কুৰংগনয়নী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুৰংগনয়নী আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী আৰু প্ৰধান ৰাণী আছিল। স্বৰ্গদেৱে মানৰ কবলৰ পৰা মণিপুৰৰ সিংহাসন উদ্ধাৰৰ বাবে কৰা সহায়ৰ চিনস্বৰূপে জয় সিংহ‌ই তেওঁৰ জীয়েক কুৰংগনয়নীক ১৭৬৮ চনত ৰাজেশ্বৰ সিংহ‌লৈ বিয়া দিয়ে।[1] আগৰ দিনত মণিপুৰৰ মানুহক অসমীয়াই মগলু বা মগলৌ বুলিছিল। মণিপুৰৰ কন্যা হোৱা বাবে সেয়ে কুৰংগনয়নীক মগলু কুঁৱৰী বা মগলৌ কুঁৱৰী বুলিও জনা যায়। আনহাতে মণিপুৰিসকলে তেওঁক তেখাও-লেইমা বা অসম কুঁৱৰী বুলি স্মৰণ কৰে। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ দমনৰ ক্ষেত্ৰত কুৰংগনয়নীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৭৬৯ চনত ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক চুণ্যেউফাই লক্ষ্মী সিংহ নাম লৈ ৰাজপাটত উঠে আৰু কুৰংগনয়নীক বিয়া কৰায়। কিছুদিন পাছতে আহোম ৰাজ্যত ৰাঘ নেওগৰ নেতৃত্বত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হয়। বিদ্ৰোহীসকলে আহোম ৰাজধানী অধিকাৰ কৰি নাহৰখৰাৰ ৰমানন্দক সিংহাসনত বহুৱায় আৰু লক্ষ্মী সিংহক বন্দী কৰে। ৰাঘ নেওগে কুৰংগনয়নীৰ লগতে ৰাজেশ্বৰ সিংহৰ বিধবা পত্নীসকল আৰু লক্ষ্মী সিংহৰ পত্নীসকলক জোৰ কৰি নিজৰ হেৰেমত ৰাখে।[2]

প্ৰজাসকলে পূৰ্বৰ স্বৰ্গদেউৰ বিষয়াসকলকে সমৰ্থন কৰিবলৈ লোৱাত ৰজা ৰমাকান্ত অসন্তুষ্ট হৈ সকলো বিষয়া আৰু লক্ষ্মী সিংহক হত্যা কৰিবলৈ পৰিকল্পনা কৰে। এই কথাৰ উমান পাই পূৰ্বৰ সকলো বিষয়া লগ লাগি বিদ্ৰোহ দমন কৰিবলৈ সংকল্প লয়। ইতিমধ্যে বিদ্ৰোহীসকলৰ বেছিভাগেই ঘৰাঘৰি গৈছিল আৰু ৰাজধানীত ৰমাকান্তৰ লগত কেইজনমান সহকাৰীহে আছিল। ১৭৭০ চনৰ এপ্ৰিলত বহাগ বিহুৰ আগৰ নিশা ৰাঘৰ ঘৰ ঘেৰাও কৰা হয় আৰু তেওঁক বাহিৰলৈ টানি আনি হত্যা কৰা হয়। কিছুমানৰ মতে কুৰংগনয়নীয়েই পিছফালৰ পৰা প্ৰথম আঘাত কৰিছিল।[2] ৰমাকান্ত সমায়িকভাৱে পলাই সাৰে কিন্তু তেওঁৰ দেউতাক, আত্মীয় আৰু বিষয়াসকলক ধৰি মৃত্যুদণ্ড বিহা হয়। এইদৰে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pathak, Guptajit (2008). "Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua". Mittal Publications, New Delhi. pp. 20-21. https://books.google.co.in/books?id=6igd9NaJFlUC&pg=PA22&lpg=PA22&dq=rajeswar+singha&source=bl&ots=C0FfsIhPWq&sig=n8_mBse4C5AX908gk7DLizTQFSk&hl=en&sa=X&ved=0ahUKEwj4ta-Yxu3VAhVFLY8KHR5wCL0Q6AEIajAN#v=onepage&q=rajeswar%20singha&f=false। আহৰণ কৰা হৈছে: 23 August 2017. 
  2. 2.0 2.1 Gait, E. A. (1906). A History of Assam. প্ৰকাশক Calciutta: Thacker, Spink & Co.. পৃষ্ঠা. 186-87.