সমললৈ যাওক

চুচেংফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুচেংফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜂𑜫 𑜇𑜡
চাওফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-চেং-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

চাওফা চুচেংফা বা চ্যু-চেং-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜂𑜫 𑜇𑜡, ৰাজত্বকাল ১৬০৩-১৬৪১) বুঢ়া ৰজা আহোম ৰাজ্যৰ সপ্তদশ ৰজা আছিল। বয়সীয়া কালত ৰজা হোৱা বাবে বুৰঞ্জীত তেওঁক বুঢ়া ৰজাও বোলা হৈছে। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ সীমা পশ্চিমলৈ বিস্তৃত হয়, আহোম-মোগল সংঘাতৰ সূত্ৰপাত ঘটে, আৰু মোমাই তামুলী বৰবৰুৱাৰ পৰিকল্পনামতে পাইক প্ৰথা আৰু নতুন গ্ৰাম্য অৰ্থনীতিৰে ৰাজ্যৰ আন্তঃগাঁথনি সলোৱা হয়। তেওঁ বৰবৰুৱা আৰু বৰফুকন এই দুটা নতুন পদৰ সৃষ্টি কৰিছিল। কোচ হাজোৰ শাসকৰ লগত মিত্ৰতাৰে তেওঁ মোগল আগ্ৰাসন ওফৰাবলৈ সক্ষম হৈছিল। তেওঁ প্ৰচলন কৰা প্ৰশাসনিক গাঁথনি ১৮২৬ চনৰ আহোম ৰাজ্যৰ অন্তলৈকে বৰ্তি থাকে।

আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

শাসনকাল

[সম্পাদনা কৰক]

১৬০৩ চনত চুখাম্‌ফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ লাঙি গোহাঁইক মন্ত্ৰী টংখাম বৰগোহাঁই, চাওপেত বুঢ়াগোহাঁই আৰু বনজাঙ্গি বৰপাত্ৰগোহাঁয়ে স্বৰ্গদেউ হিচাপে অধিষ্ঠিত কৰে।[1] অভিষেকৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। ৰজা হৈ তেওঁ আহোম নাম চুচেংফা আৰু হিন্দু নাম প্ৰতাপ সিংহ গ্ৰহণ কৰে। তেওঁ জয়ন্তীয়া কুঁৱৰীৰ লগত বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰে। পাছলৈ কছাৰী ৰাজ্যৰ লগত তেওঁৰ সংঘাতৰ সৃষ্টি হয়। ১৬০৮ চনত পৰীক্ষিত নাৰায়ণৰ জীয়েক মঙলদহীৰ লগত বিয়া পাতি তেওঁৰ কোচ হাজোৰ লগত মিত্ৰতা কৰে।[1]

ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে অসমত দুৰ্গা দেৱীৰ মাটিৰ প্ৰতিমা পূজা কৰাৰ প্ৰথা চুচেংফাৰ দিনতে আৰম্ভ হয়। কোচ ৰাজ্যত বন্দী হোৱা সুন্দৰ গোহাঁইৰ পৰা চুচেংফাই কোচ ৰজা নৰনাৰায়ণে ধুমধামেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কথা শুনে। তেওঁ প্ৰতিমা সজা শিকিবলৈ কোঁচ ৰাজ্যলৈ শিল্পী পঠিয়ায়। শিৱসাগৰৰ ওচৰৰ ভটিয়াপাৰাত ৰজাই প্ৰথমবাৰৰ বাবে ৰাজহুৱা দুৰ্গা পূজা পাতে।

কোচ বিহাৰ আৰু কোচ হাজোৰ মাজৰ সংঘাতৰ ফলত মোগলসকলে এই অঞ্চললৈ চকু দিয়ে আৰু ১৬১৫ চনত আহোম ৰাজ্যকো সাঙুৰি লয়। শেষত পাছৰ কালৰ আহোম ৰজা চুপাতফাই ১৬৮২ চনত অসমৰ পৰা মোগলক সমূলাঞ্চে আঁতৰায়। আহোম-মোগলৰ সংঘাতৰ ফলতে বহিৰাগত শত্ৰুৰ লগত যুঁজিবলৈ আহোম-কছাৰীৰ মাজত শান্তি স্থাপন হয়।[1]

প্ৰশাসন

[সম্পাদনা কৰক]

মোগল আক্ৰমণে কোচ হাজোৰ শক্তি কমাই অনাৰ বিপৰীতে আহোমৰ প্ৰভাৱ লাহে লাহে পশ্চিমলৈ বিয়পি পৰিছিল। চুচেংফাই লাঙি পানীসিয়াক প্ৰথমজনা বৰফুকন হিচাপে কাজলীত থাকি তেওঁৰ পশ্চিম সেনানায়ক হিচাপে নিয়োগ কৰে আৰু কলিয়াবৰৰ পশ্চিমলৈ আহোম অঞ্চল চোৱা-চিতা কৰিবলৈ দিয়ে। বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই আৰু বৰপাত্ৰগোহাঁ‌ইৰ হাতত সুনিৰ্দিষ্ট অঞ্চল আছিল আৰু তেওঁলোকৰ অধীনত নপৰা অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ চুচেংফাই বৰবৰুৱা পদবীৰ সৃষ্টি কৰে। প্ৰথম ববৰুৱা মোমাই তামুলীয়ে পাইক প্ৰথা আৰু গ্ৰাম্য অৰ্থনীতিৰ আমূল সংস্কাৰ সাধন কৰে।

শাসনৰ সুবিধাৰ বাবে চুচেংফাই ভূঞাসকলক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ আনি তেওঁলোকৰ শক্তি হ্ৰাস কৰে। চুহুন্মুঙে কছাৰী ৰাজ্যৰ পৰা অধিকাৰ কৰা মৰঙী অঞ্চলত তেওঁ আঠ হাজাৰ পৰিয়াল সংস্থাপন কৰে

তেওঁ ৰহিয়াল বৰুৱা, জাগিয়াল গোহাঁই, কাজলীমুখীয়া গোহাঁই আদি পদবীৰো সৃষ্টি কৰিছিল। সাংগঠনিক তীক্ষ্ণতা, ৰাজনৈতিক বিচক্ষণতা আৰু জ্ঞানৰ বাবে চুচেংফা বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনাজাত আছিল।

৩৮ বছৰ শাসনৰ পাছত ১৬৪১ চনত প্ৰতাপ সিংহৰ মৃত্যু হয়।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Gogoi (1968). The Tai and the Tai Kingdoms. প্ৰকাশক Guwahati: Gauhati University. পৃষ্ঠা. 333-365.