সমললৈ যাওক

চুত্যিণ্‌ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুত্যিণ্‌ফা
চাওফা

১৬৪৪ – ১৬৪৮ খ্ৰীষ্টাব্দ
চুৰাম্‌ফা
উত্তৰাধিকাৰী চুতাম্লা
সম্পূৰ্ণ নাম
চাওফা চ্যু-ত্যিণ-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

চাওফা চুত্যিণ্‌ফা বা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্‌ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপৰ মাক বৰৰাণী আছিল। ৰজাৰ আন জনী ৰাণী বুঢ়াগোহাঁইৰ জীয়েক আছিল। এইজনী ৰাণীৰ মন্ত্ৰণাত নৰিয়া ৰজাই লাপলুপ আৰু বৰপাত্ৰক বধ কৰাইছিল। তাৰ পিছত লাপলুপৰ মাকক বৰৰাণী গুচাই বুঢ়াগোহাঁইৰ জীয়ককে বৰৰাণী পাতিছিল। এইগৰাকী ৰাণীয়ে খহুৱা খোৱা গোহাঁই নামৰ ৰজাৰ আন এজন পুতেককো মৰাবলৈ চেষ্টা কৰোৱাইছিল।[1]

আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

ৰাজত্ব কাল

[সম্পাদনা কৰক]
ডফলাৰ লগত বিৰোধ

এইজন ৰজাৰ দিনত ডফলা সকলৰ লগত বিৰোধ ঘটিছিল। বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক ডফলাক দমাবলৈ নৰিয়া ৰজাই পঠিয়ায় দিছিল। কিন্তু এওঁলোকে ডফলা সকলক দমাব সক্ষম হোৱা নাছিল। তেতিয়া ৰজাই তেওঁলোকক বিষয়া ভাগি অইনক বিষয়া পাতি পুনৰ ডফলাৰ বিৰুদ্ধে অভিযান চলায়। সেইবাৰ ডফলাসকল ৰজাৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।[1]

কছাৰীৰ লগত বিৰোধ

কছাৰী সকলৰ লগত এইজন ৰজাৰ দিনত বিৰোধ ঘটিছিল। পিছে আহোম ৰাজকন্যা এজনী কছাৰী ৰজালৈ দিবলৈ স্বীকাৰ কৰি নৰিয়া ৰজাই কছাৰীৰ লগত সম্প্ৰীতি স্থাপন কৰিছিল। সেই সময়ত কছাৰী ৰজা আছিল বীৰ দৰ্পনাৰায়ণ।[1]

ৰজা ভগাৰ কাৰণ

[সম্পাদনা কৰক]

চুত্যিন্‌ফাৰ ৰাণী বুঢ়াগোহাঁইৰ জীয়েকৰ কুকুৰে খোৱা গোহাঁই নামৰ পুতেক এজন আছিল। তেওঁ বৰ নৈতিকতাহীন, দাম্ভিক আৰু অত্যাচাৰী আছিল। তেওঁৰ ব্যৱহাৰত ডা-ডাঙৰীয়াৰ লগতে ৰাজ্যৰ বহুত মানুহ অসন্তুষ্ট হৈছিল। ৰজায়ো শাসন কৰিব নোৱাৰিছিল। তেতিয়া ৰাজ্যৰ সকলোৱে মিলি কুকুৰে খোৱা গোহাঁইক আৰু তেওঁৰ মাকক মাৰি পেলাইছিল। ইয়াৰ পিছত তেওঁলোকে চুত্যিন্‌ফাক ৰজা ভাগি তেওঁৰ পুতেক চুতাম্লাক ৰজা পাতিছিল।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৬৫, ৬৬ পৃষ্ঠা.