সমললৈ যাওক

চ্যু-পং-মু'ঙ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চক্ৰধ্বজ সিংহৰ পৰা পুনঃনিৰ্দেশিত)
চাওফা চ্যু-পুং-মুং
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫
চাওফা

ৰাজত্ব ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক)
অভিষেক ১৬৬৩
উত্তৰাধিকাৰী চুন্যৎফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-পুং-মুং
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চাওফা চ্যু-পুং-মুং (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: Supungmung) বা অসমআহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি।[1] ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে[2] আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।[3]

উল্লেখনীয় কাৰ্য আৰু ঘটনা

[সম্পাদনা কৰক]

নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযান

[সম্পাদনা কৰক]

১৬৬৫ চনত বানচঙ্গীয়া (নক্টে) নগা আৰু বানফেৰা নগাসকলৰ মাজত বিবাদ হোৱাত বানফেৰা নগাসকলে আহোম ৰজাৰ সহায় ভিক্ষা কৰে। তেতিয়া চুপুংমুঙে এদল সৈন্য পঠিয়াই বানচঙ্গীয়া নগাসকলক দমন কৰে। এক সময়তে মিৰিবিলাকে আহোম ৰাজ্যৰ ভিতৰ সোমাই লুটপাট কৰাত তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলোৱা হয় আৰু মিৰিসকল পলাই যায়।[2]

মোগলৰ সৈতে সংঘৰ্ষ

[সম্পাদনা কৰক]

চক্ৰধ্বজ সিংহৰ নিৰ্দেশত ১৬৬৭ চনৰ আগষ্টত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হয়। মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন এই অভিযানৰ সেনাপতি[4] আছিল আৰু তেওঁৰ নেতৃত্বত অসমীয়া সেনাই কাজলি, বাঁহবাৰী, গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰে।[5][6] শিলঘাটত থকা এটা কামানৰ ওপৰত সংস্কৃতেৰে লিখা আছে যে "১৬৬৭ খৃঃত চক্ৰধ্বজ সিংহই মুছলমান সকলক পৰাস্ত কৰি এই অস্ত্ৰ পাইছিল। শত্ৰু নিধনকাৰী বুলি ইয়েই তেওঁৰ গৌৰৱ ঘোষণা কৰে। "[2]

১৬৬৭ চনৰ ডিচেম্বৰত আহোমে গুৱাহাটী লোৱাৰ বাৰ্তা পাই ঔৰংজেৱে ৰামসিংহৰ সেনাপতিত্বত ডাঙৰ ফৌজ এটা অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়।[4] ১৬৬৯ চনৰ আগষ্টত হোৱা আলাবৈৰ যুদ্ধৰ কিছুমাহ পিচতে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।[2]

১৬৭০ চনৰ[6] এপ্ৰিলত অসম-মোগলৰ যুদ্ধ চলি থকা কালতে চুপুংমুঙৰ মৃত্যু ঘটে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩, ২৫ মাৰ্চ, ২০১৩
  2. 1 2 3 4 অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এলবিএছ পাব্লিকেশ্যন, পৃষ্ঠা ২৫২-২৬১, ২৫ মাৰ্চ, ২০১৩
  3. Assam General Knowledge. Bright Publications. পৃষ্ঠা. 30–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA30 আহৰণ কৰা হৈছে: 25 March 2013.
  4. 1 2 3 লাচিত বৰফুকন (১৯৯০ চন), ড॰ সূৰ্য্যকুমাৰ ভূঞা, অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা ২৫, ৭০, আহৰণ: ২৫ মাৰ্চ, ২০১৩
  5. "History of Assam". http://www.assamtourism.org/history.php আহৰণ কৰা হৈছে: ২৫ মাৰ্চ, ২০১৩.
  6. 1 2 Col Ved Prakash (1 January 2007). Encyclopaedia Of North-east India Vol# 1. Atlantic Publishers & Dist. পৃষ্ঠা. 194–. ISBN 978-81-269-0703-8. http://books.google.com/books?id=Ic4UCdaxbHIC&pg=PA194 আহৰণ কৰা হৈছে: 25 March 2013.