জয়ন্তীয়া ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্তীয়া ৰাজ্য
১৫০০–১৮৩৫
Location of জয়ন্তীয়া ৰাজ্য
বেংগল গেজেটাৰত খাছী আৰু জয়ন্তীয়া পাহাৰ, ১৯০৭
ৰাজধানী জয়ন্তীয়া ৰাজবাৰী, জয়ন্তীপুৰ
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ ৰাজতন্ত্ৰ
President
 - (১৫০০-১৫১৬) প্ৰভাত ৰায়
 - (১৮৩২-১৮৩৫) ৰাজেন্দ্ৰ সিং
ইতিহাস
 - স্থাপিত ১৫০০
 - পতন ১৮৩৫
Warning: Value not specified for "continent"

জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ শাসিত অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

কোনো কোনোৰ মতে "জয়ন্তীয়া" শব্দটো হিন্দু দেৱী দূৰ্গাৰ ৰূপ জয়ন্তী দেৱী বা জয়ন্তেশ্বৰীৰ পৰা আহিছে। কিছুমানৰ মতে শব্দটো নাৰ (শাসকসকলৰ জাতি) শব্দ পূৰ্বৰ স্থান চুটনুগাৰ পৰা আহিছে। জয়ন্তীয়া দেৱীৰ কিংবদন্তি সম্ভৱতাঃ জয়ন্তীয়া ৰাজ্যত হিন্দু প্ৰভাৱৰ পাছত সৃষ্টি হৈছে।[1]

নাৰ (জয়ন্তীয়া) আৰু ৱাৰ লোকসকলে খাছী ভাষা।খাছীৰ লগত সম্পৰ্ক থকা মন-মাৰ ভাষা কয়।

বিস্তৃতি[সম্পাদনা কৰক]

জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ মেঘালয়ৰ শ্বিলং মালভূমিৰ পূবৰ পৰা দক্ষিণৰ সমতললৈকে, আৰু উত্তৰে অসমবৰাক নদীৰ উপত্যকালৈ বিস্তৃত আছিল।

বৰ্তমান ধ্বংসপ্ৰাপ্ত ৰাজধানী জয়ন্তীপুৰ জয়ন্তীয়া পাহাৰৰ তলৰ সমলতল্ত আছিল। সম্ভৱতঃ জয়ন্তীয়া পাহাৰত এখন জহকালিৰ ৰাজধানীও আছিল, কিন্তু তাত এতিয়া এটা দূৰ্গা মন্দিৰ আৰু কিছুমান প্ৰাচীন স্মৃতিচিহ্নৰ বাহিৰে একো নাই।

বাংলাদেশচিলেটৰো বহুখিনি অঞ্চল জয়ন্তীয়া ৰজাৰ অধীনত আছিল।

ইতিহাস[সম্পাদনা কৰক]

জয়ন্তীয়া ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। অনুমান কৰা মতে প্ৰায় পঞ্চদশ শতিকাত প্তভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য স্থাপন কৰিছিল। সপ্তদশ শতিকাৰ আৰম্ভণিত ধন মাণিক নামৰ জয়ন্তীয়া ৰজাই কছাৰীৰ লগত ৰণত পৰাস্ত হৈ আহোম ৰজা প্ৰতাপ সিহৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰে আৰু আহোমৰ লগ লাগি কছাৰী ৰাজ্য আক্ৰমণ কৰে। ধন মাণিকৰ পাছত ক্ৰমে যশ মাণিক, সুন্দৰ ৰায়, ছোট পৰ্বত ৰায়, যশোমন্ত ৰায় ৰজা হয়। যশোমন্ত ৰায় আহোম স্বৰ্গদেউ চুত্যিণ্‌ফা বা প্ৰতাপ সিংহৰ (১৬৪৪-১৬৪৮) সমসাময়িক আছিল। আহোম ৰজা চক্ৰধ্বজ সিংহ দিনত যশোমন্ত ৰায়ে ডিমৰুৱা, গোভা, নেলী আৰু খলা ৰাজ্য জয়ন্তীয়াক ঘূৰাই দিব লাগে বুলি দাবী জনায়। ইয়াৰ পাছত দুই ৰাজ্যৰ মিত্ৰতাৰ অন্ত পৰে।[2]

ব্ৰিটিছ অঞ্চলত অন্তৰ্ভুক্তি[সম্পাদনা কৰক]

১৭৬৫ চনত বংগৰ দিৱানিৰ জৰিয়তে ব্ৰিটিছসকল প্ৰথমবাৰৰ বাবে জয়ন্তীয়াসকলৰ সংস্পৰ্শলৈ আহে। জয়ন্তীয়াসকলে বংগ অঞ্চললৈ চূণ ৰপ্তানি কৰিছিল। কিন্তু ব্ৰিটিছসকলৰ লগত তেওঁলোকৰ সম্পৰ্ক মধুৰ নাছিল আৰু ১৭৭৪ চনত তেওঁলোক আক্ৰমণৰ সন্মুখীন হয়। ইয়াৰ পাছত কোঠ আৰু ১৭৯৯ চনৰ আইনৰ যোগে জয়ন্তীয়াসকল ভৈয়ামৰ পৰা ক্ৰমাৎ পৃথক হৈ পৰে।

প্ৰথম ইংগো বৰ্মী যুদ্ধৰ শেষত ব্ৰিটিছে জয়ন্তীয়া ৰজা ৰাম সিঙক সুৰমা নদীৰ উত্তৰে শাসন কৰিবলৈ অনুমতি দিয়ে। ১৮৩৫ চনৰ ১৫ মাৰ্চত জয়ন্তীয়া ৰাজ্য আনুষ্ঠানিকভাৱে ব্ৰিটিছৰ অধীনলৈ অনা হয়। ৰজাক চিলেটৰ সম্পত্তিৰ লগতে মাহে ৫০০ টকাকৈ দিয়া হয়। ব্ৰিটিছে ভৈয়ামৰ অঞ্চল প্ৰত্যক্ষভাৱে শাসন কৰিছিল। পাৰ্বত্য অঞ্চলৰ বাবে পোন্ধৰজন দলৈ আৰু চাৰিজন চৰ্দাৰ নিযুক্ত কৰা হৈছিল।[3]

শাসকসকল[সম্পাদনা কৰক]

জয়ন্তীয়া ৰাজ্য শাসন কৰা ৰজাসকলৰ তালিকা তলত দিয়া হ'ল।[4]

  • প্ৰভাত ৰায় (১৫০০-১৫১৬)
  • মাজু গোসাঁই (১৫১৬-১৫৩২)
  • বুঢ়া পৰ্বত ৰায় (১৫৩২-১৫৪৮)
  • বৰ গোসাঁই (১৫৪৮-১৫৬৪)
  • বিজয় মাণিক (১৫৬৪-১৫৮০)
  • প্ৰতাপ ৰায় (১৫৮০-১৫৯৬)
  • ধন মাণিক (১৫৯৬-১৬১২)
  • যশ মাণিক (১৬১২-১৬২৫)
  • সুন্দৰ ৰায় (১৬২৫-১৬৩৬)
  • ছোট পৰ্বত ৰায় (১৬৩৬-১৬৪৭)
  • যশোমন্ত ৰায় (১৬৪৭-১৬৬০)
  • বান সিং (১৬৬০-১৬৬৯)
  • প্ৰতাপ সিং (১৬৬৯-১৬৭৮)
  • লক্ষ্মী নাৰায়ণ (১৬৭৮-১৬৯৪)
  • ৰাম সিং প্ৰথম (১৬৯৪-১৭০৮)
  • জয় নাৰায়ণ (১৭০৮-১৭৩১)
  • বৰ গোসাঁই (১৭৩১-১৭৭০)
  • ছত্ৰ সিং (১৭৭০-১৭৮০)
  • বিজয় নাৰায়ণ (১৭৮০-১৭৯০)
  • ৰাম সিং দ্বিতীয় (১৭৯০-১৮৩২)
  • ৰাজেন্দ্ৰ সিং (১৮৩২-১৮৩৫)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Soumen Sen (2004). Khasi-Jaintia folklore: context, discourse, and history. NFSC. পৃষ্ঠা. 56. ISBN 978-81-901481-3-9. https://books.google.com/books?id=r6p0GXek13cC&pg=PA56। আহৰণ কৰা হৈছে: 2 December 2011. 
  2. কৌশিক বৰুৱা, শান্তনু (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩৫. 
  3. Gait, E. A. (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co. পৃষ্ঠা. 302. 
  4. "Far East Kingdoms: Jayantia kingdom". Academia.edu. http://www.historyfiles.co.uk/KingListsFarEast/IndiaJayantiyas.htm। আহৰণ কৰা হৈছে: 24 August 2017.