সমললৈ যাওক

চ্যু-হুং-ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চুহুংফাৰ পৰা পুনঃনিৰ্দেশিত)
চাওফা চুহুংফা
চাওফা

ৰাজত্ব ১৬৭৪-১৬৭৫
অভিষেক ১৬৭৪
উত্তৰাধিকাৰী গোবৰ ৰজা
সম্পূৰ্ণ নাম
চাওফা চুহুংফা
বাসগৃহ চামগুৰীয়া ফৈদ, আহোম ৰাজবংশ
সমাধিস্থল চে-ৰায়-দয়
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চুহুংফা বা চুহুং (ৰাজত্বকাল ১৬৭৪–১৬৭৫ খ্ৰী:) আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। তেওঁৰ শাসনকাল বৰ কম সময়ৰ আছিল। অধিকাংশ বুৰঞ্জীতে তেওঁৰ শাসনকাল মাথোঁ ২০ দিন বুলি পোৱা যায় যদিও কোনো কোনো ঠাইত ইয়াক এমাহ পোন্ধৰ দিন বুলিও উল্লেখ কৰা হৈছে।[1] চুক্লমফা ওৰফে ৰামধ্বজ সিংহক বিহ খুৱাই হত্যা কৰাৰ পিছত ডেবেৰা বৰবৰুৱাই চুহুংক ৰাজপাটত বহুৱাই। এইগৰাকী ৰজাৰ শাসনকাল ডেবেৰা বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাৰে পূৰ্ণ আছিল। শেষলৈ চুহুংফাই ডেবেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰোঁতেই বৰবৰুৱাজনে এই কথাৰ সম্ভেদ পাই তেওঁক ঔষধৰ সৈতে বিহ মিহলাই খুৱাই হত্যা কৰে।

বংশ পৰিচয় আৰু ৰাজঅভিষেক

[সম্পাদনা কৰক]

চুহুং আছিল পূৰ্বৰ ৰজা চুহুন্মুংৰ বংশধৰ। আহোম ৰাজবংশৰ চামগুৰীয়া ফৈদৰ কোঁ‌ৱৰ হোৱাৰ বাবে তেওঁক চামগুৰীয়া ৰজা নামেৰেও জনা যায়। তেওঁ চামগুৰীয়া খামজাং কোঁ‌ৱৰ (চাও খামজাং) হিচাপে পৰিচিত আছিল। চুক্লমফাক হত্যা কৰাৰ পিছত ডেবেৰাই মাকৰ ফলীয়া ভাগিন চুহুংক ৰজা পাতে। ইয়াৰ লগতে ডেবেৰাই সম্ভ্ৰান্ত পৰিয়ালৰ কেইবাগৰাকী আইদেউক ৰজাৰ ভিতৰচৰাত গুপ্তচৰ বা বাতৰি-দিওঁ‌তা হিচাপে নিয়োগ কৰে। মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰী তথা লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভগ্নী পাখৰী গাভৰুক বৰকুঁ‌ৱৰী পতা হয়। পূৰ্বতে পাখৰী গাভৰু যথাক্ৰমে স্বৰ্গদেৱ চুতাম্লা আৰু চুপংমুংৰ কুঁ‌ৱৰী আছিল আৰু সেয়ে ৰাজকাৰ্য আৰু ৰাজ্যৰ ৰাজনীতিৰ প্ৰতি সুপৰিচিত আছিল।[2]

শাসনকাল

[সম্পাদনা কৰক]

ৰাজকোঁ‌ৱৰসকলৰ হত্যা

[সম্পাদনা কৰক]

ইতিমধ্যে আহোম ৰাজবংশৰ আন কোঁ‌ৱৰসকলেও সিংহাসন অধিকাৰ কৰিবলৈ যো-জা চলায়। ককায়েক ৰামধ্বজ সিংহৰ বিয়োগৰ বাতৰি পাই তিপাম ৰজা নাৰায়ন গোহাঁ‌ই ৰজা হোৱাৰ উদ্দেশ্যৰে কচলুখোৱা সলাল গোহাঁইৰ সৈতে আহি ৰাজধানী গড়গাঁও পায়হি। ডেবেৰাই ৰতনপুৰীয়া আৰু দক্ষিণপটীয়া নামৰ দুজন সেনানায়কৰ সৈতে কোঁ‌ৱৰৰ বাহিনীক আগচি ধৰে। যুদ্ধত তিপাম ৰজা আৰু সলাল গোহাঁ‌ইৰ মৃত্যু ঘটে। ইয়াৰ পিছতে ডেবেৰাই অন্য কোঁ‌ৱৰসকলকো নিপাত কৰাৰ সিদ্ধান্ত লয়। চুক্লমফাৰ দ্বিতীয়জন ভ্ৰাতৃ নামৰূপীয়া ৰজা বন গোহাঁ‌ইক চেতিয়া পাটৰ নামৰ লোক এজনৰ হতুৱাই বধ কৰোৱা হয়। ইয়াৰ উপৰিও চুন্যতফা বা উদয়াদিত্য সিংহৰ চৈধ্যজন পুত্ৰকো প্ৰাণে মৰা হয়।[3][4]

কছাৰী ৰাজ্যৰ কটকী

[সম্পাদনা কৰক]

কছাৰী ৰাজ্যৰ নিয়ম আছিল যে আহোম ৰাজ্যত নতুন ৰজাই ৰাজপাটত উঠিলে তেওঁলৈ শুভেচ্ছা প্ৰেৰণ কৰা হয়। সেইমতে কছাৰী ৰাজ্যৰ কটকীয়ে চুক্লমফালৈ বুলি শুভেচ্ছাবাণী আৰু উপহাৰ লৈ আহোম ৰাজ্যলৈ আহে। গড়গাঁৱত উপস্থিত হৈ তেওঁলোকে চুক্লমফাৰ দেহাৱসান আৰু নতুন ৰজা হিচাপে চুহুংৰ ৰাজ-অভিষেকৰ বাতৰি পায়। ৰাজসভাত নিয়ম অনুসৰি আতিথ্য প্ৰদানৰ পিছত কটকীক চুহুঙে জনায় যে পূৰ্বৰ ৰজালৈ প্ৰেৰণ কৰা পত্ৰ তেওঁ খুলি নাচায়। ইয়াৰ লগতে তেওঁ কটকীক নতুন ৰজালৈ পুনৰ সুকীয়াকৈ পত্ৰ আনিবলৈ কৈ পঠায়।

ডেবেৰা বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা

[সম্পাদনা কৰক]

শাসনকাৰ্যত নিজৰ নিয়ন্ত্ৰন সুনিশ্চিত কৰিবলৈ ডেবেৰাই ৰতনপুৰীয়া আৰু দক্ষিণপটীয়াৰ সহায়ত তেওঁৰ অনিষ্ট কৰিব পৰা বিষয়াসকলক হত্যা কৰিবলৈ লয়। তেওঁ এজন প্ৰভাৱশালী বিষয়া চিৰিংডাং পৰিয়ালৰ শিমলুগুৰীয়া নাওবৈচা ফুকনক হত্যাৰ ষড়যন্ত্ৰ কৰে। গোপনে এই বাতৰি পাই নাওবৈচা ফুকনে অসুস্থতাৰ অজুহাতত ঘৰতেই সোমাই থাকে। ঘৰুৱা কামত সহায় কৰা এগৰাকী মহিলা নিয়োগ কৰি ডেবেৰাই নাওবৈচা ফুকনৰ মিছা নৰীয়াৰ বিষয়ে জানিব পাৰে আৰু তেওঁক হত্যা কৰিবলৈ সুযোগৰ অপেক্ষা কৰে। গোমোঠা ভাণ্ডাৰী বৰুৱা নামৰ আন এজন বিষয়াক আততায়ীৰদ্বাৰা হত্যা কৰোৱা হয়।[5] এই হত্যাকাণ্ডসমূহৰ বাবে ডেবেৰাই ৰজাৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল আৰু এই বিষয়ে ৰজাক কোনোধৰণৰ খতিয়ান দিয়াৰো প্ৰয়োজনবোধ কৰা নাছিল। ​

ডেবেৰাক হত্যাৰ পৰিকল্পনা

[সম্পাদনা কৰক]

ডেবেৰাৰ স্বেচ্ছাচাৰি কাৰ্যকলাপ স্বৰ্গদেৱ চুহুংৰ বৰকুঁ‌ৱৰী পাখৰী গাভৰুৰ চকুত পৰে। তেওঁ এই কথা চুহুংৰ কাণ চোৱায় আৰু কথাৰ গুৰুত্ব বুজি ৰজাই বৰকুঁ‌ৱৰী, শিমলুগুৰীয়া নাওবৈচা ফুকন আৰু আহোম পুৰোহিত লাইটাই দেওধাইৰ সৈতে গোপনে মন্ত্ৰণা কৰি ডেবেৰাক হত্যা কৰিবলৈ চক্ৰান্ত কৰে। এই মন্ত্ৰণাৰ কাৰ্যবিৱৰণী সেই সময়ত ৰাজকাৰ্যত অসমীয়া লিপিৰ ব্যৱহাৰৰ ফলত অধুনালুপ্ত টাই-আহোম লিপিত লিখা হৈছিল।[6]

ইফালে মন্ত্ৰণাৰ সময়ত উপস্থিত থকা এজনী লিগিৰীৰ মুখে এই কথাৰ সম্ভেদ পাই ডেবেৰাই আত্মৰক্ষাৰ বাবে ততাতৈয়াকৈ ব্যৱস্থা হাতত লয়। চুহুংৰ ঔষধৰ সৈতে বিহ মিহলাই ৰজাক হত্যা কৰাৰ পিছত বৰকুঁ‌ৱৰী আৰু নাওবৈচা ফুকনকো প্ৰাণে মাৰে। আহোম পুৰোহিত ফৈদৰ হোৱা বাবে লাইটাই দেওধাইক ৰেহাই দিয়া হয়।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 200
  2. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 96-98
  3. হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন নামৰ গ্ৰন্থত ডেবেৰাই চুক্লমফাৰ ১৪ জন পুত্ৰক হত্যা কৰা বুলি উল্লেখ আছে। পৃ:১৯৯
  4. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 96
  5. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 97-98
  6. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 98
  7. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 98