বৰপাত্ৰগোহাঞি
বৰপাত্ৰগোহাঞি বা বৰপাত্ৰগোহাঁই (আহোম ভাষা: 𑜌𑜧𑜨 𑜏𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম ৰাজতন্ত্ৰৰ তিনিজন প্ৰধান ডাঙৰীয়াৰ তৃতীয়জন। দিহিঙীয়া ৰজা চুহুংমুংৰ দিনত নগাচাংত ডাঙৰ-দীঘল হোৱা কোঁৱৰ কনচেংৰ বাবে বৰপাত্ৰগোহাঁইৰ পদবীটো সৃষ্টি কৰা হৈছিল। কনচেংৰ পিতৃ স্বৰ্গদেৱ চুপিম্ফাৰ নক্টে খুনবাও (নগা দেকাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল। এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে "নগা খুনবাওটো দেখিবলৈ ভাল" বুলি কোৱাত খং উঠি ৰজাই চাৰিমহীয়া গৰ্ভৱতী কুঁৱৰীক কাৰঙ্গপাক দিলে। নগাৰজাই "তেওঁ যে দেৱতাই দিবলৈ পালে মঞো আই বুলি ৰাখিম", এইবুলি নিলে। নগাচাঙতে কনচেংৰ জন্ম হয়।[1] ইয়াৰ পাছত ১৪৯৭ খৃষ্টাব্দত চুহুংমুংৰ দিনত নগা চাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোঁতে ৰজাই এই ল’ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতি-গুৰি জানিব পাৰি তেওঁ বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ লগত আলোচনা কৰি ভবিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল’ৰাটিক কনচেং নাম দি নিজৰ লগত লৈছিল। চুতীয়া ৰণত তেওঁক ধনুধৰিয়া গোহাঁই পদবী দিয়া হৈছিল। ১৫২৫ত তেওঁক ভটিয়লিয়া গোহাঁই পাতি ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰ শাসন কৰিবলৈ দিয়া হৈছিল।
১৫২৭ত তেওঁক চাও-চেঙলুং বা ৰাজমন্ত্ৰী পদবী দিয়া হৈছিল। পূৰ্বতে ৰাজমন্ত্ৰী পদবীটো বৰগোঁহাই বা বুঢ়াগোহাঁই এজনক দিয়া হৈছিল। ৰাজমন্ত্ৰী পাতি চুহুংমুঙে কনচেঙক দুয়োজন গোহাঁইৰ লগত একেই শাৰিতে ৰাখি সমমৰ্যাদা দিছিল। চুতীয়াৰ বৰপাত্ৰ পদবীটো চুহুংমুঙৰ দিনটো অব্যাহত আছিল। চুক্লেংমুঙ(চুহুংমুঙৰ পুত্ৰ) ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ এজনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণজন বেহাৰলৈ পলাই যায়[2]। এই বৰপাত্ৰ জন হয়টো পুৰণি চুতীয়া বৰপাত্ৰ জনেই আছিল (ডিব্ৰুগড় ৰণত আত্মসমৰ্পণ কৰিব পাৰে) বা একেই পৰিয়ালৰ লোক আছিল। তেওঁৰ মৃত্যুৰ পাছতে হয়টো "চাও-চেঙলুং" আৰু "বৰপাত্ৰ" উপাধি দুটা মিলি "বৰপাত্ৰগোঁহাই" হিচাপে জনাজাত হয়।[3]
তেওঁৰ বংশধৰসকলক ক্ৰমানুসৰি বৰপাত্ৰগোহাঁইৰ বাব দিয়া হ'ল। পিছলৈ গড়গঞা পাতৰ আৰু মৰাণ পাতৰ আদি অনা-আহোম পৰিয়ালকো বৰপাত্ৰগোহাঁই পৰিয়ালত অন্তৰ্ভুক্ত কৰা হয়।[4] এইগৰাকী ডাঙৰীয়াই গেৰেলুৱা আৰু পিছলুৱা নৈৰ মাজৰ ডফলা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে শাসনৰ অধিকাৰ লাভ কৰিছিল।
বৰপাত্ৰগোহাঁইসকলৰ তালিকা
[সম্পাদনা কৰক]- কনচেং
- ক্লন-জাং
- বান জংগী
- লাকু বৰপাত্ৰগোহাঁই
- বানচঙীয়া বৰপাত্ৰগোহাঁই
- লাই বৰপাত্ৰগোহাঁই
- চেৰেলী বৰপাত্ৰগোহাঁই
- ভগা বৰপাত্ৰগোহাঁই
- অচুক বৰপাত্ৰগোহাঁই
- কেন্দুগুৰীয়া চেংকং বৰপাত্ৰগোহাঁই
- পৰমানন্দ বৰপাত্ৰগোহাঁই
- হৰিনাথ বৰপাত্ৰগোহাঁই
- ৰেদেশ্বৰ বৰপাত্ৰগোহাঁই
- মৰাণ বৰপাত্ৰগোহাঁই
- কেন্দুগুৰীয়া ৰুদ্ৰেশ্বৰ বৰপাত্ৰগোহাঁই
টোকা
[সম্পাদনা কৰক]- ↑ ড: সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪). সাতসৰী অসম বুৰঞ্জী. প্ৰকাশক গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ. পৃষ্ঠা. ৬৭, ৬৮.
- ↑ সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, ২৫ পৃষ্ঠাত আছে-"সেই সময়ত ৰজা দাই ধৰিলে, বোলে-'চুটিয়া মাৰি ভূঞা বিলাকক মাৰি-কাটি বুপা ৰজায়ে ময়েহে ৰাজ্য লৈছো। বামুণে যে ৰজা হয় চুটিয়াৰ বৰপাত্ৰকনো কিহলৈ থৈছোঁ?' এহি বুলি বৰপাত্ৰক মাৰিলে, বামুণকো মাৰিব চালে, সপুত্ৰবান্ধৱে বেহাৰলৈ পলাই গেʼল। "
- ↑ Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714),p. 20,It appears that the noble designation of Barpatragohain was borrowed from the civil list of Habung where the local ruler, a dependent of the Chutia king, had the title of Vrihatpatra.
- ↑ Barua 1993, p26
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Gait, Edward (1905) History of Assam, Calcutta
- Barua, S L (1993) Last Days of Ahom Monarchy, New Delhi