আহোম মুদ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ [1] পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়।[2] যদিও বামুনি কোঁৱৰ অথবা চুডাংফা (১৩৯৭-১৪০৭ খ্ৰী.)ৰ শিঙৰীঘৰত উঠাৰ সময়ত প্ৰথম মুদ্ৰা মুদ্ৰণ[3] কৰিছিল বুলি বুৰঞ্জীয়ে কয়, কিন্তু বামুণি কোঁৱৰৰ সময়ৰ পৰা প্ৰতাপসিংহ অথবা চুচেংফাৰ সময়লৈকে মুদ্ৰণ হোৱা কোনো মুদ্ৰা এতিয়ালৈকে আৱিষ্কৃত হোৱা নাই। চুকাফা আগমনৰ চাৰিশতিকাৰ পাছত ১৬৪৮ খ্ৰীষ্টাব্দত স্বৰ্গদেও জয়ধ্বজৰ দিনত মোগলমুদ্ৰাৰ আৰ্হিৰে মুদ্ৰিত আহোম মুদ্ৰাই বৰ্ত্তমানলৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি মুদ্ৰা। প্ৰথম আহোম মুদ্ৰাৰ প্ৰমাণ পোৱা যায়, যিন-বেষ্টিটি টভেৰনিয়াৰ (১৬০৫-১৬৮৯ খ্ৰী.)ৰ (Six Voyages, 1676) নামৰ গ্ৰন্থত অংকিত কৰা এটা আহোম মুদ্ৰাৰ পৰা। কাশীনাথ তামুলি ফুকনৰ অসম বুৰঞ্জীত আহোমমুদ্ৰা মুদ্ৰণৰ এক কাহিনী পোৱা যায়, স্বৰ্গদেও প্ৰতাপসিংহৰ দিনত সুন্দৰ গোঁহাই আৰু কিছুমানক কোঁচবিহাৰলৈ ধৰি কৰি লৈ যায় আৰু তেওঁলোকে তাত মুদ্ৰা কিদৰে মুদ্ৰণ কৰে তাক প্ৰত্যক্ষ কৰে, পাছত তেওঁলোকক মুকলি কৰি দিয়ে। প্ৰতাপসিংহই তেওঁলোকৰ পৰা এইবিষয়ে জানিব পাৰি অসমত মুদ্ৰা মুদ্ৰণ প্ৰযুক্তি আনে।[4]

যিন-বেষ্টিটি টভেৰনিয়াৰে (১৬০৫-১৬৮৯ খ্ৰী.) তেওঁৰ (Six Voyages, 1676) নামৰ গ্ৰন্থত অংকিত কৰা প্ৰথম আহোম মুদ্ৰা।[5]
চাওফা চুক্লেংমুং (𑜋𑜈𑜫 𑜇𑜡 𑜏𑜢𑜡𑜈𑜫 𑜀𑜢𑜡𑜂𑜫 𑜉𑜢𑜡𑜂𑜫 বা গড়গঞা ৰজা) আৰু চাওফা চুপুংমুং (𑜋𑜈𑜫 𑜇𑜡 𑜏𑜢𑜡𑜈𑜫 𑜆𑜢𑜡𑜂𑜫 𑜉𑜢𑜡𑜂𑜫 বা স্বৰ্গদেও চক্ৰধ্বজসিংহ) দুয়ো টাওচিঙা ৬০ বছৰীয়া চক্ৰৰ লকনি প্লেক-ঙি (১৫তম্ বৰ্ষতেই) ৰাজভাৰ লৈছিল। এই মুদ্ৰাৰ লিপিত চুপুংমঙৰ বানানৰ লগতহে বেছি সাদৃশ্য আছে যেন দেখা যায়।
臧(জেং)寶(বাও) লিখা এই মুদ্ৰা ১৫৭০ শকাব্দ (১৬৪৮ খ্ৰীষ্টাব্দ)ত স্বৰ্গদেও জয়ধ্বজসিংহৰ দ্বাৰা জেং অৰ্থাৎ তেতিয়াৰ দক্ষিণ তিব্বত(বৰ্ত্তমানৰ অৰুণাচলপ্ৰদেশ)ৰ ৰাষ্টাৰে চীনদেশৰ লগত বাণিজ্য কৰিবৰ বাবে মুদ্ৰিত কৰিছিল।[6][7][8]
উদয়াদিত্যসিংহ (চুঞৎফা)ৰ মুদ্ৰা
বজ্ৰনাথসিংহৰ দুপোন মূল্যৰ দ্বিভাষিক একমাত্ৰ আহোম মুদ্ৰা, ওজন এটোলা
বাৰ্মাৰ অধীনত থকাৰ অৱস্থাত যোগেশ্বৰ সিংহৰ দ্বাৰা মুদ্ৰিত মুদ্ৰা।
ৰুদ্ৰসিংহৰ মুদ্ৰা (পাখি লগা সিংহ আৰু হৰিণ প্ৰতিচ্ছবি থকা)
শিৱসিংহৰ পাৰ্চী ভাষাৰ চাৰিকোণীয়া মুদ্ৰা


স্বৰ্গনাৰায়ণ[সম্পাদনা কৰক]

১৭শ শতিকাৰ মাজভাগত স্বৰ্গনাৰায়ণ দ্বিতীয় [9] অথবা স্বৰ্গদেও জয়ধ্বজ সিংহ অথবা চুতামলাই আহোম মুদ্ৰাৰ প্ৰচলন আৰম্ভ [10] কৰে। প্ৰথম সোণৰ আৰু ৰূপৰ মুদ্ৰা (এটোলা[11] ওজনৰ অৰ্থাৎ প্ৰায় ১১.৬ গ্ৰাম) অসমীয়া ভাষাত মুদ্ৰিত কৰা হৈছিল। এই মুদ্ৰাত হৰি-হৰ নামত উচৰ্গিত কৰা হৈছিল। মুদ্ৰিত ১৫৭০ শকাব্দ অৰ্থাৎ ১৬৪৮ খ্ৰীষ্টাব্দ ৰজা জয়ধ্বজ সিংহৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ দিনত চীনৰ লগত বাণিজ্য কৰিবৰ বাবে জিং-বাও উল্লেখ কৰি চীনা ভাষাটো মুদ্ৰা মুদ্ৰিত কৰিছিল বুলি জনা যায়, পাছলৈ নেপাল আৰু তিব্বতৰ মাজত চুক্তি হোৱাত এই প্ৰকাৰৰ মুদ্ৰা মুদ্ৰিত কৰা হোৱা নাছিল। এই মুদ্ৰা আঁঠটা কোণ আহোম মুদ্ৰাৰ চিনাকী ৰূপ। যদিওবা আহোম মুদ্ৰাত হিন্দু দেৱদেৱীৰ নাম থাকে তথাপি আহোমৰ পৌৰাণিক ধৰ্মৰ আধাৰত অষ্টভোজাকৃতি আকৃতিৰ মুদ্ৰা আহোমসকলে গ্ৰহণ কৰা বুলি বহুতে কব খোজে। (RB#A)[12]

চক্ৰধ্বজসিংহ / চুপুংমুঙ[সম্পাদনা কৰক]

জয়ধ্বজ সিংহৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও চক্ৰধ্বজসিংহ অথবা চুপুংমুঙে মুদ্ৰা মুদ্ৰিত কৰে। তেওঁ অসমীয়া ভাষাৰ লগতে প্ৰথম আহোম ভাষাৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰে। অসমীয়া ভাষাৰ মুদ্ৰা শিৱ-ৰাম আৰু আহোম ভাষাৰ মুদ্ৰা ফা(দেৱী)-তাৰাৰ[13] নামত উচৰ্গিত আৰু  মুদ্ৰিত ১৫৮৫ শকাব্দ (১৬৬৩ খ্ৰীষ্টাব্দ) অথবা "লকনি প্লেক-ঙি" অৰ্থাৎ ১৫তম টাওচিঙা বৰ্ষ [14] তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ দিনতে পাখি লগা সিংহ (বহুতৰ মতে ড্ৰেগন)টোলৈ প্ৰথম জীৱ-জন্তুৰ প্ৰতিকৃতি মুদ্ৰাত অংকিত হবলৈ লয়। প্ৰথম আধলি (½) মুদ্ৰা (প্ৰায় ৫ গ্ৰাম) আহোম ভাষাত চক্ৰধ্বজসিংহৰ দিনত মুদ্ৰিত হৈছিল। আধলি মুদ্ৰাৰ বিশেষত্ব আছিল ৰজাৰ নামৰ বাহিৰে কোনো সময়ৰ বিষয়ে উল্লেখ নাথাকে। চক্ৰধ্বজৰ দিনত ঘূৰণীয়া মুদ্ৰা অতি কম পৰিমাণে মুদ্ৰিত হৈছিল।(RB#B)

চুঞৎফা[সম্পাদনা কৰক]

চক্ৰধ্বজ সিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও উদয়াদিত্যসিংহ অথবা চুঞৎফাই সোণৰ আৰু ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এই মুদ্ৰাত আহোমসকলৰ মহান ফা(দেৱতা)-টুচিঙলৈ [13] উচৰ্গিত আৰু "চাম পী কাপ চান" অৰ্থাৎ ২১তম টাওচিঙা বৰ্ষ (১৬৭০ খ্ৰীষ্টাব্দ)ৰ পৰা তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ এটা মুদ্ৰাত আহোমসকলৰ প্ৰধান দেৱতা লেঙদন প্ৰতিনিধিত্ব কৰি চৰাইৰ প্ৰতিকৃতি মুদ্ৰিত আছে। এই মুদ্ৰা দুষ্পাপ্য বুলি বহুতে কয়। (RB#C)

তেওঁৰ দুবছৰীয়া কাৰ্যকালৰ পাছত চুক্লেনফা অথবা ৰামধ্বজ সিংহই দুবছৰৰ বাবে স্বৰ্গদেও আছিল। তেওঁৰ মুদ্ৰা মুদ্ৰিত কৰা নাছিল বুলি জনা যায়।

চুহুং[সম্পাদনা কৰক]

উদয়াদিত্যৰ পাছত চুহুঙ[15] ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এটা মুদ্ৰা ফা(দেৱী)-তাৰা আৰু আনটো ফা(দেৱতা)-টুচিঙলৈ উচৰ্গিত আৰু মুদ্ৰিত "লকনি খুট-নি" অৰ্থাৎ ২৭তম টাওচিঙা বৰ্ষ (১৬৭৫ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। এতিয়ালৈকে দিহিঙিয়া ৰজাৰ মাত্ৰ দুইপ্ৰকাৰৰ তিনিটা মুদ্ৰা পোৱা গৈছে।(RB#D)

তেওঁৰ[16] কাৰ্যকালৰ পাছত আৰু চাৰিগৰাকী ৰজাই ৰাজভাৰ গ্ৰহণ কৰিছিল। তেওঁলোকে মুদ্ৰা মুদ্ৰিত কৰা নাছিল।

চুপাটফা[সম্পাদনা কৰক]

দিহিঙীয়া ৰজাৰ পাছত স্বৰ্গদেও গদাধৰ সিংহ অথবা চুপাটফাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ৰ ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এই মুদ্ৰা ফা(দেৱতা)-লেংডনৰ [13] নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চান" অৰ্থাৎ ৩৩তম টাওচিঙা বৰ্ষ (১৬৮১ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। গদাসিংহৰ কিছু মুদ্ৰাত ময়ুৰ, চৰাই, সিংহ ইত্যাদি জীৱজন্তু অংকিত আছে। (RB#E)

ৰুদ্ৰসিংহ[সম্পাদনা কৰক]

স্বৰ্গদেও গদাধৰ সিংহৰ পাছত স্বৰ্গদেও ৰুদ্ৰসিংহ অথবা চু-খ্ৰাং-ফাই সোণৰ আৰু ৰূপৰ (টোলা-প্ৰায় ১১.৬ গ্ৰাম, আধলি-প্ৰায় ৫.৩ গ্ৰাম, চিকি-প্ৰায় ২.১৫ গ্ৰাম) ১৬১৮ৰ পৰা ১৬৩৬ শকাব্দলৈকে (১৬৯৬ৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দলৈকে) মাত্ৰ অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে চিকি (¼) মুদ্ৰা প্ৰচলনলৈ আনে আৰু মুদ্ৰাৰ মুদ্ৰিত শকাব্দ লিখাৰ আৰম্ভ। তেওঁৰ এটোলা মুদ্ৰাসমূহ হৰ-গৌৰি আৰু আধলি মুদ্ৰাসমূহ শিৱ নামৰ উচৰ্গিত। তেওঁৰ মুদ্ৰাসমূহত অংকিত জীৱজন্তু সমূহে প্ৰতিকী ৰূপত ৰুদ্ৰসিংহৰ কাৰ্যকালৰ বিষয়ে অংকিত কৰে। যেনে- প্ৰথম বৰ্ষ ১৬১৮ শকাব্দৰ সিংহ সোঁফালে দৌৰি আছে এই মুদ্ৰা পিতৃৰ মুদ্ৰাসমূহক অনুকৰণ কৰা হৈছিল বহুতে কয়, দ্বিতীয় বৰ্ষ ১৬১৯ শকাব্দৰ মুদ্ৰাত সিংহই হৰিণৰ পিছ লৈ থকা অংকিত আছে, বহুতৰ মতে এই মুদ্ৰা সিংহাসনত আৰোহন কৰাৰ সময়ৰ মুদ্ৰা। বাকী বৰ্ষত সিংহই সোঁফালে দৌৰি আছে। অন্তিম বৰ্ষ ১৬৩৬শকাব্দৰ দুটা মুদ্ৰাই ৰুদ্ৰসিংহৰ সুস্থ অৱস্থা (১৬৩৬) আৰু মৃত্যুশয্যা (১৬৩৬ ৺) ক চিহ্নিত কৰা যেন লাগে। সোণৰ মুদ্ৰাসমূহত সিংহ বাওঁফালে দৌৰি থকা অংকিত আছে। (RB#F)

শিৱসিংহ[সম্পাদনা কৰক]

ৰুদ্ৰসিংহৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও শিৱসিংহ অথবা চুটেনফাই মুদ্ৰা মুদ্ৰণ কৰে। শিৱসিংহই তেওঁৰ লগতে ৰাণী কেইগৰাকীৰ নামেৰে মুদ্ৰা মুদ্ৰিত কৰিছিল। এই মুদ্ৰাসমূহ ক্ৰম অনুযায়ী বিভক্ত কৰিব পাৰিঃ-

শিৱসিংহ ১৬৩৭-১৬৪৬ (১৭১৫-১৭২৪ খ্ৰীষ্টাব্দ): শিৱসিংহৰ মুদ্ৰাসমূহ পিতৃৰ মূদ্ৰাসমূহক অনুসৰণ কৰিছিল। (RB#G)

শিৱসিংহ - ফুলেশ্বৰীদেৱী ১৬৪৬-১৬৫০ (১৭২৪-১৭২৮ খ্ৰীষ্টাব্দ): শিৱসিংহৰ মুদ্ৰাসমূহত ত্ৰিপুৰী মুদ্ৰাৰ দৰে শিৱসিংহৰ লগতে ৰাণী ফুলেশ্বৰীদেৱীৰ নামো মুদ্ৰিত কৰিবলৈ লয়।(RB#H)

শিৱসিংহ - প্ৰমেথেশ্বৰীদেৱী ১৬৫০-১৬৫৩ (১৭২৮-১৭৩১ খ্ৰীষ্টাব্দ): ফুলেশ্বৰীদেৱীৰ নাম সলনি কৰি প্ৰমেথেশ্বৰীদেৱী নামত মুদ্ৰিত কৰে। লগতে মোগলক অনুসৰণ কৰি পাৰ্চীভাষাত ঘূৰণীয়া আৰু চাৰিকোণীয়া মুদ্ৰাও মুদ্ৰিত কৰে আৰু সিংহাসন আৰোহণ বৰ্ষ এই মুদ্ৰাত প্ৰথম লিপিবদ্ধ আৰম্ভ কৰে আৰু শিৱসিংহৰ অন্তিমবৰ্ষৰ পৰ্যন্ত এই ধাৰা অব্যাহত থাকে। (RB#I)

শিৱসিংহ ১৬৫৪/১৮ (১৭৩২ খ্ৰীষ্টাব্দ/১৮তম আৰোহণ বৰ্ষ): ১৭৩১ খ্ৰীষ্টাব্দত ফুলেশ্বৰী দেৱীৰ মৃত্যুৰ হোৱাত শিৱসিংহই আকৌ অকলে নিজৰ নামত মুদ্ৰিত কৰিছিল। (RB#J)

শিৱসিংহ - অম্বিকা ১৬৫৪-১৬৫৯ (১৭৩২-১৭৩৭ খ্ৰীষ্টাব্দ):  ফুলেশ্বৰী দেৱীৰ পাছত অম্বিকা ৰাণী হয় আৰু শিৱসিংহৰ লগত একেলগে মুদ্ৰাত নাম মুদ্ৰিত কৰে। এই সময়চোৱাত এটা চাৰিকোণীয়া পাৰ্চীভাষাৰ মুদ্ৰা মুদ্ৰিত হৈছিল। (RB#K)

শিৱসিংহ ১৬৬০/২৪-২৫ (১৭৩৮ খ্ৰীষ্টাব্দ/২৪-২৫তম আৰোহণ বৰ্ষ):  ১৭৩৭ খ্ৰীষ্টাব্দত অম্বিকাদেৱীৰ মৃত্যু হোৱাত শিৱসিংহই আকৌ অকলে নিজৰ নামত মুদ্ৰা মুদ্ৰিত কৰিছিল। (RB#L)

শিৱসিংহ - সৰ্বেশ্বৰী ১৬৬১-১৬৬৬ (১৭৩৯-১৭৪৪ খ্ৰীষ্টাব্দ):  অ্ম্বিকাদেৱীৰ পাছত শিৱসিংহৰ মৃত্যুৰ পৰ্যন্ত সৰ্বেশ্বৰী আৰু শিৱসিংহৰ লগত একলগে মুদ্ৰাত নাম মুদ্ৰিত কৰে। (RB#M)

প্ৰমত্তসিংহ / চুনিংফা[সম্পাদনা কৰক]

শিৱসিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও প্ৰমত্তসিংহ অথবা চু-নেন-ফাই মুদ্ৰা কৰিছিল। তেওঁ সোণৰ আৰু ৰূপৰ মুদ্ৰা অসমীয়া আৰু আহোম ভাষাত মুদ্ৰণ কৰিছিল। আহোম ভাষাৰ এটোলা ৰূপৰ মুদ্ৰাটো আৰোহণৰ সময়ৰ, এই মুদ্ৰা ফা(দেৱতা)-লেংডনৰ নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি কাট-কেউ" অৰ্থাৎ ৩৬তম টাওচিঙা বৰ্ষ (১৭৪৪ খ্ৰীষ্টাব্দ)। অসমীয়া ভাষাত টোলা, আধলি, চিকি ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৬৬-১৬৭৩ (১৭৪৪-১৭৫১ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰা হৈছিল। এই মুদ্ৰা পূৰ্বসূৰী দৰেই টোলা ওজনৰ মুদ্ৰাত হৰ-গৌৰী আৰু চিকি ওজনৰ মুদ্ৰাত শিৱৰ নামত উচৰ্গিত। প্ৰমত্তসিংহৰ সকলো মুদ্ৰাত বাওঁফালে সিংহ দৌৰি থকা দেখা যায়। (RB#N)

ৰাজেশ্বৰসিংহ / চুৰেমফা[সম্পাদনা কৰক]

প্ৰমত্তসিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও ৰাজেশ্বৰসিংহ অথবা চুৰেমফাই মুদ্ৰা কৰিছিল। তেওঁ সোণৰ আৰু ৰূপৰ মুদ্ৰা অসমীয়া, আহোম, দেৱনগৰী আৰু পাৰ্চী ভাষাত মুদ্ৰণ কৰিছিল। আহোম মুদ্ৰাত মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চিঙা" অৰ্থাৎ ৪৩তম টাওচিঙা বৰ্ষ (১৬৭৩ শকাব্দ অৰ্থাৎ ১৭৫১ খ্ৰীষ্টাব্দ)তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাত টোলা, আধলি আৰু চিকি লগতে আধমহিয়া (⅛) আৰু ছৰতিয়া (1/16) ওজনৰো সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৭৪-১৬৯০ (১৭৫১-১৭৬৮ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰা হৈছিল। অসমীয়া মুদ্ৰাসমূহ পূৰ্বসূৰী দৰেই টোলা ওজনৰ মুদ্ৰাত হৰ-গৌৰী আৰু চিকি ওজনৰ মুদ্ৰাত শিৱৰ নামত উচৰ্গিত। ৰাজেশ্বৰসিংহৰো আহোম আৰু অসমীয়া মুদ্ৰাত বাওঁফালে সিংহ দৌৰি থকা দেখা যায়। দেৱনগৰী মুদ্ৰা মহেশ্বৰী আৰু পাৰ্চী মুদ্ৰা চন্দ্ৰ-সূৰ্যৰ নামত উচৰ্গিত আৰু সিংহাসন আৰোহৰণৰ সময়ৰ পৰা প্ৰথম (টোলা মুদ্ৰা), পঞ্চম (দেৱনগৰীৰ চিকি মুদ্ৰা) আৰু দশম (পাৰ্চীৰ চিকি মুদ্ৰা)বৰ্ষ মুদ্ৰিত কৰা হৈছিল। তেওঁৰ অসমীয়া আৰু পাৰ্চী ভাষাৰ কিছু টোলা, আধমহিয়া আৰু ছৰতিয়া মুদ্ৰা চাৰিকোণীয়া আছিল। (RB#O)

ৰমাকান্তসিংহ (বিদ্ৰোহী নেতা)[সম্পাদনা কৰক]

ৰাজেশ্বৰসিংহৰ মৃত্যুৰ পাছত মোৱামৰীয়া নেতা ৰমাকান্তসিংহই আহোম ৰাজসিংহাসন কিছুদিনৰ বাবে দখল কৰে। তেওঁ সময়ৰ কিছু নকোণীয়া আৰু ডেৰটোলাৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা পোৱা যায়। এতিয়ালৈকে পোৱা দুটা এনে মুদ্ৰা মুদ্ৰিত বৰ্ষ ১৬৯১ শকাব্দ (১৭৬৯ খ্ৰীষ্টাব্দ) আৰু অষ্টভূজা গোঁসাঞিৰ নামত উৰ্চগিত। এই মুদ্ৰাও আহোমৰ প্ৰতিক চিহ্ন পাখি থকা সিংহৰ অংকিত। তেওঁৰ এটা সৰু ৰূপৰ মুদ্ৰাও মুদ্ৰিত হোৱা বিভিন্ন উৎসৰ জনা যায়, কিন্তু ইয়াৰ বিৱৰণ অজ্ঞাত। ১৯৯৯ খ্ৰীষ্টাব্দত কলিকতাত একেধৰণৰ সৰু সোণৰ মুদ্ৰা এটাও পোৱা গৈছিল। (RB#P)

লক্ষ্মীসিংহ / চুঞফা[সম্পাদনা কৰক]

ৰমাকান্তসিংহৰ সিংহাসনচ্যুত কৰাৰ পাছত স্বৰ্গদেও ৰাজেশ্বৰসিংহৰ ভাতৃ লক্ষ্মীসিংহ অথবা চুঞফাই আহোম আৰু অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। আহোম ভাষাত এটোলা ওজনৰ ৰূপৰ মুদ্ৰাটো মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামত উচৰ্গিত আৰু মুদ্ৰিত "লকনি কাপ-চিউ" অৰ্থাৎ প্ৰথম টাওচিঙা বৰ্ষ (১৬৯২ শকাব্দ অৰ্থাৎ ১৭৬৯ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৯২-১৭০২ (১৭৬৯-১৭৮০ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰিছিল। প্ৰথম পাঁচবছৰৰ মূদ্ৰাসমূহ হৰিহৰ আৰু তাৰ পাছৰ মূদ্ৰাসমূহ হৰ-গৌৰী নামত উচৰ্গিত আছিল। ইয়াৰে প্ৰথমবৰ্ষৰ কিছু টোলা আৰু চিকি মুদ্ৰা চাৰিকোণীয়া আছিল। প্ৰথমবৰ্ষৰ সিংহাসন আৰোহন বৰ্ষ আধলি মুদ্ৰাসমূহত ১ অংকিত আছিল। সোণৰ টোলা ওজনৰ মুদ্ৰাসমূহত পাখি লগা সিংহ বাওঁফালে আৰু ৰূপৰ মুদ্ৰাসমূহত সোঁফালে দৌৰি থকা অংকিত কৰা হৈছে। (RB#Q)

গৌৰিনাথসিংহ / চুহিটপাঙফা[সম্পাদনা কৰক]

লক্ষ্মীসিংহৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও গৌৰিনাথসিংহ অথবা চুহিটপাঙফাই আহোম আৰু অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। আহোম ভাষাৰ এটোলা ওজনৰ সোণৰ মুদ্ৰাটো মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামত উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চিউ" অৰ্থাৎ ১৩তম টাওচিঙা বৰ্ষ (১৭০৩ শকাব্দ অৰ্থাৎ ১৭৮১ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাৰ সোণৰ আৰু ৰূপৰ টোলা আৰু আধলি ওজনৰ মুদ্ৰাসমূহ (১৭০৩-১৭১৬ শকাব্দ [17] অৰ্থাৎ ১৭৮১-১৭৯৪ খ্ৰীষ্টাব্দলৈকে) হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু কিছু মুদ্ৰাত সিংহাসন আৰোহন বৰ্ষসমূহ অংকিত কৰিছিল। গৌৰিনাথৰ কিছু মুদ্ৰাত দি, ন, হ, প, ৰ চিহ্নৰে ছপাশালৰ চিহ্ন পোৱা যায়। গৌৰিনাথ সিংহই অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া, তিনিৰতীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। গৌৰিনাথ সিংহই নিম্নতম আহোম মুদ্ৰা তিনিৰতীয়া (1/32) ওজনৰ মুদ্ৰা মুদ্ৰণ আৰম্ভ কৰিছিল। (RB#R)

ভৰতসিংহ (বিদ্ৰোহী নেতা)[সম্পাদনা কৰক]

গৌৰিনাথসিংহ শেষৰ সময়ছোৱাত মোৱামৰীয়া মটক বিদ্ৰোহী ভৰতসিংহই ১৭১৩-১৯ শকাব্দলৈকে (১৭৯১-৯৭ খ্ৰীষ্টাব্দলৈকে) আহোম ৰাজ্যত অস্থিৰতা সৃষ্টি কৰি ৰংপুৰ নিজৰ দখললৈ আনে আৰু আহোম মুদ্ৰা শৈলীত ৰংপুৰৰ পৰা সোণৰ আৰু ৰূপৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰে। ভৰতসিংহই অসমীয়া ভাষাত নিজকে ভগদত্তৰ উত্তৰাধীকাৰী [18] বুলি লিখিছিল আৰু মুদ্ৰাসমূহ শ্ৰীকৃষ্ণৰ নামত উচৰ্গিত। (RB#W)

সৰ্বানন্দসিংহ (বিদ্ৰোহী নেতা)[সম্পাদনা কৰক]

ভৰতসিংহৰ সমসাময়িক মোৱামৰীয়া মটক বিদ্ৰোহী সৰ্বানন্দ সিংহই বেংমৰা [19] (তিনিচুকীয়া) দখল কৰি আহোমৰ অনুকৰণত ১৭১৫-১৭ শকাব্দলৈকে (১৭৯৩-৯৫ খ্ৰীষ্টাব্দলৈকে) তিনিবছৰত সোণৰ আৰু ৰূপৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতিয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। তেওঁ স্বৰ্গদেওৰ উপাধী লগাইছিল। মুদ্ৰাসমূহ শ্ৰীকৃষ্ণৰ নামত উচৰ্গিত। (RB#X)

কমলেশ্বৰসিংহ[সম্পাদনা কৰক]

মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাতে গৌৰিনাথ সিংহৰ মৃত্যু হয়, তেওঁৰ পাছত ৰুদ্ৰসিংহৰ ভতিজাক স্বৰ্গদেও কমলেশ্বৰসিংহ অথবা চুক্লিংফাই ৰাজসিংহাসন আৰোহন কৰি অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭২০ শকাব্দ [20] অৰ্থাৎ ১৬৯৮ খ্ৰীষ্টাব্দ তেওঁ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। (RB#S)

ব্ৰজনাথসিংহ[সম্পাদনা কৰক]

কমলেশ্বৰসিংহৰ [21] পাছত ৰাজেশ্বৰসিংহৰ আজোনাতি ব্ৰজনাথসিংহই (স্বৰ্গদেও পুৰন্দৰসিংহৰ অভিভাৱক) অসমীয়া ভাষাত সোণৰ, ৰূপৰ আৰু তামৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া, তিনিৰতীয়া ওজনৰ মুদ্ৰা পোৱা যায়। মুদ্ৰাসমূহ ৰাধা-কৃষ্ণৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৩৯-৪০ শকাব্দ অৰ্থাৎ ১৮১৭-১৮ খ্ৰীষ্টাব্দ তেওঁৰ শাসনাধিস্থ দুবছৰ। ব্ৰজনাথ সিংহৰ দিনত এপোন আৰু দুপোন মূল্যৰ টোলা আৰু আধলি ওজনৰ দুটা মুদ্ৰা আছে, যি ৰূপৰ আধমহীয়া আৰু ছয়ৰতীয়া ওজনৰ  আৰু  টকাৰ সমমূল্যৰ। ইয়াৰে দুপোন মূল্যৰ মুদ্ৰাটো অসমীয়া আৰু পাৰ্চী দোভাষী মুদ্ৰা, যি আহোম মুদ্ৰাৰ ভিতৰত এনেধৰণৰ একমাত্ৰ মুদ্ৰা। (RB#T)

চন্দ্ৰকান্তসিংহ[সম্পাদনা কৰক]

ব্ৰজনাথসিংহৰ [22] পাছত স্বৰ্গদেও চন্দ্ৰকান্তসিংহ অথবা চু-ডিং-ফাই অসমীয়াভাষাত সোণৰ আৰু ৰূপৰ মুদ্ৰা টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া, তিনিৰতীয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৪১-৪২ শকাব্দ অৰ্থাৎ ১৮১৯-২০ খ্ৰীষ্টাব্দ তেওঁৰ শাসনাধিস্থ দুবছৰ। (RB#U)

যোগেশ্বৰসিংহ[সম্পাদনা কৰক]

চন্দ্ৰকান্তসিংহৰ পাছত স্বৰ্গদেও যোগেশ্বৰসিংহই [23] অসমীয়াভাষাত সোণৰ আৰু ৰূপৰ মুদ্ৰা টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া ওজনৰ আহোম মুদ্ৰা শেষবাৰৰ বাবে মুদ্ৰিত কৰিছিল। তেওঁৰ মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৪৩ শকাব্দ অৰ্থাৎ ১৮২১ খ্ৰীষ্টাব্দ তেওঁৰ সিংহাসন আৰোহন কৰা দ্বিতীয় বছৰ। যোগেশ্বৰসিংহই সিংহাসন আৰোহন কৰাৰ সময়ত বাৰ্মাৰাজৰ অধীনত বাৰ্মিজ মুদ্ৰাশৈলীৰে মুদ্ৰা মুদ্ৰিত কৰিছিল। ইয়াৰ এটা পিঠি চতুস্পতী প্ৰাণীৰ ছবি অংকণ থকাৰ বাবে ইয়াক গাহৰি ৰূপী বুলিও কয়। (RB#V)

টোলা (টকা), আধলি (৮ অনা), চিকি (৪ অনা), আধমহীয়া (২ অনা), ছয়ৰতীয়া (১ অনা) আৰু তিনিৰতীয়া (½ অনা) মুদ্ৰা[11]

বিমুদ্ৰকৰণ[সম্পাদনা কৰক]

১৮২৮ খ্ৰীষ্টাব্দত বাৰ্মাৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে সম্পূৰ্ণ অসম ব্ৰিটিছৰ অধীনলৈ আহে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বঙ্গপ্ৰদেশৰ লগত ১৯৩৯ খ্ৰীষ্টাব্দত চামিল নকৰাৰ পৰ্যন্ত কৰতলীয়া ৰজা হিচাপে ১৮৩৮ খ্ৰীষ্টাব্দলৈকে পুৰণ্দৰ সিংহ থাকে আৰু মটকশাসিত বংমৰা ১৮৩৯খ্ৰীষ্টাব্দলৈকে থাকে। ১৮৪০ খ্ৰীষ্টাব্দ ১ জানুৱাৰীৰ পৰা আহোম মুদ্ৰা প্ৰচলন বন্ধ[24] কৰা হয়। আহোম মুদ্ৰা ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৮৪০ খ্ৰীষ্টাব্দলৈকে ১৯২ বছৰ কাল প্ৰচলনত আছিল।

কম মূল্যৰ আদান-প্ৰদান[সম্পাদনা কৰক]

আহোম ৰাজ্যত পাইক প্ৰথা আৰু বিনিময় প্ৰথা বহু বছৰ কাল চলিছিল। পাছলৈ বাৰ্হিৰাজ্যৰ লগত সাময়িক আৰু সামাজিক আদান-প্ৰদানৰ আৱশ্যক হোৱাৰ মুদ্ৰিত মুদ্ৰাৰ প্ৰচলন হল। কম মূল্যৰ আৰ্থিক আদান-প্ৰদানৰ বাবে বিনিময় প্ৰথা ব্যৱহাৰৰ উপৰিও সেইসময়ৰ কৌৰী খোলা (একপ্ৰকাৰৰ সৰু সাগৰীয় শামুকৰ খোলা) ব্যৱহাৰ কৰিছিল। উল্লেখনীয় যে, কৌৰী[25] খোলাৰ অবাধ প্ৰচলনক কম কৰিবলৈ ৰাজেশ্বৰ সিংহই আধমহিয়া (⅛) (১৬০ টা কৌৰী খোলাৰ সমমূল্যৰ) আৰু ছৰতিয়া (1/16) মূল্য (৮০ টা কৌৰী খোলাৰ সমমূল্যৰ) আৰু গৌৰীনাথ সিংহই তিনিৰতীয়া (1/32) মুল্যৰ ৰূপৰ মুদ্ৰা মুদ্ৰণ আৰম্ভ কৰিছিল। পিতৃ বজ্ৰনাথ সিংহৰ নামত পুৰন্দৰ সিংহৰ প্ৰথম কাৰ্যকালৰ সময়ছোৱাত ১ পোন (৮০ টা কৌৰী খোলাৰ সমান) আৰু ২ পোন মূল্যৰ (১৬০ টা কৌৰী খোলাৰ সমমূল্যৰ) তামৰ মূদ্ৰাৰ মুদ্ৰা আৰম্ভ কৰিছিল কিন্তু আহোম ৰাজ্য প্ৰথমে মানৰ পাছত ব্ৰিটিছৰ অধীনলৈ গুচি যোৱাৰ বাবে এই মূল্যৰ মুদ্ৰা বহুল প্ৰচলন নহল। আহোম ৰাজ্যৰ আগত বা সমসায়িকভাৱে অসমত মুদ্ৰা প্ৰচলন নাছিল এনে নহয়। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যবিলাকৰ মুদ্ৰাও অসমত প্ৰচলন আছিল।

সমসাময়িক মুদ্ৰা[সম্পাদনা কৰক]

আন্তঃৰাজ্যিক আৰ্থিক আদান-প্ৰদানৰ আহোম ৰাজমোহৰী মুদ্ৰাৰ সমসায়িক বহু ৰাজ্যৰ নিজস্ব মুদ্ৰা প্ৰচলন আছিল। যেনেঃ-

  • মনিপুৰী মুদ্ৰা
  • জয়ন্তীয়া মুদ্ৰা
  • ত্ৰিপুৰী মুদ্ৰা
  • বংগ মুদ্ৰা
  • মোগল মুদ্ৰা
  • ব্ৰিটিছ মুদ্ৰা
  • মাৰাঠা মুদ্ৰা
  • শিখ মুদ্ৰা
  • নেপালী মুদ্ৰা
  • ভূটিয়া মুদ্ৰা
  • বাৰ্মা মুদ্ৰা ইত্যাদি।

টোকা/প্ৰসঙ্গ[সম্পাদনা কৰক]

  1. চুকাফা অসম আগমনৰ সময়ত ১২২৮ খ্ৰীষ্টাব্দত চংসম্ৰাজ্যৰ অধীনৰ ডালি ৰাজ্যত ৰজা আছিল দুয়াং ঝিযিয়াং আৰু সেই সময়ছোৱাত মঙ্গোলীয় আক্ৰমণকাৰীয়ে চংসম্ৰাজ্য আক্ৰমণ কৰে আৰু ১২৫৩ খ্ৰীষ্টাব্দত ঐতিহাসিক নানঝাওৰ ভেঁটিত গঢ় লোৱা ডালি ৰাজ্য আক্ৰমণ কৰি দখল কৰে। ১৩৪০ খ্ৰীষ্টাব্দত মঙ্গোল আঁতৰি যোৱাত পূব ডালি অংশত মংমাও ৰাজ্য পুণৰগঠন হয় আৰু ১৬০৪ খ্ৰীষ্টাব্দত বাৰ্মাত চামিল হয়।
  2. http://taistudiescenter.org/early-history/ Early History of the Tai (Taidam) People
  3. অসম বুৰঞ্জীৰ মতে, বামুনি কোঁৱৰৰ সময়ত প্ৰথম মুদ্ৰা মুদ্ৰণ কৰিছিল। আন এক তথ্যত, কোৱা হয় যে, চুহুংমুঙ অথবা দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯খ্ৰীষ্টাব্দ)ত কমতা দখল কৰি চামখাম ঘৰচন্দিকাইক তেওঁৰ প্ৰতিনিধি হিচাপে কমতেশ্বৰৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল। তাৰ পাছত পুৰীৰ জগন্নাথ ঠাকুৰ দৰ্শনৰ বাবে গৈছিল আৰু তাতে তেওঁ এটা পুখুৰী খন্দাইছিল। এই কাৰ্যৰ বাবে উৰিষ্যাৰাজ বিক্ৰমসেনক ২০০ সোণৰ মুদ্ৰা প্ৰয়োজন হৈছিল আৰু সেই মুদ্ৰাখিনি দিহিঙিয়া ৰজাই দিছিল। অৰ্থাৎ দিহিঙিয়া ৰজাৰ দিনত মুদ্ৰা মুদ্ৰিত হৈছিল। এডৱাৰ্ড গেইট আৰু ৱটহামৰৰ মতে চুক্লেংমুঙ বা গড়গঞা ৰজাৰ দিনত (১৫৩৯-১৫৫২ খ্ৰীষ্টাব্দত) ১৫৪৩ খ্ৰীষ্টাব্দত প্ৰথম মুদ্ৰা মুদ্ৰণ কৰিছিল। (- MC Das, A.S. Museum "Coins of the Ahom kings of Assam") কিন্তু এই মুদ্ৰা গড়গঞা ৰজা আৰু চক্ৰধ্বজৰ সিংহৰ মুদ্ৰা সাদৃশ্য থকাত পৰৱৰ্ত্তী মুদ্ৰা বিশেষজ্ঞসকলে এই মুদ্ৰা চক্ৰধ্বজ সিংহৰ বুলি মত প্ৰকাশ কৰে। (SK Bose, 2004)
  4. Rhodes & Bose, The Coinage of Assam - Volume II - Ahom Period, Guwahati & Kolkata, 2004, pp.9
  5. Travelogues Travellers' Views
  6. Rhodes & Bose, The Coinage of Assam - Volume II - Ahom Period, Guwahati & Kolkata, 2004, pp. 10
  7. Memoirs Series No 7 Coinage and Economy of North Eastern States of India, The Numismatic Society of India - Varanasi, Palte XI (Article: V. Choudhury & P. Roy, An Assamese Trade Rupee pp.178-179)
  8. https://www.numisbids.com/n.php?p=lot&sid=1643&lot=258 ২৭ চেপ্তেম্বৰৰ ২০১৬ খ্ৰীষ্টাব্দ লণ্ডনস্থিত স্পিংক নিলাম কেন্দ্ৰত এই মুদ্ৰা পঞ্জীকৃত কৰিছিল।
  9. স্মৰণয়োগ্য যে, চক্ৰধ্বজ সিংহৰ আহোম ভাষাৰ মুদ্ৰাকে বহুতে চিও-ক্লেং-মুঙ অথবা গড়গঞা ৰজা অথবা স্বৰ্গনাৰায়ণ প্ৰথম (১৫৩৯-১৫৫১ খ্ৰীষ্টাব্দ)ৰ আহোমৰাজ্যৰ প্ৰথম মুদ্ৰা বুলি ভূল কৰে।
  10. Rhodes & Bose, The Coinage of Assam - Volume II - Ahom Period, Guwahati & Kolkata, 2004, pp. 9
  11. 11.0 11.1 ৩ ৰতি = ১ আধানা বা ১/২ আনা; ২ আধানা = ১ ছয়ৰতীয়া আনা বা ১/১৬ ৰূপী; ২ ছয়ৰতীয়া = ১ আধমাহা বা ১/৮ ৰূপী; ২ আধমহা = ১ মহা বা সিকি বা ১/৪ ৰূপী; ২ মহা = ১ আধলী, ১/২ ৰূপী; ২ আধলী = ১ টোলা বা ১ ৰূপী; (Source: Rabinson, Grammer of the Assamese Language)
  12. A পৰা X লৈকে মুদ্ৰাসমূহক ৰোডেছ আৰু বসুৰ সূচী "The Coinage of Assam, Vol. II (2004)" ৰ পৰা লোৱা, এইসূচীৰ মতে মূদ্ৰাৰ সূচীবদ্ধ উদাহৰণস্বৰূপে RB#A1.1 প্ৰণালীত কৰা হয়। বিভিন্ন সূচীৰ যেনে, KM, Mitra আৰু অনান্য সূচীবদ্ধ তালিকা পোৱা যায়।
  13. 13.0 13.1 13.2 আহোম ভাষাৰ মুদ্ৰাসমূহত থকা দেৱ-দেৱী সকলৰ ভিতৰত ফা-তা-ৰা অৰ্থাৎ আদি বা প্ৰকৃতি দেৱী। বহুলোকে ফা-তা-ৰাক সনাতন হিন্দু দেৱী তাৰা বুলি কয়। ফা-টু-চিঙ অৰ্থাৎ আদি বা সৰ্বশক্তিমান সৰ্বব্যাপী দেৱতা। বহুলোকে ফা-টু-চিঙক সনাতন হিন্দু দেৱতা ৰাম বুলি কয়। ফা-লেং-ডন অৰ্থাৎ স্বৰ্গৰাজ। বহুতে ফা-লেং-ডনক সনাতন হিন্দু দেৱতা ইন্দ্ৰ বুলি কয়। অসমত শাসনৰ সুবিধাৰ্থে আহোম ৰজাসকলে পৌৰাণিক আহোম দেৱ-দেৱীসকলক হিন্দুত্বকৰণ কৰি লৈছিল বুলি বুৰঞ্জীবিদসকলে মতপোষণ কৰে।
  14. আহোম কেলেণ্ডাৰ টাওচিঙা বৰ্ষ ৫৬৮ খ্ৰীষ্টাব্দৰ প্ৰথম ৰজা খুনলাইৰ ৰাজত্ব কালৰ পৰা চলি আহিছে বুলি কোৱা হয়। ৬০টা লকনিয়ে এক টাওচিঙা চক্ৰ পূৰ্ণ হয়। টাওচিঙা প্ৰতিবছৰৰ নাম বেলেগ বেলেগ, লগতে প্ৰতিটো বছৰৰ আগত লকনি লিখা হয়। উদাহৰণস্বৰূপে, ১৮তম্ টাওচিঙা চক্ৰৰ লকনি প্লেক-ঙি অৰ্থাৎ ১৫তম্ লকনি বৰ্ষক খ্ৰীষ্টাব্দলৈ পৰিৱৰ্ত্তন কৰিলে ১৮×৬০+১৫+৫৬৮=১৬৬৩ খ্ৰীষ্টাব্দ হব। Numismatic Chronicle, XVI The Coinage of Assam, pp.311
  15. লকনি খুট-ঙি অৰ্থাৎ ১৫৯৭ শকাব্দত অৰ্থাৎ ১৬৭৫ খ্ৰীষ্টাব্দত ৰামধ্বজৰ পাছত গোবৰ ৰজাৰলৈকে ৪৪ দিন হৈছিল। এই সময়ছোৱাত দুজন ৰজাই ৰাজত্ব কৰিছিল এজন তুংখুঙীয়া ৰজা আৰু এজন চামুগুৰীয়া ৰজা। চামুগুৰীয়া কামজাং কোঁৱৰে ২০ চ'ত ১৫৯৬ৰ পৰা ২০ দিন, তুংখুঙীয়া গোবৰ কোঁৱৰ ১২ দিন, বাকী ১২ দিন অঘোষিত ভাৱে তেওঁৰ পুত্ৰ চাও অবং আৰু নাতি খুনফি বা দেওৰাজে ৰাজভাৰ লৈছিল বুলি কয় (Numismatic studies in NE Indiaৰ তুংখুঙীয়া বুৰঞ্জীৰ এক প্ৰসংগত)। তেওঁলোক দেবেৰা বৰুৱাৰ ষড়যন্ত্ৰত পৰি মৃত্যু হয়। যিহেতু এইসকলৰ কোনো এজনৰ ৰাজকাৰ্য ছমাহ নাছিল আৰু শিঙৰি উঠা হোৱা নাছিল গতিকে তেওঁলোকৰ কোনো এজনে চাও-ফা উপাধী লব পৰা নাছিল। আনহাতেদি চামুগুৰীয়া ৰজা শাসনকাল মাত্ৰ ২১ দিন আৰু ১৬৭৪ খ্ৰীষ্টাব্দ অৰ্থাৎ কাট-প্লাউ। মুদ্ৰাৰ বৰ্ষ খুট-ঙী অৰ্থাৎ ১৬৭৫ তেওঁৰ শাসনকালৰ নহয়। মুদ্ৰাৰ মুদ্ৰিত চাওফা চুহুঙ হৈছে, দিহিঙীয়া ৰজা (দ্বিতীয়), যি গোবৰ ৰজাৰ কাৰ্যকালৰ পাছত শাসনাধিস্থ হৈছিল। সেই দিশৰ পৰা চাবলৈ গলে অৰ্জুন দিহিঙ্গীয়া ৰজা, যাক সকলোৱে চুজিংফা বুলি জানে। তেওঁৰ নাম চুজিংফা নহৈ চুহুং হব লাগিছিল।
  16. চাওফা চুহুং আচলতে চামুগুৰিয়া ৰজা নে দিহিঙিয়া ৰজা তাকেলৈ ইতিহাসবিদসকলৰ মাজত মতানক্য আছে।
  17. গৌৰিনাথ সিংহৰ মৃত্যু ১৭১৬ শকাব্দ অৰ্থাৎ ১৭৯৫ খ্ৰীষ্টাব্দ হৈছিল। কিন্তু কিছু ১৭১৭ শকাব্দ মুদ্ৰিত মুদ্ৰা পোৱা যায়। ব্ৰিটিছ দস্তাবেজত পুৰন্দৰ সিংহৰ ব্ৰিটিছ কৰতলীয়া ৰজাহৈ থাকোতে ১৮৩৩-৩৮ খ্ৰীষ্টাব্দ সময়ছোৱাত ব্ৰিটিছক বছৰি ৫০,০০০ ৰাজমোহৰী ৰূপী দিবৰ বাবে বহু মুদ্ৰা মুদ্ৰিত কৰা হৈছিল। ভবা হয় যে, ইয়াৰে বজ্ৰনাথসিংহ আৰু পুৰন্দৰসিংহৰ মুদ্ৰাৰ উপৰিও কিছু টোলা ওজনৰ মুদ্ৰা গৌৰিনাথ সিংহৰ ১৭১৬-১৭ শকাব্দ আৰু আধলি ওজনৰ মুদ্ৰাসমূহ তাৰিখ নথকা গৌৰিনাথসিংহ আৰু লক্ষ্মীসিংহৰ মুদ্ৰা (যিবোৰত তলত ১ লিখা আছে) পুণৰ মুদ্ৰণ হৈছিল।
  18. ভৰতসিংহই আহোমসকলৰ স্বৰ্গদেওৰ উপাধী লোৱাৰ পৰা বিৰত আছিল। কাৰণৰ স্বৰ্গৰাজ লেংডনৰ বংশধৰসকলেহে স্বৰ্গদেও উপাধী লব পাৰিছিল বুলি জনবিশ্বাস আছিল। সেয়েহে তেওঁৰ মুদ্ৰাত ভগদত্তৰ উত্তৰাধিকাৰী বুলি মুদ্ৰিত কৰিছিল আৰু ভগদত্ত ভগৱান বিষ্ণুৰ আজো নাতি আছিল, সেয়ে তেওঁ নিজকে স্বৰ্গদেওসকলৰ সমকক্ষ বুলি ভাবিছিল।
  19. তিনিটা মোৱামৰীয়া বিদ্ৰোহৰ শেষৰ মোৱামৰীয়া বিদ্ৰোহৰ ব্ৰিটিছ সৈন্যবাহিনীৰ সহায়ত মষিমূৰ কৰা হয় আৰু ১৭৯৯ খ্ৰীষ্টাব্দত ভৰতসিংহক হত্যা কৰা হয়। কিন্তু সৰ্বানন্দ সিংহই বেংমৰাত নিজৰ অস্তিত্ব ৰাখে আৰু পাছলৈ তেওঁক বৰসেনাপতি পাতি বেংমৰা এৰি দিয়ে। ইয়াৰ বিনিময়ত মটক ৰাজ্যৰ পৰা বছৰি আহোম ৰাজ্যক ১০০০০ ৰূপৰ মুদ্ৰা কৰ হিচাপে দিব লাগিছিল। ১৮৩৯ খ্ৰীষ্টাব্দত মটক ৰাজ্য ব্ৰিটিছ সম্ৰাজ্যৰ লগ লাগে।
  20. কমলেশ্বৰসিংহ সিংহাসন আৰোহন কৰিয়ে বিদ্ৰোহ দমনৰ বাবে লাগিছিল। সেইসময়ত মুদ্ৰা মুদ্ৰণসমূহ বিদ্ৰোহীৰ দখলত আছিল। গতিকে কমলেশ্বৰসিংহৰ সিংহাসন আৰোহনবৰ্ষৰেই মুদ্ৰা পোৱা যায়।
  21. কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ কণিষ্ট ভাতৃ চন্দ্ৰকান্ত সিংহ সিংহাসনত বহে কিন্তু তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ হোৱাৰ বাবে কোনো মুদ্ৰা মুদ্ৰিত কৰা নাছিল। ১৮১৬ খ্ৰীষ্টাব্দত বাৰ্মিজ সৈন্য অসম আক্ৰমণ কৰে আৰু ঘূৰি যায়। চন্দ্ৰকান্ত সিংহৰ শাসনৰ বাবে ৰাজ্যত বিৰূপ পৰিছে বুলি তেওঁ বিৰুদ্ধ কিছু ৰাজপৰিয়ালৰ সদস্য আৰু বিষয়-ববীয়াই ষড়যন্ত্ৰ কৰে আৰু কলিকতাস্থিত ব্ৰিটিছ কাৰ্য্যালয়ত সহায় প্ৰাৰ্থনা কৰে। চন্দ্ৰকান্ত সিংহ ৰাজধানী যোৰহাটৰ পৰা ৰংপুৰলৈ পলায় যায়। যোৰহাটত ব্ৰজনাথসিংহই নিজকে ৰজা ঘোষণা কৰে, কিন্তু তেওঁৰ শাৰিৰীক অক্ষমতাৰ বাবে ৰাজসিংহাসনত তেওঁৰ নবালক পুত্ৰ পুৰন্দৰসিংহক বহায়। কিন্তু ব্ৰজনাথ সিংহই পুৰন্দৰসিংহ নবালক হোৱা বাবে নিজৰ নামত মুদ্ৰা মুদ্ৰিত কৰে।
  22. ব্ৰজ্ৰনাথসিংহই চন্দ্ৰকান্তসিংহক ক্ষমতাচ্যুত কৰাত চন্দ্ৰকান্তসিংহই ৰংপুৰলৈ পলায় যায়। তেতিয়া বাৰ্মিজ সৈন্যই আকৌ অসম আক্ৰমণ কৰে আৰু চন্দ্ৰকান্তসিংহক ক্ষমতালৈ পুণৰ আনে কিন্তু সাৰ্বভৌম ক্ষমতা বাৰ্মাৰ অধীনত ৰাখে। চন্দ্ৰকান্তসিংহ বাৰ্মাৰ পুতলা ৰজাহৈ থকাৰ ইচ্ছা নাছিল সেয়ে ১৮২১ খ্ৰীষ্টাব্দত কলিকতালৈ পলায় যায়।
  23. চন্দ্ৰকান্ত সিংহ ৰাজধানী এৰি যোৱাত বাৰ্মাৰাজ বাগৈদৌয়ে তেওঁৰ খুলালীয়েক যোগেশ্বৰসিংহক ১৮২০ খ্ৰীষ্টাব্দত সিংহাসনত বহায়। ইফালে চন্দ্ৰকান্ত সিংহই কলিকতালৈ গৈ আৰু ঘূৰি নাহিল। ১৮২৪ খ্ৰীষ্টাব্দত ব্ৰিটিছে বাৰ্মাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু ইয়াণ্ডাবু সন্ধিৰ যোগে ১৮২৮ খ্ৰীষ্টাব্দ সমগ্ৰ উত্তৰ-পূব ভাৰত ব্ৰিটিছৰ অধীনলৈ যায়। ১৮৩৩ খ্ৰীষ্টাব্দত পুৰন্দৰসিংহক কৰতলীয়া ৰজা হিচাপে ব্ৰিটিছে বহায়। ১৮৩৮ খ্ৰীষ্টাব্দত এই ব্যৱস্থা অসুবিধা হোৱাৰ বাবে ব্ৰিটিছে শাসনভাৰ নিজৰ হাতলৈ আনে আৰু আহোম ৰাজত্বৰ গৌৰৱময় ৬০০ বছৰীয়া কাল যৱনিকা পৰে।
  24. SK Bose "Coins and Tokens of Assam (1715-1937) 1999" North Eastern Hill University Publication-Shillong (pp.103-104): A letter sent to The Sudder Board of Revneue, Fort William from F.Jenkins, Agent to the Governor-General, North-East Frontier, mentioned that "... I have already directed the Collector to proclaim that Raj Mohrees would not be received after the 1st January next and it does not appear that the inhabitants have made any objection to the proposed restriction." dated 23rd Sept. 1839.
  25. ৩ ফুটি কৌৰী → ১ কৌৰী; ২ কৌৰী → ১ জোৰা; ২ জোৰা → ১ গন্দা; ৫ গন্দা → ১ কুৰি; ৫ কুৰি → ১ পোন; ১৬ পোন → ১ খান (১২৮০টা কৌৰী অৰ্থাৎ এটকা ৰূপী মুদ্ৰাৰ সমমূল্য)।