চ্যু-খ্ৰং-ফা
চাওফা চ্যু-খ্ৰং-ফা | |
---|---|
চাওফা | |
![]() | |
১৬৯৬-১৭১৪ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-খ্ৰং-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | হিন্দু ধৰ্ম, ফুৰালুং |
চাওফা চ্যু-খ্ৰং-ফা বা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ স্বৰ্গদেউ আছিল, তেওঁৰ শাসন কালতেই আহোম সাম্ৰাজ্য শক্তি আৰু খ্যাতিৰে ভৰি পৰিছিল। স্বৰ্গদেউ হোৱাৰ আগতে চুখ্ৰংফা "লাই" নামেৰে পৰিচিত আছিল, তেওঁ আছিল তেওঁৰ পূৰ্বৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পুত্ৰ। এই নিৰক্ষৰ ৰজাজন তেওঁৰ পাকৈত শাসন আৰু মোগল সৈণ্যক নিজৰ সেণানীৰে পৰাভূত কৰাৰ বাবে বিখ্যাত আৰু জনপ্ৰিয় আছিল।
তেওঁৰ পিতৃ গদাধৰ সিংহ তেওঁৰ আগৰ স্বৰ্গদেউ ল’ৰা ৰজাৰ পৰা এসময়ত পলাই থাকিব লগা হৈছিল, এই সময়তে তেওঁৰ মাতৃ জয়মতীৰ ল’ৰা ৰজাৰ চাউদাঙৰ হাতত মৃত্যু হয়। পাছত তেওঁৰ পিতৃয়ে ল’ৰা ৰজাক বধি ৰাজ্য দখল কৰে। পিতৃৰ পাছতচুখ্ৰংফা ৰজা হৈ ৰংপুৰত তেওঁৰ ৰাজধানী পাতিছিল।

ৰাজত্ব[সম্পাদনা কৰক]
ৰাজনৈতিক কাম[সম্পাদনা কৰক]
|
নিৰক্ষৰ হোৱাৰ পাছতো চুখ্ৰংফা বিচক্ষণ আছিল ৰাজনীতিত, তেওঁৰ মনোভাৱো আছিল অগ্ৰগামী যেনেদৰে আছিল মোগল সম্ৰাট আকবৰ;চুখ্ৰংফাই ১৭০৬ চনত কছাৰী ৰাজ্য আৰু পাছত জয়ন্তীয়া ৰাজ্য নিজৰ বশ কৰে। তেওঁ সেইসময়ৰ কামৰূপ পশ্চিম সীমা কৰতোৱা নদীলৈকে ৰাজ্য বিস্তাৰ কৰাৰ সপোন দেখিছিল। তেওঁ কামৰূপৰ আন আন ক্ষুদ্ৰ ৰাজ্য বোৰৰে সৈতে ৰাজনৈতিক মিত্ৰতা স্থাপন ৰাজ্য বিস্তাৰৰ কাম সমাধা কৰি গৈছিল। তেওঁ গুৱাহাটীত অৱস্থান কৰি মিত্ৰশক্তিৰ বিশাল সৈণ্য বাহিনী (ডিমাচা-কছাৰী ১৪,০০০, জয়ন্তীয়া ১০,০০০ আৰু ডফলা ৬০০) লৈ ৰাজ্য বিস্তাৰৰ আয়োজন কৰিছিল, এই সময়তে তেওঁৰ মৃত্যু হোৱাত এই অভিযান স্তব্ধ হয়, তেওঁ পাছৰ ৰজা সকলে তেওঁৰ দৰে ৰাজ্য বিস্তাৰত গুৰুত্ব দিয়া দেখা নগ’ল।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]