বাৰ্তা:কুৰংগনয়নী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুৰঙ্গনয়নী (১৮ শতিকা) মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী। মাতৃৰ নাম আখামহা। মানে মণিপুৰ আক্ৰমণ কৰাত জয়সিংহই আশ্ৰয় বিচাৰি গড়গাঁৱলৈ আহে আৰু আহোমৰ লগত মিত্ৰতা স্থাপনৰ অৰ্থে কুৰঙ্গনয়নীক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে। পিছলৈ কুৰঙ্গনয়নী ৰজাৰ বৰকুঁৱৰী হয়। ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত মোৱামৰীয়া বিদ্ৰোহৰ নায়ক ৰাঘ মৰাণে কুৰঙ্গনয়নীক বিয়া কৰোৱাৰ ইচ্ছাৰে নিজৰ অন্ত:পুৰলৈ আনে। কিন্তু কুৰঙ্গনয়নীয়ে বুদ্ধি আৰু ব্যক্তিত্বৰ জোৰত ৰাঘৰ লগত সম্বন্ধ নকৰাকৈ থাকে। কুৰঙ্গনয়নীয়ে ১৭৬৯ চনৰ চ'তৰ বিহুৰ দিনা চক্ৰান্ত কৰি ৰাঘ মৰাণক হত্যা কৰোৱায়। মণিপুৰৰ কন্যা হোৱা বাবে এখেতক 'মগলৌ কুঁৱৰী' বা 'মগলুকুঁৱৰী' বুলিও জনা যায়।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৬