চ্যু-ৰম-ফা
চাওফা চ্যু-ৰম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡 | |
---|---|
চাওফা
| |
১৬৪১ – ১৬৪৪ খ্ৰীষ্টাব্দ | |
প্ৰতাপ সিংহ | |
চুত্যিন্ফা | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-ৰম-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | প্ৰতাপ সিংহ |
ধৰ্ম | আহোম ধৰ্ম |
চাওফা চ্যু-ৰম-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,ইংৰাজী: Suramphaa) আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল।[1] এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল। এই তিৰোতাজনীয়ে লগত ভতিজা ল’ৰা এটাও আনিছিল। ৰজাৰ পুত্ৰ নথকাত তাকে পুত্ৰৱতে মৰম-চেনেহ কৰি ৰজা পাতিবলৈ মন মেলিছিল। পিছে ল’ৰাটোৰ ৰজা হোৱাৰ আগতেই মৃত্যু হৈছিল। চুতীয়া তিৰোতাজনীৰ কথামতে ল’ৰাটোৰ মৈদামত পুতিবলৈ ভগাৰজাই ডাঙৰীয়া সকলৰ ল’ৰা একোটি খুজিছিল। ইয়াতে ডাঙৰীয়াসকল বিতুষ্ট হৈ চুৰমফাক ৰজা ভাঙি চুত্যিন্ফাক ৰজা পাতিছিল। চুৰমফা ক দূৰৈৰ পাহাৰলৈ নি তাতে থাকিবলৈ দিয়া হৈছিল; আৰু কিছুদিন পিছত তেওঁক তাতে বধ কৰোৱা হৈছিল।[1] ভগাৰজাৰ দিনৰ প্ৰধান কাম হৈছে শলগুৰি আলি নিৰ্মাণ।
|
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৬৪, ৬৫ পৃষ্ঠা.