সমললৈ যাওক

বুঢ়া গোঁসাই দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুঢ়া গোঁসাই দেৱালয়
স্থান
দেশ ভাৰত
ৰাজ্য অসম
এলেকা জামুগুৰি হাট, তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী অসমীয়া
ইতিহাস
প্ৰতিস্থাপক স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱ সিংহ

বুঢ়া গোঁসাই দেৱালয় তেজপুৰৰ ন-দুৱাৰ অঞ্চলৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত অৱস্থিত এটা মন্দিৰ।[1] এই দেৱালয় আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তত্ত্বাৱধানত নিৰ্মিত। পিছত ১৬৮৭ খ্ৰীষ্টাব্দত শিৱ সিংহই এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰোৱায়।[2] নন্দিকেশ্বৰ গাঁও জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগত আৰু তেজপুৰ চহৰৰ পৰা ১৪ মাইল উত্তৰ পূবত অৱস্থিত।[3]

নন্দিকেশ্বৰ গাঁৱক কেন্দ্ৰ কৰি পাৰ্শ্ববৰ্তী পোন্ধৰ-ষোল্লখন গাঁৱৰ এটা বৃহৎ অঞ্চলক প্ৰতিনিধিত্ব কৰি এই বুঢ়া গোঁসাই দেৱালয় অৱস্থিত। ভৈৰৱীৰ পৰা দিকৰাই পৰ্য্যন্ত সৌমাৰ পীঠতেই নন্দিকেশ্বৰ অৱস্থিত। বৰ্তমানৰ উজৰাচুক আৰু নন্দিকেশ্বৰ গাঁৱৰ সীমা অংশতেই এই দেৱালয়। যোগিনী তন্ত্ৰৰ মতে নন্দিকেশ্বৰ শিৱৰ আন এটা নাম। সাঁচিপতিয়া পুথি এখনত উল্লেখ থকা মতে দেৱালয় খনৰ দৌলৰ জোখ- মেৰে দৌল ২১ হাত; গহ্বৰ ৪ হাত, বাৰ ডাঠে ২ হাত, ওখকে দৌল মুধলৈ ৫ হাত, পথালি ৮ হাত, বাৰ ডাঠে মুধে ৩ হাত, পাচেদি বাৰ ডাঠে ২ হাতলৈ। দেৱালয়ৰ ঠাকুৰক দিয়া এখন অসমীয়া ভাষাৰ ফলিত উল্লেখ থকা মতে মন্দিৰত ব্যৱহাৰৰ বাবে দিয়া বস্তুৰ তালিকা- সোণৰ থুৰী ১টা, ৰূপৰ ছটি তালি-১ ২টা, অৰ্ঘা ১, কলহ ১, পিতলৰ কলহ ২, বটা ১, সোণৰ বুলায়েৰে কমণ্ডলু ১, কাঁহৰ কাহি ১,,ঘণ্টা ১, কছাৰী শৰাই ১, টৌ ১, লোৰ গছা ২, ঝৰা ২, চৰিয়া ১। দেৱালয়ৰ নামত ব্ৰহ্মোত্তৰ মাটি আছিল ১০৬৪ বিঘা, ইয়াত মন্দিৰৰ কৰ্মৰত ব্যক্তিক অৰ্পণ কৰা মাটিও যুক্ত হৈ আছে।[2] ১৯৭৮ চনত এই মন্দিৰটো অসম চৰকাৰৰ অধীনলৈ যায়। চৰকাৰী নিয়মমতে বৰ্তমান দেৱালয় পৰিচালনা কমিটিয়ে দেৱালয়খন পৰিচালনা আৰু চোৱাচিতা কৰে। চৰকাৰৰ দ্বাৰা মাজে মাজে দৌল-দেৱালয়ৰ মেৰামতি হয়। মন্দিৰৰ দক্ষিণ দিশত এটা ডাঙৰ পুখুৰী আছে। বৰ্তমান মন্দিৰৰ চাৰিওফালে পকাৰ বেৰা দিয়া আছে। অসম চৰকাৰৰ দ্বাৰা বৰ্তমান প্ৰসাদ ঘৰ, ভোগ ঘৰ, আদিৰ নিৰ্মাণ কৰোৱা হয়। খোৱাপানীৰ সু-ব্যৱস্থাৰ বাবে কুঁৱা আৰু দমকলৰ ব্যৱস্থা আছে।

শিৱক বুঢ়া বা লিঙ্গ ৰূপত বিস্তৰ ভাৱে প্ৰাচীন অসমত পূজা কৰা হৈছিল। শাস্ত্ৰত উল্লেখ আছে যে লিঙ্গ ৰূপত পূজা কৰা দেৱতা অকল শিৱ। এই বুঢ়া বা লিঙ্গই পশুপতি বা বুঢ়া গোঁসাই নামেৰে খ্যাত। পালবংশীয় ভাষাৰ উপস্থাপনৰেও শিৱ “বুঢ়া গোঁসাই” নামেৰে পৰিচিত। সেয়ে নন্দিকেশ্বৰ দেৱালয়খন বুঢ়া গোঁসাই দেৱালয় বুলিয়েই জনাজাত হৈ আহিছে।[2]

নন্দিকেশ্বৰৰ বৰ্তমান চাৰিসীমা-উত্তৰে কৰিবৰ আলি, পূবে কোৰ্চ গাঁও, দক্ষিণে বৰাচুক, গোধামৰা চুক, পশ্চিমে ভৰলী নৈ। ৰজাদিনীয়া দুখন তামৰ ফলিত নন্দিকেশ্বৰ দেৱালয়ৰ চাৰিসীমা বেলেগ বেলেগকৈ উল্লেখ আছে। এখনত উল্লেখ থকা মতে পূৱে কচুজান, পশ্চিমে ভৈৰৱ নদী, উত্তৰে দফলা পৰ্বত দক্ষিণে লৌহিত্য। সেইদৰে আনখন তামৰ ফলিত আছে উত্তৰে গৰিয়া আলি, পশ্চিমে গোধামৰা, পূৱে চূড়ামণিকা, দক্ষিণে কাৰ্যলিবা। নন্দিকেশ্বৰ অঞ্চলটো ঐতিহ্যমণ্ডিত অঞ্চল বুলি ইয়াত সিচৰিত হৈ থকা দেৱ দেৱালয়, সা-সৰঞ্জাম, বাচনৰ ভগ্নাৱশেষ,শিলামূৰ্ত্তি, খোদিত চিত্ৰ, পাট কুৱা, আদিয়ে প্ৰমাণ দিয়ে।[2] সাংখ্য দৰ্শন মতে শৈৱ যোগীসম্প্ৰদায়ৰ লগত জড়িত আছিল। পাছলৈ অনাৰ্য্য বিশ্বাসৰ পৰম্পৰাক হিন্দুকৃত কৰি মূল বস্তুবাদী আদৰ্শৰ লগত আধ্যাত্মিক ধাৰণা সংযুক্ত কৰি উচ্চবৰ্ণৰ লোকক দৌল, দেৱালয়, মন্দিৰ বোৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰিছিল। বিশেষকৈ পাছৰ যুগৰ আহোম ৰাজত্ব কালত স্বৰ্গদেউ সকলে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল। স্বৰ্গদেউ শিৱসিংহই উচ্চবৰ্ণ বাগীশ ভট্টাচাৰ্য্য পৰিয়ালক নন্দিকেশ্বৰ দেৱালয় চমজি দিয়াৰ প্ৰমাণ তামৰ ফলিত স্পষ্ট পোৱা যায়। এটি প্ৰবাদ মতে (ৰূদ্ৰপদত) এটি শিৱলিঙ্গ পাই শিৱসিংহই কলিয়াবন্ধাৰ পৰা আনি চিলাবন্ধাৰ নন্দিকেশ্বৰ দেৱালয়ৰ কাষত এঘৰ কেশৰী ব্ৰাহ্মণ বহাইছিল। এতিয়াও কেশৰী বংশৰ ব্ৰাহ্মণ আছে। নন্দিকেশ্বৰ মন্দিৰটো ১৬৮৭ খৃষ্টাব্দত শিৱসিংহই পুনৰ নিৰ্মাণ কৰিছিল। নন্দিকেশ্বৰ দেৱালয়ৰ নিয়মীয়া পূজা অৰ্চনাৰ সময়ত পূজাৰীক সহায় কৰাৰ বাবে বিভিন্ন কামৰ বাবে বিভিন্ন বিষয় নিয়োগ কৰিছিল; যেনে- চৰাচোৱা, বাৰীচোৱা ভৰালী, গায়ন বায়ন বৰা বা আদি। এই সকলে দেৱালয়ৰ ব্ৰহ্মোত্তৰ মাটিৰ (১০৬৪ বিঘা) একো অংশ খাবলৈ পাইছিল। এই সকলৰ বংশধৰ চিলাবন্ধাৰ বিভিন্ন গাঁৱত বাসবাস কৰে। ১৯৭৮চনত এই নন্দিকেশ্বৰ দেৱালয়খন অসম চৰকাৰৰ অধীনলৈ যায়।[2] নন্দিকেশ্বৰ শিৱমন্দিৰৰ ওচৰত বুঢ়ী গোঁসানীৰ থান। ইয়াত দশভূজা দুৰ্গাৰ মূৰ্তি কেতিয়া স্থাপন কৰা হৈছিল তাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই, দুই মুনি শিলাৰ ওচৰত থকা ৰুদ্ৰ পদৰ লগত সংগতি ৰাখিয়েই টঙনাজাৰতে ৰুদ্ৰপদ দেৱালয় পাতিছিল। ৰুদ্ৰপদৰ ওচৰত যেনেকৈ ভৈৰৱী, গোঁসানীৰ থান, তেনেকৈয়ে ইয়াতো নন্দিকেশ্বৰ দেৱলয়ৰ ওচৰতে বুঢ়ী গোঁসানীৰ থান আদি বৰ্মণ বংশীয় বা পাল বংশীয় ৰজাই প্ৰতিষ্ঠা কৰিছিল। নন্দিকেশ্বৰ দেৱালয়ৰ কিছু ওচৰত থকা গৰখীয়া মন্দিৰ নামে এটা মন্দিৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল তাৰ কোনো প্ৰমাণ নাই। বাঞ্চিত ফল লাভৰ হেতু শিলাকুটি (খনিকৰ) ভট্টাচাৰ্য্য দেৱে এই গৰখীয়া বাবাৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ আছে।[2]

সা-সুবিধা

[সম্পাদনা কৰক]

দেৱালয়খনলৈ যাবলৈ সুবিধাজনক বহুকেইটা পথ আছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা জামুগুৰি কেন্দ্ৰৰ পৰা চকীঘাট পথেৰে বৰাচুক আৰু গোঁসাইচুক গাঁৱৰ মাজেদি বা ধলাইবিলৰ পৰা বৰপথাৰ হৈ উজৰাচুক গাঁৱৰ মাজেদি নতুবা মাধৱ গাঁও হৈ ফুটুকাতলিৰ মাজেৰে পোনে পোনে দেৱালয়লৈ অহাৰ সুবিধা আছে। দেৱালয়ত দৈনিক পূজা-অৰ্চনা লগতে দশকৰ্মসমূহ যেনে: অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, বিবাহ আদি সম্পন্ন কৰাৰ সুবিধা আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. পদ্মনাথ গোহাঞিবৰুৱা। (১৮৫০). "বুৰঞ্জীবোধ". লীলা-এজেঞ্চি, তেজপুৰ. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 গোলোক কাকতি, নৰেণ শৰ্মা (সম্পাদক) (আগষ্ট, ১৯৯৯). "জামুগুৰি হাটৰ ইতিহাস". মুৰুলী বৰঠাকুৰ, জামুগুৰি ইতিহাস প্ৰণয়ন সমিতি. 
  3. আনন্দ চন্দ্ৰ আগৰৱালা (১৯৩৫). "অসম সাহিত্য সভাৰ ষোড়শ বাৰ্ষিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ".