল শতিকাৰ প্ৰখ্যাৎ কামৰূপী কবি শ্ৰী চন্দ্ৰ ভাৰতীৰ সেই ঠাইত মৃত্যুৰ উমান দিয়ে। [2]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে উত্তৰ গুৱাহাটী 26°11′N 91°43′E / 26.18°N 91.72°E / 26.18; 91.72.[3]ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় 54 মিটাৰ৷

জনগাথঁনি[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ গুৱাহাটীৰ মুঠ জনসংখ্যা ১৬,১৩১ জন[4] ৷ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ৷ উত্তৰ গুৱাহাটীৰ গড় সাক্ষৰতাৰ হাৰ ৭৩% ৷ এই হাৰ ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৮% আৰু ৬৮%৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

উত্তৰ গুৱাহাটীৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে৷

শিক্ষা[সম্পাদনা কৰক]

উত্তৰ গুৱাহাটীত অৱস্থিত প্ৰধান শিক্ষানুষ্ঠান সমূহ হ'ল:

ৰাজনীতি[সম্পাদনা কৰক]

উত্তৰ গুৱাহাটী গুৱাহাটী (লোকসভা সমষ্টি) আৰু জালুকবাৰী (বিধানসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

উত্তৰ গুৱাহাটী ওপৰোক্ত ঐতিহাসিক মঠ মন্দিৰেৰে ঠাহ খাই আছে। দীৰ্ঘেশ্বৰী দেৱালয়ৰ দেৱী দুৰ্গাৰ উপাসনা কৰা হয়। সেউজ বননি আৰু বোৱতী জুৰিৰে এই স্থান বনভোজৰ বাবেও এক উৎকৃষ্ঠ ঠাই। ঠিক সেইদৰে মণিকৰ্ণেশ্বৰ দেৱালয় ব্ৰহ্মপুত্ৰৰ গৰাত থকা টিলাত অৱস্থিত এক সুন্দৰ ঠাই আৰু অশ্বক্লান্ত দেৱালয় ও ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত।

বৰ্তমান সময়ত উত্তৰ গুৱাহাটীত বহুতো কল-কাৰখানা আৰু উদ্যোগে গঢ় লৈ উঠিছে।

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. North East India History Association, Proceedings of North East India History Association 
  2. Kanak Lal Barua, Early History of Kamarupa (1933)
  3. Falling Rain Genomics, Inc - North Gauhati
  4. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 

লগতে চাওক[সম্পাদনা কৰক]