আহোম ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ফ্ৰালুং ধৰ্ম
বানফি ধৰ্ম
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
অসম আৰু অৰুণাচল
ধৰ্মগ্ৰন্থ
লিট্ লাই পেঞ কা কা
ভাষা
আহোম ভাষা
আহোম সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় ধৰ্ম

ফ্ৰালুং ধৰ্ম (ফুৰালুং বুলি উচ্চাৰণ কৰা হয়,চীনা ভাষা:傣 阿洪 宗教 ,থাই ভাষা:ศาสนา ไทอาหม ইংৰাজী ভাষা:Phura-Lueng / Phra-Lueng) বা বানফি ধৰ্ম আহোম সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় পূৰ্বপুৰুষ উপাসনা কৰা ধৰ্ম। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক্তিত। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিস্বাস এই দুইটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্ম সাধাৰণতে মূৰ্তিপূজা দেখা নাজায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল আহোম চাওফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই চীনৰ টিয়েন নামৰ অংশত অৱস্থিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো আহোম ৰাজ্যৰ ৰাজধৰ্ম আছিল। তেওঁলোকৰ তিনিপুৰোহিত শ্ৰেণী হল- ম'চাম,ম'হুং,ম'প্লং।

বিৱৰণ[সম্পাদনা কৰক]

আহোম ধৰ্ম প্ৰাথমিকভাৱে ফি আৰু দাম (পূৰ্বপুৰুষ আত্মা) নামৰ দেবতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভৱত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও ,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও) প্ৰসাদ ৰূপে দিয়া অন্যান্য টাইসকলৰ ধৰ্মটো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেউশাল হ'-ফী বা চেং ৰৌন নামে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যথেষ্ট হ'-ফী নিৰ্মিত হৈছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

উৎস প্ৰসংগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]