কনচেং বৰপাত্ৰগোঁহাই
কনচেং বৰপাত্ৰগোঁহাই | |
---|---|
মৃত্যু | অসম, ভাৰত |
আনুগত্য | আহোম ৰাজ্য |
পদমৰ্যদা | বৰপাত্ৰগোঁহাই |
যুদ্ধ-বিগ্ৰহ | তুৰ্বকৰ অসম আক্ৰমণ |
কনচেং বৰপাত্ৰগোঁহাই (ইংৰাজী: Kan Chyeng Bar Patra Gohain) আছিল আহোম শাসনতন্ত্ৰৰ বৰপাত্ৰগোঁহাই পদবী লাভ কৰা প্ৰথমজন বিষয়া। স্বৰ্গদেৱ চুপিম্ফাৰ (১৪৯৩-১৪৯৭ খ্ৰী:) নক্টে খুনবাও (নগাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল। এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে "নগা খুনবাওটো দেখিবলৈ ভাল" বুলি কোৱাত খং উঠি ৰজাই চাৰিমহীয়া গৰ্ভৱতী কুঁৱৰীক কাৰঙ্গপাক দিলে।[1] নগাৰজাই "তেওঁ যে দেৱতাই দিবলৈ পালে মঞো আই বুলি ৰাখিম", এইবুলি নিলে। নগাচাঙতে কুঁৱৰীৰ ল'ৰা জন্মে।[2] ইয়াৰ পাছত ১৪৯৭ খৃষ্টাব্দত চুহুংমুং বা দিহিঙ্গীয়া ৰজা আহোম সিংহাসনত আৰোহণ কৰে। এই গৰাকী স্বৰ্গদেউৰ দিনত নগা চাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোঁতে দিহিঙ্গীয়া ৰজাই এই ল’ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতি-গুৰি জানিব পাৰি তেওঁ বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ লগত আলোচনা কৰি ভবিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল’ৰাটিক কনচেং নাম দি বৰপাত্ৰগোঁহাইৰ বাব দিলে। বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সৈতে এওঁৰ সমান মৰ্যাদা হ’ল।
উল্লেখনীয় ঘটনা[সম্পাদনা কৰক]
- ৰাজ্যৰ সীমা বিস্তাৰ: কনচেং বৰপাত্ৰগোঁহাই নেতৃত্বত বল প্ৰয়োগ আৰু ছলেৰে দেৰগাঁও আৰু মৰঙ্গীলৈকে আহোম সৈন্যই ৰাজ্যৰ পশ্চিমৰ সীমা বৃদ্ধি কৰে।
- তুৰ্বকৰ অসম আক্ৰমণ: চুহুংমুংৰ দিনতে তুৰ্বকৰ নেতৃত্বত ১৫৩২ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত মোগলে অসম আক্ৰমণ কৰে। আহোম সেনাপতি কনচেঙৰ হাতত তুৰ্বকৰ মৃত্যু হয় আৰু তেওঁৰ নেতৃত্বত আহোম সৈন্যই মোগল সৈন্যক কৰতোৱা নদী পাৰ কৰি থৈ আহে।[1][2]