ৰুদ্ৰেশ্বৰ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰুদ্ৰেশ্বৰ দেৱালয়

ৰুদ্ৰেশ্বৰ দেৱালয় বা ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মান কৰাইছিল। এই দেৱালয় আহোম-মোগল মিশ্ৰিত স্থাপত্যশৈলীৰ উৎকৃষ্ট নিদৰ্শন।

ইতিহাস[সম্পাদনা কৰক]

স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে জীৱনৰ বিয়লি বেলাত আহোম ৰাজ্য পশ্চিমলৈ কৰতোৱা নদীলৈ বিস্তাৰিত কৰিবলৈ বিচাৰিছিল। বৰ্তমান পশ্চিম বংগ আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এই নদী প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা আছিল। সেই সময়ত বংগ মোগলৰ অধীনত আছিল। সেয়ে তেওঁ মোগল সম্ৰাজ্যৰ বিৰুদ্ধে সৈন্যবাহিনী গোটাইবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পাহাৰ ভৈয়ামৰ প্ৰায় ৪,০০,০০০ সন্য গুৱাহাটীত গোট খাইছিল। আহোমৰ লগত কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ ৰজায়েও এই অভিযানত যোগ দিছিল। কিন্তু এই সময়তে ৰুদ্ৰ সিংহ নৰিয়াত পৰে আৰু ১৭১৪ খ্ৰীষ্টাব্দত গুৱাহাটীৰ চাউনিত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ টাই-আহোম পদ্ধতিৰ মৈদাম দিবলৈ চৰাইদেউলৈ নিয়া হৈছিল।[1] কিছুমানৰ মতে ৰুদ্ৰ সিংহক উত্তৰ গুৱাহাটীত হিন্দু ৰীতিৰে অন্তিম সংস্কাৰ কৰা হৈছিল আৰু কিছুমানৰ মতে তেওঁৰ কেৱল এটা আঙুলি ইয়াত হিন্দু ৰীতিৰে সংস্কাৰ কৰা হৈছিল।[2] তেওঁৰ দ্বিতীয় পুত্ৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত পিতৃৰ স্মৃতিত তেওঁৰ নামেৰে ভগৱান শিৱৰ মন্দিৰ নিৰ্মান কৰাইছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ স্থানতে এই দেৱালয় নিৰ্মান কৰা হৈছিল।[3] ১৭৪৯ খ্ৰীষ্টাব্দত এই মন্দিৰৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হয়। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষৰ গাঁৱৰ নাম ৰুদ্ৰেশ্বৰ হ'ল। স্বৰ্গদেউয়ে মন্দিৰৰ ৰক্ষণা-বেক্ষণৰ বাবে মন্দিৰৰ নামত ভূমিদান কৰিছিল।[2]

গঠন আৰু স্থাপত্য[সম্পাদনা কৰক]

মধ্যযুগৰ পিছৰচোৱা সময়ত দেৱোত্তৰ ভূমিৰ ওপৰত এই শিৱ মন্দিৰটো সজোৱা হৈছে। মন্দিৰটোৰ দুটা বেলেগ বেলেগ ধৰণৰ গাঁঠনি আছে, যেনে- বৰ্গক্ষেত্ৰ আকাৰৰ এখন ওখ মঞ্চ আৰু তাৰ ওপৰত মণ্ডপৰ সৈতে এটা মন্দিৰ। মাটিৰ ওপৰৰ নক্সাখন বৰ্গক্ষেত্ৰ আকাৰৰ আৰু তাৰে ভিতৰত প্ৰদক্ষিণ কৰিব পৰাকৈ এটা পদপথ। ওপৰ মহলাত শিখৰটোক আৱৰি ধৰি মন্দিৰক প্ৰদক্ষিণ কৰিব পৰাকৈ এটা মুকলি পদপথ আছে। এই গাঁঠনিটোৱে মোগল যুগৰ কীৰ্তিস্তম্ভৰ নিদৰ্শন ধৰিব পাৰি। এই অৱয়বটো প্ৰধানকৈ এটা মন্দিৰ আৰু এটা কীৰ্তিস্তম্ভৰ সংমিশ্ৰণ। মাটিৰ পৰা ওপৰৰ মন্দিৰলৈ যাবলৈ বুলি এটা খটখটি বনাই থোৱা আছে। ওপৰৰ মহলাটো মুকলি ঠাই এটুকুৰাই আগুৰি আছে যাতে মন্দিৰটো প্ৰদক্ষিণ কৰিব পৰা যায়। এটা সৰু কীৰ্তিস্তম্ভৰ লগতে মন্দিৰটো থকা অসমত এইটোৱে একমাত্ৰ ভাস্কৰ্য্য। মন্দিৰখনৰ পুৰণি শিখৰটো বৰ্তমানে নাই। মন্দিৰখনত মাটিৰ তলত এটা কোঠা আছে আৰু ইয়াৰ প্ৰৱেশদ্বাৰ মন্দিৰৰ সন্মুখত অৱস্থিত।[2]

ৰুদ্ৰেশ্বৰ দেৱালয়ৰ মাটিৰ তলৰ কোঠালিৰ প্ৰৱেশদ্বাৰ

এই কোঠা কি কামত ব্যৱহাৰ হৈছিল জনা নাযায় যদিও ইয়াক খাদ্য আৰু অন্যান্য লাগতিয়াল সামগ্ৰী ৰখা ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হয়। এই কোঠাৰ ঠিক ওপৰতে মন্দিৰ মূল মণিকূটত শিৱলিংগ অৱস্থিত। মন্দিৰত বতাহ চলাচল কৰিব পৰা আৰু পানী ওলাই যাব পৰা সুন্দৰ ব্যৱস্থা আছে। মন্দিৰখনৰ চাৰিওফালে ইটাৰ বেৰ আছে। ইয়াত দুটা আহোম যুগৰ শিলালিপি উদ্ধাৰ হৈছে আৰু বৰ্তমান যাদুঘৰত সংৰক্ষণৰ বাবে ৰখা হৈছে। মন্দিৰৰ কাষতে কুঁৱৰী পুখুৰী নামেৰে এটা পুখুৰী আছে। স্থানীয় লোকৰ মতে ইয়াত ৰুদ্ৰ সিংহয়ে চাউনিত থাকোঁতে ৰাণী আৰু কুঁৱৰী সকলে ইয়াত গা ধুইছিল।

কুঁৱৰী পুখুৰী

কুঁৱৰী পুখুৰীৰ পূবত হিলৈধাৰী পুখুৰী নামেৰে আন এটা পুখুৰী আছে।[2]

বৰ্তমান স্থিতি[সম্পাদনা কৰক]

আহোম ৰাজ্যৰ পতনৰ পিছত অসমত ব্ৰিটিছ শাসন আৰম্ভ হয়। এই কালছোৱাত দেৱালয়খনে ভূমি আৰু ৰাজ সাহায্য হেৰুৱাইছিল। ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্পত ইয়াৰ বিস্তৰ ক্ষতি সাধন হৈছিল। পিছলৈ মন্দিৰখনৰ ওপৰৰ অংশ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হল। স্থানীয়লোকে ইয়াৰ মণিকূট আকৌ নিৰ্মান কৰিছিল। বৰ্তমান ই ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ দ্বাৰা ঐতিহাসিকস্থল হিচাপে স্বীকৃতিপ্ৰাপ্ত। ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ আৰু অসম চৰকাৰে ইয়াৰ মেৰামতিৰ কাম হাতত লৈছে যদিও সম্পূৰ্ণ হোৱা নাই।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 180-181.
  2. 2.0 2.1 2.2 2.3 2.4 Sarma Siva Mahatirtha Asom published by Utpal Hazarika on behalf of Bani Mandir first edition 2007 Guwahati pp 93-94.
  3. Neog Dr. Maheswar Pavitra Asam or The Sacred Assam 4th edition 2008 Kiran Prakashan, Dhemaji page 264-265.