বৰপাত্ৰগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বৰপাত্ৰগোহাঁ‌ইৰ পৰা পুনঃনিৰ্দেশিত)

বৰপাত্ৰগোহাঞি বা বৰপাত্ৰগোহাঁ‌ই (আহোম ভাষা: 𑜌𑜧𑜨 𑜏𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম ৰাজতন্ত্ৰৰ তিনিজন প্ৰধান ডাঙৰীয়াৰ তৃতীয়জন। দিহিঙীয়া ৰজা চুহুংমুংৰ দিনত নগাচাংত ডাঙৰ-দীঘল হোৱা কোঁ‌ৱৰ কনচেংৰ বাবে বৰপাত্ৰগোহাঁ‌ইৰ পদবীটো সৃষ্টি কৰা হৈছিল। কনচেংৰ পিতৃ স্বৰ্গদেৱ চুপিম্‌ফাৰ নক্টে খুনবাও (নগাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল। এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে "নগা খুনবাওটো দেখিবলৈ ভাল" বুলি কোৱাত খং উঠি ৰজাই চাৰিমহীয়া গৰ্ভৱতী কুঁৱৰীক কাৰঙ্গপাক দিলে। নগাৰজাই "তেওঁ যে দেৱতাই দিবলৈ পালে মঞো আই বুলি ৰাখিম", এইবুলি নিলে। নগাচাঙতে কনচেংৰ জন্ম হয়।[1] ইয়াৰ পাছত ১৪৯৭ খৃষ্টাব্দত চুহুংমুংৰ দিনত নগা চাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোঁতে ৰজাই এই ল’ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতি-গুৰি জানিব পাৰি তেওঁ বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ লগত আলোচনা কৰি ভবিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল’ৰাটিক কনচেং নাম দি বৰপাত্ৰগোঁহাইৰ বাব দিলে। তেওঁৰ বংশধৰসকলক ক্ৰমানুসৰি বৰপাত্ৰগোহাঁ‌ইৰ বাব দিয়া হ'ল। পিছলৈ গড়গঞা পাতৰ আৰু মৰাণ পাতৰ আদি অনা-আহোম পৰিয়ালকো বৰপাত্ৰগোহাঁ‌ই পৰিয়ালত অন্তৰ্ভুক্ত কৰা হয়।[2] এইগৰাকী ডাঙৰীয়াই গেৰেলুৱা আৰু পিছলুৱা নৈৰ মাজৰ ডফলা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে শাসনৰ অধিকাৰ লাভ কৰিছিল।

বৰপাত্ৰগোহাঁইসকলৰ তালিকা[সম্পাদনা কৰক]

  • কনচেং
  • ক্লন-জাং
  • বান জংগী
  • লাকু বৰপাত্ৰগোহাঁ‌ই
  • বানচঙীয়া বৰপাত্ৰগোহাঁ‌ই
  • লাই বৰপাত্ৰগোহাঁ‌ই
  • চেৰেলী বৰপাত্ৰগোহাঁ‌ই
  • ভগা বৰপাত্ৰগোহাঁ‌ই
  • অচুক বৰপাত্ৰগোহাঁ‌ই
  • কেন্দুগুৰীয়া চেংকং বৰপাত্ৰগোহাঁ‌ই
  • পৰমানন্দ বৰপাত্ৰগোহাঁ‌ই
  • হৰিনাথ বৰপাত্ৰগোহাঁ‌ই
  • ৰেদেশ্বৰ বৰপাত্ৰগোহাঁ‌ই
  • মৰাণ বৰপাত্ৰগোহাঁ‌ই
  • কেন্দুগুৰীয়া ৰুদ্ৰেশ্বৰ বৰপাত্ৰগোহাঁ‌ই

টোকা[সম্পাদনা কৰক]

  1. ড: সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪). সাতসৰী অসম বুৰঞ্জী. প্ৰকাশক গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ. পৃষ্ঠা. ৬৭, ৬৮. 
  2. Barua 1993, p26

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Gait, Edward (1905) History of Assam, Calcutta
  • Barua, S L (1993) Last Days of Ahom Monarchy, New Delhi