চুণ্যেউফা, চ্যু-ণ্যেউ-ফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁৱৰী কুৰংগনয়নীক বিবাহ কৰায়। সিংহাসনত বহাৰ কিছুদিন পিছতেই মোৱামৰীয়া বিদ্ৰোহৰ ফলত তেওঁ সিংহাসনচ্যুত হৈ বন্দী হ'বলগাত পৰে। ইয়াৰে কিছুমাহৰ পিছত কুৰংগনয়নীৰ সহায়ত বিদ্ৰোহীসকলক দমন কৰি বিদ্ৰোহৰ নেতা ৰাঘ বৰবৰুৱাক ক্ষমতাচ্যুত কৰি হেৰুৱা সিংহাসন পুনৰুদ্ধাৰ কৰে।
স্বৰ্গদেউ লক্ষ্মীসিংহৰ টাই-আহোম ভাষাত লিখা তামৰ ফলি
- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University