চুন্যৎফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাওফা চুন্যৎফা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৬৭০-১৬৭২
অভিষেক ১৬৭০
উত্তৰসূৰী চুক্লমফা
সম্পূৰ্ণ নাম
চাওফা চুন্যৎফা
বাসগৃহ চাৰিঙীয়া ফৈদ, আহোম ৰাজবংশ
সমাধিস্থল চে-ৰায়-দয়
ধৰ্ম আহোম ধৰ্ম, হিন্দু ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চুন্যৎফা বা উদয়াদিত্য সিংহ (খ্ৰী: ১৬৭০-১৬৭২)আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। আহোম-মোগলৰ সংঘৰ্ষৰ কালছোৱাতে মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং ওৰফে চক্ৰধ্বজ সিংহৰ পিছতেই তেওঁ‌ ৰাজপাটত বহে। তেওঁ‌ৰ ৰাজত্বকালতেই বৰ সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া সৈন্যই শৰাইঘাটৰ যুদ্ধত নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে। শাসনকালৰ পিছৰ সময়ছোৱা ডফলাসকলৰ বিৰুদ্ধে বিফল অভিযান, বৃন্দাবনৰ পৰমানন্দ সন্ন্যাসীৰ আধ্যাত্মিক প্ৰভাৱৰ ফলত বিষয়াসকলৰ অসন্তুষ্টি আদি ঘটনাৰে পূৰ্ণ। ইয়াৰ ফলশ্ৰুতিতে পিছলৈ চুন্যতফাক ক্ষমতাচ্যুত কৰি প্ৰাণনাশ কৰা হয়। তেওঁৰ ৰাজত্বকালৰ পৰৱৰ্তী কালছোৱাত ৰাজ্যত বিভিন্ন খাম-খেয়ালি আৰম্ভ হৈ ১৬৮১ চনত চুপাতফা ওৰফে গদাধৰ সিংহ ৰাজপাটত বহালৈকে চলে।

বংশ পৰিচয় তথা প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

উদয়াদিত্য সিংহ চুৰেং দেওৰজাৰ নাতি তথা নামৰূপীয়া ৰজাৰ পুত্ৰ[1] আৰু আহোম ৰজা চুহুন্মুঙৰ আজোনাতি আছিল। তেওঁৰ ককাদেউতাক চুৰেং দেওৰজা আছিল আহোম ৰাজবংশৰ চাৰিঙীয়া ফৈদৰ প্ৰতিষ্ঠাতা[2] যি চুহুন্মুঙৰ ৰাজত্বকালত চুতীয়া আৰু কছাৰী ৰাজ্যৰ বিৰুদ্ধে সামৰিক অভিযানত অংশগ্ৰহণ কৰিছিল।[3] তেওঁ‌ৰ পূৰ্বৱৰ্তী ৰজা চুক্লেণমুঙ আৰু চুখাম্‌ফাৰ দিনতো চিলাৰাইৰ নেতৃত্বত হোৱা কোচসকলৰ আক্ৰমণকালতো যুদ্ধত নামিছিল।[4] উদয়াদিত্য সিংহৰ পূৰ্বৰ নাম আছিল মাজু গোঁ‌হাই। তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং সিংহাসনত বহোঁ‌তে সিংহাসনৰ পৰৱৰ্তী উত্তৰাধিকাৰী হিচাপে মাজু গোঁ‌হাইক চাৰিঙীয়া ৰজা পদত অভিষিক্ত কৰা হয়। [5]

ৰাজঅভিষেক[সম্পাদনা কৰক]

১৬৭০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত স্বৰ্গদেৱ চুপংমুঙৰ দেহাৱসানৰ পিছত[6] মাজু গোঁ‌হাইক আহোম ৰাজ্যৰ ৰজা ঘোষণা কৰা হয়। ৰাজপাটত বহি তেওঁ আহোমমতে চুন্যৎফা আৰু হিন্দুমতে উদয়াদিত্য সিংহ নাম লয়।[7]

শাসনকাল[সম্পাদনা কৰক]

মোগলৰ সৈতে যুদ্ধ[সম্পাদনা কৰক]

চক্ৰধ্বজ সিংহৰ দিনত আৰম্ভ হোৱা আহোম আৰু মোগলসকলৰ যুদ্ধই চূড়ান্ত পৰ্যায় লাভ কৰাৰ সময়তে উদয়াদিত্য সিংহ ৰাজপাটত বহে। সেই সময়ত মোগল সেনাপতি অম্বৰৰ ৰজা ৰামসিংহই গুৱাহাটী দখল কৰিবলৈ অহৰহ চেষ্টা কৰাৰ বিপৰীতে আহোম সেনাপতি লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁ‌য়ে গুৱাহাটী ৰক্ষা কৰি আছিল। ৰামসিংহই বৰফুকনলৈ প্ৰস্তাৱ পঠিয়ায় যে যদিহে বৰফুকনে গুৱাহাটীৰ দুৰ্গ মোগলক এৰি দিয়ে তেন্তে ১৬৩৯ চনৰ অসুৰৰ আলিৰ সন্ধি অনুসৰি হোৱা আহোম ৰাজ্যৰ সীমা মোগলে মানি চলিব।[8] দীৰ্ঘদিন ধৰি চলি থকা জয়-পৰাজয় নোহোৱা যুদ্ধৰ ফলত আহোম সেনাৰ মাজত অস্থিৰতা ই দেখা দিছিল আৰু সেয়ে এই প্ৰস্তাৱটোৱে আহোম শিবিৰত উৎসাহজনক সঁ‌হাৰি লাভ কৰে।[9] চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে এই প্ৰস্তাৱটো উদয়াদিত্য সিংহলৈ প্ৰেৰণ কৰা হয়। ৰাজসভাত ৰামসিংহৰ প্ৰস্তাৱৰ প্ৰতি প্ৰায়বোৰ বিষয়াই সমৰ্থন আগবঢ়ায় যদিও আতন বুঢ়াগোহাঁ‌য়ে ইয়াৰ বিৰোধিতা কৰি কয় যে যদি ইচ্ছাকৃতভাৱে মোগলক গুৱাহাটী এৰিয়ে দিয়া হয় তেন্তে ইমানদিনে যুদ্ধৰ নামত হানি হোৱা ধন-জনৰ কোনো মূল্য নাথাকিব। তদুপৰি এই কথাৰ নিশ্চিতি নাই যে সম্ৰাট ঔৰংজেৱ অথবা ৰামসিংহৰ উত্তৰসুৰী সেনাপতিয়ে এই প্ৰস্তাৱটো মানি ল'ব। বুঢ়াগোঁ‌হাইৰ কথা গমি চাই স্বৰ্গদেৱে সেনাপতিসকলক যুদ্ধৰ আদেশ দিয়ে।[10]

এই কথাত ক্ষুণ্ণ হৈ তেওঁৰ অশ্বাৰোহী সৈন্যদলক নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ আন্ধাৰুবালিৰ দুৰ্গ ভেদি গুৱাহাটীত সোমাবলৈ নিৰ্দেশ দিয়ে।[11] সেই সময়ত লাচিত বৰফুকন গুৰুতৰভাৱে অসুস্থ আছিল। মুখ্য সেনাপতিৰ অবৰ্তমানত আহোম সৈন্য ৰণভূমিত নিৰাশ হৈ পৰিছিল। মোগলৰ নৌবাহিনী গুৱাহাটীলৈ আগুৱাই অহা দেখা পাই আহোম সৈন্যই যুঁ‌জ নকৰাকৈয়ে পিছ হুঁ‌হকিবলৈ ধৰে। বৰফুকনে এই কথাৰ সম্ভেদ পাই নৰিয়া গাৰেই নিজৰ সৈতে আন ছখন নাও‌ লৈ মোগল সেনাৰ ফালে খেদি যায়। বৰফুকনক দেখা পাই আহোম সেনাই দুগুণ উৎসাহেৰে যুদ্ধক্ষেত্ৰত নামি পৰে আৰু মোগলক সম্পূৰ্ণৰূপে পৰাজিত কৰি মানাহ নৈৰ সিপাৰে খেদি পঠায়। ১৬৭১ চনত সংঘটিত এই যুদ্ধক শৰাইঘাটৰ যুদ্ধ নামেৰে জনা যায়।[12] ইয়াৰ পিছতেই গোৱালপাৰা জিলাৰ হাদিৰ নামৰ ঠাই আহোম সাম্ৰাজ্যৰ পশ্চিম সীমান্তৰ ছাউনী হিচাপে পৰিগণিত হয়। শৰাইঘাটৰ বিজয়ত উৎফুল্ল হৈ চুন্যৎফাই আহোম সেনাপতিসকলত পুৰস্কৃত কৰে। কোচৰজা বলিনাৰায়ণৰ নাতি তথা মহেন্দ্ৰ নাৰায়ণৰ পুত্ৰ ৰাজকুমাৰদ্বয় চন্দ্ৰ নাৰায়ণক দৰঙৰ আৰু গন্ধৰ্ব নাৰায়ণক বেলতলাৰ প্ৰান্তীয় শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা হয়।[13] ইয়াৰ কিছুদিন পিছতেই লাচিতৰ দেহাৱসান ঘটে আৰু তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ লালুকসোলাক গুৱাহাটীত বৰফুকন পদত নিয়োগ কৰা হয়।[14] আতন বুঢ়াগোহাঁ‌ইকে ধৰি সম্ভ্ৰান্ত বিষয়াসকল ভৱিষ্যতে হ'ব পৰা মোগলৰ যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ গুৱাহাটীতে থিতাপি লয়।

ৰাজভঁ‌ৰালৰ অগ্নিকাণ্ড[সম্পাদনা কৰক]

১৬৭১ চনত শিলিখাৰ এটা সোণ-ৰূপৰ ভঁ‌ৰালত জুই লাগে। অনুসন্ধান কৰি গম পোৱা যায় যে ভঁ‌ৰালৰ তত্ত্বাৱধানৰ দায়িত্বত থকা ভঁ‌ৰালী বৰুৱাই অসাৱধানবশতঃ সহজে জুই লাগিব পৰা কোনো বস্তুৰ কাষত জ্বলন্ত চিলিম এডাল থোৱাৰ বাবেই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ শাস্তিস্বৰূপে ভঁ‌ৰালী বৰুৱাক হাতীৰ লাদেৰে চিলিম টানিবলৈ দিয়া হয়।[15]

ডফলাসকলৰ বিৰুদ্ধে অভিযান[সম্পাদনা কৰক]

বৰ্তমানৰ লখিমপুৰ জিলা আৰু শোণিতপুৰ জিলাৰ উত্তৰফালে পাহাৰত ডফলাসকলে বাস কৰিছিল। মাজে-সময়ে তেওঁলোকে ভৈয়ামলৈ আহি লুট-পাত চলাইছিল। আহোম ৰজাসকলে তেওঁলোকক নিয়ন্ত্ৰণত ৰাখিবলৈ বস্ত-পাতিৰ যোগান ধৰিছিল আৰু ডফলা পাহাৰৰ নামনিত বাস কৰা ডফলা-বহতীয়াসকলৰ পৰা কৰ সংগ্ৰহৰ অনুমতি দিছিল। ডফলাসকলে বন্দোৱস্তি মতে বয়-বস্তু আৰু কৰ পোৱাত দেৰী হোৱাত ভোক-পিয়াহৰ চূড়ান্ত সীমাত উপনীত হোৱাৰ দোহাই দি মুখিয়ালসকলৰ নেতৃত্বত গাগলডুবি গাঁ‌ৱত আক্ৰমণ চলায় আৰউ তিনিজন লোকক হত্যা কৰাৰ লগতে মহিলা আৰু শিশুক সামৰি মুঠ ৪০ গৰাকী লোকক ধৰি নিয়ে। [16] উদয়াদিত্য সিংহই তাৎক্ষণিকভাৱে ঘোঁৰাকোঁ‌ৱৰ বৰবৰুৱাৰ নেতৃত্বত ডফলাসকলক এশিকনি দিবৰ বাবে প্ৰস্তুতি চলায়। বুঢ়াগোহাঁ‌য়ে পাহাৰ আৰু হাবিৰ দুৰ্গম ঠাইলৈ গৈ সামৰিক অভিযান চলোৱাতকৈ কূটনৈতিক কৌশলেৰে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ দিয়ে। ৰজাই সেই পৰামৰ্শ আওকাণ কৰি বৰবৰুৱাক সৈন্যবাহিনীৰে সৈতে ডফলাৰ বিৰুদ্ধে প্ৰেৰণ কৰে।[17][18]

১৬৭২ চনৰ ডফলাসকলৰ বিৰুদ্ধে এই অভিযান সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। এই কথাত ক্ৰোধান্বিত হৈ চুন্যৎফাই বৰবৰুৱাৰ গাফিলতিৰ অভিযোগত পদচ্যুত কৰি চাৰিঙীয়া পেলাম ফুকনক বৰবৰুৱা পাতে আৰু ঘোঁ‌ৰাকোঁ‌ৱৰক প্ৰাণদণ্ডৰ আদেশ দিয়ে যদিও ৰাজমাওৰ হস্তক্ষেপত তেওঁৰ প্ৰাণ ৰক্ষা পৰে।[19] অৱশ্যে কিছুদিনৰ পিছত ঘোঁ‌ৰাকোঁ‌ৱৰক ভিতৰুৱাল ফুকন অৰ্থাৎ গৃহৰক্ষী বাহিনীৰ দলপতি পদত নিয়োগ কৰা হয়। পৰৱৰ্তী সময়ত ডফলাসকলে অসমীয়া বন্দীসকলক নিজেই মুকলি কৰি দিয়ে।[20][21]

পৰমানন্দ বৈৰাগীৰ প্ৰভাৱ[সম্পাদনা কৰক]

উদয়াদিত্য সিংহৰ ৰাজত্বৰ পিছৰ কালছোৱাত পৰমানন্দ বৈৰাগী নামৰ এজন সন্ন্যাসীৰ আগমন ঘটে আৰু ৰজাৰ ওপৰত তেওঁ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। পৰমানন্দ সন্ন্যাসীক সাধাৰ্ণ লোকে গকুলপুৰী সন্ন্যাসী নামেৰেও জানিছিল আৰু তেওঁ বৃন্দাবনৰ সমীপৱৰ্তী গকুলৰ পৰা আহিছিল। হাজো, কামাখ্যা, বনমালী গোসাঁইৰ থান আদি ঠাইকে ধৰি নামনি অসমৰ বিভিন্ন স্থানত অলৌলিক কাৰুকাৰ্য প্ৰদৰ্শনেৰে পৰমানন্দই জনতাক মোহিত কৰিছিল।[22] পৰমানন্দৰ গুণ-গান গড়গাঁৱলৈকো বিয়পি পৰে আৰু ৰজাৰ পৰা তেওঁ ৰাজসভালৈ নিমন্ত্ৰণ লাভ কৰে। সন্ন্যাসীজনে উদয়াদিত্য সিংহকো মোহিত কৰে আৰু স্বৰ্গদেৱে তেওঁক গুৰু মনিবলৈ লোৱাৰ লগতে সন্ন্যাসীজনৰ বাবে ৰাজধানীৰ প্ৰৱেশদ্বাৰ অৰ্থাৎ চূণপোৰা-দুৱাৰত থান সজাই দিয়ে। পৰমানন্দ বৈৰাগীৰ সন্মান বৃদ্ধিৰ বাবে ৰজাই ৰাজবিষয়াসকলকো তেওঁৰ অনুগামী হ'বলৈ আদেশ দিয়ে। ৰাজ-আদেশ অনুযায়ী আতন বুঢ়াগোহাঁ‌ই, বাঘছোৱাল বৰপাত্ৰগোহাঁ‌ই, লাঙিচাং বৰগোহাঁ‌ই আৰু লাইথেপেনা সলাল গোহাঁ‌ইকে ধৰি বহুসংখ্যক ফুকন, ৰাজখোৱা আৰু বৰুৱাই পৰমানন্দ সন্ন্যাসীৰ শিষ্যত্ব গ্ৰহণ কৰে। সন্ন্যাসীয়ে চূণপোৰাৰ থানত বহিয়েই ৰজাই কি কৈছে বা কি কৰিছে গম পোৱা বুলি দাবী কৰিছিল। ইয়াৰ ফলত ৰজা আৰু ৰাজসভাৰ ওপৰত সন্ন্যাসীয়ে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল।[23][24]

বৈষ্ণৱ মহন্তসকলৰ ওপৰত অত্যাচাৰ[সম্পাদনা কৰক]

পৰমানন্দ সন্ন্যাসীৰদ্বাৰা প্ৰভাৱিত হৈ উদয়াদিত্য সিংহই ঠাকুৰীয়া ঠালৰ বাৰজন বৈষ্ণৱ মহন্তক সন্ন্যাসীজনৰ শৰণ ল'বলৈ কয়। মহন্তসকলে ইয়াৰ বিৰোধ কৰাত মায়ামৰা, মকাজান, শিলিখাতল আৰু চেঁ‌চামুখৰ মুখিয়াল মহন্তকেইজনক পোতাশালত থয় আৰু কয় যে তেওঁলোকে যদি কোনো অলৌকিক কাৰ্যৰে ৰজাক সন্তুষ্ট কৰিব পাৰে তেহে তেওঁলোকক মুক্তি দিয়া হ'ব। মহন্তসকলে এই কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে আৰু একগোট হৈ তেওঁলোকক সন্ন্যাসীৰ শিষ্য সজাবলৈ ৰজাই কৰা আয়োজনৰ বিৰোধিতা কৰাৰ বাবে থিৰাং কৰে। এই কাৰ্যত তেওঁলোকে তিনিওজন গোহাঁ‌ইৰে কৌশলী সহযোগিতা লাভ কৰে।[25]

ডেবেৰা হাজৰিকাৰ পৰমানন্দ বিৰোধী কাৰ্যকলাপ[সম্পাদনা কৰক]

ডেবেৰা আছিল আহোম লুখুৰাখন ফৈদৰ এজন হাজৰিকা অৰ্থাৎ এক হাজাৰ লোকৰ অধিকাৰী বিষয়া। তেওঁৰ পিতৃ আছিল ১৬৭২ চনত ডফলাৰ বিৰুদ্ধে চলোৱা অভিযানত মৃত্যুবৰণ কৰা খৰাগোম নামৰ বিষয়া। বৈষ্ণৱ মহন্তসকলৰ ওপৰত উদয়াদিত্য সিংহই চলোৱা অত্যাচাৰৰ বাবে ডেবেৰা স্বৰ্গদেউৰ ওপৰত খৰ্গহস্ত হৈ আছিল। তেওঁ নিজে মকাজান মহ্ন্তৰ শিষ্য হোৱাৰ হেতুকে বৈষ্ণৱ সন্তসকলৰ গৌৰৱ বৰ্তাই ৰাখিবলৈ সংকল্প লয় আৰু ইয়াৰ বাবে মহন্তসকলৰ পৰা আশীৰ্বাদ লয়।[26]

ৰজাই তেওঁৰ বিৰুদ্ধে চলা অভিসন্ধিৰ উমান পাই ডেবেৰাক ৰাজধানীৰ পৰা আঁতৰত ৰাখিবলৈ ব্যৱস্থা লয় আৰু সেয়ে শদিয়াৰ ওচৰৰ মিচিমিসকলৰ বিদ্ৰোহ দমন কৰিবৰ বাবে ডেবেৰাক আদেশ দিয়ে। ডেবেৰাই ৰজাৰ প্ৰকৃত উদ্দেশ্য গম পাই এই অভিযান তিনিদিনৰ পিছত আৰম্ভ কৰিব বুলি জনায়।[27]

সেই ৰাতিয়েই ডেবেৰাই তিনিওজন ডাঙৰীয়াক সাক্ষাৎ কৰি ৰজাৰ সৰু ভায়েক চুক্লমফা ওৰফে সৰুগোহাঁইক সিংহাসন দখল কৰাত সমৰ্থন কৰিবলৈ পতিয়ন নিয়ায়। বৈৰাগীয়ে ককায়েকৰ মগজত থিতাপি লোৱা বুলি মন্তব্য কৰি চুক্লমফায়ো এই প্ৰস্তাৱত ততালিকে সন্মত হয়। সেইমতে ডেবেৰাৰ লগতে ডেবেৰাৰ ভ্ৰাতৃ মোহন ডেকা, ৰতনপুৰীয়া হাজৰিকা, নামগিলা হাজৰিকা আৰু টাইৰাই দোলাকাষৰীয়া বৰুৱাৰ সহায়ত হাইঠাগুৰিৰ ৰাজভৱনত স্বৰ্গদেৱক ঘেৰাও কৰিবলৈ এহেজাৰ সশস্ত্ৰ লোক গোটায়।[28][29] এই কথাৰ সম্ভেদ পাই চুন্যৎফাই ততালিকে নগৰৰ প্ৰৱেশদ্বাৰসমূহ বন্ধ কৰি সৰুগোহাঁই আটক কৰিবলৈ আদেশ দিয়ে।[30]

গৃহবন্দী[সম্পাদনা কৰক]

ষড়যন্ত্ৰকাৰীসকলে তেওঁলোকৰ হাতত বেছি সময় নাই বুলি জানি তাৎক্ষনিকভাৱে আগবাঢ়িবলৈ সিদ্ধান্ত লয়। ১৬৭২ চনৰ নৱেম্বৰত সৰুগোহাঁই আৰু তেওঁৰ সমৰ্থকসকল অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ মাজৰাতি ৰাজধানীৰ ফালে আগবাঢ়ে। তেওঁলোকে প্ৰৱেশদ্বাৰৰ পহৰাদাৰীসকলৰ মুখিয়াল ডিমৰুঘৰীয়া গোটৰ পচা-শিমলু হাজৰিকাক দুৱাৰ খুলি দিবলৈ অনুৰোধ জনায়।[31] কিন্তু হাজৰিকাই দুৱাৰ এৰি দিবলৈ অমান্তি হয়। ডেবেৰাই হস্তীবাহিনীৰ মুৰব্বী গজপুৰীয়া হাতীবৰুৱা আৰু পৰীক্ষিত ঢেকেৰী মাউতক দুৱাৰ ভাঙিবলৈ কয়। এনেদৰেই ষড়যন্ত্ৰকাৰী দলটো প্ৰৱেশদ্বাৰ ভাঙি সোমাই পচা-শিমলু হাজৰিকাৰ লগতে দুৱাৰৰখীয়া লোকসকলক হত্যা কৰে। ইয়াৰ পিছত সৰুগোহাঁ‌ই ৰাজকাৰেঙৰ ফালে আগবাঢ়ে। চাৰিঙীয়া পেলন বৰবৰুৱা, চাৰিঙীয়া বৰুৱা আৰু চাউদাং বৰুৱাই নিজা বাহিনীৰে সৈতে আহি সৰুগোহাঁ‌ইৰ বাট ভেটি ধৰে যদিও অৱশেষত পৰাজিত হয়।[32] সৰুগোহাঁ‌য়ে বৰবৰুৱা আৰু চাউদাং বৰুৱাক প্ৰাণে মাৰে। দুৰৈত হুৱা-দুৱা শুনি ৰজাই টোপনিৰ পৰা সাৰ পাই যদিও ডেবেৰাই আগতেই শিকাই থোৱা মতে ৰজাৰ শোৱনীকোঠাৰ দেহৰক্ষীয়ে হাতীশালৰ পৰা হাতী ওলাই যোৱাৰ বাবে বৰবৰুৱাই ঘূৰাই আনোতে হুলস্থূল হোৱা বুলি কয়। এই কথাত পতিয়ন গৈ উদয়াদিত্য সিংহই অধিক অনুসন্ধান কৰাৰ পৰা বিৰত থাকে।[33]

ইতিমধ্যে সৰুগোহাঁ‌ই আহি ৰজাৰ চৰাঘৰ পায়হি আৰু কাৰেঙৰ প্ৰৱেশদ্বাৰসমূহত প্ৰহৰী নিয়োগ কৰে। বিৰোধী লোকসকলক ততালিকে মৃত্যুদণ্ড প্ৰদান কৰি উদয়াদিত্য সিংহৰ পলায়ন কৰাটো অসম্ভৱ কৰি তোলে। তেওঁ‌ নিজকে ৰজা ঘোষণা কৰাৰ লগতে ঘোঁৰাকোঁ‌ৱৰ ভিতৰুৱাল ফুকনক বৰবৰুৱা পদত অধিষ্ঠিত কৰে।[34] হৰি বৰপাত্ৰগোহাঁ‌ইৰ বাদে অন্য ৰাজকীয় বিষয়াসকলে নতুন ৰজাৰ আগলৈ আহি নিজৰ আনুগত্য প্ৰকাশ কৰে। সৰুগোহাঁ‌য়ে হৰি বৰপাত্ৰগোহাঁ‌ইক পদচ্যুত কৰি নিজৰ বিশ্বাসী চপাক বৰপাত্ৰগোহাঁ‌ই পদত নিয়োগ কৰে।[35]

ক্ষমতাচ্যুতি আৰু মৃত্যু[সম্পাদনা কৰক]

পিছদিনা উদয়াদিত্য সিংহত দোলাত বহাই চৰাইদেউ পাহাৰৰ ফালে নিয়া হয়। ৰাজমাৱে উদয়াদিত্য সিংহক হয় প্ৰাণে নামাৰিবলৈ নহ'লে তেওঁৰো প্ৰাণ ল'বলৈ চুক্লমফাক কাকূতি কৰে। সৰুগোহাঁ‌য়ে মাকক বুজনি দিয়ে যে দুয়োজনে একেলগে চৰাইদেউ আৰু গড়গাঁ‌ৱৰ পৰা ৰাজ্য শাসন কৰিব। চৰাইদেউ গৈ পোৱাৰ পিছতেই উদয়াদিত্য সিংহৰ প্ৰাণনাশ কৰা হয়। মৃত্যুৰ পূৰ্বে এজন নিৰপৰাধ লোকৰ প্ৰাণ লোৱাৰ বাবে তেওঁ এই কাৰ্যত জড়িতসকলক অভিশাপ দিয়ে।[36] ওনো কোনো সূত্ৰৰ মতে ডেবেৰাই তেওঁক বিহপান কৰোৱাই।[37] ৰজাৰ তিনিওগৰাকী কুঁৱৰীকো প্ৰাণে মৰা হয়।[38] উদয়াদিত্য সিংহৰ গুৰু পৰমানন্দ সন্ন্যাসীক বন্দী কৰি নানাধৰণে অপমান কৰি শাস্তি দি মৃত্যুদণ্ড বিহা হয়। ভৱিষ্যতে এনে কোনো নতুন ৰীতি-নীতিৰ প্ৰচলন কৰিবলৈ বিচৰা লোকৰ বাবে সতৰ্কীকৰণ হিচাপে তেওঁৰ মৃতদেহটো ভূঁ‌ৰত বান্ধি দিখৌত উটুৱাই দিয়া হয়।[39][40]

ৰাজত্বকালৰ উল্লেখনীয় দিশ[সম্পাদনা কৰক]

স্বৰ্গদেৱ চুন্যৎফা ওৰফে উদয়াদিত্য সিংহৰ ৰাজত্বকালছোৱা শৰাইঘাটৰ যুদ্ধত অসমৰ পৰা মোগল শক্তিৰ বিতাৰণৰ বাবে ঘাইকৈ জনাজাত। গুৱাহাটীত উদ্ধাৰ হোৱা টোপসমূহলৈ চাই এই কথা ক'ব পাৰি যে সেই সময়লৈ অসমীয়া লোকে নিজে টোপ সাজিব জানিছিল।[41] উজনি অসমৰ বৈৰাগী আলি এইজন স্বৰ্গদেৱৰ দিনতেই বন্ধোৱা হয়।[42] সমসাময়িক বুৰঞ্জীবিদসকলে এই কথা উল্লেখ কৰিছে যে তেওঁৰ নিজৰ ভ্ৰাতৃ চক্ৰধ্বজ সিংহৰ সমান শক্তি আৰু বুদ্ধিমত্তা নাছিল[43] যদিও মোগল আগ্ৰাসনৰ সময়ত গুৱাহাটীৰ বিষয়াসকললৈ তেওঁ সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াইছিল। ডফলাসকলৰ বিৰুদ্ধে বিফল সামৰিক অভিযানে তেওঁৰ ৰাজনৈতিক বিচক্ষণতা আৰু সমৰ কৌশলৰ অভাৱৰ কথা সূচায়। বৈষ্ণৱ মহন্তসকলক অপমান কৰি পৰমানন্দ সন্ন্যাসীৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ বিচৰা কাৰ্য তেওঁৰ প্ৰাণঘাতক সিদ্ধান্ত হিচাপে পৰিগণিত হয়।[44]

টোকা[সম্পাদনা কৰক]

  1. The Deoraja (as called by the Hindus) was the second son of Suhungmung who is named as either Sureng or Suleng in the Buranjis and as Phichao in the Deodhai's manuscripts. He was the Charing Raja under Suhungmung and the Tipam Raja under Suklenmung. (Gogoi 1968, পৃষ্ঠা 321)
  2. (Barbaruah 1981, পৃষ্ঠা 46)
  3. (Barbaruah 1981, পৃষ্ঠা 49–51)
  4. (Barbaruah 1981, পৃষ্ঠা 68)
  5. (Barbaruah 1981, পৃষ্ঠা 188)
  6. (Bhuyan 1957, পৃষ্ঠা 76)
  7. (Gait 1906, পৃষ্ঠা 156)
  8. (Gait 1906, পৃষ্ঠা 157)
  9. (Bhuyan 1957, পৃষ্ঠা 112)
  10. (Bhuyan 1957, পৃষ্ঠা 76)
  11. (Bhuyan 1957, পৃষ্ঠা 77)
  12. (Bhuyan 1957, পৃষ্ঠা 77)
  13. (Gait 1906, পৃষ্ঠা 157)
  14. (Bhuyan 1957, পৃষ্ঠা 78)
  15. (Gait 1906, পৃষ্ঠা 159)
  16. (Bhuyan 1957, পৃষ্ঠা 80)
  17. (Bhuyan 1957, পৃষ্ঠা 80)
  18. (Barbaruah 1981, পৃষ্ঠা 189)
  19. (Gait 1906, পৃষ্ঠা 158)
  20. (Bhuyan 1957, পৃষ্ঠা 82)
  21. (Barbaruah 1981, পৃষ্ঠা 190)
  22. (Bhuyan 1957, পৃষ্ঠা 83)
  23. (Bhuyan 1957, পৃষ্ঠা 83–84)
  24. (Barbaruah 1981, পৃষ্ঠা 191)
  25. (Bhuyan 1957, পৃষ্ঠা 84–85)
  26. (Bhuyan 1957, পৃষ্ঠা 85)
  27. (Bhuyan 1957, পৃষ্ঠা 86)
  28. (Bhuyan 1957, পৃষ্ঠা 86)
  29. (Barbaruah 1981, পৃষ্ঠা 191)
  30. (Gait 1906, পৃষ্ঠা 158)
  31. (Gait 1906, পৃষ্ঠা 158)
  32. (Barbaruah 1981, পৃষ্ঠা 192)
  33. (Bhuyan 1957, পৃষ্ঠা 86–87)
  34. (Bhuyan 1957, পৃষ্ঠা 87)
  35. (Barbaruah 1981, পৃষ্ঠা 192)
  36. (Bhuyan 1957, পৃষ্ঠা 87)
  37. (Barua 2008, পৃষ্ঠা 69)
  38. (Gait 1906, পৃষ্ঠা 159)
  39. (Bhuyan 1957, পৃষ্ঠা 88)
  40. (Gait 1906, পৃষ্ঠা 159)
  41. (Gait 1906, পৃষ্ঠা 159)
  42. (Barbaruah 1981, পৃষ্ঠা 192)
  43. (Bhuyan 1957, পৃষ্ঠা 76)
  44. (Bhuyan 1957, পৃষ্ঠা 88)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]