সমললৈ যাওক

ভৈৰৱী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৈৰৱী মন্দিৰ

ভৈৰৱী মন্দিৰৰ বাটচ'ৰা
নাম
অন্য নাম মাইথান
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ
এলেকা কলিবাৰী, তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ-দেৱী ভৈৰৱী
প্ৰধান উৎসৱ দুৰ্গা পূজা
স্থাপত্য শৈলী অসমীয়া
ইতিহাস
প্ৰতিস্থাপক অজ্ঞাত

ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল[1]। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে। ভৈৰৱীৰপৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে।[2]

ভৈৰৱী দেৱীক ইয়াত পূজা কৰা হয়, কিয়নো তেওঁ দুৰ্গা দেৱীৰ মহাবিদ্যাৰ অন্যতম। মন্দিৰটোৰ পৃষ্ঠভূমিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কলীয়াভোমোৰা সেতুৰ দিশে দৃশ্য দেখা যায়। এই স্থানটো স্থানীয়ভাৱে ভৈৰৱী দেৱালয় নামেও পৰিচিত। কিমানিপা কিম্বদন্তী অনুসৰি, শক্তিশালী অসুৰ ৰাজা বাণাসুৰৰ জীয়াৰী উষাই নিয়মিতভাৱে ইয়ালৈ আহি দেৱীৰ পূজা কৰিছিল।[3][1] এই স্থানৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত বামুণি পাহাৰ অৱস্থিত, য'ত বহু শতিকা পুৰণা ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ দেখা পোৱা যায়। এই প্ৰাসাদত ব্যৱহাৰ কৰা পাথৰ শিল্পকৃতি নবম শতিকা কালৰ বুলি ধৰা হয়। অনুৰূপভাৱে, প্ৰায় ৪০০ বছৰ পুৰণা ভৈৰৱী মন্দিৰটো এক ভূমিকম্পৰ ফলত অলপ বেঁকা হৈ পৰিছে আৰু ওচৰৰ এটা দালানৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তৰ দ্বিতীয় আৰু তৃতীয় মহলৰ খুঁটাত ফাট ধৰি ছাঁতৰ অংশ খহি পৰিছে। এই ক্ষতিসাধনৰ পিছত ধৰ্মীয় আচাৰ–অনুষ্ঠান তথা দৈনিক পূজা-ক্ৰিয়াকলাপ বন্ধ হৈ পৰে।[4]

ভৈৰৱী মন্দিৰটো ভৰলী নদীৰ ওচৰত অৱস্থিত।[5]

ব্যৱস্থাপনা

[সম্পাদনা কৰক]

মন্দিৰখনৰ ব্যৱস্থাপনা চৰকাৰৰ তৰফৰ পৰা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা চলোৱা হয় আৰু মন্দিৰখন তেজপুৰৰ বৰঠাকুৰ পৰিয়ালৰ (শ্ৰী দিলীপ বৰঠাকুৰ, শ্ৰী বাৰেণ্য ৰঞ্জন বৰঠাকুৰ, আৰু শ্ৰী আদিত্য প্ৰকাশ বৰঠাকুৰ) অধীনত। ইয়াত এতিয়াও নিয়মিতভাৱে ছাগলী, হাঁহ, পৰাই আদি বলি দিয়া হয়। দুৰ্গা পূজা ইয়াত অতি ঐশ্বৰ্য্যৰে উদযাপন কৰা হয়।

মন্দিৰলৈ প্ৰৱেশ কৰিবলৈ এখন দীঘল সিঁড়িৰে উঠিব লগা হয় যি মূল পথৰ পৰা মন্দিৰলৈ যায়। ইয়াত ঘিঅৰ দীপ, মিঠাই, ফল-মূল আদি ক্ৰয়ৰ সুবিধা আছে যি পূজাৰ সময়ত দেৱীত অৰ্পণ কৰা হয় আশীৰ্বাদৰ বাবে। এই স্থানটো এক অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যৰ স্থান আৰু দেৱীত উপনীত হোৱাৰ এক পথ। ভৈৰৱী মন্দিৰ এটা সিদ্ধপীঠ হিচাপে জনাজাত, য'ত ভক্তসকলে মনৰ কামনা প্ৰকাশ কৰি দেৱীৰ আশীৰ্বাদ লাভ কৰে।[6]

আৰু চাওক

[সম্পাদনা কৰক]

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]
ভৈৰৱী মন্দিৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 81–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA81 আহৰণ কৰা হৈছে: 18 February 2013. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Mitra2011" defined multiple times with different content.
  2. সম্পাদক-ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১৭৬.
  3. "Sonitpur - HISTORY". VaradhiGlorious India. http://www.gloriousindia.com/places/as/sonitpur.html আহৰণ কৰা হৈছে: 1 July 2015.
  4. Prakash Adhikari, Nuwakot. "Nuwakot palace ravaged". Kantipur Digital Corp.kathmandupost.ekantipur. http://kathmandupost.ekantipur.com/news/2015-05-10/nuwakot-palace-ravaged.html আহৰণ কৰা হৈছে: 15 September 2015.
  5. বিশ্বনু ৰাভা (1982). বিষ্ণু ৰাভা ৰচনাৱলী ভাগ ১. https://archive.org/details/in.ernet.dli.2015.451480.
  6. Kundalini Aghora II by Robert E. Svoboda Chapter, Eight Immortals, Page 212